এটা অভিশাপ ভৰা জীৱনৰ বহু গোপন অধ্যায় ( খণ্ড ১৪ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 25, 2021

এটা অভিশাপ ভৰা জীৱনৰ বহু গোপন অধ্যায় ( খণ্ড ১৪ ) : Assamese Storyboard

Assamese Storyboard

 

কোঠাটোৰ চৌদিশে নিমাওমাও পৰিবেশ বিৰাজ কৰিছে ।কাৰো মুখত যেন মাত নাই ।মানসী দুৱাৰৰ কাষতে থিয় হৈ আছিল ( Assamese Storyboard )।বাহিৰত মানসীৰ শাহু শহুৰ দুয়ো বিমৰ্ষ মনেৰে বহি আছিল ।ডাঃ ৰবীন ডেকাও কিছু চিন্তিত হৈ আছে । তেওঁৰ লগত আৰু দুজন সহকৰ্মী চিকিৎসক ।ৰোগী ৰখা বিচনাখনত নাৰ্ছ এগৰাকীয়ে ৰোগীগৰাকীৰ ড্ৰেছিং খুলিবলৈ লৈছিল ।আৰু এক যেন অব্যক্ত বেদনাৰ প্ৰতিচ্ছবি হৈ স্তম্ভিত হৈ ৰৈছিল সেই ৰোগীগৰাকী ।


*খিৰিকী বোৰ জপাই দিয়া আৰু টেবুলত থকা আইনাখন গুচোৱা ।

_সহকৰ্মী চিকিৎসক এজনে নাৰ্ছগৰাকীক সন্তৰ্পনে কৈ উঠিল ।


ড্ৰেছিঙৰ আঁৰকাপোৰ বোৰ লাহে লাহে আঁতৰি গৈছিল আৰু পোহৰলৈ আহিছিল এচিড আক্ৰান্ত ৰোগীগৰাকীৰ ক্ষত বিক্ষত মুখমণ্ডল ....যেন অগ্নিৰ ডেউকা হৈ উজলি উঠা মুখাৱয়বক চূৰ্ণ বিচূৰ্ণ কৰি কোনোবাই কʼলা অঙঠাৰ দৰেহে মুচৰি দিছিল ।সোফালৰ গালখন যেন মৰহি গাঁত হৈ গৈছিল ।কপালৰ মাজভাগতো বিন্দু বিন্দু ৰূপত ওফন্দি উঠিছিল এচিডৰ টোপালবোৰ ...!! নিৰ্বাক নিস্পন্দ হৈ ৰৈছিল কোঠাটোত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তি ।


*পৰী.........!!!!!!!!


হঠাৎ হুকহুকাই কান্দি দিলে ডাঃ ৰবীন ডেকাই ।নিজৰ একমাত্ৰ ভনীগৰাকীৰ এনে অৱস্থা চাই তেওঁ ধৈৰ্য ধৰি থাকিব নোৱাৰিলে ।


* কন্ট্ৰল ইয়ৰ ইমছনছ ডঃ ডেকা । অলপ ধৈৰ্য ধৰকচোন ।

সহকৰ্মী চিকিৎসক জনে সহমৰ্মিতাৰে কৈছিল ।মানসীয়ে আগুৱাই আহি ৰবীনক কান্ধত ধৰে আৰু ওচৰৰ চকীখনত বহাই দিয়ে ।পৰীৰ চেহেৰা লৈ চোৱাৰ সাহস তাই কৰিব নোৱাৰিলে ।মনে মনে মাথো এটাই চিন্তা কৰিবলৈ ধৰিলে যে ইয়াৰ আঁৰৰ দোষীক যেনেকৈ নহঁওক, শাস্তি দিয়াবই লাগিব !



****************************************



পৰীক এচিড ঢলা ঘটনাটো মানৱহঁতৰ কলেজৰ গেটতেই হৈছিল ।সিদিনা বহুত দিনৰ মূৰত পৰীয়ে মানৱক লগ কৰিবলৈ আহিছিল এটা বিশেষ কাৰণত । পৰীয়ে যিদিনাৰ পৰা প্ৰিয়মৰ গাৰ্লফ্ৰেন্ড থকা কথাটো মানৱক জনাইছিল, তেতিয়া ৰ পৰাই মানৱে কাৰো লগতে সহজভাৱে কথা পাতিব পৰা নাছিল ।সিদিনা বায়েকৰ ঘৰৰপৰা আহি সি ৰুমৰ ভিতৰত সোমাই খুব কান্দিছিল ।সি নজনাকৈয়ে যে তাৰ নাৰীমনে প্ৰিয়মক উচ্চ স্থান দি ৰাখিছিল , সি সিদিনাহে উপলব্ধি কৰিছিল ।সিদিনাই সি মনে মনে ঠিৰাং কৰিছিল যে প্ৰিয়মৰ লগত দাদা ভাইটিৰ সম্পৰ্কৰ বাহিৰে আন কোনো কথা সি চিন্তা কৰিব নোৱাৰে ।লগতে অন্য পুৰুষকো যাতে তাৰ নাৰীমনে আকোঁৱালি নলয় সহজে,তাৰ বাবেও সাৱধান হ'ব বুলি সি ভাবিছিল ।


তাৰ দুদিন পিছত প্ৰিয়মে তাক লগ কৰিবলৈ আহিছিল । কিন্তু সিদিনা তাৰ মনটো ভাল লগা নাছিল ।প্ৰিয়মে তালৈ অনা চকলেটটো সিদিনা সি নাখাই পেলাই দিছিল । ফুৰাবলৈ নিব অহা প্ৰিয়মক গা বেয়া বুলি সিদিনা সি ফাঁকি দিছিল ।


*তোমাৰ আজিকালি কি হৈছে মাইনা ।

এদিন প্ৰিয়মে তাক প্ৰশ্ন কৰিছিল ।


*কতা কি নো হ'ল ? একো টো হোৱা নাই মোৰ ?

মানৱে সহজভাৱে কৈছিল ।


*মিছা নকবা ।তোমাক কোনোৱেই হয়তো কোৱা নাই যে তুমি মিছা কোৱাত পাৰ্গত নহয় ।( Assamese Storyboard )


*মিছা কবলৈ কি আছে । যিহেতু একো হোৱাই নাই , কি হোৱা বুলি নো কঁও ?


*মোক বেয়া পাইছা?


*নাই , মোৰ কাকো বেয়া পোৱা অধিকাৰ নাই ।


*কিয় মোক নিজৰ দাদা বুলি নভবা নেকি?

*ভাবো ।

*তেন্তে দাদাৰ ওপৰত কিহৰ খং খুলি নোকোৱা কিয় ?

*তেনেকুৱা একো কথা নাই প্ৰিয়ম দা ।অলপ পৰীক্ষাৰ টেনচন ।পঢ়া হোৱাই নাই যে ।

মানৱে মিছাকৈ ক'লে ।


*অকে, পঢ়াৰ কথা যদি মোৰ কবলগীয়া একো নাই মাইনা ।তুমি পঢ়ি শুনি আগুৱাই গ'লে মোৰো ভাল লাগিব ।পৰীক্ষা শেষ হলে এদিন আমি ছিলং ফুৰিবলৈ যাম দিয়া ।মনটো ভাল লাগিব তোমাৰ ।


*দেউতাই পাৰমিচন নিদিব ।


*একো নাই , মই পাৰমিছন লৈ লয় দিয়া মাইনা ।তুমি একো চিন্তা নকৰিবা ।


*কিন্তু ..!!


*কোনো কিন্তু নাই ।এইকেইদিন তুমি ভালকৈ পঢ়া আৰু পৰীক্ষাটো দি লোৱা ।আজৰি হ'লে ঢেৰ সময় পাবা ।


*দাদা ,তুমি এইবোৰ কিয় কৰা মোৰ বাবে ?

*আৰে দাদাও কোৱা আৰু কিয় কৰো প্ৰশ্ন ও কৰা যে !! ইমান চিন্তা নকৰিবাচোন মাইনা ।যি কৈছোঁ ,সেয়া ভালদৰে কৰা ।


*প্ৰিয়ম দা ...

মানৱে কিবা কব খুজিও কব নোৱাৰিলে সিদিনা ।প্ৰিয়ম গলগৈ ।আকৌ এবাৰ তাক দূৰ্বল কৰি থৈ গ'ল  । সি বাৰু সুধিব লাগিছিল নেকি প্ৰিয়মৰ গাৰ্লফ্ৰেন্ড থকা কথাটো । কিন্তু কি মুখেৰে সুধিব সি...সি বাৰু ক'ব লাগিছিল নেকি প্ৰিয়মক যে সি দাদা নাভাবি বেলেগ ভাবিব ধৰিছিল !! কেনেকৈ সি নিজৰ মনটো খুলি ক'ব পাৰিব প্ৰিয়মক ।


কথাবোৰ মনৰ পৰা জোঁকাৰি পেলাই সি সচাকৈয়ে পৰীক্ষাৰ বাবে পঢ়িবলৈ লৈছিল ।আগতে হোৱা হ'লে প্ৰিয়মৰ লগত ছিলং ফুৰিবলৈ যোৱা কথাটোত সি ফূৰ্তিতে জঁপিয়াই বুলিলে হয় ...!! কিন্তু এতিয়া ..!!


কিয় বাৰু সময়বোৰ বৰ নিষ্ঠুৰ ।কিয় বাৰু  অবুজ তাৰ আবেগবোৰ ...!!


__________________________



( আগলৈ )


( বি. দ্ৰ. ঃ কিছু বাস্তৱ আৰু কিছু কল্পনাৰ সংমিশ্ৰণ এক ব্যতিক্ৰমী কাহিনী ৰচনাৰ প্ৰয়াস *অভিশপ্ত জীৱন* । আশা কৰোঁ সকলোৱে আদৰি লʼব ।পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব ।লগতে কিবা ভুল ক্ৰূটি দেখিলে আঙুলিয়াই দিয়ে যেন । ধন্যবাদ ।


✍️ অৰূপ )

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত
 - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages