বেদান্তই তাৰ গোটেই চাৰিজন বন্ধুক ৰিয়া আৰু ৰিংকুৰ মাজত যে সকলো ঠিক হল এই ভাল খবৰটো দিলে। সকলোৱে ৰিয়াৰ বাবে সুখী হল। উৰ্মি আৰু নেহাই ৰিয়াক সাৱটি ধৰিলে আৰু ৰিয়াও বহুত সুখী। বিতুৱেও ইতিমধ্যে ৰিয়া আৰু ৰিংকুৰ মাজত থকা সম্পৰ্কটোক স্বীকাৰ কৰিব পাৰিলে। সিও ৰিয়াক শুভকামনা জনালে।( Assamese Storyboard )
ৰিংকু সন্ধিয়া অফিচৰ পৰা ঘৰলৈ আহি ফ্রেচ হৈ স্বাতিৰ পাৰ্টীলৈ গল। তাত গৈ সি কলেজৰ বহুত সহপাঠীক লগ পালে। সকলোৱে ইমান দিনৰ পাছত লগ পায় বহুত সুখী হল। স্বাতিয়ে বাৰে বাৰে ৰিংকুৰ কাষত থাকিবলৈ চেষ্টা কৰিলে কিন্তু সি তাইৰ ওপৰত কোনো গুৰুত্বই নিদিলে। সি কেৱল নিহাৰৰ লগত কথা পতাত ব্যস্ত। সি তাত অনিচ্ছাস্বত্বে আছিল । তাৰ বাৰে বাৰে ৰিয়ালৈ মনত পৰিল। তাৰ মনটো ৰিয়াক লগ পাবৰ বাবে অধীৰ হৈ পৰিল।
নিহাৰে তাৰ মনৰ কথা বুজি পালে আৰু ধেমালি কৰি তাক কলে," ইমান মন গৈছে যদি যোৱা লগ কৰি আহা ।"
ৰিংকু: কিন্তু কেনেকৈ যাম? তাই ঘৰত নাই হোষ্টেলত আছে।
নিহাৰ: তেন্তে বেদান্তৰ লগত কথা পাতা। সিও চাগে তাৰ গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ যায়
কিছুসময় পাছত ৰিংকুয়ে মূৰ বিষৰ অজুহাত দেখুৱাই পাৰ্টীৰ পৰা গুচি আহিল। স্বাতিয়ে তাক ৰাখিবলৈ চেষ্টা কৰিলে কিন্তু সি তাইৰ কথা নুশুনিলে। স্বাতিয়ে মন মাৰি ৰল।
ইফালে হোষ্টেলৰ ৰুমত উৰ্মিয়ে ৰিয়াক জোকাই আছিল আৰু ৰিয়া লাজতে ৰঙা পৰিল।
উৰ্মি: ৰিয়া এতিয়াটো তুমি ঘৰলৈ উভতি যাবা।
ৰিয়া: নহয় , মই পৰীক্ষাৰ পাছতহে যাম।
উৰ্মি: মনে মানিব নে তেতিয়ালৈকে?
ৰিয়া: কিয় নামানিব?
উৰ্মি: আৰু দাদাৰ?
ৰিয়াই অলপ উদাস হৈ কলে" নাজানো, তেওঁ উভতি আহিবলৈ কৈছিল।"
উৰ্মি: 'তেন্তে গুচি যোৱা। ৰিয়া এতিয়া তুমি দাদাৰ লগত যিমান পাৰা সময় কটাব লাগে। ইমান দিনৰ পাছত তুমি তোমাৰ ভালপোৱা পাইছা সেইটো অনুভৱ কৰা। ইজনে আনজনক বুজিব চেষ্টা কৰা যাতে আৰু কোনো ভুলবুজাবুজি নহয়। বহুত মূল্যবান এই সময় ইয়াক এনেদৰে পাৰ নকৰিবা।
ৰিয়া : তুমি ঠিকেই কৈছা। কিন্তু এতিয়া মাত্ৰ ১মাহৰ কথাহে। তাৰ পাছত তো আমি লগতেই থাকিম। আৰু অলপ দূৰত থকাতো ও দৰকাৰ তেওঁৰ বাবে তেতিয়াহে তেওঁ এই সম্পৰ্কৰ মূল্য বুজি পাব।
উৰ্মি: বাৰু তুমি যি ভাল দেখা কৰা। তোমাৰ বাবে মই আৰু বেদান্ত বহুত সুখী। জানা ৰিয়া , মইতো তোমাক কেইমাহ মান আগতহে লগ পাইছো। কিন্তু তোমাক তেতিয়াৰ পৰাই জানো যেতিয়া বেদান্তক লগ পাইছিলো।
তাৰ প্ৰতিটো কথাৰ পৰাই তোমাক জানিছিলোঁ। এক অজান সম্পৰ্ক গঢ়ি উঠিছিল তোমাৰ লগত। তোমালোক দুয়োৰে মৰম দেখি এনেকুৱা ভাব হয় যে হয়তো ভগৱানে তোমালোকক ভুলতে বেলেগ বেলেগ ঠাইত পঠিয়ালে। তোমালোক দুয়োৰে মাজত থকা মৰমবোৰ তেজৰ বায়েক ভায়েকৰ দৰে। এতিয়া মোলৈকে চোৱা, কবলৈ তো বর্তাৰ সকলো সন্তান মোৰ দাদা-বাইদেউ। কিন্তু কোনেও কেতিযাওঁ মোক মনত নেপেলাই। মা দেউতা অবিহনে বর্তাৰ ঘৰত ডাঙৰ দীঘল হলো । আজিলৈকে কোনেও মৰমত মূৰত হাত ফুৰাই নাপালে। কিন্তু তুমি মোক প্ৰতিটো সম্পৰ্কৰ মৰম দিলা। মা, বাইদেউ ,ভনী সকলোৰে অভাৱ পূৰণ কৰিলা তুমি । তুমি কেৱল বেদান্তৰ বাইদেউ নহয় ,মোৰো বাইদেউ হয়। ৰাতি যেতিয়া বেদান্তই মোক তোমালোকৰ কথা কলে মই বহুত সুখী হলো। এনে লাগিল যেন তুমি মোৰ নিজৰ আৰু তোমাৰ সুখবোৰো মোৰ আপোন।"
ৰিয়াই উৰ্মিক সাৱটি ধৰিলে,"তুমিও তো মোৰ আপোন হয়। মোৰ বাবে যিদৰে বেদান্ত ঠিক তেনেকৈ তুমিও । আমি সকলো তোমাৰ পৰিয়াল হয়। আজিৰ পৰা তুমি কেতিয়াও নিজকে অকলশৰীয়া বুলি নাভাবিবা। বেদান্ত নিজৰ ভৰিত থিয় হব পাৰিলেই তোমাক চিৰদিনৰ বাবে তাৰ পত্নী ৰূপে আমাৰ ঘৰলৈ লৈ যাম। তাৰ পাছত আমি আৰু কেতিয়াও দূৰ নহও।" উৰ্মি লাজতে ৰঙা পৰিল।
তেনেকুৱাতে ৰিয়াৰ ফোনটো বাজিল। ৰিংকুৰ ফোন অহা দেখি উৰ্মিয়ে ৰিয়াক জোকাব আৰম্ভ কৰিলে।
ৰিয়া: এতিয়া তেওঁ সেই জেঠীজনীৰ পাৰ্টিত আছে তেন্তে মোক কিয় কল কৰিছে।
উৰ্মিয়ে জেঠী নামটো শুনি খুব হাঁহিলে,"কি ধুনীয়া নাম দিলা তুমি তাইক, জেঠী... হা..হা ..হা।"
ৰিয়া: সেইদিনা কেনেকৈ ৰিংকু দাৰ লগত লাগি আছিল দেখা নাই।
উৰ্মি: তেওঁলোক কলেজৰ পৰাই বন্ধু।
ৰিয়া : কিন্তু কিয় জানো তাইক দেখিলে মোৰ ভাল নালাগে।
উৰ্মি: বাৰু বাদ দিয়া তাইৰ কথা প্ৰথমে ফোনটো উঠোৱা।
ৰিয়াই যেতিয়াই ফোনটো উঠালে ইফালৰ পৰা ৰিংকুয়ে কলে," ৰিয়া তুমি ঠিকে আছা নহয়?"
ৰিয়া: অ মোৰ নো কি হব? মই ভালে আছোঁ।
ৰিংকু: তুমি ফোনটো উঠোৱা দেৰি কৰিলা কাৰনে মোৰ ভয় লাগিল।
ৰিয়া: মই উৰ্মিৰ লগত কথা পাতি আছিলোঁ। কিন্তু আপুনি তো চাগে এতিয়া পাৰ্টিত আছে তেন্তে ফোন কিয় কৰিলে?
ৰিংকু: কিয় ফোন কৰিব নোৱাৰো নেকি? বেলেগক ফোন কৰা নাই নহয় নিজৰ পত্নীৰ লগতহে কথা পাতিছো।
ৰিয়াই তাৰ কথাবোৰ শুনি লাজ কৰিলে। তাইক লাজ কৰা দেখি উৰ্মি বেলকণীলৈ উঠি গল। তাই বাহিৰলৈ দেখি আচৰিত হল কাৰণ হোষ্টেলৰ গেটত ৰিংকুয়ে গাড়ীৰ পৰা নামি ফোনত কথা পাতি আছে। পিছফালে বেদান্তই ও ৰৈ বাইকত উঠি তাইৰফালে চাই আছে।
উৰ্মি লৰালৰিকৈ ভিতৰলৈ গল আৰু ৰিয়াক ইংগিত দি বেলকণীলৈ মাতিলে। ৰিয়াও সন্মুখৰ দৃশ্য দেখি আচৰিত হল। দুইজন ককাই ভাই তলত আছিল।
ৰিয়া: এতিয়া কত আছে আপুনি?
তেতিয়ালৈকে ৰিংকুৰ চকু ৰিয়াৰ ওপৰত পৰিল। ৰিংকুয়ে মূৰ খজুৱাই কলে," মানে.. মানে.. মন ভাল লগা নাছিল পাৰ্টিত আৰু তোমাকো চাব মন গৈ আছিল।"
ৰিয়া: 'এতিয়া দেখিলে নহয় যাওক উভতি।' তাইৰ ভয় লাগিল যদি কোনোবাই দেখে কি ভাবিব।
ৰিংকু: অলপ ওচৰৰ পৰা চাব মন গৈছে তললৈ আহা না।
ৰিয়াই ভয়ত কলে," নাই নাই এতিয়া বহুত দেৰি হল। এতিয়া আপুনি ঘৰলৈ যাওক আমি শনিবাৰে লগ পাম।"
ৰিংকু: নাই মই এতিয়াই লগ পাব বিচাৰো।
ৰিয়া: উফ! কিয় জিদ কৰিছে? মই কৈছোঁ নহয় এতিয়া তললৈ যাব নোৱাৰোঁ মই।
ৰিংকু: সেইবোৰ মই নাজানো, মই এতিয়াই লগ পাব বিচাৰো তোমাক। তুমি তললৈ আহা নতুবা মই ওপৰলৈ গুচি যাম।
ৰিয়াই তললৈ চাই দেখিলে ৰিংকুয়ে বেদান্তৰ কাণৰ ওচৰত গৈ কিবা কৈ আছে। তেতিয়া উৰ্মিৰ মোবাইলট মেছেজ আহিল। উৰ্মিৰ চেহেৰা উজ্জ্বলি উঠিল। তাইও সন্মতি দিলে আৰু ৰিয়াক ফোন ৰাখিবলৈ কলে। ৰিয়াই একো বুজি নাপালে।
উৰ্মিয়ে তাইৰ হাতৰ পৰা ফোনটো লৈ কলে," দাদা আমি এতিয়াই তললৈ গৈ আছো।" আৰু ফোনটো কাটি দিলে। আৰু তাই ৰিয়াক লগত লৈ মনে মনে তললৈ আহিল।
ৰিয়া: উৰ্মি মোৰ কিন্তু ভয় লাগিছে। ৱাৰ্ডেনে আমাক দেখিলে বহুত খং কৰিব।
উৰ্মি: একো নহয় বেদান্তই কথা পাতিলে। আৰু আমি প্ৰথমবাৰ এনেকুৱা কৰিছোঁ নেকি?
ৰিয়া: তাৰমানে?
উৰ্মি: মানে মই আগতেও বেদান্তৰ লগত এনেদৰে গৈছো।
ৰিয়াৰ চকু আচৰিত হৈ মেল খালে,"কি?"
উৰ্মি: লাহেকৈ কোৱা আমি তললৈ আহিলো।
ৰিয়াই সন্মুখলৈ চাই দেখিলে দুইজন ককাই ভাই মিলি হাঁহি আছে।( Assamese Storyboard )
বেদান্ত: 'তেন্তে দাদা, ১ঘণ্টা পাছত আমি আকৌ ইয়াতেই লগ পাম।' বুলি কৈ সি উৰ্মিক তাৰ বাইকত বহাই গুচি গল।
এতিয়া তাত ৰিংকু আৰু ৰিয়া অকলে। ৰিংকুয়ে গাড়ীৰ আগৰ দৰ্জাখন খুলি দিয়াত ৰিয়াই হাঁহি দিলে। ৰিংকুয়েও ড্ৰাইভিং ছিটত আহি বহিলে। তাৰ পাছত সি গাড়ী ষ্টাৰ্ট কৰিলে। দুয়োয়ে মৌন হৈ ইজনে আনজনক উপলব্ধি কৰিলে। কিছুসময় পাছত ৰিংকুয়ে সুধিলে,'কত যাবা?'
ৰিয়াই তৰফালে নুচুৱাকৈয়ে কলে," আপুনি মোক লৈ গৈছে যেতিয়া কোন ঠাইলৈ যাম সেইটো ও আপুনিয়েই কব।"
তেতিয়া ৰিংকুয়ে হাঁহি মাৰি কলে," তেন্তে ব'লা মই তোমাক মোৰ প্ৰিয় ঠাইলৈ লৈ যাওঁ।" আৰু গাড়ীত দুয়ো মৌন আছিল। গাড়ীখন নি মহাবাহুৰ পাৰত থলে আৰু দুয়ো গাড়ীৰ পৰা নামি আহিল।
ৰাতিৰ বেছি হোৱাৰ বাবে নদীৰ পাৰ জনশূন্য। মাত্ৰ কেইজনমান মানুহ হে আছিল। ৰিংকুয়ে ৰিয়াৰ হাতত ধৰি কাষতে থকা শিল এটাত বহুৱাই দিলে আৰু নিজেও তাইৰ সন্মুখত বহি লৈ তাইক চাব ধৰিলে।
ৰিয়া: এনেকৈ কি চাই আছে?
ৰিংকু: তোমাক চাই আছো।
ৰিয়া: তেন্তে নাচাব।
ৰিংকু: কিয় নাচাম?
ৰিয়া : মোৰ লাজ লাগিছে।
ৰিংকু: কিন্তু মই চামেই।
ৰিয়া: ইফালে চাওক চোন প্লিজ।
ৰিংকু: নহব, মইতো মোৰ পত্নীৰ চকুলৈ চামেই। তোমাৰ স্বামীক চাব মন নাই নেকি?
ৰিয়া: এতিয়া কিন্তু আপুনি মোক জোকাইছে।
ৰিংকু: মোৰ অধিকাৰ আছে।
ৰিয়া : আপুনি পাৰ্টীৰ পৰা ইমান সোনকালে কিয় গুচি আহিলে?
ৰিংকু: তাত মন ব'হা নাছিল।
ৰিয়া: সকলো বন্ধু আছিল যেতিয়া মন কিয় ব'হা নাছিল?
ৰিংকু: তুমি নাছিলা যে। বাৰু পাৰ্টীৰ কথা বাদ দিয়া। মই এনেদৰে তোমাক লগ কৰিবলৈ আহিলোঁ তুমি বেয়া পোৱা নাই তো?
এতিয়া ৰিয়াই কি কব? তাইৰো তাক লগ পাবলৈ বহুত মন গৈছিল। তাই মূৰ তল কৰি দিলে।
ৰিংকু: ৰিয়া তুমি ঘৰলৈ গুচি আহা না।
ৰিয়া: কিন্তু মোৰ পৰীক্ষা?
ৰিংকু: মই তোমাক একেবাৰেই আমনি নকৰো। কথা দিছোঁ মাত্ৰ দূৰৰ পৰাই চাই ৰ'ম। আৰু যদি পঢ়াত কিবা সমস্যা হয় তেন্তে সহায় কৰি দিম।
ৰিয়াই হাঁহি হাঁহি কলে," আৰু এতিয়া যে আপোনাৰ বাবে মোৰ পঢ়া ক্ষতি হল সেইয়া কি?"
ৰিংকু: আকৌ গৈ পঢ়ি ল'বা না।
ৰিয়াই মনতে কলে,"যেনিবা মই এতিয়া আৰু পঢ়িব পাৰিম।"
ৰিংকু: 'কি হল? কি ভাবিব ধৰিছা?বাৰু তোমাৰ বাবে কিবা আনিছোঁ ।' আৰু তাৰ পকেটৰ পৰা এটা পেকেট উলিয়ালে। তাত এযোৰ বহুত ধুনীয়া পায়েল আছিল। পাতল সেই সোণালী ৰঙৰ পায়েলযোৰ বহুত জিলিকি আছিল। তাৰ জুনুকা বোৰে বৰ মৰম লগা শব্দ কৰিছিল। সি ৰিয়াক ভৰিখন আগবঢ়াই দিবলৈ কোৱাত তাই কলে,"মই নিজেই পিন্ধি লম।"
ৰিংকু: নহব, মই আনিছোঁ যেতিয়া ময়েই পিন্ধাম।
আৰু সি জোৰ কৰি তাইক পায়েলযোৰ পিন্ধাই দিলে। সেই পাতল পায়েলযোৰ ৰিয়াৰ শুভ্ৰ ভৰি দুখনত বহুত ধুনীয়া লাগিছিল।
ৰিয়াই ৰিংকুৰ স্পৰ্শত আপোনপাহৰা হৈ গৈছিল। তাইক এনেদৰে বিলীন হৈ যোৱা দেখি ৰিংকুয়ে লাহেকৈ হাঁহি দিলে আৰু তাইৰ কপালত চুমা আকি দিলে।ৰিয়া উচপ খাই উঠিল আৰু অভিমানৰ চলেৰে কলে," এইয়া কি আছিল?"
ৰিংকু: কত কি আছিল?
ৰিয়া: আপুনি এতিয়া যি কৰিলে।
ৰিংকু: কি কৰিলো? মাত্ৰ পায়েলযোৰহে পিন্ধাই দিলো।
ৰিয়া: নহয় তাৰ পাছত।
ৰিংকুয়ে হাঁহি মাৰি কলে," কি তাৰ পাছত কি?"
ৰিয়া: যোৱাকালিৰে পৰা অলপ বেছি ফ্ৰি হব বিচৰা নাই নে আপুনি? এইয়া তৃতীয়বাৰ কৰিছে আপুনি।
ৰিংকু: ৱাহ! তুমি মোৰ ছুমাবোৰ হিচাপ কৰি গৈছা। ইমান পছন্দ কৰা নে?
ৰিয়াই ইফালে সিফালে চাই কলে," নহয় নহয়, কিন্তু আগলৈ নকৰিব। এতিয়াটো মই...."
ৰিংকুয়ে মাজতে কলে," এতিয়া এইটো নকবা যে আমাৰ বিয়া হোৱা নাই। তোমাক জনাও যে আমাৰ বিয়াৰ ১বছৰ হব হল। মইতো মাত্ৰ চুমা খাইছো। কিছুমানেতো ইমান দিনলৈ মা-পাপা হোৱাৰ ভাল খবৰ দি দিয়ে।" দুষ্টামিৰ ছাৱনীৰে ৰিয়ালৈ চাই কলে।
ৰিয়াই কথাষাৰ শুনি লাজতে ৰঙা পৰিল," আপুনি বহুত ডাঙৰ নিলাজ।" তাৰ পৰা তাই উঠি আহি গাড়ীৰ ওচৰত আহি ৰল।
ৰিংকু তাইৰ পিছে পিছে আহিল আৰু পিছফালৰ পৰাই তাইৰ কান্ধত মূৰ থৈ দিলে। ৰিয়াই তাইৰ ডিঙিত ৰিংকুৰ উশাহৰ গৰম ভাব অনুভৱ কৰি আৰু লাজ কৰিলে আৰু ঘূৰি চাই তাৰ বুকুত মুখ খন লুকাই দিলে। এই সময়ত দুয়োৰে উশাহ বুলেট ট্ৰেনৰ স্পীদত দৌৰি আছিল। দুয়ো নিজৰ মাজত মগন। তেতিয়া ৰিংকুৰ ফোনটো বাজি উঠিল,"দাদা কত আছা তোমালোক? এতিয়ালৈকে অহা নাই।"
ৰিয়াই তাৰ পৰা আঁতৰি আহিল। ৰিংকুয়েও নিজক চম্ভালি কলে," মাত্ৰ ৫ মিনিতত গৈ আছোঁ।" সি গাড়ীত বহিল। ৰিয়াও কাষতে বহিল। ৰিয়াৰ উশাহ বোৰ এতিয়াও ঘন হৈ আছিল। ৰিংকুয়ে মাজে মাজে তাইলৈ চাই। ৰিয়াক ইমান অসহজ দেখি কলে," ৰিয়া তুমি ঠিক আছা নে?"
ৰিয়াই লাহেকৈ কলে,"অ মই ঠিকে আছোঁ।"
কিছুসময় পাছত দুয়ো হোষ্টেলৰ গেটত গৈ পালে। উৰ্মি আৰু বেদান্ত আগৰ পৰাই তাত ঠিয় হৈ আছিল। ৰিয়া সোনকালে গাড়ীৰ পৰা নামি উৰ্মিৰ ওচৰলৈ আহিল। তাইৰ চেহেৰাৰ লাজ দেখি উৰ্মিয়ে বেদান্তক কিবা ইঙ্গিত দিলে। তাৰ পাছত সিহঁতে গুড নাইট বুলি কৈ নিজৰ ৰুমলৈ গুচি গল।
বেদান্তই ৰিংকুৰ চেহেৰাৰ ফুৰ্তি দেখি তাক সাৱটি ধৰিলে," দাদা, তোমালোক দুয়োৰে বাবে মই বহুত সুখী।"
ৰিংকুয়েও তাক সাৱটি ধৰিলে আৰু দুয়ো ঘৰলৈ গল।
ইফালে উৰ্মিয়ে ৰিয়ালৈ চাই আছিল। ৰিয়াই এতিয়াও বহুত লাজ কৰি আছিল।
উৰ্মি: লাজ কৰি হল যদি অলপ এইফালে চোৱা।
ৰিয়াই এইবাৰ আৰু লাজ কৰি উৰ্মিক সাৱটি ধৰিলে।
উৰ্মি: ৰিয়া তুমি সুখী নে?
ৰিয়া : অ , মই বহুত বহুত বহুত সুখী।
উৰ্মি: জানানে ৰিয়া আজি বেদান্তও বহুত সুখী আছিল। ইমান দিনৰ পৰা সি নিজকে দোষাৰোপ কৰি আছিল যে তাৰ বাবে তোমালোকৰ মাজত সকলো ভুল হৈ গৈছিল।"
এতিয়া ৰিয়াই তাইৰফালে চালে,"তুমি গম পাইছিলা?"
উৰ্মি: অ , বেদান্তই মোৰ পৰা কোনো কথা লুকোৱাই নাৰাখে। আমি দুয়ো সকলো কথা ইজনে আনজনৰ লগত পাতো। হয়তো সেইবাবে আমি ইমান কাষত থাকোঁ
ৰিয়া: সচাকৈ তুমি আমাৰ বেদান্তৰ বাবে একদম পাৰফেক্ট।
উৰ্মি: তুমি জানানে ৰিয়া , বেদান্তই তোমাক কেৱল বাইদেউ বুলি ভবাই নহয় অন্তৰৰ পৰা তোমাক বাইদেউ হিচাপে মানে। মোৰ আজিও মনত আছে যেতিয়া সি মোক তোমাৰ কথা কৈছিল মই তাক সুধিছিলো ,' তোমালোক দুয়ো সমান বয়সৰ হয় আৰু ইমান ভাল বন্ধু। তথাপিও তোমালোকৰ মাজত কোনো আকৰ্ষণ নাই আৰু বায়েক ভায়েকৰ মাজৰ সম্পৰ্ক পালন কৰি আছা।' তেতিয়া সি মোক কি কলে জানা?
ৰিয়াই না বুলি মোৰ জোকৰাত উৰ্মিয়ে কলে," সৰুৰে পৰাই মই তাইৰ লগত শৰীৰ আৰু আত্মাৰ দৰে লগ হৈ আছোঁ। তাইক দেখি কেতিয়াও মোৰ এনেকুৱা নালাগিল যে তাই মোতকৈ বেলেগ। সদায় এনে লাগিল যেন আমাৰ মাজত জন্মৰ পৰাই কিবা সম্পৰ্ক আছে। যেতিয়া মই তাইক ৰাশিৰ বাবে কলো তাই মান্তি হল । তেতিয়া মই বুজি পালো যে ভগৱানে আমাক ওপৰৰ পৰাই বায়েক ভায়েক বনাই পঠিয়াইছে। মাত্ৰ ভুলতে দুয়ো বেলেগ ঠাইত জন্ম হলো। আৰু আমাৰ জন্মদিন আৰু জন্মৰ সময় একেই , মাত্ৰ মই তাইত কৈ ৩মিনিট সৰু।"
এইবোৰ শুনি ৰিয়াৰ চকুৰ পৰা চকুলো নিগৰি আহিল। তাই এইটো জানিছিল যে বেদান্তই তাইক কিমান মৰম কৰে। কিন্তু সি যে তাইৰ বাবে ইমানবোৰ চিন্তা ৰাখিছে সেইটো আজি গম পালে।
তাই বেদান্তক লগালগ বহুত স্মাইলি থকা মেছেজ দিলে।
উৰ্মি: 'বাৰু এতিয়া তুমি শুই যোৱা।' আৰু দুয়ো শুবলৈ গুচি গল।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment