শহুৰৰ ঘৰত এগৰাকী অসহায় বোৱাৰীৰ মৰ্মবেদনা ( খণ্ড ২ ) :Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 7, 2021

শহুৰৰ ঘৰত এগৰাকী অসহায় বোৱাৰীৰ মৰ্মবেদনা ( খণ্ড ২ ) :Assamese Storyboard

Assamese Storyboard


বাটত আহি থাকোতে পুনৰবাৰ সুশান্তৰ ফোনটো  ৰিং হ'ল । সি ৰিচিভ কৰাৰ লগে লগে মিতালীয়ে তাক পোনে পোনে মেদিকেললৈ আহিবলৈ কলে ( Assamese Storyboard )। অজান আশংকাত সুশান্ত কঁপি উঠিল । সকলো ঠিকে আছেতো ! প্ৰীতি আৰু আহিব লগীয়া সন্তানটো ঠিকে অাছেতো ! গাড়ীৰ স্পীড আগতকৈ বঢ়াই দিলে সুশান্তই ।

   মেডিকেল পাই গাড়ীখন ৰখাইয়ে উধাতু খাই সোমাই গ'ল সুশাম্ত ভিতৰলৈ । অলপ গৈয়ে মিতালীক ৰৈ থকা দেখিলে । মিতালীয়েও সুশান্তক দেখি অাগবাঢ়ি অাহিল । 


: প্ৰীতিৰ অকস্মাত কি হ'ল মিতালী ? তাই ঠিকে আছেতো ?

: বৌয়ে পেটত দুখ পাইছিল ..ফলত ব্লিডিং হয় ..এতিয়া ঠিকে আছে । 

মিতালীৰ কথাত আচৰিত হয়  সুশান্ত । পুনৰ সোধে :  কেনেকৈ দুখ পালে ? 

মিতালীয়ে সকলো কথা খুলি ক'বলৈ ধৰিলে --কেনেকৈ সামান্য তৰ্কা-তৰ্কি হৈ খঙতে বৌয়েকে প্ৰীতিক গতা মাৰি দিছিল ..আৰু প্ৰীতি টেবুলৰ চুক এটাত খুন্দা খাই পৰিব লওঁতেই সেই সময়ত মিতালী গৈ পাইছিল ..আৰু পৰিবলৈ ধৰা প্ৰীতিক কেনেকৈ হাত পাতি ধৰিছিল । প্ৰীতিয়ে তলপেটত হাত থৈ বিষত কেকাই উঠিছিল ..সেই সময়ত ঘৰত  মাথো বৌয়েকহে আছিল ..বৌয়েকে সেই ঠাইৰ পৰা আঁতৰি গৈছিল নিৰৱে । প্ৰীতিৰ অৱস্থা ভাল নেদেখি সুশান্তলৈ ফোন লগালে আৰু প্ৰীতিক মিতালীয়ে নিজৰ গাড়ীৰে মেডিকেললৈ লৈ আনে ।প্ৰীতিক কৰা অত্যাচাৰবোৰৰ কথাও মিতালীয়ে ক'বলৈ পাহৰা নাছিল সুশান্তক । সমবয়সিয়া প্ৰীতি ক যদিও মিতালীয়ে বৌ সম্বোধন কৰিছিল দুয়োজনীৰ মাজত সকলো কথাই শ্বেয়াৰ হৈছিল ।  মিতালীয়ে প্ৰীতিক কথাবোৰ সুশান্তক ক'বলৈ কৈছিল কিন্তু ঘৰখনৰ অযথা হুলস্থুল হোৱাতো প্ৰীতিয়ে বিচৰা নাছিল । সুশান্তই তেতিয়াহে মন কৰিলে ঘৰৰ মানুহ কোনো নাই মেডিকেলত মিতালীৰ বাহিৰে । সুশান্তই মিতালীক অশেষ ধন্যবাদ দিলে । ঘৰলৈ গৈ সকলোকে ভালকৈ এসেকা দিয়াৰ কথা ভাবিলে । সুশান্তই মিতালীক পঠিয়াই দিলে মেডিকেলৰ পৰা । কেবিন এটাত শুই থকা প্ৰীতিক দেখি সুশান্তৰ চকুপানী ওলাই আহিল । শুই থকা অৱস্থাতে প্ৰীতিক সাৱটি ধৰি কান্দি উঠিল সুশান্ত । অাপোনজনৰ স্পৰ্শত শুই থকা প্ৰীতি সাৰপাই উঠিল । 

: এতিয়া কেনে পাইছা প্ৰীতি ? 

: ভাল -- শেতা হাঁহিৰে চমুকৈ ক'লে প্ৰীতিয়ে । 


: এতিয়াৰ পৰা তোমাৰ একো বেয়া হ'বলৈ নিদিওঁ মই ..তুমি মোৰ পৰা কিয় কথা লুকুৱাইছিলা ? তোমাৰ ওপৰত ইমানবোৰ অত্যাচাৰ হৈ গ'ল ..তুমি  মাথো নিৰৱে সকলো সহ্য কৰি গ'লা ! অাজি মিতালীয়ে কথাবোৰ নোকোৱা হ'লে  একোৱেই মই নাজানিলো হেতেন ! 

: এদিন সকলো ঠিক হোৱাৰ আশাত ৰৈ আছিলো ..সকলো সহ্য কৰি গৈছিলো । ভবা নাছিলো মইও ..পৰিস্থিতি অধিক বেয়া হ'ব বুলি ।

: বচ ! বহুত হ'ল ..আৰু সহ্য কৰিব নালাগে ..লৈ যাম তোমাক ইয়াৰ পৰা ..সকলোৰে পৰা  আঁতৰাই ..

   মেডিকেলত এদিন ৰাখি প্ৰীতিক পাছদিনা দিচাৰ্জ কৰিলে । যোৱাৰ আগত আহিব লগীয়া প্ৰতিটো দিনেই সাৱধানে থাকিবলৈ দুয়োকে পৰামৰ্শ দিলে ডক্তৰে । 

    আগ-পাছ একো নাভাবি নুমলি গড়ৰৰ চাকৰি ৰিজাইন দি পুনৰ প্ৰীতিক লৈ জামছেদপুৰলৈ গুছি আহিছিল সুশান্ত । অহাৰ আগত মাক-বৌয়েকক কথা শুনাই আহিছিল । অসহায় দেউতাক নিশ্চুপ হৈ ৰৈছিল । ভবিষ্যতে প্ৰীতি আৰু আহিব লগীয়া সন্তানটো কোনো কাৰনতে যাতে কষ্টত নপৰে ..তাৰবাবে সুশান্ত সদায় সচেষ্ট আছিল।( Assamese Storyboard )

জামছেদপুৰত প্ৰীতি সুশান্তৰ এটা নতুন জীৱন আৰম্ভ হৈছিল । মাজে কলিকতাত থকা প্ৰীতিৰ মাক-দেউতাকো আহিছিল । 

  এদিন এটি শুভক্ষণত প্ৰীতি আৰু সুশান্তৰ জীৱনলৈ পৰী হেন এজনী কন্যা সন্তান আহিছিল ।সুখী হৈছিল সিহঁত । লাহে লাহে পৰীজনী ডাঙৰ হ'বলৈ ধৰিলে ..আৰু এদিন স্কুললৈ যাব পৰা হ'ল । 

এই চাৰি-পাঁচ বছৰে সুশান্তই ঘৰৰ ফালে মুখ নকৰিলে । দেউতাকেহে মাজে মাজে ফোন কৰিছিল । এদিন দেউতাকে ফোনত কৈছিল সুশান্তক মাকৰ অৱস্থা ভাল নহয় ..এতিয়া বিচনা ললে । প্ৰতিপালৰ অভাবত স্বাস্থ্য অধিক বেয়ালৈ গৈছে মাকৰ । ককায়েক-বৌয়েকে নিজৰ সন্তান ..নিজক লৈয়ে ব্যস্ত থাকে । বিচনা লোৱা শাহুৱেকক টান কথা শুনাবলৈ এৰা নাছিল বৌয়েকে । এসময়ত কৰা ভুলবোৰ মাকে এতিয়া বুজি উঠিছে । এবাৰ সিহঁতৰ ওচৰত ক্ষমা বিচাৰি ভুলৰ শুধৰণি কৰিব বিচাৰিছে মাকে । দেউতাকে কোৱা কথাবোৰ নিৰ্বিকাৰ হৈ শুনি গৈছিল মাথো সুশান্তই । সুশান্তই কথাবোৰ প্ৰীতিক কৈছিল । প্ৰীতিয়ে সুশান্তক এবাৰ ঘৰৰ পৰা অহাৰ কথা ক'লে । এটা নিদিৰ্ষ্ট দিনত সিহঁত ঘৰলৈ বুলি ৰাওনা হ'ল ।  ঘৰত উপস্থিত হৈ সুশান্ত আৰু প্ৰীতিৰ পৰিবেশটো বৰ আচহুৱা লাগিল । প্ৰীতি সুশান্ত আৰু নাতিনী বিদিশাক দেখি মাকৰ চকুলো নিগৰিল । কাষলৈ মাতি তিনিওকে শোৱাৰ পৰাই আঁকোৱালি ললে । মাত্ৰ তিনিদিন মানৰ কাৰনে যোৱা সুশান্তহঁত দহদিন মান থাকি আহিছিল । অহাৰ আগত সুশান্তই মাকক চোৱা-চিতা কৰিবলৈ এগৰাকী নাৰ্চ ঠিক কৰি দিলে । ছমাহ মানৰ পাছত সুশান্তৰ মাকে পৃথিৱীৰ পৰা মেলানি মাগিছিল ।সুশান্ত প্ৰীতি আৰু বিদিশা পুনৰ গৈছিল ঘৰলৈ ..সকাম হৈ যোৱাৰ পাছত উভতি আহিছিল । 


     হাঁহি-ধেমালিৰে পাৰ কৰা প্ৰীতিৰ জীৱনলৈ পুনৰ ধুমুহা আহিছিল । ঘৰৰ পৰা অহা এটি ফোন কলে সুশান্ত প্ৰীতিৰ জীৱন উলট-পালট কৰি দিছিল ।

           অাগলৈ ....

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard

জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages