সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( খণ্ড - ১৭ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 5, 2021

সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( খণ্ড - ১৭ ) : Assamese Storyboard

Assamese Storyboard

 

 বহু সময় মৌনতাৰ মাজেৰেই পাৰ হৈ গৈছিল । গৌৰৱ আৰু প্ৰাণ দুয়ো নীৰৱ দৰ্শকৰ দৰে ৰাজলৈ চাই আছে । মৌনতা ভংগ কৰি হাঁহি এটা মাৰি ৰাজে লাহেকৈ মাত লগালে । ( Assamese Storyboard )


: কি হ'ল প্ৰাণ....? মই কিবা নকবলগীয়া কথা কলোঁ নেকি....! দুয়ো নিমাত হৈ গলা যে.....? 


: ৰাজ দা , আপুনি কোৱা কথাষাৰে সচাঁকৈয়ে বৰ চিন্তাত পেলাইছে । দুয়োজনে যদি এটা সন্তান তুলি লওঁ সেই সন্তানটিয়ে গৌৰৱ নে মোৰ বংশ ৰক্ষা কৰিব .....! ই এটা বৰ জটিল প্ৰশ্ন ৰাজ দা ।  ম্লান হাঁহি এটা মাৰি কলে প্ৰাণে । 


: মই কথা এটা ভাবিছোঁ ৰাজ দা । ধৰি ললোঁ মই আৰু প্ৰাণে ছোৱালী এজনীক বিয়া কৰালোঁ কিবা কাৰণত আমাৰ সন্তান নহল তেতিয়া আমাৰ বংশ ৰক্ষা কোনে কৰিব .....? পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি নেকি সন্তানৰ মুখ নেদেখাকৈয়ে এই পৃথিৱীৰ পৰা গুচি গৈছে । আমিও তাৰ মাজৰে এজন বুলি ধৰি ললেই আমাৰ সমস্যাৰ সমাধান হ'ব । লাহেকৈ কলে গৌৰৱে । 


: তোমাৰ কথাষাৰৰো যুক্তি আছে গৌৰৱ । কিন্তু তোমাৰ মা দেউতা বা বংশ পৰিয়ালে এই কথাষাৰ মানি ল'ব পাৰিবনে...! কেতিয়াও নোৱাৰে । এইটোৱেই হৈছে সমকামী জীৱনৰ ডাঙৰ সমস্যা । 


: প্রাণৰ কথা নাজানো মই কিন্তু সমস্যা বুলি নাভাবোঁ ৰাজ দা । 

: প্ৰথমে ময়ো তেনেকৈয়ে ভাবিছিলোঁ । লাহে লাহে যেতিয়া ঘৰৰ সকলোৱে মোক বিয়া পাতিবলৈ হেঁচা দিলে তেতিয়া মই নিৰূপায় হৈ পৰিছিলোঁ । মই বিয়া নকৰালে মা ঘৰৰ পৰা ওলাই যাম বুলি কৈছিল । মাৰ কথা চিন্তা কৰিয়েই মই বিয়া পাতিবলৈ আগবাঢ়িছিলোঁ । 


: মাক সুখ দিবলৈ গৈ নিজকে ফাঁকি দি আপুনি জানো সুখী হ'ব পাৰিছে ৰাজ দা....? 


: মই সুখী হ'ব পৰা নাই সঁচা গৌৰৱ । কিন্তু সুখী হোৱাৰ অভিনয় বৰ সুন্দৰকৈ কৰি আছোঁ । 


: এক মিনিট ৰাজ দা...! অলপ আগতে আপুনি কৈছিলে অভাৱত পৰিহে আপুনি প্ৰিয়মক আঁকোৱালি লৈছে । তেন্তে বিয়াৰ আগতে আপুনি এইবোৰ কথা কিয় ভাবিছিল ....? টপৰাই প্ৰশ্ন কৰিলে প্ৰাণে ।


: তোমালোকক দেখিছোঁ এতিয়া মই সকলোবোৰ কথাই ক'ব লাগিব ....! 


: কওঁক ৰাজ দা । 


: শুনা প্ৰাণ ..., সৰুৰে পৰাই মই বৰ শাসনৰ মাজত থাকি ডাঙৰ হোৱা । ছোৱালীৰ লগত কথা পতাটো দূৰৰে কথা ছোৱালী দেখিলে চাবলৈও ভয় কৰিছিলোঁ দেউতাৰ পৰা মাৰ খোৱাৰ ভয়ত । যেতিয়া মই বি.এ. পঢ়ি আছিলো তেতিয়া সমকামী সম্পৰ্কৰ কথা বহুতৰ মুখত শুনিছিলোঁ । সেইবোৰ শুনি জানিবলৈ বৰ আগ্ৰহী হৈ পৰিছিলোঁ । এদিন মোৰ ক্লাছমেট এজনে মোক তাৰ ৰূমত থকাকৈ লগ ধৰিছিল । দেউতাক প্ৰজেক্টৰ কাম কৰিবলৈ যাওঁ বুলি মিছা মাতি মই তাৰ ৰূমত থাকিবলৈ গৈছিলোঁ ।  ৰ'বা....! মুখখন বৰ কিবা কিবি লাগিছে । চিগাৰেট এটাকে খাই লওঁ ।


: ৰাজ দা , চিগাৰেট খাব নালাগে । গৌৰৱ চাহ কৰাগৈ যোৱা । বতৰটো বৰ ঠাণ্ডা হৈ আছে গৰম চাহ একাপ খাই দিলে মনটো ভাল লাগিব ।  


        প্ৰাণৰ কথা শুনি গৌৰৱ লাহেকৈ পাকঘৰলৈ সোমাই গ'ল । ৰাজেও চিগাৰেট এটা উলিয়াই ওঁঠত লগাই দিয়াশলা মাৰি চিগাৰেটটো জ্বলাই দীঘলকৈ হুপি ধোঁৱাবোৰ উৰুৱাই দিলে । ....মানুহৰ জীৱনটো চিগাৰেটৰ  ধোঁৱাৰ দৰেই ক্ষণস্থায়ী , আনক সুখি কৰিবলৈ নিজেই জ্বলি জ্বলি চাই হৈ যাব লাগে । 


: ৰাজ দা । আমি আপোনাক ব্যক্তিগত কথাবোৰ সুধাৰ বাবে আপুনি বেয়া পাইছে নেকি....? 


: নাই....! নাই...! কিয় বেয়া পাম । এইবোৰ কথা আমি ৰাজহুৱাকৈ আলোচনা কৰিব নোৱাৰাৰ বাবেই আমাৰ সমাজত সমকামী সকলক সমাজে ঘৃণা কৰে।  মই ভাবোঁ এইবিলাক কথা মুকলিকৈ আলোচনা হ'ব লাগে । 


: বেয়া নাপায় যদি বিচনালৈকে উঠি আহক ৰাজ দা । 


: চিগাৰেটটো শেষ হৈ লওঁক । 


         চিগাৰেটটো শেষ কৰি জোতাযোৰ খুলি প্ৰাণৰ ছেণ্ডেলযোৰ ভৰিত সুমুৱাই বাহিৰলৈ গৈ ভৰিদুখন ভালকৈ ধুই আহিলে । ....কিবা এখন দিয়া প্ৰাণ । ভৰি দুখন মোহাৰি লওঁ ।  আঁঠুৱা ষ্টেণ্ড ডালত মেলি থোৱা গামোচাখন ৰাজলৈ আগবঢ়াই দিলে প্ৰাণে । 


: এইখন লওঁক ৰাজ দা । বৰষুণ এৰিলে নে..?


: বতৰটো অকণমান মুকলি দেখিছোঁ বাৰু...! 


: এৰিলেই হ'ল আৰু....! বৰ অশান্তি লাগে বৰষুণ দিলে ।   দুয়োটাই কথা পাতি থাকোঁতেই হাতত চাহৰ ট্রেখন লৈ ওলাই আহিল গৌৰৱ । বিচনাৰ মাজতে ট্রেখন থৈ বিচনাত উঠি ভালকৈ বহি চাহৰ কাপটো হাতত তুলি ললে গৌৰৱে আৰু ৰাজলৈ চাহৰ কাপটো আগবঢ়াই দিলে প্ৰাণে । 


: ৰাজ দা চাহ খাই লওঁক । 


: বৰ স্পেচিয়েল চাহ কৰিলা দেই গৌৰৱ , টেংক্স । চাহৰ কাপটো হাতত লৈ সোঁহা এটা মাৰি গৌৰৱক ধন্যবাদ জনালে ৰাজে । 


: ৱেলকম দাদা । 


         চাহকাপ খাই হোৱাৰ পাছতেই ৰাজে আকৌ আৰম্ভ কৰিলে .... । পাছৰ খিনি শুনিবলৈ ধৈৰ্য আছেনে প্ৰাণ ...? 


: কওঁক ....! বৰ আগ্ৰহেৰে ৰৈ আছোঁ । 


: শুনা....! মই গৈ তাৰ ৰূম পোৱাৰ পাছত বৰ খৰখেদাকৈ মোক চাহ একাপ খাবলৈ দি সি ভাত ৰন্ধাত ব্যস্ত হৈ পৰিল । তাৰ ভাত ৰন্ধা হয় মানে মই তাৰ বিচনাখনতে বাগৰ দি আছিলোঁ । হঠাৎ কাৰেণ্টটো গুচি যোৱাত সি মোৰ কাষলৈ আহি মোৰ গাৰ ওপৰত জপিয়াই পৰিলে । প্ৰথমে মই বৰ ভয় খাইছিলোঁ , কিন্তু সি মোক একো নকৰিলে । হাঁহি এটা মাৰি মোৰ কাষৰ পৰা আতঁৰহৈ গৈছিলে । 


: তেতিয়াই চাগে আপোনাৰ আশাত চেঁচা পানী পৰিছিল । 


: নাই পৰা প্ৰাণ । কাৰেণ্ট অহাৰ লগে লগেই সি ভাত খাবলৈ বাঢ়িছিল । ভাত পানী খাই দুৱাৰখন ভালকৈ বন্ধ কৰি লাইটৰ চুইছটো অফ কৰি আমি দুয়ো শুই পৰিছিলোঁ । সৰু বিচনাখনত বাগৰ সলাবলৈ বৰ কষ্ট হৈছিল । বিচনাৰ পৰা পৰি যোৱাৰ ভয়ত মই তাৰ হাত এখন ধৰি আছিলোঁ । 


        ৰাজৰ কথাবোৰ কৈ শেষ নৌহওতেই গৌৰৱে খিলখিলাই হাঁহি দিছিল । ....কি হ'ল গৌৰৱ । কিয় হাঁহি দিলা...? প্ৰশ্ন কৰিলে প্ৰাণে ।


: Actually মই imagine কৰি আছিলোঁ ৰাজ দা । এটা ৰোমান্টিক situation মোৰ দুচকুত ভাঁহি আহিল । সেয়ে হাঁহি উঠি গ'ল ।  হাঁহি হাঁহিয়ে উত্তৰ দিলে গৌৰৱে । 


: তোমাৰ imaginationটো অলপ বেছি হৈছে নেকি গৌৰৱ । সকলো কথাই কিয় imagine কৰা ...? 


: ইয়াৰো এক সুকীয়া মাদকতা আছে অ' গৌৰৱ । সেইবোৰ তুমি নুবুজিবা....! 


: হে ভগৱান....! তোমাক একো কথাই কব নোৱাৰি । চিধাই imagine কৰাত লাগি যোৱা । ৰাজ দা গৌৰৱ এনেকুৱাই । প্লীজ....! বেয়া নাপাব....! ( Assamese Storyboard )


: Sorry ! ৰাজ দা । এইবাৰ মই একো imagine নকৰো । আপুনি কৈ যাওঁক । 


: কিয় sorry ক'ব লাগে নো....! তোমালোকক মই নিজৰ বন্ধু বুলিয়েই ভাবোঁ । ইয়াত বেয়া পোৱাৰ প্ৰশ্নই নাহে । ইটো সিটো কথা পাতি থাকোঁতেই মোৰ টোপনি আহিল । হঠাৎ মোৰ ওঁঠজুৰিত কিবা এটাই স্পৰ্শ কৰা যেন অনুভৱ কৰি মই উচপ খাই উঠিছিলোঁ । ভয়ত চিঞৰি দিম বুলি ভাবি সি তাৰ হাতখন মুখত দি লাহেকৈ মোৰ কাণৰ কাষত কৈছিল । ....ভয় কৰিব নালাগে ৰাজ , মইহে...! তই বৰ আগ্ৰহী হৈ আছিলি নহয় । সেয়ে.....  বৰ অস্বস্তি বোধ কৰিছিল সি । বেয়া নাপাবি ৰাজ মোৰ feeling's আহি গৈছিল ।  তাৰ ব্যৱহাৰত যে মই বেয়া পোৱা নাই স্পষ্টকৈ কৈ দিলোঁ । নিশা তেতিয়া বহুত গভীৰ হৈ আহিছিল । সিহঁতৰ মেচত থকা সকলো শুই নিপালী দিছিল । কেৱল সাৰে আছিলোঁ আমি দুটা । লাহে লাহে সি তাৰ গাৰ কাপোৰবোৰ খুলি দলিয়াই দিছিল কাষতে থকা চকীখনলৈ । তাৰ পাছত মোৰ কাপোৰবোৰ খুলি মোক জোৰকৈ সাৱতি ধৰিছিল । মই যেন শিহৰিত গৈছিলোঁ । কামাশক্ত সৰ্পৰ দৰে কিছুসময় দুয়োটাই বিচনাত বাগৰ সলাই আছিলোঁ ।   কথাবোৰ কৈ শেষ নৌহওঁতেই ৰাজৰ ফোনটো বাজি উঠিল । টেবুলৰ পৰা ফোনটো আনি দিলে প্ৰাণে । 


: কোনে ফোন কৰিছে প্ৰাণ....?  


: প্ৰিয়মে ফোন কৰিছে ৰাজ দা । 


: অ'....! দিয়াচোন । মই প্ৰিয়মৰ লগত অলপ কথা পাতি লওঁ । তোমালোকে ভাতৰ যোগাৰ কৰাগৈ । 


         ৰাজক ফোনত কথা পাতিবলৈ এৰি দি গৌৰৱ আৰু প্ৰাণ পাকঘৰলৈ সোমাই গ'ল । প্রাণহঁত পাকঘৰলৈ সোমাই যোৱাৰ লগে লগেই শিতানত থকা গাৰুটো ভাঁজ কৰি ফোনটো ৰিচিভ কৰিলে ৰাজে । 


: হেল্ল'...! 


: ফোনটো ৰিচিভ কৰিবলৈ ইমান সময় লাগে নে....? 


: কাম এটা কৰি আছিলোঁ । কোৱা... 


: ব্যস্ত আছা যদি হ'ব ।  খঙেৰে কলে প্ৰিয়মে


: খং কৰিছা কিয়...? কিয় ফোন কৰিছিলা সেইটো কোৱা...? 


: অ'....! তাৰমানে তুমি পাহৰি থাকিলা...! মই জানিছিলোঁৱেই তুমি যে পাহৰি থাকিবা । তোমাৰ আচলতে হৈছে কি ৰাজ...? আজিকালি তুমি কথাবোৰ বেছিকৈ পাহৰিবলৈ ধৰিছা...! 


: সঁচাকৈয়ে পাহৰিলোঁ প্ৰিয়ম । কোৱাচোন...? 


: আজি তুমি আমাৰ ঘৰত থাকিবলৈ অহাৰ কথা নাছিল জানোঁ...! মই সকলো যোগাৰ কৰিলোঁ । ক'ত আছা তুমি...? সঁচা কথা কোৱা..? 


: ঘৰতে আছোঁ । বৰষুণ দি থকাৰ বাবে ওলাই যাব পৰা নাই । 


: আহিবা নে নাহা সেইটো কোৱা...? 


: নটা বাজিবৰে হ'ল দেখোঁন...! আমাৰ ইয়াত বৰষুণো এৰা নাই । 


: তাৰমানে তুমি নাহা...! Direct কৈ দিলেই হ'ল নাহোঁ বুলি , কিয় বাহানা বনাই আছা । 


: তুমি মোক বুজিবলৈ চেষ্টা কৰা দেহা । 


: হ'ব....! মই সকলো বুজি পাইছোঁ । তোমাৰ প্ৰয়োজনত মোক মাতিলে মই ধপলিয়াই যাব লাগে । মই মাতিলে তোমাৰ আহিবলৈ সময় নাই । এইয়াই ভালপোৱা । মই যি বুজি পাইছোঁ , মই তোমাৰ প্রিয়জন নহয় , তোমাৰ প্ৰয়োজনহে.... ।  কথাষাৰ কৈয়ে ফোনটো কাটি দিলে প্ৰিয়মে । 


: হেল্ল'....! হেল্ল'....!  ধেৎ....! মাথাটো গৰম কৰি দিয়ে একেবাৰে । খঙৰ ভমকত ৱালখনতে প্ৰচণ্ড ঘোঁচা এটা মাৰিলে ৰাজে । শব্দটো শুনি পাকঘৰৰ পৰা উধাতু খাই ওলাই আহিল প্ৰাণ আৰু গৌৰৱ । 


: কি হ'ল ৰাজ দা....? প্ৰিয়মৰ লগত কাজিয়া কৰিলে নেকি...?  


: গৌৰৱ...! ই মোক বৰ সন্দেহ কৰে ।  উচুপি উঠিল ৰাজ 


: নাকান্দিবচোন ৰাজ দা । এইবোৰ সন্দেহ নহয় , আপোনাৰ প্ৰতি থকা মৰমৰ অভিমান ।  ৰাজৰ গাত হাতখন থৈ মৰমেৰে কলে গৌৰৱে । 


: প্ৰাণ তোমালোকে মোক বেয়া নাপাবা । মই এতিয়াই তাৰ ওচৰলৈ যাব লাগিব । আজি মোক সি তাৰ ঘৰলৈ মাতিছিল । মই কথাটো পাহৰি থাকিলোঁ । সেয়ে ইয়ালৈ গুচি আহিলোঁ । 


: এতিয়া যাব নালাগে ৰাজ দা । বতৰটো দেখোঁন আকৌ বেয়া কৰিছে । মেঘে বৰ বেয়াকৈ গাজিছে । শিল বৰষুণ হ'ব পাৰে ...! 


: নাই...! মই যাবই লাগিব । নহলে সি মোক এৰি থৈ গুচি যাব । প্লীজ....! বেয়া নাপাবা ।  কথাষাৰ কৈয়ে গাড়ীৰ চাবিটো লৈ ৰাজ বাহিৰলৈ ওলাই আহিল । 


: ভাতকেইটা খাই যাওঁক ৰাজ দা ।  অনুৰোধ কৰিলে প্ৰাণে । 


: প্ৰাণ , মই ৰাজ দাৰ মনৰ কথা বুজিব পাৰিছোঁ । ৰাজ দাক যাবলৈ দিয়া । 

       

          চাবিপাত আনি গেটখন খুলি দিলে গৌৰৱে । গৌৰৱ আৰু প্ৰাণক দুহাতেৰে বুকুৰ মাজত সাৱতি দুয়োটাৰে কপালত চুমা আঁকি ৰাজ গাড়ীত উঠিল ।  


: বাই প্ৰাণ, বাই গৌৰৱ : বাই ৰাজ দা । প্ৰিয়মৰ ঘৰ পাই ফোন কৰিব । 


: ঠিক আছে । ফোন কৰিবলৈ সুবিধা নাপালে msg এটাকে কৰিম । 


: হ'ব ৰাজ দা । 


           গাড়ীখন ওলাই যোৱাৰ লগে লগেই গেটখনৰ টলাটো লগাই প্ৰাণ আৰু গৌৰৱ ভিতৰলৈ সুমাই আহি ভাতৰ কাঁহীকেইখন বাঢ়িবলৈ লওঁতেই কলহৰ কাণে ঢলাদি দপ দপকৈ এজাক বৰষুণ নামি আহিল । 



         #ক্ৰমশঃ.....

Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard

জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages