কোমল নাহৰৰ পাতবোৰ বতাহত হালিছে , সেউজীয়া কোমল কুঁহিপাতৰ আঁৰে আঁৰে কুলিৰ বিননী.., ওখল মাখল চুবুৰী , গৰু বিহু বুলি মনাই মুৰ গা তিয়াই গোঁসাই থাপনাৰ আগত চাকিগছি জ্বলাই দেউতাকক তামোল এখন দি সেৱা কৰিলে...( Assamese Storyboard ), ৰক্তিমেও গা ধুই আহি দেউতাকক সেৱা এটি কৰিলে, মনাই প্ৰথম বিহু বুলি ৰক্তিমকো তামোল এখন দি সেৱা কৰিলে..., ভিতৰি ভিতৰি জ্বলি থকা মানুহনজনীয়ে মুখত এটি হাঁহি লৈ ৰক্তিম আৰু দেউতাকক জলপান খাবলৈ দিলে, বহু সময় ধৰি নূপুৰ ভিতৰতে সোমাই থকা দেখি মনাই মাত লগালে..... নূপুৰ দেউতাহঁত ৰৈ আছে নাহা কিয়..?
: বৌ...., দাদাহঁতক খাবলৈ কোৱা, মই গৈ আছোঁ...
: বিহুৰ দিনা জলপান কেইটা একেলগে খালেহে ভাল লাগে..., আহাঁ....! আহাঁ....!
উধাতু খাই ওলাই আহি নূপুৰ দেউতাকৰ কাষতে বহিলে..... বৌ....! তোমাৰ জলপান..?
: তোমালোকে খাই লোৱাচোন...., মই খাম,
: তুমিও বহা.., দেউতাকে কলে..
: হব দেউতা....!
জলপান খাই শেষ নৌহওতেই.... নূপুৰৰ ফোনটো বাজি উঠিল, ঋত্বিকে ফোন কৰিছে..., স্ক্ৰীনত ঋত্বিকৰ নামটো দেখাৰ লগে লগেই নূপুৰ টেবুলৰ পৰা উঠি আহিল..... হেল্ল...! ঋত্বিক...,
: নূপুৰ বিহু খাবলৈ গৈ আছোঁ, নীহা আৰু মই...
: অ..., হয়নেকি...! আহাঁ, মই তোমাক ফোন কৰিম বুলি ভাবিছিলোঁৱেই..., কত আছা এতিয়া..?
: তিনি আলি পালোহি.., পামগৈ আৰু...!
: ঠিক আছে, তোমালোক আহি থাকা...!
ফোনটো কাটি দিয়াৰ পাছত নূপুৰ চিন্তাত পৰিল.., ঘৰত সকলো আছে, নীহা বাক লৈ একো সমস্যা নহয়... কিন্তু ঋত্বিক...? ঋত্বিকৰ নাম শুনিলেই বৌৰ খং উঠে..., বিহুৰ দিনা যদি বেয়াকৈ কৈ দিয়ে বৰ ডাঙৰ কথা হব..., বৌক কিবা এটা কৰি মেনেজ কৰিব লাগিব, কথাটো ভাবি নূপুৰ লাহে লাহে বৌয়েকৰ ওচৰ চাপি গল...,
বৌ.., বিহুৰ দিনা বস্ত্ৰ দান কৰিব লাগে নহয় জানো...!
: হয়... গৰু বিহুৰ দিনা বস্ত্ৰ দান কৰিলে পূণ্য হয়, তুমি যে বস্ত্ৰ দান কৰাৰ কথা সুধিলা বস্ত্ৰনো কাক দান কৰিবা...!
: এনেয়ে সুধিলোঁ..., বৌ ঋত্বিক আহিব আজি আমাৰ ঘৰলৈ...
: আজি গৰু বিহুৰ দিনাই......? প্ৰশ্নবোধক দৃষ্টিৰে নূপুৰলৈ চালে মনাই...
: ঋত্বিকৰ লগত আৰু কোন আহিছে জানা বৌ...! নীহা বা আহিছে...
নীহাৰ নামটো শুনাৰ লগে লগেই মনাৰ ভিতৰি ভিতৰি জ্বলি থকা জুইকুৰা দপদপকৈ জ্বলি উঠিল....., তুমি পাকঘৰটো অলপ চিজিল কৰাচোন..., মই কাপোৰযোৰ সলাই আহোঁ...!
: ঠিক আছে বৌ....
মনাই ৰূমত সোমাই দুৱাৰখন বন্ধ কৰি দিলে...... কি হল তোমাৰ... বৰ খঙত সোমাই আহিলা যে...! ৰক্তিমে মনাক সুধিলে..
: খঙত নাহি কি মই ৰঙত আহিব লাগিছিল নেকি...! নীহা আহিছে আমাৰ ঘৰলৈ...... নীহাৰ নামটো শুনাৰ লগে লগেই ৰক্তিম উচপ খাই উঠিল,
: নীহা আহিছে....? তুমি কেনেকৈ জানিলা..!
: নূপুৰে কলে....,
: তাৰমানে নীহাই নূপুৰৰ লগতো সম্পৰ্ক ৰক্ষা কৰি আছে......
: অকল নীহাৰ লগতেই নহয় , ঋত্বিক নামৰ লৰা এটাৰ লগতো সম্পৰ্ক গঢ়ি তুলিছে....
: ঋত্বিক কোন....?
: নীহাৰ কোনোবা বন্ধু.....,
: মই জনাত নীহাৰ ঋত্বিক নামৰ কোনো বন্ধু নাই, কোন হব পাৰে ঋত্বিক...?
: মই সেইবোৰ একো নাজানো...! মোৰ বৰ ভয় লাগিছে..., নীহাই যদি সকলোৱে আগত কথাবোৰ কৈ দিয়ে... দেউতাই বৰ কষ্ট পাব..., গতিকে তুমি কিবা এটা কৰা..., কথা পাতি থাকোঁতেই কলিং বেলটো বজা শুনি মনা দুৱাৰখন খুলি বাহিৰলৈ ওলাই গল.., নূপুৰে নীহা আৰু ঋত্বিকক ড্ৰয়িং ৰূমতে বহিবলৈ দিলে..., ভদ্ৰতাৰ খাতিৰত মনাও ওলাই গৈ মাত এষাৰ দিলে..... পালাহি...!
: বৌ...! ভালে আছেনে....! ঋত্বিকে মাত লগালে..
: ভাল , ভাল.. তোমাৰ...! তুমি নিশ্চয় নীহা...! নীহালৈ চাই মনাই কলে...
: নমস্কাৰ.... বৌ মই নীহা..., বহাৰ পৰা উঠিল নীহা
: নমস্কাৰ..., বহা বহা নীহা..,
: ৰক্তিম নাই নেকি....!
: আছে , শুই আছে ,
: কিয় বৌ...? গা বেয়া নেকি...!
: গা ভালেই , এনেয়ে শুই আছে..,
: অ' ....! দেউতা নাই নেকি....,
: দেউতা নামঘৰলৈ গৈছে, বিহু বুলি সেৱা এভাগ লবলৈ...!
: বৌ , এইটো লওক..., মিঠাই টোপোলাটো আগবঢ়াই দিলে নীহাই,
: এইবোৰ কিয় আনিব লাগে নো....!
( Assamese Storyboard )
: তোমালোক বহাচোন...., মিঠাই টোপোলাটো লৈ মনা ভিতৰলৈ সোমাই গল, মনাই নূপুৰক কথা পাতিবলৈ ড্ৰয়িং ৰূমলৈ পঠিয়াই দিলে..., তেনেতে ৰক্তিম বিচনাৰ পৰা উঠি আহি পাকঘৰ পালেহি..
: কি হল.. চুচুক চামাক কৰি আছা যে..., বাহিৰলৈ ওলাই নোযোৱা কিয়...! মনাৰ মুখলৈ চালে ৰক্তিমে...... কি চাই আছা এনেকৈ....?
: নীহাক কেনেকুৱা দেখিলা তুমি.....! মানে খঙত থকা যেন লাগিছে নেকি...!
: মানুহৰ মনটো ওপৰে ওপৰে চাই একো ধৰিব নোৱাৰি, মই যিদৰে চিনিব পৰা নাছিলো তোমাক..! মানুহে কেতিয়া ৰূপ সলাই একো ধৰিবকে নোৱাৰি...
: বিহুৰ দিনা এনেকৈ কাট মাৰি নকবা...,
: সঁচা কথাবোৰ কৈছোঁ যে গাত লাগিছে...! মুখ খুলি একো নকলে যদিও মুখৰ ভিতৰতে কিবা ভোৰভোৰাই ৰক্তিম পাকঘৰৰ পৰা ওলাই গল..., পৰ্দাখনৰ ফাঁকেৰে ৰক্তিমে নীহাক এবাৰ জুমি চালে..., আৰু লাজ লাজকৈ ওলাই গল, ৰক্তিমক দেখি ঋত্বিক বহাৰ পৰা উঠিল...... দাদা এইয়া ঋত্বিক , নীহা বাৰ বন্ধু...., নূপুৰে ককায়েকৰ লগত চিনাকি কৰাই দিলে ঋত্বিকক,
: ভালে আছা নে...! বহু দিনৰ মূৰত তোমাক লগ পালো.... নীহাই সহজভাৱে কথাটো কলে..
: তোমালোকৰ আৰ্শীবাদত কোনো ৰকম জীয়াই আঁচো...., তোমাৰ খবৰ কোৱা...?
: মোৰ নো আৰু কি ভাল বেয়া.... , জীয়াই আছোঁ আৰু....!
নামঘৰৰ পৰা ৰক্তিমৰ দেউতাকো আহি ঘৰ সোমালহি..., পোনে পোনে পাকঘৰলৈ গৈ প্ৰসাদৰ টোপোলাটো মনাৰ হাতত দিলে..., আলহীক চিনি নাপালোঁ যে বোৱাৰী..., বাবাৰ লগৰ নেকি...?
: হয় দেউতা...... নূপুৰ ভিতৰলৈ সোমাই আহি দেউতাকক ড্ৰয়িং ৰূমলৈ নি ঋত্বিক আৰু নীহাৰ লগত পৰিচয় কৰাই দিলে.... দেউতা এওঁ ঋত্বিক আৰু সেয়া মৃণালিনী খুড়ীৰ ছোৱালী নীহা বা...., মৃণালিনীৰ নামটো শুনাৰ লগে লগেই কুনাল দুৱৰাৰ চকু কপালত উঠিল...., ঋত্বিক আৰু নীহাই বহাৰ পৰা উঠি নূপুৰৰ দেউতাকক নমস্কাৰ জনালে আৰু বিহু বুলি সেৱা এটা কৰিলে....,
: হ'ব...! হ'ব....! বোপাইহঁত , ঈশ্বৰে তোমালোকক কুশলে ৰাখক ...., তোমালোকে কথা পতা মই অলপ কঁকালটো পোনাই লওঁ....
: ঠিক আছে খুড়া...,
মনাই চাহ জলপান যোগাৰ কৰি ঋত্বিকহঁতক ভিতৰলৈ মাতিলে... নীহা আৰু ঋত্বিক ইটোৱে সিটোৰ চকুলৈ চালে , নীহাই চকুৰ ইঙ্গিততে ঋত্বিকক কিবা এটা কলে,....... নূপুৰে ঋত্বিকক এখন ফুলাম গামোচা উপহাৰ দিলে..., চাহ জলপান খাই দুয়ো যাবলৈ ওলাই আহিল, হঠাৎ নীহাই বেগটো খুচৰি বগা খাম এটা মনাৰ হাতত দিলে..... বিহু বুলি সৰু উপহাৰ এটা লৈ আহিছিলো বৌ... পাহৰিছিলোঁৱেই কথাৰ ভমকত..., নীহাই কেৰাহীকৈ ৰক্তিমলৈ চালে..., আহিছোঁ ৰক্তিম..., নূপুৰ তুমিও এদিন আমাৰ ঘৰলৈ আহিবা, খুড়াকহে মাত এষাৰ দিয়া নহল, বাৰু আহিছোঁ দিয়া, by... by....
নূপুৰে ঠাপ মাৰি মনাৰ হাতৰ খামটো লৈ ভিতৰলৈ দৌৰ মাৰিলে, কি উপহাৰ দিছে বুলি খামটো খুলি দিলে , কেইখনমান ফটো , ৰক্তিম আৰু নীহাৰ অশ্লীল ফটো... , ফটোকেইখন চোৱাৰ পাছত নূপুৰৰ বুজিবলৈ একো বাকী নাথাকিল, নূপুৰৰ হাতৰ পৰা মনাই ফটোকেইখন আজুৰি নিলে.... এখন এখনকৈ ফটোকেইখন চোৱাৰ পাছত ৰক্তিমৰ প্ৰতি মনাৰ মন ঘৃণাৰে উপচি পৰিল, নীহাই কোৱা প্ৰতিটো কথা সত্য প্ৰমাণিত হল, মনা আৰু নূপুৰৰ দৃষ্টিত ৰক্তিম বহু তললৈ নামি গল..., ফটোকেইখন চাই মনাৰ দুচকুৰে টোপ টোপকৈ চকুলো নিগৰি আহিল.... কিছু সময়ৰ পাছত ৰক্তিমৰ ফোনটো বাজি উঠিল, বেলকনিৰ পৰা ভিতৰলৈ আহি ফোনটো ৰিচিভ কৰিলে...
: হেল্ল..., মি: ৰক্তিম ৰঞ্জন দুৱৰা , কেনে লাগিল বিহুৰ উপহাৰটো ...., সকলো ফটো মনাৰ হাতত দি আহিছোঁ, সময় পালে এবাৰ চকু ফুৰাবা..., মধুৰ অতীতটো আকৌ এবাৰ ৰোমন্থন কৰিবা....,
: তুমি এইবোৰ কিয় কৰি আছা মই একো বুজি পোৱা নাই, তোমাৰ পৰা আতঁৰহৈ অহাৰ সময়ত তুমিটো মোক একো প্ৰশ্ন কৰা নাছিলা, সকলোবোৰ সহজভাবেই কিন্তু এতিয়া তুমি এইবোৰ..... হেল্ল...! হেল্ল.....!
ফোনটো কাটি দিছিল নীহাই.....
( ক্ৰমশঃ )
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment