: মৌ তুমি !
: তোমাক বিচাৰি বিচাৰি এইখিনি পালোহি --চকু মোহাৰি মোহাৰি কৈ উঠে বিদিশাই । ( Assamese Storyboard )
তনয়লৈ নোচোৱাকৈয়ে প্ৰীতিয়ে বিদিশাক লৈ ৰূম পায়হি । বিদিশাৰ মুৰত হাত বুলাই টোপনি নিয়াবৰ চেষ্টা কৰে প্ৰীতিয়ে । তাই বাৰু আজি কি কৰিলে ..তনয়ৰ ওচৰত নিজকে দুৰ্বল হৈ ধৰা দিলে ..তাইৰ নিসংগতাই আজি দুৰ্বল হোৱাৰ কাৰন হ'ল । নিসংগ মনটোৱে সংগোপনে কাৰোবাক বিচাৰি আছিল নেকি বাৰু কাষত ? যি তাইৰ দুখবোৰ উপলদ্ধি কৰিব পাৰে ..নিসংকোচে সকলো মনৰ কথা ক'ব পাৰে তাই । তনয় তাইৰ এজন তেনে বন্ধু ..খুউৱ আপোন আপোন লগা এজন বন্ধু । তাতকৈ বেছি একো নহয় ।তাই সুশান্তৰ স্থান কাকো দিব নোৱাৰে ..সুশান্ত তাইৰ প্ৰথম আৰু শেষ প্ৰেম । জামছেদপুৰৰ সম্বন্ধীয় ককায়েকৰ ঘৰলৈ যাওঁতে সুশান্তক লগপোৱা সেই প্ৰথম দিনটো আজিও মনত পৰে তাইৰ ।ককায়েকৰ সৈতে একেলগে কাম কৰা সুশান্ত প্ৰথম দৃষ্টিতেই ভাল লাগিছিল প্ৰীতিৰ ..কব নোৱৰাকৈয়ে দুয়ো দুয়োৰে ওচৰ চাপি আহিছিল ।
গতানুগতিক ভাৱে সময়বোৰ গৈ আছিল ।পুৱা গধুলি ৰাতি শুৱাৰ আগত ফোন কৰি খবৰ লয় সুশান্তই প্ৰীতি বিদিশাৰ ।
আবেলি তেতিয়া প্ৰীতি পাকঘৰত ব্যস্ত । কলিংবেলৰ মাতত ওলাই আহি প্ৰীতি দৰ্জা খুলে --
: অ' তনয় , আঁহা ।
: কি কৰি আছা ?
: মৌৰ কাৰনে কিবা বনাই আছো । আবেলি শুই উঠি কিবা খাবলৈ বিচাৰে তাই ,
: ওম বুজিছো । এইকেইদিন দেখা নাই যে ..ঠিকে আছাতো ?
: মই ঠিকে আছো তনয় ।
: একাপ চাহ খুৱাবা নেকি
: চিঅ'ৰ । তুমি বহা ..মই বনাই আনিছো ,
দুকাপ চাহ লৈ আনে প্ৰীতিয়ে । একাপ তনয়ৰ হাতত তুলি দিয়ে ।
: প্ৰীতি ,
: কোৱা
: মোক বেয়াপাইছা তুমি ?
: নাই , কিয় বেয়াপাম তোমাক ।
: এইকেইদিন টেৰেছলৈ যোৱা নাই , মোৰ ফোন ৰিচিভ কৰা নাই,, সেইদিনাৰ পৰা ।
: এনেকৈয়ে ভাল তনয় । অতি বেছিবোৰ যি কোনো ক্ষেত্ৰতে বেয়া । আমাৰ বন্ধুত্বই সীমা পাৰ কৰাটো মই নিবিচাৰো ।সুশান্তৰ পত্নী হিচাপে মৌৰ মাক হিচাপে হয়তো এইবোৰ ঠিক হোৱা নাই ।
: তুমিতো একো বেছিলৈ যোৱা নাই প্ৰীতি ।এনেকুৱা একো হোৱা নাই আমাৰ মাজত যে তুমি নিজকে দোষী বুলি ভাবিছা । মোৰ ঠাইত এগৰাকী লেডী হোৱা হ'লেও তুমি সেয়াকে নকৰিলাহেতেন জানো?
: হয়তো তুমি ঠিকেই কৈছা , মনৰ মাজত জুমুৰি দি ধৰা দুখবোৰ প্ৰকাশ কৰিবলৈ কেতিয়াবা কোনোবা এজনৰ প্ৰয়োজন হৈ পৰে ।
: মই তোমাক ভালপাই পেলাইছো প্ৰীতি ।
: এইয়া ভুল । এইয়া কেতিয়াও হ'ব নোৱাৰে ।
: জানো মই , এইয়া ভবাটো ভুল । তুমি মোৰ কেতিয়াও নোহোৱা । কিন্তু মনেযে মানিবই নুখুজে । প্ৰীতি , কাৰোবাক ভাললগাটো জানো ভুল হ'ব পাৰে ? তুমি একো চিন্তা নকৰিবা প্ৰীতি , মোৰ পৰা তুমি কেতিয়াও আমনি নোপোৱা । ভালপাই যাম এক পক্ষীয় হৈ । নিবিচাৰো কাহানিও তোমাৰ মৰম । কিন্তু তুমি মোক যেতিয়াই বিচৰা তেতিয়াই এজন বন্ধু হিচাপে কাষত পাবা । তোমাৰ বা মৌৰ যি কোনো কামৰ বাবে মই সদায় ৰেডী থাকিম ।তুমি হাঁহি থাকা ..সুখী হৈ থাকা ..মই সেইটোৱেই বিচাৰো ।
গুছি গৈছিল তনয় প্ৰীতিৰ ৰূমৰ পৰা এটা সময়ত । বহু সময় প্ৰীতি বেলকনিত স্তব্ধ হৈ বহি অাছিল । তাইৰ তনয়ক ভাললাগে তনয় খুউব ভাল ল'ৰা । তাইৰ সুখৰ কাৰনে বহুত ভাবে সি । কিন্তু তাইৰ প্ৰতি তনয়ৰ মনত যি ভাৱ আছে সেইখিনি আঁতৰাব লাগিব ।ফোনটো বাজি উঠাত স্বভাৱিকলৈ ঘূৰি আহে প্ৰীতি ।
সুশান্তই কৰিছে ।
: কোৱা
: কি কৰি আছা মোৰ দাৰ্লিংজনী ?
:এনেই আছো । বেলকনিতে বহি আছিলো ।
: দিনাৰ হ'লনে ?
: নাই , বনামহে ।
: কিয় ইমান দেৰী !
: তুমি কৰিলা
: আজি পাৰ্টী আছিল জানা । ফ্ৰেণ্ডছ মিট। ৰাজপুতনাত । তাতেই দিনাৰ হ'ল ।
:অহ ,, ভালেই কৰিলা ।( Assamese Storyboard )
: সকলোৰে ৱাইফবোৰ আহিছিল ..মানে মোৰ ফ্ৰেণ্ডৰ ..মাথো তুমিহে নাই ।বহুত মিছ কৰিছিলো তোমাক
: অহ ,, ৰিয়েলি ! হঁহুৱালা তুমি মোক
: কিয় ! মানে !
: মোক মিছ কৰিছিলা বুলি ক'লা যে
: হয়তো ! কৰিছিলো
: তেতিয়াহ'লে পাৰ্টীলৈ যাবই নালাগিছিল ।
: ফ্ৰেণ্ডখিনিয়ে বহুত ৰিকুৱেষ্ট কৰিছিল কাৰনে যাব লগা হ'ল ।
: মই লগত নাথাকিলেও তুমি এনজয় কৰিব পাৰা ..কিন্তু মইহে নোৱাৰো তোমাৰ অবিহনে একোকে কৰিব ।
: মইতো তোমাক বাধা দিয়া নাই , জীৱনটো তোমাৰ মতে তুমিও উপভোগ কৰা ।
: কথাখিনি খুউৱ সহজকৈ কৈ দিলা । মোৰ দায়িত্ব আছে ঘৰখনৰ প্ৰতি ..মৌৰ প্ৰতি । মই তোমাৰ দৰে বাহিৰত দিনাৰ কৰি এনজয় কৰিব নোৱাৰো ফ্ৰেণ্ডছৰ লগত । হ'ব দিয়া , এতিয়া ৰাখো ফোন । খোৱাৰ যোগাৰ কৰোগৈ । পাছত পাতিম । বাই ,
: অকে ডিয়েৰ , বাই ।
খঙ উঠে প্ৰীতিৰ সুশান্তৰ কথাত । যি কোনো কথা সহজকৈ কৈ দিব পাৰে । ফোনটো থৈ লৰালৰিকৈ খোৱাৰ যোগাৰ কৰেগৈ তাই ।
পাখী লগা কাড়ৰ দৰে সময়বোৰ আগুৱাই যায় । প্ৰকৃতিয়ে সাজ সলায় । ডিচম্বৰ মাহ । বিদিশাৰহঁতৰ উইনটাৰ ভকেচন চলি আছে । প্ৰীতিও আজৰি । বিদিশাই সুশান্তক মাতি আছে । কলিকতালৈ ..সুশান্তইও ভাবি আছে অহাৰ কথাটো । অলপ দিনৰ কাৰনে কামৰ দায়িত্ব কোনোবা এজনক দি আহি যাব ।
কিবা এটা ভাবি তনয়ে কেলেণ্ডাৰখন চায় । আহিব লগীয়া বিশেষ দিনটোৰ কথা ভাবে ।মাজত মাথো দুদিন ..প্ৰীতিৰ জন্মদিনলৈ । ভাবি থৈছে তনয়ে এইবাৰ প্ৰীতিক চাৰপ্ৰাইজ দিব । ছুটী ল'ব সি সেই দিনটোৰ কাৰনে । সকলো এৰেঞ্জমেন্ট নিজেই কৰিব সি । ১৪ ডিচেম্বৰৰ দিনা প্ৰীতিৰ জন্মদিন । আগদিনাৰ পৰাই সি যোগাৰখিনি কৰিব লাগিব সাৱধানে ..যাতে প্ৰীতিয়ে একোকে ধৰিব নোৱাৰে । ১৩ তাৰিখে তনয় বজাৰলৈ ওলাই গ'ল । সকলো যাৱতীয় বস্তু লৈ আহিল সি । গধুলিৰ পৰা তনয় ব্যস্ত হৈ পৰিল । এটা এটা কৈ তিনিটা পেকেটৰ বেলুন ফুলাই সাজু কৰিলে । আঁঠটা মান বজাত অৰ্দাৰ দিয়া কেকটো দি থৈ গ'ল । ৰাতি খোৱা-বোৱা কৰি বাকী থকা কামখিনি শেষ কৰিলে । ধুনীয়াকৈ ক'তো অকনো খুট নথকাকৈ ৰূমটো সজাই পেলালে সি । ঘড়ীলৈ চালে সি । বাৰ' বাজিবলৈ দহমিনিট আছে । লৰালৰিকৈ কেকটো আনি নিদিৰ্ষ্ট টেবুলখনত থলে । আৰু লাহে লাহে প্ৰীতিৰ ৰূমৰ ফালে আগবাঢ়িল । বাহিৰৰ পৰা দেখিলে তনয়ে প্ৰীতিৰ দ্ৰয়িং ৰূমৰ লাইট অন হৈ আছে । এতিয়াও শোৱা নাই মানে তাই ।দৰ্জাখনো এনেই জপাই থোৱা আছে । দৰ্জাখনত হাতেৰে সামান্য থেলি ভিতৰলৈ সোমাব খুজিও দুভৰি থমকি ৰোৱা তনয়ৰ চকুত অবাক বিষ্ময় । প্ৰীতিলৈ বুলি অনা ৰঙাগোলাপৰ গোলদস্তাটো হাতৰ পৰা সৰি পৰিল
তনয়ৰ ..সৰি পৰা গোলদস্তাটো তুলি লৈ তনয় লাহে লাহে নিজৰ ৰূমৰ ফালে উভতে ।
আগলৈ ....
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment