প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ২ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 3, 2021

প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ২ ) : Assamese Storyboard

Assamese Storyboard

 

কলেজৰ বান্ধবী এজনীক টিভিত সেই নিষ্ঠুৰ অৱস্থাত দেখি আটাইৰে মন এবাৰ হ'লেও উচুপি উঠিব। মোৰো উঠিছিল। মনটো অবাধ্য হৈ পৰিছিল( Assamese Storyboard )। মনতে ভাবিলো ৰিমাৰ দৰে ছোৱালী এজনীয়ে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে। মই তাইক ভালকৈয়ে জানো। তাই বাৰু কিয় এনে ৰাস্তা বাছি লৈছিল জানিব মন গ'ল।
    ভাতখিনি খালো যদিও খাবলৈ একেবাৰে মন নাছিল। শুম বুলি বিছনা পালোঁ। নাই টোপনি নাহিল। খিৰিকী খন মেলি দি ঠাণ্ডা বতাহজাকক মোৰ ৰুমলৈ নিমন্ত্ৰণ জনালোঁ। কেতিয়া যে বেলিটোৱে উৰণি গুচালে গমকে পোৱা নাই। ৰাতিপুৱাও ৰিমাৰ কথাই বৰকৈ আমনি কৰিব ধৰিলে। অবাধ্য মনক বাধ্য কৰাব নোৱাৰি মই ৰিমাই থকা ঠাইলৈ যোৱাৰ সিদ্ধান্ত লৈ পেলালো। মাৰুটিখন লৈ ওলালো ৮ বছৰৰ আগতে এৰি অহা পুৰণি বান্ধবী ৰিমাশ্ৰীৰ মৃত্যুৰ ৰহস্য জানিবলৈ।

আবেলি প্ৰায় তিনিমান বজাত গৈ মই ৰিমাৰ গাওঁখন পালোঁ। বহুতকে শুধিলো কিন্তু কোনেও তাইৰ কথা নকয়। যাকেই শুধো তেৱেঁই মোক চকু ঠিয় কৰি চায় আৰু মোক চাই চাই আতৰি যায়। তেওঁলোকে কিয় এনেকুৱা কৰিছে জানিব নোৱাৰিলোঁ। মই গৈ ৰিমাৰ ঘৰ পালোগৈ। অকলশৰীয়া মাক জনী নিমাত হৈ বহি আছে। তেওঁক বহুত বাৰ মাতিলো নাই তেওঁ একো মাত নিদিলে। নিশ্চয় একমাত্ৰ ছোৱালীক হেৰুৱায় বহুত দুখ পাইছে। দুখমনেৰে ঘৰলৈ উভতিম বুলি খোজ ললো এনেতে এটা মছজিদৰ কাষত বহি থকা পাগলী এজনীয়ে মোক ক'লে-

: তাই কান্দিছে সিও কান্দিছে। দুয়োকে হত্যা কৰিছে। হা হা হা নদীৰ পাৰত বহি কান্দি আছে দুয়ো।( Assamese Storyboard )

মই তেওঁৰ কথা অলপো বুজি নাপালো। কাৰো পৰা সহাৰি নাপায় তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হোৱা সেই নদীৰ ঘাটটোলৈ গলো। পাৰত বহি কিবা ভাবিব লওতে এজাক ঠাণ্ডা বতাহে মোৰ গাটো শিয়ৰাই দিলে। সন্ধিয়া প্ৰায় ঈষৎ নীলা হৈছে। নিৰ্জণ ঠাইখিনিত কেৱল মই আৰু সেই বতাহজাক। তাৰ পিছত শুনিলো মোক কোনোবাই মাতিছে। কোন হ'ব পাৰে ? মই ঘুৰি চালোঁ। মোৰ নিজৰ চকুৰ ওপৰতে বিশ্বাস হোৱা নাছিল। মোৰ সন্মুখত ৰিমাই ঠিয় হৈ আছে। মৃতদেহ এটা মোৰ সন্মুখত। সাহস গোটাই মাতিলো-

: ৰিমাশ্ৰী ।
: উম তুমি মোক বিচাৰি আহিছিলা নহ্। মোৰ মৃত্যুৰ কথা জানিবলৈ। তেন্তে শুনা মোৰ মৃত্যুৰ কাৰণ। কেনেদৰে এই ভদ্ৰ সমাজখনৰ আগত মোৰ সপোনবোৰ ছাই হৈ গৈছিল।

আগলৈ....................................
(আহক আমি আগবাঢ়ো ৰিমাশ্ৰী আৰু সেই ল'ৰা জনৰ মৃত্যুৰ ৰহস্য বিচাৰি। পঢ়ি থাকিব "আমাক জীয়াই থাকিবলৈ দে")

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages