চাৰিজন বন্ধুৱে এই ৰহস্যময় ঘটনাটো শুনি সন্যাষীজনক হাত জোৰ কৰি আমাক বচাওক বচাওক বুলি কাকতি মিনতি কৰিবলৈ ধৰিলে
। তেতিয়া সন্যাক্ষীজনে ক'লে, "চিন্তা নকৰিবা তোমালোকে! মই থাকোঁতে সেই দুষ্ট চন্দালিকায়ে তোমালোকৰ চুলি এডালো বেকা কৰিব নোৱাৰে। মই তোমালোকক বচাম । কিন্তু তোমালোকেও মোৰ এটা কাম কৰিব লাগিব ।যিটো মানৱ জাতিৰ বাবে উপকাৰী কাম হ'ব। মন্দিৰৰ ভিতৰত এটা সোণৰ বাকচত এটা পাথৰ আছে । সেইটো তোমালোকে লৈ আহা !
সিহঁতক মন্দিৰৰ ভিতৰলৈ যাবলৈ ক'লত সিহঁতি ভয়তে কঁপিবলৈ ধৰিলে আৰু তেতিয়াই সন্যাষীজনে মন্ত্ৰ গাই সিহঁতৰ হাতত ৰচী বান্ধি দিলে আৰু সিহঁতক সাহস দিলে যে এতিয়া আৰু একো নহয়। সেই পাথৰটোৱে তাই শক্তি । সেইটো মই পালেই তাইৰ শক্তি কমি যাব আৰু মই তাইক মৰিব পাৰিম। তাৰ পাছত সদায় কাৰণে সংসাৰৰ কল্যাণ সাধন হ'ব।
সন্যাষীজনে সিহঁতৰ পিঠিত থপথপাই সাহস দিলত সিহঁতি সাহস কৰিলে আৰু মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলে। সিহঁতি যোৱা পাছতেই এটা বহুত ভয়ানক ঘটনা ঘটিল । সন্যাক্ষীজনৰ ৰূপ সলনি হ'বলৈ ধৰিলে। তেওঁৰ সামান্য ৰূপটো বিশাল ৰূপলৈ পৰিৱৰ্তন হ'বলৈ ধৰিলে।
এইফালে ভয়তে সিহঁতৰ বুকুখনে বেছিকৈ ধিপ ধিপ কৰিবলৈ ধৰিলে। সন্যাষীজনৰ কথাবোৰ মনত পেলাই সিহঁতি সাহস গোটালে । তথাপিও সিহঁতৰ ওপৰত চন্দালিকাৰ যাদুৰ প্ৰভাৱ হৈছিল। প্ৰথমতে সিহঁতি মন্দিৰৰ দেৱী মূৰ্তি ওচৰত বহিছিল । কিন্তু এতিয়া ২০-২৫ টা মান চিৰি নামি তললৈ মন্দিৰৰ ভিতৰলৈ যাব লাগিব। সেই চিৰি কেইটাও ভাল নাছিল। প্ৰথম চিৰিটোত খোজ দিওঁতেই ৰমেনৰ ভৰি পিচল খালে আৰু সি পিঠি দি পৰিল।
সিহঁতি ইটোৱে সিটোৰ হাতত জোৰে ধৰি আছিল কাৰণেহে ৰমেনে বেচি দুখ নাপালে । নহ'লে সি গৈ তলত পৰিল হেঁতেন। সি উঠিল আৰু নয়নৰ গাত ভেঁজা দি ফুপাবলৈ ধৰিলে। এতিয়া সিহঁতি সাৱধানেৰে ভালকৈ চাই চাই খোজ কাঢ়িলে। তাত সিহঁতি চিলনী দেখিছিল আৰু বেয়া গোন্ধ পাইছিল। সিহঁতি তাৰ পাছতো ভগৱানৰ নাম লৈ চিৰিয়ে দি লাহে লাহে নামিবলৈ ধৰিলে।
চিৰি পৰা নামি সিহঁতি ৰূমটোত অলপ দেৰি ৰৈ থাকিল। কাৰণ তাত আন্ধাৰ হৈ আছিল। তাৰ পাছত সিহঁতি অলপ অলপ পোহৰ হ'লত দেখিলে যে এটা চুকত মানৱ ৰূপী জন্তু দৰে এটা জন্তু ৰৈ আছিল আৰু সিহঁতক চাই আছিল ।যিটো ৮-৯ ফুট ওখ আৰু তাৰ গোটেই গাটো নোমেৰে ভৰ্তি আছিল আৰু হাতৰ নখবোৰো চুকা আছিল। কিন্তু দেহটোৰ তুলনাত ভৰিকেইটা সৰু আছিল আৰু তাৰ কান্ধত এটা মূৰ আছিল। তাৰ জিভাখন বহুত ৰঙা আৰু কুকুৰৰ দৰে উলমি আছিল আৰু সিহঁতৰ দৰে সিও ফুপাই আছিল। সিহঁতি বহুত ভয় খাইছিল কিন্তু সন্যাক্ষীজনৰ কথা মনত পেলাই সাহস গোটালে। সেই জন্তুটোৱেও সিহঁতক একো নকৰিলে আৰু এটা চুকত গৈ বহি থাকিল। সিহঁতি তেতিয়া আৰু অলপ সাহস গোটাই আগবাঢ়ি গ'ল।
No comments:
Post a Comment