মানুহৰ জীৱন বোৰ সচাঁকে বৰ সাংঘাটিক |কেতিয়া সুখ আহে আৰু কেতিয়া দুখ আহে ঠিকনা নাই | কেতিয়াবা মানুহে মানুহৰ জীৱনবোৰ ধংস কৰি পেলাই ( Assamese Storyboard )| কিয় জানো এনেকুৱা লাগে নাৰীয়ে হে নাৰীক হিংসা কৰে |একোজনী একোজনী নাৰীৰ জীৱন শেষ কৰি দিয়ে |
সৌৱা ৰাস্তাৰে খোজ কাঢ়ি গৈ আছে মিনতি পাগলী | ক্ষত-বিক্ষত শৰীৰ,মলিয়ন কাপোৰ আৰু কান্ধত এটি বোজা | কেতিয়াবা হাহেঁ আৰু কেতিয়াবা কান্দে | কান্দিলে কপি উঠে গোটেই অঞ্চল |
- ঐ মোৰ মানুহজন কত গ'ল অ' ! মোৰ মানুহজনক কোনোবাই কাষত আনি দিবি নেকি ? তেখেতক এবাৰ চাবলৈ বহুত মন গৈছে অ |
আৰু যেতিয়া হাহেঁ,,,
- হেই এনেকুৱা নকৰিবচোন মোৰ লাজ লাগে | আপুনি নিলাজ দে,,,,,
হাহিঁ হাহিঁ পৃথিবী কপাই দিয়ে |
মিনতিক দেখি গাওঁৰ সৰু ল'ৰা বোৰে পিছে পিছে খেদি গৈছে | কোনোবাই চাদৰ খন তানিছে | কোনোবাই আকৌ কান্ধত থকা মোনাখনকে তানি আনিছে | সিহতক আকৌ তাই খেদি আহিছে | সিহতে হাহিঁ দৌৰিছে | কোনোবাই আকৌ কৈছে মিনতি পাগলী | তেনেতে ৰুদ্র সেইপিনে আহি আছিলে দেখিলে সৰু ল'ৰা ছোৱালী কেইটাই মিনতিক বৰ আমনি কৰিছে |
- ঐ তোমালোকে আইতাজনীক কিয় জোকাইছা ?
- খুড়া এইটো পাগলী
সিহতৰ মাজেৰে এজনে কলে |
- নাপায় নহয় তেনেকে কব | এইজনী তোমালোকৰ আইতাহে | যাৰ অন্তৰত নাই হিংসা,যাৰ অন্তৰত নাই স্বাৰ্থ | আজিৰ পৰা নোজোকাবা দে,,,,
সকলোৱে মোৰ দুপিয়াই গুছি গ'ল |
- বাপু ! আমাৰ এখেতক দেখিছিলা নেকি ?
- কাৰ কথাঁ কৈছে আই ?
- ধেত অকৰা মোৰ মানুহজনৰ কথাঁ কৈছো |তেওঁ মোক কৈছে আজি আহিব |
- আহিব ! আহিব , বলক আপোনাৰ ভোক লাগিছে কিবা এটা খাই ল'ব |
- নাই মোৰ ভোক আকৌ কিয় লাগিব,মোৰ মানুহজন নহাকৈ মই একো নাখাও |
কথাঁ খিনি কৈ কৈ মিনতি আতৰি গ'ল |
এয়াও মানুহৰ জীৱন হ'ল নে ? ভগৱান বাৰু কিয় ইমান নিষ্ঠুৰ |
আজি ৰুদ্রৰ মনত কেৱল এইবোৰ কথাঁই খেলি আছে | সি ঘৰত আহিল |
ৰাতিবহুত হ'ল |
- ৰুদ্র, ভাত দিছো খোৱাহি,,,,
- মই অকমান দেৰিকে খাম , তুমি আৰু মইনাই খাই লোৱা |
- নালাগে, এতিয়াই খোৱাহি আহা |
সি পত্নীৰ কথাঁত বিশেষ গুৰুত্ব নিদি এবাৰ বাহিৰলৈ ওলাই গ'ল |
পদুলি মুৰৰ লাইটৰ পোহৰত সি কোনোবা এটা ৰৈ থকা দেখিলে | কোন সি চাৱলৈ ওচৰ চাপি দেখিলে মিনতি দেখো |
- আই,,,,
- বাপু ইমান ৰাতি হ'ল মোৰ মানুহজন আহিয়ে পোৱা নাই দেখিছা নে ?
- আহিব , আই ,,,,,
ৰুদ্র ভিতৰলৈ সোমাই আহিল |
- অঞ্জলি, এখন থালত ভাত দিয়াছোন !
- তোমাৰ ভাত সেয়া বাঢ়ি থোৱা আছে |
- নহয় আৰু এখন থাল দিয়া |
- কিন্তু কিয় |
- বাহিৰত মিনতি আই ৰৈ আছে | কতো একো খাব নাপায়, তেওঁক খাবলৈ দিম |
- দৰকাৰ নাই , মই কোনো পাগলীক ভাত খুৱানলৈ ইয়াত ৰান্ধনি হৈ থকা নাই |
অঞ্জলিৰ কথা শুনি ৰুদ্রৰ বহুত খং উঠিল |
- অঞ্জলি ! এনে মানুহক দেখাই এটা ডিগ্রী লৈ লাভ নাই, অকমান মানুহক সন্মান কৰিব শিকিব লাগে |এজনী শিক্ষীত মহিলাৰ মুখত এনেকুৱা কথাই শোভা বৰ্ধন নকৰে |
ৰুদ্রই নিজৰ থাল খন ডাঙি লৈ আহিলে |
- আই ভাত কেইটা খোৱা |
- ভাত ! অ খাম বাপু, আমাৰ এখেতক আৰু মই ৰৈ নাথাকো |
মনতিয়ে গোটেই কেইটা ভাত পৰম তৃপ্তিৰে খালে |
- আই আৰু লাগিব নেকি ?
মিনতিয়ে মাত্র মূৰটো দুপিয়ালে | ৰুদ্রই আকৌ ভাত নিবলৈ আহিলে |
কিন্তু এয়া কি কুকাৰত চোন আৰু ভাত নাই |সি কথাতো শুধিবলৈ অঞ্জলিৰ ৰুমত যান লওঁতে দেখিলে | অঞ্জলিয়ে গোটেই কেইটা ভাত সিহতৰ কালু নামৰ কুকুৰটোক দিছে |তাৰ খং আৰু বাঢ়িল |
- অঞ্জলি তুমি গোটেই কেইটা ভাত কালুক দিলা যে,,,,,,
- অ দিমে, মই কোনো পাগলীৰ ৰান্ধনি নহয়|এই ঘৰ মোৰ মতে চলিব | কাৰন এই ঘৰ মাটি সকলো মোৰ দেউতাৰ |
ৰুদ্রৰ বকুখন হেচাঁ মাৰি ধৰিলে | সি মিনতিৰ কাষত আহিলে |
- আই , মোক ক্ষমা কৰিবা,মই তোমাক সন্তুষ্ট কৰিব নোৱাৰিলো | মই ও বেলেগৰ ঘৰতে থাকো ! মা-দেউতাৰ মুখ মইও নেদেখিলো |মই ও তোমাৰ নিচিনা বৰ দুৰ্ভগীয়া আই |
বৈ আহিছিল ৰুদ্রৰ চকুৰে মাত্র চকুপানী |
কিন্তু আচৰিত মিনতিয়ে ৰুদ্রৰ চকুপানী খিনি নিজ হাতেৰে মছি দিছিলে |
- নাকান্দিবা বাপু, আমাৰ এখেত আহিলে মই তোমাক লৈ যাম দে আমাৰ ঘৰত |
ৰুদ্রই আৰু একো কৱ পৰা নাছিলে,সি তাৰ গাত থকা এৰি চাদৰ খন মিনতিৰ গাত ধাকি দিলে,আৰু লাহে লাহে মিনতি ৰুদ্রৰ কাষৰ পৰা বিদায় মাগিলে |সি মাত্র মিনতি লৈ নিঠৰ হৈ চাই থাকিল | এটা সময়ত মিনতি ৰাতিৰ এন্ধাৰত হেৰাই গ'ল | সি বিষাদ মনেৰে ঘৰলৈ আহিল | অঞ্জলিৰ কাষলৈ আহিল |
- অঞ্জলি মই তোমাৰ পৈতৃক সম্পওিত বহুত অধিকাৰ দেখালো মোক ক্ষমা কৰিবা |
- কিয় ?
- কালি মই যামগৈ ! তোমাৰ জীৱনত আৰু হস্তক্ষেপ কৰিৱলৈ মই নাথাকো |
- মইনা আৰু মোৰ কি হব ?
- তোমালোক ধনী মানুহ চলিব পাৰিবা
কথাখিনি কৈ ৰুদ্র বেলেগ এটা কোঠাত শুৱলৈ আহিল |
ৰাতিপুৱাঁ সি বিছনাৰ পৰা উঠিলে ! আৰু সি কৰবাত যাৱলৈ ওলাল |
- কত যোৱা ?( Assamese Storyboard )
- যাম কৰবাত,,,,
- মইও যাম তোমাৰ লগত |
- নালাগে তুমি,,,
- নাই ৰুদ্র মোক ক্ষমা কৰিবা,মোৰ ভুল হৈছিল তোমাক তেনেকে কব নালাগিছিল |এয়া মোৰ ঘৰ নহয় তোমাৰ ঘৰ ৰুদ্র |
তাই ৰুদ্রৰ বুকুৰ মাজত সোমাল |
- কিন্তু এতিয়া এটা ঠাইত যাম অঞ্জলি !
- কত যাবা,,,,
- মই মিনতি আইৰ জীৱনৰ কথা জানিবলৈ যাম |
- কিন্তু তুমি এজনী পাগলীৰ কথা জানি নো কি হৱ ?
- কিন্তু সেই মহিলাজনীৰ বাবে মই কিবা এটা কৰিব বিচাৰো,আহো,,,,
ৰুদ্র মধুপুৰ গাওঁলৈ গ'ল | তাৰমনত আছে সেই গাওঁৰ ৰহিম বৰতাই তাক এদিন মিনতি পাগলীৰ জীৱনৰ কথা কব বিচাৰিছিলে | সি ৰহিম বৰতাৰ ঘৰত আহিল |
- আৰে ৰুদ্র বহুদিনৰ মূৰত আহিলি অ'
- হয় বৰতা , ভালনে ?
- উম , ভাল ভাল ! তই বাৰু আজি কিয় এনেকে ওলালি কচোন |
- বৰতা তুমি মোক এদিন কৈছিলা,তুমি মোক মিনতি পাগলীৰ জীৱনৰ কাহিনী এদিন শুনাবা,আজি শুনিবলৈ আহিলো |
- অ ভাল কৰিলি,এয়া তোৰ উপযুক্ত সময় |
শুন তেন্তে,,,,,,,,,,,,,
ৰঙিলী গাওঁৰ পোনাকন গাওঁবুঢ়াৰ ল'ৰা মহেশৰ লগত বিয়া হৈছিল মিনতি | এখন দুখীয়া ঘৰৰ ছোৱালী আছিল মিনতি | সৰুৰ পৰাই বহু কষ্টত ডাঙৰ হোৱা মিনতিয়ে এদিনাখন বিয়াত বহিলে মহেশৰ লগত | এখন বৰ সুখৰ ঘৰ | খেতিয়ক মহেশৰ বৰ মৰমৰ পত্নী আছিল মিনতি |
- মিনতি,এইবাৰ আমাৰ খেতি বৰ ধুনীয়া হৈছে |
- বসুন্ধৰাৰ কৃপা পৰিছে চাগে,,,,
- নহয় মোৰ ঘৰত গৃহলক্ষ্মীৰ আগমনৰ কাৰনে,,,,
- গৃহলক্ষ্মী ! কোন গৃহলক্ষ্মী ?
- তুমি আকৌ !
- ধেত কি যে কয় !
বৰ মৰমৰ এখন ঘৰ |মহেেশ সদায় পথাৰত মিনতিৰ বাবে অপেক্ষা কৰি থাকে | কাৰন মিনতি সদায় মহেশৰ বাবে সময়ত জলপান লৈ আহে |
-হেৰি , শুনিছেনে
- অ' তুমি আহিলা ? মোৰ ভোক লাগিছিলে
- ইমান ৰ'দ, আহক গছৰ ছাত অকমান জীৰাই লওঁক |
মহেশ আহি গছৰ ছাত জীৰাই ললে | মিনতিয়ে চাদৰৰ আছলৰে মহেশৰ মুখৰ ঘাম বোৰ মছি দিলে |
- খাওঁক |
- বহুত ৰ'দ দিছে আজি | ৰ'দত তুমিওঁ একেবাৰে ৰঙা পৰি গৈছা | মিনতি ভগবানে দিলে এইবাৰ আমি ৰাজসুখত খাৱ পাৰিম |
- দদাইদেউ, জলপান অকমান খোৱাহি |
মহেশে মোক ও মাতিছিল | লগেভাগে খাইছিলো | সময়বোৰ বৰধুনীয়াকৈ গৈ আছিল | সময়ৰ লগত মহেশ আৰু মিনতিৰ সংসাৰ খন বৰ মধুৰ হৈছিল |
- আপোনাক কথাঁ এটা কব লাগিছিলে |
লাজ লাজকৈ মিনতিয়ে যেন মহেশক কিবা কৱ খুজিছে,,,
- কোৱা
- মই মা হৱলৈ ওলাইছো |
- কি ! তুমি সচাঁই কৈছা নে মিনতি ?
- অ মই সচাঁ কৈছো |
মহেশৰ যেনে ফুৰ্তি লাগিল | সি সন্তান জন্ম নোপোৱাৰ আগতে এবাৰ ধান লৈ বনিজলৈ যাৱলৈ ওলাল |
- মিনতি, তুমি কিবা অসুবিধা হ'লে মাহতক কবা,মই যিমান পাৰো সোনকালে আহিম |
- আপুনি মাত্র সোনকালে আহিৱ | মই সদায় অপেক্ষা কৰিম |
মহেশ গলগৈ |
মহেশে যে এইবাৰ অহাত বহুত পলম কৰিলে | এদিন দুদিনকৈ তিনিমাহ হ'ল সি আহি নাপালে | তাৰমাজতে মহেশৰ মাকৰ মৃত্যু হ'ল | মিনতি অকলসৰীয়া হৈ পৰিল | ইফালে গৰ্ভত সন্তান | গাওঁত মানুহৰ মুখে মুখে ওলাল কৰবাত চাগে মহেশৰ মৃত্যু হ'ল |মহেশলৈ অপেক্ষা কৰি কৰি মিনতি মানসিক ভাৰসাম্য হেৰুৱাই পেলালে | বহুত মধুৰ সম্পৰ্ক হ'লে এনেকুৱাই হয় | তাই মহেশক বিছাৰি ঘৰৰ পৰা ওলাই গ'ল | যতে ততে পৰি থাকে,চিঞৰি চিঞৰি কান্দি থাকে |
এদিনা খন আমাৰ চৌহদৰ আহত গছ জোপাৰ ওচৰত ৰাতি কেচুৱাৰ চিঞৰ শুনিৱ পালো | আমি সকলো ওলাই আহিলো আহি দেখো যে তাত মিনতিয়ে সন্তান প্রসৱ কৰিছে | আমি সন্তানতিক তুলি নি লালন পালন কৰিলো | মিনতিয়ে নিজৰ সন্তানক মন কান দিব পাহৰি গল | তাই মাত্র মহেশকে বিছাৰি ফুৰিলে | আচৰিত এদিনো মাকৰ আহাৰ নোখোৱাকৈ আল্লা/ভগৱানৰ কৃপাত সেই সন্তানটি আমি ডাঙৰ কৰিলো |অকমান ডাঙৰ হোৱাৰ পাছতে আমি তাক তাৰ দেউতাকৰ সম্পওি বিক্রী কৰি পোৱা টকাৰে হোষ্টেলত পঢ়া ব্যৱস্থা কৰি দিলো |
- কিন্তু বৰতা সেই ল'ৰাজন এতিয়া কত থাকে ? মানে মিনতি আইৰ ল'ৰাজন ?
- আমি তাৰ পিতৃ-মাতৃৰ পৰিচয় লুকাই ৰাখিছিলো |তাৰ জীৱনটো গঢ়াৰ স্বাৰ্থত |
- ল'ৰাজনৰ পৰিচয় মোক দিয়ক চোন বৰতা
- সেই মাক-দেউতাকৰ মৰমৰ পৰা বঞ্চিত হোৱা ল'ৰাজন !
- কওঁক বৰতা কওঁক
- তই অ' ৰুদ্র !
- কি !
ৰুদ্রই সকলো ফালে আন্ধাৰ দেখিলে | তাৰ যেন বুকুখন গধুৰ হৈ পৰিল | সি নিজক কেতিয়াওঁ ক্ষমা কৰিব নোবাৰিব|
সি আৰু এটা শব্দও কব নোবাৰিলে সি ৰহিম বৰতাকৰ কাষৰ পৰা উঠিলে | আৰু সি মাকক বিছাৰি যাত্রা কৰিলে,,,
কত কেনেকে মানুহৰ সম্পৰ্কবোৰ লুকাই থাকে | সি আজি তাৰ মাকৰ বকুৰ মাজত সুমাৱ জীৱনৰ প্রথম বাৰৰ বাবে |সি আজি মাকক তাৰ ঘৰলৈ লৈ আহিব | মুহুৰ্ততে সি বহুত সপোন দেখিলে |
সি দেখিলে সোনাৰু নৈৰ ঘাটত বহুত মানুহ জুম বান্ধি আছে | কি হ'ল বাৰু কাৰ |তাৰ ও মন গল কি হৈছে চাবলৈ | সি বহুমানুহৰ জুম ভাঙি ভিতৰলৈ সোমায় যাবলৈ চেষ্টা কৰিলে |
- মা , তুমি মোৰ মা হয় |তুমি মোক কিয় অভিমান কৰিলা মা |কিয় ? তুমি সদায় দেউতাকে বিছাৰি থাকিলা | মোক এবাৰ ও কিয় নিবিচাৰিলা মা,,,,
উপস্থিত সকলো মানুহ আচৰিত হ'ল | ৰুদ্রই মিনতি পাগলীৰ নিঠৰ মৃতদেহটো সাৱতি হিয়া ঢাকুৰী কান্দিছে |
- ৰাইজ, ইমান দিনে আপোনালোকৰ মাজত পৰিচিত মিনতি পাগলী মোৰ মা ৰাইজ | বলক শেষ যাত্রাত মাক সন্মান কন দিবলৈ ময়ে মুখাগ্নি কৰিম | সকলো ৰাইজে মিলি মনতিৰ চিতা সাজিলে | শ্মষান স্থলীত অঞ্জলী আহি পালে |
- ৰুদ্র , তুমি পাগল হ'লা নেকি এজনী পাগলী মাতৃক তুমি মুখাগ্নী কৰিবা ?
ৰুদ্রই অঞ্জলিক এটা পচণ্ড চৰ সোধালে |
- মাতৃ সদায় মাতৃ হয় | পাগলী হওঁক বা ভিক্ষাৰী হওঁক | যাৰ কোমল গৰ্ভত থাকি পৃথিৱী দেখিছো | সন্তানৰ দৃষ্টিত মাতৃ সদায় সৰ্বাংগসুন্দৰ হৱ লাগে |মই ডাঙৰ মানুহ কিন্তু মই পাগলীৰ সন্তান|
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
-
No comments:
Post a Comment