অলংকৃতাক ড্ৰয়িং ৰূমতে বহিবলৈ দি ভৈৰৱ ৰূমটোৰ পৰা ওলাই আহিল । ভৈৰৱ ভিতৰলৈ সোমাই যোৱাৰ লগে লগেই উৰ্বশী ড্ৰয়িং ৰূমলৈ ওলাই আহিল( Assamese Storyboard ) । .....পালাহি অলংকৃতা ।
: উম....! আপোনালোক কি আচৰিত মানুহ বৰমা ....! ইমান ভাল দিনটোত মানুহে ঘৰত তলা লগাই থয়নে....!
: নহয় অ' অলংকৃতা ! ভৈৰৱ ইয়াতে আছিল । সেয়ে খবৰটো পাই আমি ইয়ালৈকে গুচি আহিলোঁ ।
: অ'....! খবৰটো পাই বৰ ভাল লাগিল বৰমা । অন্ততঃ ভৈৰৱে এতিয়া কিছুমান সিদ্ধান্ত নিজেই ল'ব পাৰিব । বৰমা আৰু এটা ভাল খবৰ আছে ....!
: কি ভাল খবৰ ....! কোৱা অলংকৃতা ....
: মোৰ বিয়া ঠিক হৈছে । কালিলৈ ল'ৰা ঘৰৰ পৰা মানুহ আহিব বিয়াৰ দিন ঠিক কৰিবলৈ । মই আপোনালোকক নিমন্ত্ৰণ দিবলৈহে আহিছিলোঁ । অলংকৃতাৰ কথাটো শুনি উৰ্বশীৰ হিয়াখন দুখত ভাগি যোৱা যেন লাগিল ।
: এইটো দেখোঁন বৰ ভাল খবৰ ... কৃত্ৰিম হাঁহি এটা মাৰি কলে উৰ্বশীয়ে ।
দুয়োজনীয়ে কথা পাতি বহি থাকোঁতেই হাতত চাহৰ ট্রেখন লৈ তৰা ড্ৰয়িং ৰূমলৈ সোমাই আহিল । ....চাহ খাবা ।
হাঁহি এটা মাৰি মূৰ দুপিয়ালে অলংকৃতাই ।
: অলংকৃতা , এখেত ৰাজীৱৰ মাক । অলংকৃতাৰ লগত তৰাক চিনাকি কৰাই দিলে উৰ্বশীয়ে । অলংকৃতাই বহাৰ পৰা উঠি নমস্কাৰ জনালে তৰাক ।
: অলংকৃতা তুমি এতিয়া বৰমাৰ লগত কথা পাতাচোন ! মই তোমাৰ লগত পাছতহে কথা পাতিম ।
: ঠিক আছে বৰমা । আপুনি আপোনাৰ কামত লাগকগৈ ....।
তৰা ভিতৰলৈ সোমাই আহি ৰাজীৱক পাকঘৰত নেদেখি ৰাজীৱৰ ৰূমটোত ভুমুকীয়াই চালে তৰাই । ...তোমালোক ইয়াত আছা যে....! অলংকৃতাৰ লগত কথা পাতাগৈ যোৱা । কথাষাৰ কৈয়ে তৰা পাকঘৰৰ কামত ব্যস্ত হৈ পৰিল ।
: আমিনো কি কথা পাতিম । মাৰ লগতে পাতক । মোৰ ভয়হে লাগিছে ৰাজীৱ । অলংকৃতা বা কি উদ্দেশ্য লৈ আহিছে ...?
: ভয় কৰিব নালাগে ভৈৰৱ দা । তোমাৰ খবৰ লবলৈ আহিছে ।
: যদি পাছ কৰাৰ খবৰ লবলৈ আহিছে তেতিয়া ভালেই । কেনেবাকৈ যদি খবৰটো পাই বিয়াৰ প্ৰস্তাৱ দিবলৈ আহিছে তেতিয়া ....?
: ভৈৰৱ দা ! তুমি প্ৰতিটো কথা কিয় নিগেটিভ কৈ ভাবা ...?
: কিছুমান পৰিস্থিতিয়ে মানুহক নিগেটিভকৈ ভাবিবলৈ বাধ্য কৰায় । যিহেতু দুয়োখন ঘৰে আমাৰ মাজত এটা সম্পৰ্ক গঢ়িব বিচাৰিছিল সেয়ে অলংকৃতাক দেখি ভয় লাগিছে ।
: ভৈৰৱ দা , এটা কাম কৰা । অলংকৃতাৰ লগত তুমি কথা পাতি চোৱা । তেতিয়া অলংকৃতা অহাৰ উদ্দেশ্য গম পাই যাবা ।
: ব'লা ! দুয়োটা যাওঁ ।
: ব'লা ।
চুচুক চামাক কৰি ভৈৰৱ আৰু ৰাজীৱ ড্ৰয়িং ৰূমটোলৈ সোমাই আহি উৰ্বশীৰ কাষতে বহিলে । .... Congratulations ৰাজীৱ ।
: Thank you . ভাল নে আপোনাৰ...?
: কিনো ভাল বুলি কম । কোনোৰকম জীয়াই আছোঁ আৰু...!
: কিয় তেনেকৈ কৈছেনো বা...?
: ময়ো টেট দিছিলোঁ । কিন্তু চাৰি নাম্বাৰৰ বাবে বেয়া হ'ল । সেয়ে মনটো বেয়া লাগিছে । ৰাজীৱহঁতে কথা পতা দেখি উৰ্বশী ড্ৰয়িং ৰূমৰ পৰা ওলাই আহিল । ..... ভৈৰৱ , তুমি মনে মনে আছা যে ...? মই অহাৰ কাৰণে বেয়া পাইছা নেকি...?
: কিয় বেয়া পাম অলংকৃতা ।
: উম...! বাকী কোৱাচোন ...
: সকলো ঠিকেই আছে । তোমাৰ...?
: মোৰ ভাল খবৰ এটা আছে । কালিলৈ মোৰ বিয়াৰ তাৰিখ লবলৈ ল'ৰাৰ ঘৰৰ পৰা মানুহ আহিব । পাৰিলে এপাক যাবা । ৰাজীৱ তুমিও যাবা ।
: Congratulations , নিশ্চয় যাম অলংকৃতা । ল'ৰাই কি কৰে ...?
: ব্যৱসায় কৰে ।
: অ'...! ঘৰত কোন কোন আছে...?
: মাক দেউতাক আৰু তেওঁ ।
: সৰু পৰিয়াল ।
: হয় । তোমালোকে কি ভাবিছা...? প্ৰেম কৰিয়েই থাকিবা নে বেলেগ সিদ্ধান্ত লবা...?
: প্ৰথমে appointmentটো হৈ লওঁক বুলি ভাবিছোঁ । তাৰ পাছতহে কিবা এটা সিদ্ধান্ত লম অলংকৃতা ।
: ভাল সিদ্ধান্ত লৈছা সেইটো । তোমালোক সুখী হোৱা মোৰ শুভেচ্ছা সদায় আছে ।
অলংকৃতা আহাঁ.....! ভাতকেইটা খাই লোৱাহি । বাবা আহাঁ..... কথাৰ মাজতে মাত লগালে উৰ্বশীয়ে । উৰ্বশীৰ পাছে পাছে অলংকৃতাহঁত পাকঘৰলৈ সোমাই গ'ল । ঘূৰণীয়া টেবুলখনৰ চাৰিওফালে ভৈৰৱ , ৰাজীৱ , অলংকৃতা আৰু সীমান্ত বহি ললে । তৰা আৰু উৰ্বশীয়ে ভাতৰ কাঁহীকেইখন টেবুললৈ উলিয়াই দি সীমান্তৰ কাষতে চকী এখন আনি বহি ললে উৰ্বশী । ( Assamese Storyboard )
: হেৰী...! অলংকৃতাৰ ভাল খবৰটো গম পালে নে নাই...? ভাতকেইটা মোহাৰি মোহাৰি কলে উৰ্বশীয়ে । অলংকৃতাৰ বিয়া ঠিক হৈছে । কালিলৈ দৰাঘৰৰ মানুহ আহিব । বিয়াৰ তাৰিখ লবলৈ ।
: বৰ ভাল খবৰ দেখোঁন অলংকৃতা...! সেইকাৰণে তাই ইমান লাজ কৰি আছে নহয়জানোঁ....!
: নহয় বর্তা ।
: গম পাইছোঁ দিয়া । বাৰু ভাত কেইটা খাই লোৱাচোন ।
: কিবা লাগিলে ক'ব দেই....! বৰ নম্ৰকৈ কলে তৰাই ।
: মোক একো নালাগে বৰমা । আপোনালৈ লৈ আহক ।
: তোমালোকে খোৱাচোন । কাৰোবাক কিবা লাগিবও পাৰে নহয়....!
: কাকো একো নালাগে । আপোনালৈ লৈ আহক । উৰ্বশীয়ে কলে । তৰাইয়ো ভাতকেইটা উলিয়াই আনি পীৰা এখনতে বহি ভাত কেইটা খালে । ভাত খাই আজৰি হয় মানে বেলি লহিয়ালে । মুখত তামোল এখন ভৰাই কাঁহী বাতিখিনি সামৰি বাহিৰলৈ উলিয়াই আনিলে উৰ্বশীয়ে । বাচনখিনি মাজিবলৈ লওঁতেই উৰ্বশীৰ হাতখনত থাপ মাৰি ধৰিলে ৰাজীৱে । ......... মা , আপুনি বহকগৈচোন ! মই ধুম আপুনি হাত ধুৱক...
: একো নহয় দে । এইবোৰ কাম দেখোঁন ঘৰত কৰিয়েই থাকোঁ ।
: আজি নালাগে মা , মই আঁচো নহয় । মই কৰিম ...
: তোৰ পৰা আৰু উপায় নাই । তই বাচনখিনি মাজি দে , মই ধুই যাওঁ ।
ৰাজীৱে এটা এটাকৈ বাচন বিলাক মাজি দিয়াৰ পাছত ঘঁহি ঘঁহি ধুই পেলালে উৰ্বশীয়ে । কাঁহীবাতিখিনি ধুই টেঙা অকণ মাৰি হাতখন ভালকৈ ধুই উৰ্বশী ভিতৰলৈ সোমাই আহিল ।
: বাবা , তুমি আমাৰ লগত যাবা নে ইয়াতে থাকিবা...?
: আজি ইয়াতে থাকিম মা । কালিলৈ ৰাতিপুৱাই দুয়োটা যাম ।
: ঠিক আছে । আমি গৈ থাকোঁ তেন্তে.... । ই ক'ত গ'ল...? সোণ....! অ'... সোণ...! ভিতৰৰ পৰাই চিঞৰিলে উৰ্বশীয়ে । উৰ্বশীৰ মাতষাৰ শুনি ৰাজীৱ তাৰ ৰূমটোলৈ সোমাই আহিল ।
: মা , কিয় মাতিছিলে মোক...?
: আমি গৈ থাকোঁ সোণ । মাক মাত লগাই দিয়া ।
: ভৈৰৱ দা আজি মোৰ লগত থাকিব দেই মা ।
: থাকিব দে । ইমান চেষ্টা কৰিও তোক আঁতৰাব নোৱাৰিলোঁ যেতিয়া এতিয়া আৰু তহঁতক কষ্ট নিদিওঁ । তহঁত সুখী হৱ...! মোৰ আৰ্শীবাদ সদায় আছে ।
: মা....! বুলি কৈ উৰ্বশীক সাৱতি ধৰি উচুপি উঠিল ৰাজীৱ ।
: কান্দিছ কিয় আকৌ...! মই তোক গালি পৰা নাই নহয়....! আজি ইমান ভাল দিনটোত কন্দা কটাখন নকৰিবিচোন...!
: মা , এইয়া ৰাজীৱৰ দুখৰ চকুপানী নহয় । এইয়া সুখৰ সুখৰ চকুপানী । তোমাৰ মুখৰ পৰা এনেকুৱা এষাৰ কথা শুনিম বুলি আমি সপোনটো ভবা নাছিলো । টপৰাই মাত দিলে ভৈৰৱে ।
: চোৱা বাবা ! কোনো মাকে নিবিচাৰে নিজৰ সন্তান দুখত থকাটো । ময়ো নিবিচাৰো তই দুখত থকাটো । প্ৰেম এক পবিত্ৰ বন্ধন..., প্ৰেম নিৰ্মল ...., প্ৰেম স্বৰ্গীয়...! প্ৰেমে কাকো দুখ নিদিয়ে , দুখ দিয়ে মানুহে । প্ৰেমে ধ্বংস নকৰে , প্ৰেমে সদায় সৃষ্টি কৰে। মানুহে প্ৰেমক কেনেকৈ মৰ্যদা দিয়ে সেয়া মানুহৰ দৃষ্টিভংগী আৰু মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে । ৰাধা আৰু মিৰাবাঈৰ প্ৰেম ইয়াৰ নিদৰ্শন । ৰাধাক পূজা কৰে আৰু মিৰাবাঈক বদনাম কৰে । কিন্তু সময় সলনি হোৱাৰ লগে লগেই সকলোৱে মিৰাবাঈৰ প্ৰেমৰ নিৰ্মলতাৰ কথা বুজি পালে । মোৰ দৰেই এদিন সকলোৱে বুজিব প্ৰেমৰ নিৰ্মলতা । কথাবোৰ কৈ ভৈৰৱ আৰু ৰাজীৱক বুকুৰ মাজত সাৱতি হুকহুকাই কান্দিলে উৰ্বশীয়ে । উৰ্বশীৰ কান্ধোন শুনি তৰা পাকঘৰৰ পৰা উধাতু খাই ওলাই আহিল ।
: কি হল আপোনাৰ....? কান্দিছে কিয়....?
: একো হোৱা নাই মোৰ....! আজিৰ পৰা মোৰ দুটা ল'ৰা । এটা বাবা আনটো ৰাজীৱ ।
: হেৰা...! ঘৰলৈ নোযোৱা নেকি...! ড্ৰয়িং ৰূমৰ পৰা মাত লগালে সীমান্তই । সীমান্তৰ মাতটো শুনি চকুৰপানীখিনি মোহাৰি বাহিৰলৈ ওলাই আহিল । তৰা , ভৈৰৱ আৰু ৰাজীৱে উৰ্বশীহঁতক পদূলিলৈকে আগবঢ়াই দিলে । উৰ্বশীহঁত গ'লগৈ , তৰাও খৰখেদাকৈ ভিতৰলৈ সোমাই আহিল । সন্ধিয়াৰ আকাশত আশাৰ বতৰা লৈ একলা দুকলাকৈ বাঢ়ি অহা কাঁচিজোনটো জিলিকি উঠিল । ভৈৰৱ আৰু ৰাজীৱে জোনটোলৈ চাই গুণগুণালে .....
জোনৰ দেশলৈ যাম...
জোনকো মই সুধি চাম....
সৰু সৰু তৰা আনি তোমাকে মই ওমলাম......
**** সমাপ্ত ****
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment