চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰে কাল অমানিশাই ( খণ্ড ১ ): Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 25, 2021

চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰে কাল অমানিশাই ( খণ্ড ১ ): Assamese Storyboard

Assamese Storyboard

চাৰিজন বন্ধুৱে জংঘলৰ মাজত ৰাস্তা হেৰুৱাই পেলাইছিল। ৰাতি হৈ অহা দেখি উপায় নাপায় সিহঁতি  এটা মন্দিৰতে আশ্ৰয় ল'ব লগা হ'ল। 

( Assamese Storyboard )

মন্দিৰৰ দেৱী মূৰ্তিটো পুৰণা হৈ যোৱা ফলত ক'লা হৈ পৰিছিল। য'তে ত'তে উলমি থকা বাদুলিবোৰে পৰিৱেশটো আৰু ভয় লগা কৰি পেলাইছিল।  বিভিন্ন ধৰণৰ কিত-পতংগবোৰে চিঞৰি আছিল আৰু সিহঁতৰ বেছি ভয় বাঢ়ি গৈ আছিল।

চাৰিজনে ইটোৱে সিটোৰ হাতত ধৰি এটা গোল বনাই বহিলে। মন্দিৰৰ টিংখন  ফুটা আছিল আৰু তাৰ ফাকেৰে চন্দ্ৰৰ পোহৰ আহি আছিল।  সিহঁতি ভয় আৰু সময় পাৰ কৰিব  বাবে কাহিনী ক'লে আৰু শুনিলে।


প্ৰথমজন বন্ধুৱে ককাকৰ পৰা শুনা এজন বীৰ যোদ্ধাৰ এটা কাহিনী ক'লে। যাৰ ফলত সিহঁতৰ অলপ সাহস অহা দৰে লাগিল। দুই নম্বৰ জনে ভূত-প্ৰেতৰ কাহিনী ক'বলৈ আৰম্ভ কৰিলত তাক গালি দি সকলোৱে মনে মনে থাক বুলি ক'লে। তাৰ পাছত তিনি নম্বৰ আৰু চাৰি নম্বৰ জনে কাহিনী শুনালে।  হাঁহি ধেমালি কৰি থাকোঁতে কোনোবাই চিঞৰি চিঞৰি হাঁহি থকা শুনি সিহঁতি ভয় খাই উঠিল।( Assamese Storyboard )


কোনোবা মহিলাৰ হাঁহি থকা মাত শুনি সিহঁতি ভয়তে কঁপি উঠিলে। বতৰটো ঠাণ্ডা আছিল যদিও ভয়তে সিহঁতৰ ঘাঁম বাগৰি আহিল। সিহঁতি ভয়ে ভয়ে হাঁহি থকা মহিলাগৰাকীক চাবলৈ ইফালে সিফালে ঘূৰিলে। কিন্তু সিঁহতি তাত কাকো দেখা নাপালে। সিহঁতি ইটোৱে সিটোৰ মুখলৈ চাই আছিল। আকৌ তেতিয়াই ‍ হাঁহি থকা শুনিবলৈ পোৱা গ'ল আৰু এইবাৰ হাঁহিটো আগৰ বাৰতকৈ বেছি ডাঙৰ আছিল। সিহঁতি মন্দিৰৰ পৰা পলাবলৈ চেষ্টা কৰিলে কিন্তু আচৰিত! সিহঁতৰ হাত ভৰি কাম নকৰা হৈ পৰিছিল আৰু এটাই জোৰে চিঞৰি কিবা ক'ব বিচাৰিছিল । কিন্তু তাৰ মাতটো ডিঙিতে লাগি ধৰা দৰে লাগি ধৰিলে। সিহঁতৰ ভয়তে বুকুখন ৰেলগাড়ী দৰে জোৰে জোৰে ধিপ ধিপ কৰিবলৈ ধৰিলে।


তাৰ অলপ পাছত আকৌ এটা ঘটনা ঘটিল। মন্দিৰৰ এটা চুকত নিজেই নিজেই জুই জ্বলি উঠিল আৰু উলমি থকা বাদুলিবোৰ তাত পৰি পৰি জ্বলি গৈ থাকিল। এনেবোৰ আচৰিত আৰু ভয় লগা ঘটনা দেখি সিহঁতি ভয়তে থক্ -থক্ কৈ কঁপিবলৈ ধৰিলে।

আগলৈ…

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:

Post a Comment

Advertisement

Pages