তোমাৰ আচলতে হৈছে কি বাবা....! এতিয়া টোপনিৰ ভাও জুৰি শুই থাকিব নালাগে । উঠা....! তুমি আমাৰ মান সন্মান সকলো শেষ কৰি দিলা আজি....! ( Assamese Storyboard )
........... উৰ্বশীৰ চিঞৰত সাৰ পালে ভৈৰৱে । চকুদুটা মোহাৰি মোহাৰি বিচনাৰ পৰা নামি আহিল ভৈৰৱ ।
: কিয় ইমান চিঞৰ বাখৰ কৰিছা মা...? সৰু কথা এটাকে কিয় ইমান ডাঙৰ কৰিব বিচাৰিছা....?
: তোমাৰ বাবে সাধাৰণ বা সৰু কথা হ'ব পাৰে , মোৰ বাবে এইটো সাধাৰণ কথা নহয় । ইযাৰ লগত আমাৰ মান সন্মানৰ কথাও জড়িত হৈ আছে । সময় থাকোতেই নিজক সলনি কৰা বাবা....!
: তোমালোকে যিয়েই নোকোৱা কিয় মই ৰাজীৱক পাহৰিব নোৱাৰোঁ । বহুত ভাল পাওঁ তাক , প্লীজ...! মা....! মোক বুজিবলৈ চেষ্টা কৰা ।
: তোমাক বুজিবলৈ আৰু কি বাকী থাকিল....! ৰাজীৱৰ লগত গোটেই জীৱনটো সুখী হ'ব পাৰিবা জানোঁ....! তোমাৰ গোটেই ভৱিষ্যতটো অন্ধকাৰ হৈ পৰিব । তুমি নিজকে এবাৰ প্ৰশ্ন কৰি চোৱা , নিজকে সমকামী বুলি সমাজত কেনেকৈ চিনাকী দিবা.....?
: বুকুত হাত থৈ মই গৌৰৱেৰে চিঞৰি চিঞৰি কম..., মই এটা গে'....! অকল শাৰিৰীক ভাবেই নহয় মানসিক ভাবেও নিজকে মই ল'ৰা বুলি মানো অাৰু ল'ৰা হোৱাৰ পাছতো ৰাজীৱকেই ভাল পাওঁ আৰু ছোৱালীৰ প্ৰতি আকৰ্ষিত নহওঁ । পৃথিৱীত সমকামীৰ সংখ্যা নগণ্য মা , মই নিজকে সৌভাগ্যৱান বুলি ভাবোঁ এইকাৰণেই ময়ো তাৰ মাজৰে এজন ......!
ভৈৰৱৰ কথাবোৰ শুনি উৰ্বশী দুখত ভাগি পৰিল । ভৈৰৱৰ বিচনাখনতে বহি উঁচুপি উঁচুপি কান্দিলে উৰ্বশীয়ে । উৰ্বশীৰ কান্দোন শুনি ভৈৰৱ ৰূমটোৰ পৰা ওলাই আহি সীমান্তৰ ওচৰ পালেহি । .... দেউতা , আপুনি মাক অলপ বুজাবচোন । কিয় মায়ে মোক বুজি নাপায় ...?
: মাৰাক বুজোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা একেই কথা বাবা ।
: দেউতা , মই প্ৰাণৰ ৰূমলৈ যাওঁ । আপুনি মাক কৈ দিব ।
: বাবা....! শুনচোন.....
সীমান্তৰ কথাটো আওকাণ কৰি টেবুলৰ পৰা বাইকৰ চাবিটো আনি ভৈৰৱ ঘৰৰ পৰা ওলাই আহিল । তিনি আলিতে বাইকখন ৰখাই ৰাজীৱলৈ ফোন লগালে ভৈৰৱে ।
: হেল্ল'...! কি কৰি আছা...?
: চাহৰ কাপটো হাতত লৈ বাৰাণ্ডাতে বহি আছোঁ । তুমি ...?
: মই অলপ ওলাই আহিছোঁ ।
: কিয় ভৈৰৱ দা...?
: প্ৰাণৰ ৰূমলৈ যাওঁ । মনটো কিবা ভাল লগা নাই....
: মনটো বেয়া লাগিবলৈ আকৌ কি হ'ল...? মায়ে গালি পাৰিছে নেকি....!
: মাৰ বলকনি শুনি অশান্তি লাগিল বাবেই প্ৰাণৰ ৰূমলৈকে যাওঁ বুলি ওলাই আহিলোঁ ।
: প্ৰাণৰ ৰূমলৈ কিয়....? আমাৰ ঘৰলৈওটো আহিব পাৰিলাহেঁতেন.....!
: এবাৰ ভাবিছিলোঁ ....! কিন্তু.....?
: ৰৈ গলা কিয়....?
: প্ৰাণৰ লগত কথা কেইটামান আলোচনা কৰিব লগা আছে । সেয়ে প্ৰাণৰ ৰূমলৈকে যাওঁ বুলি ভাবিছোঁ ।
: ভৈৰৱ দা....! তুমি মোৰ পৰা কিবা কথা লুকুৱাবলৈ চেষ্টা কৰা নাইটো.....!
: ধেৎ....! তোমাৰ পৰা মই কি কথা লুকুৱাম কোৱাচোন ....! ভাল বেয়া সকলো কথা তোমাৰ আগত কওঁ ।
: ভৈৰৱ দা , যদি বেয়া নোপোৱা তুমি আমাৰ ঘৰলৈকে গুচি আহাঁ । তুমি নকলেও মই বুজি পাইছোঁ ! তুমি বহুত কষ্টত আছা....!
: নাই.....! নাই.....! মোৰ একো হোৱা নাই ।
: হ'ব । প্ৰাণ দাৰ ৰূমলৈ যাব নালাগে , আমাৰ ঘৰলৈ গুচি আহাঁ....!
: ঠিক আছে তেন্তে....! গৈ আছোঁ । তুমি বাৰাণ্ডাতে ৰৈ থাকা .... কথাষাৰ কৈ ফোনটো কাটি দিলে ভৈৰৱে । চাহৰ কাপটো ভিতৰত থৈ ৰাজীৱ পদূলিলৈ ওলাই গ'ল । নিশাৰ আন্ধাৰত গোটেই চুবুৰীটো অন্ধকাৰ হৈ আছিল । ঢিমিক ঢামাক কৰি জ্বলি থকা সৰু সৰু জোনাকী পৰুৱাজাকে আন্ধাৰৰ মাজতো ক্ষীণ পোহৰ বিলাইছিল । পদূলিত ৰৈ ভৈৰৱলৈ অপেক্ষা কৰি থাকোঁতেই লাইটৰ পোহৰ এটা আহি ৰাজীৱৰ চকু ছাঁত মাৰি ধৰিছিল । কেৰেক কৈ শব্দ এটা কৰি হঠাৎ পোহৰটো নাইকিয়া হৈ গৈছিল । .....পদূলিত ৰৈ আছাহি যে....? কথাটো কৈ বাইকখনৰ পৰা নামি আহিল ভৈৰৱ ।
: তুমি অহালৈকে বাট চাই আছিলোঁ । আহাঁ...! বাইকখন একেবাৰে বৰাণ্ডালৈকে উঠাই দিবা ।
: উম....! মায়ে একো নকয়টো....?
: কিয় ক'ব ভৈৰৱ দা । মায়ে তোমাক নিজৰ ল'ৰা বুলিয়েই ভাবে ।
বাইকখন বৰাণ্ডালৈ উঠাই ৰাজীৱৰ পাছে পাছে ভিতৰলৈ সোমাই আহিল ভৈৰৱ । ...মা, অ' মা.....! ভৈৰৱ দা আহিছে ।
: বহিবলৈ দিয়াচোন ...! মই কাম এটা কৰি আছোঁ । পাকঘৰৰ পৰাই চিঞৰিলে তৰাই
: ভৈৰৱ দা , আহাঁ । দুৱাৰখন খুলি যীশুৰ ৰূমটোলৈ সোমাই গল ভৈৰৱ আৰু ৰাজীৱ । গাৰুটোতে মূৰটো পেলাই বিচনাত বাগৰি দিলে ভৈৰৱ ।
: কি হ'ল ভৈৰৱ দা ....? শুই দিলা যে....?
: ভাবিছোঁ...! আমাৰ এই ভালপোৱাক জীয়াই ৰাখিবলৈ হ'লে তুমি আৰু মই অকলে সংগ্ৰাম কৰিব লাগিব । আমাৰ এই সম্পৰ্কটোক বহুতেই হয়টো সমালোচনা কৰিব কিন্তু তোমাৰ বা মোৰ বিপদত কোনো সহায় কৰিবলৈ আগবাঢ়ি নাহিব । আমাৰ ভালপোৱাক জীয়াই ৰাখিবলৈ হ'লে আমি দুয়ো প্ৰতিষ্ঠিত হ'ব লাগিব । ( Assamese Storyboard )
: সেই কাৰণে তোমাক মই সদায় কওঁ , ভালকৈ পঢ়া। তুমিহে মোৰ কথাবোৰ গুৰুত্ব নিদিয়া ।
: আজি মই ভালকৈ বুজি পাইছোঁ , টকা নহলে সকলো মিছা । এতিয়াৰ পৰা মই আৰু কষ্ট কৰিম । ভালকৈ পঢ়িম ৰাজীৱ ।
দুয়োটাই কথা পাতি থাকোঁতেই চাদৰৰ আঁচলত হাতখন মোহাৰি মোহাৰি তৰা সোমাই আহিল । .... মাছ কেইটামান দি থৈ গৈছিল বেপাৰী এজনে । সেইকেইটাকে বাচি আছিলোঁ ।
: উম...!
: সোণ...! ভৈৰৱ দালৈ চাহ একাপ কৰাগৈচোন...! মই চাহ কৰিলে গোন্ধ পাবও পাৰে ।
: চাহ নাখাওঁ মা , একেবাৰে ভাত খাম ।
: তেতিয়া হ'লে সোনকালে ভাত কেইটাকে ৰান্ধো । তোমালোকে কথা পাতা । দুৱাৰখন লাহেকৈ জপাই তৰা ৰূমটোৰ পৰা ওলাই আহিল ।
: ভৈৰৱ দা , তুমি কিয় ইমান মনটো মাৰি আছা । এটা কথা মনত সদায় মনত ৰাখিবা ভৈৰৱ দা । মানুহৰ জীৱনলৈ কঠিন সমস্যাসমূহ আহে একো একোটা শিক্ষা দিবলৈ । জীৱনলৈ অহা এই কঠিন সমস্যা সমূহে মানুহৰ ভিতৰত লুকাই থকা সম্ভাৱনাসমূহ অনুধাৱন কৰাই।
: একদম সত্য কথা ৰাজীৱ । মাজে মাজে মানুহৰ জীৱনলৈ ডাঙৰ ডাঙৰ সমস্যা আহিব লাগে । সমস্যাই মানুহক বহু কথাই শিকাই ।
কথা পাতি থাকোঁতেই ভৈৰৱৰ ফোনটো বাজি উঠিল । পেন্টৰ পকেটৰ পৰা ফোনটো উলিয়াই ফোনটো ৰিচিভ কৰিলে ভৈৰৱে । ..প্ৰাণ...., কৱ....
: তোৰ যে একো খবৰ খাটি নাইকিয়া হ'ল....? পাহৰি গলি নেকি আমাক...?
: নাই পাহৰা অ' প্ৰাণ....! আজি তোৰ ৰূমলৈ যোৱাৰ কথাই আছিল । ৰাজীৱে জোৰ কৰাৰ বাবে ইয়ালৈকে গুচি আহিলোঁ । যাম এদিন । ৰাজ দাৰ কি খবৰ এতিয়া....?
: ভালেই । ৰাজ দা সলনি হ'ব যেন পাইছোঁ এইবাৰ ।
: হওঁক দে ! অন্ততঃ বৌ সুখী হ'ব ।
: তোক কথা এটা ক'বলৈহে ফোন কৰিলোঁ ।
: কি কথা অ'....!
: শুনিলে হাঁহি হাঁহি তই পাগল হৈ যাবি ।
: তেন্তে নুশুনো দেই....! পাগল হ'বলৈ মন নাই মোৰ । হা:.... হা... প্ৰাণখুলি হাঁহিলে ভৈৰৱে ।
: তই হাঁহিলি যে....?
: নাহাঁহি কি কৰিম । তই যেনেকৈ হে কৈছ....!
: তোক যে কৈছিলোঁ আমাৰ ৰূমৰ মালিকৰ পুতেকটো ...! সিও সমকামী ।
: কি...? তই কেনেকৈ জানিলি...?
: কালি আমাৰ ৰূমলৈ আহিছিল । বহুত সময় কথা পাতিলে আমাৰ লগত । তাৰ প্ৰেম আমাৰ দৰে নহয় । তোক গোটেইবোৰ কথা ফোনত ক'ব নোৱাৰোঁ । সময় মিলাই এদিন আমাৰ ৰূমলৈ আহিবি । তাৰ লগত চিনাকী কৰাই দিম । তাৰ পাছত তাৰ মুখেৰেই শুনিবি সিহঁতৰ প্ৰেম কাহিনী ।
: কথাবোৰ আধৰুৱা কৰি দিয় কাৰণেই তোলৈ খঙ উঠে । গৌৰৱৰ কি খবৰ ।
: ভালেই । practical কৰি আছে । পৰীক্ষা পালেহিয়ে নহয় । ৰাজীৱক দেচোন ফোনটো...
: দিছোঁ ৰৱ । ৰাজীৱলৈ ফোনটো আগবঢ়াই দিলে ভৈৰৱে । ...প্ৰাণ দা , কথা পাতা ।
: হেল্ল...! প্ৰাণ দা , কি খবৰ ।
: মোৰ ভালেই । তোমাৰ খবৰ কোৱা...?
: মোৰো ভালেই প্ৰাণ দা ।
: বাকী পঢ়া কেনে চলিছে ...?
: চলাই আছোঁ আৰু...! কি কৰিছে এতিয়া...?
: তোমাৰ লগত কথা পাতি পাতি ভাতৰ যোগাৰ কৰি আছোঁ ।
: কি আছে আজি...? Sunday Special....
: বিশেষ একো নাই । তোমালোকৰ...?
: মাছ আছে ।
: বঢ়িয়া । এদিন আহিবা ভৈৰৱৰ লগতে ।
: যাম । কিয় নাযামনো....! আপোনালোকো আহিব এদিন ভাত খোৱাকৈয়ে ।
: ঠিক আছে বাৰু....! মোৰ ফোন এটা আহি আছে । অলপ পাছত ফোন কৰি আছোঁ ৰবা । কথাষাৰ কৈ ফোনটো কাটি দিলে প্ৰাণে ।
..... ভৈৰৱ দা , ফোনটোৰ দেখোঁন চার্জ কমি আছে । চার্জত লগাই দিওঁ নেকি...?
: সেইটো আৰু সুধিব লাগেনে....! মোবাইলটো চার্জত লগাই মোলৈ পানী এগিলাচ আনিবাচোন ....
মোবাইলটো চার্জত লগাই ৰূমটোৰ পৰা ওলাই আহিল ৰাজীৱ । বিচনাখনতে বাগৰি বাগৰি ভৈৰৱে ভাবিবলৈ ধৰিলে । .....যি হৈ গ'ল সেয়া ভালেই হ'ল । অতীতৰ কথা ভাবি মনটোক কষ্ট দিয়াতকৈ বৰ্তমানটোক ভালদৰে উপভোগ কৰাই ভাল...। সময়ৰ লগে লগে বৰ্তমানটো এদিন অতীত হৈ যায় । বৰ্তমান যদি ভালেই থাকে ভৱিষ্যতটোও নিশ্চয় ভালেই হ'ব ....
ক্ৰমশঃ.....
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment