মানৱ ভিতৰলৈ সোমাই গৈছিল ।তলৰ ফ্লৰৰ বহাকোঠাৰ লগতে পাকঘৰ আৰু ডাইনিং হ'ল । কাষৰ স্পাইৰেল ছিৰিৰে ওপৰলৈ যাব পাৰি ,সকলোৰে বেলেগ বেলেগ পৃথক কোঠালি ( Assamese Storyboard )।মানৱহঁতৰ সৰু আছাম টাইপ ঘৰটোত একেটা কোঠাত থকাৰ দৰে ইয়াত নহয় ।সকলোৰে যেন প্ৰতিটো কোঠালিত এখন এখন ভিন্ন জগত ।জানোচা প্ৰতিজনৰ মনবোৰ একে হয় নে নহয় বা !! কথাটো মানৱৰ মনত ভুমূকিয়াই গলহি ।বায়েকে বা কেনেকৈ চলিব এইখন ঘৰত ! হয়তো কিছু সমস্যা আহিব পাৰে কিন্তু সি বিশ্বাস কৰে বায়েক মানসীয়ে যিকোনো সমস্যাৰ সমাধান কৰিব জানে ।
মানসী.. মানৱৰ সৰু বায়েক , কলিতা পৰিয়ালৰ সৰু জীয়ৰী ...একেবাৰে সাদৰী আৰু মৰমলগা বুদ্ধিদীপ্ত নয়নেৰে এজনী উজ্জ্বল মনৰ ছোৱালী তাই ।পৰিস্থিতিৰ লগত ভালদৰে মোকাবিলা কৰিব জানে ।লগতে জানে আনক সাহস দিব ও । তিনিওজনী বায়েকৰ ভিতৰত মানসী মানৱৰ আটাইতকৈ প্ৰিয় ।হয়তো তাইৰ লগত আটাইতকৈ বেছি সময় কটাবলৈ পোৱাৰ বাবে, হয়তো আন দুজনী বায়েকৰ নিচিনাকৈ তাই মানৱক বেছি শাসন নকৰাৰ বাবে , হয়তো তাইৰ বস্তুবোৰ মানৱে লুকাই চুৰকৈ ব্যৱহাৰ কৰিবলৈ পোৱাৰ বাবে বা হয়তো তাইৰ মুখাৱয়ব মানৱৰ লগত প্ৰায় মিল থকাৰ বাবে !! মানৱ যদি ছোৱালী হ'ল হয়, মানুহে মানসীৰ যঁজা ভনীয়েক বুলি কʼলে হয় । দুয়োৰে চেহেৰা প্ৰায় সাইলাখ একেই । অচিনাকি মানুহেও বায়েক ভায়েক বুলি চিনি পায় !!
মানৱৰ মনত পৰে মানসীৰ লগত সৰুতে নেইলপলিচ এটাক লৈ খেলা সৰু খেল এটিৰ কথা ।সিদিনাখন বায়েকে নতুন নেইল পলিচ কেইটামান কিনি আনিছিল ।আনি ড্ৰেছিং টেবুলত থৈছিল ।মানৱ তেতিয়া পঞ্চম নে ষষ্ঠ শ্ৰেণীত পঢ়িছিল ।স্কুলৰপৰা আহি হাত মুখ ধুই ভাত খায়েই সি বাহিৰলৈ খেলিবলৈ বুলি যাব বিছাৰিছিল ।মূৰটো ফণিয়াবলৈ বুলি ড্ৰেছিং টেবুলৰ আইনাৰ সমুখত থিয় হৈছিলহি ।সমুখত সৰু সৰু কেইটামান ৰং বিৰঙৰ বটল যেন সি দেখা পাইছিল ।বটলকেইটাৰ গাত ইংৰাজী আখৰেৰে কিবা লিখা আছিল কিন্তু মানৱে তেতিয়ালৈ ইংৰাজী পঢ়িব পৰা হোৱা নাছিল ।হয়তো নেইল পলিছৰ ব্ৰেন্ডৰ নাম আছিল । কিন্তু বটলকেইটা জিলিকি থকা যেন লাগিছিল ।যেন অযুত চিকমিকনি বন্দী কৰি ৰাখিছিল বটলকেইটাই ।তেতিয়ালৈ মানৱে নাজানিছিল সেয়া কি বস্তু, খায় নে পিন্ধে নে কি কৰে । কিন্তু কিবা এটা আকৰ্ষণ অনুভৱ কৰিলে সি...!! এবাৰত সি গোটেইকেইটা বটল চুই চালে ।চেঁচা চেঁচা লাগিব ধৰিলে চোন ।আইচক্ৰীম নেকি বাৰু !! ইমান সৰু আইচক্ৰীম ও থাকে নেকি !! সি ভাবিছিল ।
*ধন, কি কৰি আছ?
বায়েক মানসীয়ে মাত দিছিল ।তাই তেতিয়া নৱম নে দশমমানত পঢ়ি আছিল ।তাইয়ো স্কুলৰ পৰা আহি আজৰি হৈছিল মাত্ৰ ।
*নাই সৰুবা, আইচক্ৰীম চায় আছো ।
*আইচক্ৰীম !! কত আইচক্ৰীম পাইছ! আৰু আইচক্ৰীম কি চোৱা বস্তু নেকি ? খোৱা বস্তু হে !!
মানসীয়ে হাঁহি কৈছিল ।
*এয়া চোন । এইকেইটা খাব নোৱাৰা আইচক্ৰীম ।বটলত ভৰোৱা আছে !
*কত অ? কত বটলত আইচক্ৰীম দেখিলি ?
মানসীয়ে আচৰিত হৈ সুধিছিল ।
*এয়া চা , এইকেইটা !!
এইবুলি মানৱে নেইল পলিচৰ বটলকেইটা দাঙি দেখুৱালে ।
লগে লগে মানসীয়ে হাঁহিত ৰʼব নোৱাৰা হৈছিল ।
*আইচক্ৰীম !!!! এইকেইটা আইচক্ৰীম !! কোনে কʼলে তোক ?
হাঁহি হাঁহিয়েই তাই সুধিছিল ।
*কোনেও কোৱা নাই ।ইমান ঠান্ডা !! আইচক্ৰীম হে ঠান্ডা থাকে !!
*অ হয়তো , তই চুই চাইছিলি নি !!
*উমম
মানৱৰ অজলা উত্তৰটো শুনি মানসীৰ হাঁহিও উঠিল লগতে বেয়াও লাগিল যে ভায়েকে বস্তুটো চিনি পোৱা নাই । তাই সহজভাৱে কʼলে ,
*এইকেইটা আইচক্ৰীম নহয় অ,ধন ।ইয়াক খাব নোৱাৰি ।
*অ খাব নোৱাৰা আইচক্ৰীম নেকি ? কিতাপত পঢ়িছিলো উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত বহুত আইচক্ৰীম আছে কিন্তু সেয়া খাব নোৱাৰি !
*আইচক্ৰীম নহয় সেয়া ।বৰফ হয় ।সুমেৰু আৰু কুমেৰু বৰফাবৃত অঞ্চল ।
মানসীয়ে সোধৰাই দিছিল ।
*বৰফ আৰু আইচক্ৰীম টো একেই ন ।স্কুলত আইচক্ৰীমৱালাই চোন বৰফ কʼলেহে আইচক্ৰীম দিয়ে !!
মানৱৰ পুনৰ অজলা উত্তৰ...।
মানসীয়ে পুনৰ হাঁহিবলৈ ধৰিছিল ।তাই বুজিছিল ভায়েকে শব্দবোৰ খেলিমেলিকৈ বুজিছিল ।তাই ভায়েকৰ ভুলটো শুধৰাই নিদিলে ।বৰং তাই কʼলে ,
*অ হয় দে ধন ,এয়া খাব নোৱাৰা আইচক্ৰীম ।
*খাব নোৱাৰি যদি কিয় সোমাই থোৱা আছে বটলত ।
*এয়া লগোৱা আইচক্ৰীম!!
মুখ টিপি হাঁহি চেপি মানসীয়ে কৈছিল ।
*লগোৱা আইচক্ৰীম কি বা !!
*ৰʼ তোক দেখাই আছো ।হাতখন দেচোন !!
এইবুলি মানসীয়ে ৰঙা নেইলপলিচৰ বটল এটা খুলি অকণমান মানৱৰ হাতৰ আঙুলিৰ নখত লগাই দিলে।মানৱে দুগুণ ঠান্ডা অনুভৱ কৰিলে হাতৰ নখত !!
*ঠান্ডা লাগিছেনে ?
মানসীয়ে মুখ টিপি সুধিছিল ।
*অ ।
*ভাল লাগিছে নে ?
*অ ।
*আৰু লগাবি নেকি ?
*অ ।
*দে তেন্তে ।
মানসীয়ে মানৱৰ দুয়োখন হাততে নেইল পলিচ লগাই দিলে ।তাই জনা নাছিল যে সিদিনা আইচক্ৰীম বুলি নখত লগোৱা নেইলপলিচৰ দাগ যে মানৱে গোটেই জীৱন মনৰ মাজত লৈ ফুৰিব ।ধেমালি ফূৰ্তিৰে বায়েকে খেলা এটি সৰু খেলৰ কাৰণে যে ভায়েকৰ মনৰ অনুভৱত খেলিমেলি ঘটিব , তাই বুজা নাছিল ।বুজিব নো কেনেকৈ !! তেতিয়া তায়ো তো কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণত হে আছিল ..!!
পিছত মানৱে বুজিছিল যে চেঁচা বটলত ৰখা সেয়া বৰফৰ ৰং নাছিল ।কিয়নো পিছদিনাখন স্কুললৈ যাঁওতে সকলোৱে তাৰ হাত দুখন চাই হাঁহিছিল ।তাৰ অলপ খঙো উঠিছিল , দুখো লাগিছিল ।ঘৰলৈ আহি সি বায়েকক মিছা কোৱা বুলি গালিও পাৰিছিল ।সিহতৰ কাজিয়া শুনি মাকে কি হৈছে বুলি চাবলৈ আহি দেখে মানৱৰ হাতৰ নখত নেইলপলিচ । তেওঁ পিছে কথাটো তেনেই সৰু বুলি উৰুৱাই দিলে আৰু মানসীক কলে ৰিমুভাৰ দি সেয়া গুচাই দিবলৈ । কিন্তু মানৱে অস্বীকাৰ কৰিলে কথাটোত ।তাৰ বোলে তেনেকৈয়ে ভাল লাগিছে ।সকলোতকৈ বেলেগ দেখা হৈছে ।ভাল লাগিছে তাৰ ...!!( Assamese Storyboard )
সেয়াই আৰম্ভণি ...বায়েকৰ বস্তুৰ প্ৰতি তাৰ আকৰ্ষণ বাঢ়ি আহিবলৈ ধৰে ।প্ৰথমে নেইলপলিচ , তাৰ পিছত কাজল , লিপস্টিক, ফাউণ্ডেছন, মাস্কাৰা, লিপ গ্লʼছ আৰু যে কত কি !! মুঠতে মেক আপৰ সামগ্ৰী সমূহ তাৰ প্ৰিয় হʼবলৈ ধৰিলে আৰু বায়েকহঁতৰ দৰে সি ও মেক আপ কৰিবলৈ ধৰিছিল তেতিয়াৰপৰাই .......!!
******************************************
*কি চাই আছ,ধন !
মানসীৰ মাতত মানৱ বৰ্তমানলৈ ঘূৰি আহিল । সেউজীয়া পাটৰ কাপোৰ সাজেৰে মানসীক বৰ ধুনীয়া সজাইছিল ।হাতত চাহৰ ট্ৰেখন লৈ তাই পাকঘৰৰপৰা ওলাই আহিছিল ।পাকঘৰটো মডুলাৰ কিটছেন ।সকলো কেবিনট সুন্দৰকৈ ৰং কৰা আছে ।চাৰিটা ষ্টভ থকা গেছ আৰু ওপৰত অত্যাধুনিক চিমনি লগোৱা আছিল ।ভিতৰলৈ সোমাই গৈ বস্তুবোৰ চাই চাই মানৱে কৈছিল ।
*বহুত ধুনীয়া ঘৰটো ,সৰুবা !!
মানসীয়ে খিলখিলাই হাঁহি কৈছিল,
*আগতে চাহকাপ খাই লʼহি ।বাকী ঘৰ পিছতো চাব পাৰিবি ।
তেনেতে ওপৰৰ ছিৰিয়েদি মানসীৰ ননদ পৰী নামি আহিছিল ।বিয়াৰ দিনা পৰীক দেখিছিল যদিও ভালকৈ কথা বতৰা পতা হোৱা নাছিল মানৱৰ ।আঠমঙলাৰ দিনা আকৌ পৰী যোৱা নাছিল কিবা এটা পৰীক্ষা দিবলৈ তেজপুৰলৈ গৈছিল বোলে ।গতিকে,আজিহে ভালকৈ লগ পাইছে দুয়ো ।কোৱা বাহুল্য যে মানসীৰ বিয়াখন এৰেঞ্জ মেৰিজ আছিল বাবে বিয়াৰ আগলৈ দুয়োখন ঘৰৰ মাজত তেনেকৈ অহা যোৱা নাছিল ।
*অ পৰী আহিলা ।
*অ নবৌ ।
পৰীৰ মাতটো মানৱে প্ৰথম শুনিছিল ।মাতটো ছোৱালী মানুহৰ তুলনাত অলপ কঠোৰ যেন লাগিল শুনাত।
*এয়া মোৰ ভাইটি মানৱ , আমি ধন বুলি মাতো ।আৰু ধন,এয়া পৰী,তোৰ ভিনদেউৰাৰ ভন্টী ।
মানসীয়ে দুয়োকে চিনাকি কৰাই দিলে ।দুয়ো দুয়োকে চাই মিচিকিয়াই হাঁহিলে ।
*আহা, সকলোৱে আগতে চাহ খাই লোৱাহি ।
সিহত পুনৰ বহা কোঠালৈ গ'ল ।
চাহ খোৱা পৰ্ব শেষ হোৱাৰ পিছত পৰীয়ে মানৱক গোটেই ঘৰটো দেখাবলৈ লৈছিল । ঘৰটোৰ প্ৰতিটো কোঠা মোহনীয়া আৰু বিভিন্ন ধৰণৰ আছিল ।যেন প্ৰতিটো কোঠালিত একোখনকৈ ভিন্ন জগত বাস কৰিছিল ।দুয়ো কথা পাতিবলৈ ধৰিছিল ।
*তোমালোকৰ ঘৰটো বৰ ধুনীয়া ।
মানৱে মন্তব্য কৰিছিল ।
*থেংক ইউ ।
পৰীয়ে সঁহাৰি জনায় ।
*তুমি আঠমঙলাত নাহিলা যে ?
*নাই , মই তেজপুৰ গৈছিলো ।
*অ, কিবা কামত চাগে ।
*উমম....! তুমি কি কৰা ?
*মই বি.এছ.ছি পঢ়ি আছোঁ ।
*অ , মেজৰ কি?
*জুলʼজী,তোমাৰ ?
*মাছ কমিউনিকেশ্বন ।
*অ নাইচ ।
*উমম....বʼলা মোৰ ৰুমতেই বহো ।
*উমম....
পৰীৰ ৰুমটো ওপৰৰ দ্বিতীয় মহলাৰ ছিৰিৰ কাষতে ।প্ৰতিখন ৱালতে বেলেগ বেলেগ ৰঙৰ ৱালপেপাৰ দিয়া আছিল ।ছিলিঙত প্ৰকান্ড উইন্ডচাইম উলমি আছিল ।খিৰিকীৰ পৰ্দাবোৰ ডাঠ নীলা ৰঙৰ ।এটা কোণত এটা শ্বʼকেছত বিভিন্ন ধৰণৰ শ্বʼপিছ সজাই থোৱা আছিল ।খিৰিকীৰ বিপৰীত দিশৰ ৱালত এযোৰ ময়ূৰ চৰাইৰ পেইন্টিং খোদিত কৰা আছিল ।মানৱৰ এনেকুৱা লাগিছিল যেন সি কল্পনাৰ আকাশত উৰিবলৈ ধৰিছিল আৰু তাৰ উৰণৰ সৈতে পাখি মেলি ময়ূৰ চৰাইযোৰে নাচিবলৈ ধৰিছিল ।
********************************************
*ৱাউ ...ৱন্ডাৰফুল !!
মানৱৰ মুখৰপৰা আপোনাৰ আপুনি ওলাই গৈছিল ।
পৰীয়ে খিলখিলাই হাঁহি ছিল । ছোৱালীজনী দেখাত কঠোৰ যেন লাগিলেও অলপ পৰ কথা পতাৰ পিছতেই মানৱে বুজিলে যে তাই আচলতে খোলা মনৰ ছোৱালী ।সকলো কথাই মুকলিকৈ পাতিব বিচৰা কেৰিয়াৰ অৰিয়েন্টড ছোৱালী .!
*তোমাৰ এইম ইন লাইফ কি ?
পৰীয়ে হঠাৎ প্ৰশ্ন কৰিছিল ।
*চাঁওচোন ।এম.এছ.ছি টো কৰি লঁও আগতে ।
*মেডিকেল এন্ট্ৰেন্স নিদিলা নেকি ?
*দিছিলো ।২ নম্বৰৰ বাবে ছিলেক্ট নহলো ।
*অ ছʼ আনলাকী !
*উমম ......
*একো নাই দিয়া । এতিয়া ভালকৈ পঢ়া । আজিকালি যিকোনো ফিল্ডতে স্কʼপ আছে । মেডিকেল / ইঞ্জিনিয়াৰিং পঢ়িব লাগিব বুলি কথা নাই ।
*হয় , ঠিকেই কৈছা ।তোমাৰ ছাইন্স আছিল ন।
*উমম ... কিন্তু মোৰ মেডিকেল পঢ়াৰ এইম নাছিল ।দাদাক দেখি আছোঁ ।ইমান পঢ়ি শুনি এতিয়াও কষ্ট কৰিয়েই আছে ।নিজৰ ফেমিলিকো টাইম দিব নোৱাৰে । ইঞ্জিনিয়াৰিং পঢ়িম ভাবিছিলো ।ছিটো পাইছিলো । কিন্তু লাষ্ট মমেন্টত ডিছিজন ছেইন্স কৰিলো ।মাছ কম পঢ়িম বুলি ভাবিলো ।এতিয়া ইয়াতেই ইন্টাৰেষ্ট বেছি মোৰ ..!!
*ভালেই দিয়া ।ইন্টাৰেষ্ট থকা কʼৰ্ছ পঢ়াই ভাল ।
*অ ..আৰু বাকী কোৱাচোন ...লাভ লাইফ !!
পৰীৰ প্ৰশ্নটোত মানৱৰ কিছু অসহজ ফিল হৈছিল । পঢ়া-শুনা বা ঘৰৰ কথা পতালৈ ঠিকেই আছিল কিন্তু লাভ লাইফ ?? কি জানিব বিচাৰিছে পৰীয়ে ? তাৰ গাৰ্লফ্ৰেন্ড আছেনে নাই সেইটো কথা নেকি ?? এদিনতে ইমান কথা কেনেকৈ কʼব পাৰিব সি..নিজৰ সম্পৰ্কীয় বায়েক ভনীয়েকৰ বাহিৰে বেলেগ ছোৱালীৰ লগত তাৰ কথা পতা নহয়েই ।ক্লাছৰ ছোৱালীৰ লগতো অকল পঢ়াৰ ডিছকাছ হে কৰে কেতিয়াবা !! কিন্তু লাভ লাইফ ৰ কথা আজিলৈ সি কোনো ছোৱালীৰ লগত পাতি পোৱা নাছিল ।সি কেনেকৈ কʼব যে তাৰ নিচিনা লʼৰাৰ গাৰ্লফ্ৰেন্ড কেনেকৈ থাকিব পাৰে ! যʼত নেকি সি নিজকে কাৰোবাৰ গাৰ্লফ্ৰেন্ড বুলিহে কল্পনা কৰি ভাল পায় ...!!!
*হেলো , কি হল ইমান ছাইলেন্ট যে !!
পৰীয়ে পুনৰায় প্ৰশ্ন কৰিছিল । তাই হয়তো সি ভবাতকৈ বহুত বেছি খোলা মনৰ ছোৱালী ।সেয়ে প্ৰথম লগ পাওতেই ইমান পাৰ্ছনেল কথা পাতিব পাৰিছে ।নে তাই কিবা কথা উলিয়াবলৈ তাক এনেদৰে প্ৰশ্নবান কৰিছেহি ? হয়তো বা পৰীয়ে ইমান সময় লক্ষ্য কৰিছিল নেকি যে মানৱ লʼৰা হিচাপে কিছু ব্যক্তিক্ৰম.....!!
*নাই , মোৰ কোনো গাৰ্লফ্ৰেন্ড নাই !!
মানৱে কঁপা কঁপা মাতেৰে উত্তৰ দিছিল মানৱে ।পৰীয়ে লগে লগে খিলখিলাই হাঁহি দিছিল।পৰীৰ হাঁহিৰ গুঞ্জনত বেৰৰ মʼৰা চৰাইযুৰিয়ে যেন আকৌ দেও দি নাচিবলৈ ধৰিছিল,মানৱৰ তেনে অনুভৱ হৈছিল ।
__________________________
(আগলৈ)
( বি. দ্ৰ. ঃ কিছু বাস্তৱ আৰু কিছু কল্পনাৰ সংমিশ্ৰণ এক ব্যতিক্ৰমী কাহিনী ৰচনাৰ প্ৰয়াস *অভিশপ্ত জীৱন* ।আশা কৰোঁ সকলোৱে আদৰি লʼব ।পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব।লগতে কিবা ভুল ক্ৰূটি দেখিলে আগুলিয়াই দিয়ে যেন ।ধন্যবাদ।)
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment