সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( খণ্ড - ১৬ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 4, 2021

সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( খণ্ড - ১৬ ) : Assamese Storyboard

Assamese Storyboard

 

বতৰটো ডাৱৰীয়া হৈ থকাৰ বাবেই ৰূমতে সোমাই থাকিব লগা হ'ল প্ৰাণ আৰু গৌৰৱ । ইজাকৰ পাছত সিজাক নেৰানেপেৰা বৰষুণ ( Assamese Storyboard )। খিৰিকীখনৰ কাষতে বহি হাতত মোবাইলটো লৈ লিৰিকি বিদাৰি বাহিৰলৈ চাই বিচনাতে বহি আছিল গৌৰৱ । হঠাৎ ম'বাইলটো বাজি উঠাত ফোনটো ৰিচিভ কৰিলে গৌৰৱে ।


: হেল্ল'.....! ৰাজ দা 


: গৌৰৱ ...! ক'ত আছা....?


: ৰূমতে আছোঁ । যিহে বেয়া বতৰ ওলাই যাবই নোৱাৰি । 


: হয়নেকি.....! প্ৰাণ আছে নে নাই.....? 


: আছে । একো প্লেন নাই আজি । 


: মই গৈ আছোঁ তেন্তে ....!


: ৰাতি থকাকৈয়ে আহিব । বহুত কথা পাতিব লগা আছে আপোনাৰ লগত ।


: গলে থকাকৈয়ে যাম । আজি এওঁ ঘৰত নাই । সেয়ে তোমালোকৰ ৰূমলৈকে যাম বুলি ভাবিছোঁ । 


: বৰ বেছি লাগিব ৰাজ দা । সন্ধিয়া হোৱাৰ আগতেই আহিব   । 

: সন্ধিয়া হোৱাৰ আগতেই পাই যাম । মই ঘৰৰ পৰা ওলাওঁতে তোমালৈ ফোন কৰিম ।  কথাষাৰ কৈয়ে ফোনটো কাটি দিলে ৰাজে ।  ফোনটো টেবুলত থৈ প্ৰাণক মাত লগালে গৌৰৱে । ....প্ৰাণ, উঠাচোন....! ৰাজ দা আহিব আজি আমাৰ ৰূমলৈ । 

: ৰাজ দা আহিব....! আজি নালাগে বুলি কৈ নিদিলা কিয়....? চাউল ডাইল কেইটাৰ বাহিৰে খাবলৈ একো এটা নাই । সুদা ভাত খুৱাবা নেকি ৰাজ দাক...? 


: নিজেই আহিম বুলি ফোন কৰাৰ পাছত মানা কৰিব পাৰি নেকি....? বৰষুণজাক অলপ পাতল হলে দুয়োটা ওলায় যাম বজাৰ কৰিবলৈ । 


: ঠিক আছে । এতিয়া চাহ একাপ খুৱাবা নেকি ...! 


: উঠা , মই চাহ কৰোগৈ । বিচনাখন ঠিক কৰি থৈ আহিবা ।  কথাষাৰ কৈ পাকঘৰলৈ সোমাই গল গৌৰৱ । পানীখিনি গৰম কৰি গাখীৰৰ পেকেটটো খুলি ভালকৈ গুলি চাহ দুকাপ কৰি জ্বলা চানা কেইটা প্লেট এখনত বাকী আগফালৰ বাৰাণ্ডাখনলৈ ওলাই আহিল গৌৰৱ । ....প্ৰাণ চকী এখন লৈ আহাচোন তোমালৈ ।  প্লাষ্টিকৰ চকী এখন হাতত লৈ বাৰাণ্ডালৈ ওলাই আহিল প্ৰাণ ।


     ...বৰষুণজাক দি ভালেই কৰিলে । খেতি পথাৰ একেবাৰে বেয়া হৈ গৈছিল । এতিয়া অন্ততঃ ৰোৱাবোৰে অলপ জিপ পাইছে ।


: কিন্তু...! আমি ওলোৱা সোমোৱা কৰা ৰাস্তাটোৰ কি গতি হৈছে এবাৰ ভাবি চোৱা প্ৰাণ। 


: ভাবিবলৈ কিটো আছে । মানুহে ঘৰ সাজোঁতে সাজোঁতে পানী যোৱা ৰাস্তাবোৰ বন্ধ হৈ গৈছে । এতিয়া দুই এজাক বৰষুণ দিলেই ৰাস্তাত পানী হয় । 


: এতিয়া ৰাস্তাৰ কথা ভাবি বহি থাকিব নালাগে । সোনকালে কাপোৰ কেইটা সলাই বজাৰৰ পৰা আহোঁগৈ ব'লা । 


: কি কি বজাৰ কৰিব লাগিব ভালকৈ চাই লোৱাগৈ । ৰাস্তাৰ যিহে অৱস্থা হাফ পেন্ট পিন্ধিয়ে যাম । তুমি ৰেডী হোৱাগৈ


: ময়ো এনেকৈয়ে যাম । 


       পাকঘৰটোত ভালকৈ চকু ফুৰাই কি কি বজাৰ কৰিব লাগিব কাগজ এখনত লিখি হাতত বজাৰ কৰা মোনা আৰু ছাতিটো লৈ গৌৰৱ ওলাই আহিল । খিৰিকীখন জপাই , তুলিৰ তলৰ পৰা পাৰ্চটো পকেটত ভৰাই টেবুলৰ পৰা তলা চাবিটো আনি দুৱাৰখন বন্ধ কৰি তলাটো লগাই দিলে প্ৰাণে ।  ছাতিটো মেলি লাহেকৈ দুয়ো বজাৰলৈ ওলাল । সকলো দিশৰ পৰা আহি গোট খোৱা গেলা পানীবোৰ গছকী গছকী প্ৰাণ আৰু গৌৰৱ দৈনিক বজাৰ পালেহি । শাক পাচলি কেইটামান বজাৰ কৰি ভাল মাছ অকণ কিনি বেগত ভৰাই ফুটপাথত উঠিল গৌৰৱ । ফুটপাথৰ সিটো পাৰে থকা সৰু দোকানখনলৈ প্ৰাণ সোমাই গৈ গৌৰৱক চিঞৰিলে । 


: ...গৌৰৱ...! এইফালে আহাঁ...! গৰম গৰম পকৰি আৰু ঘুগুনী খাম ।   প্ৰাণৰ চিঞৰ শুনি দোকানখনৰ ওচৰলৈ গ'ল গৌৰৱ । 


: তোমাৰ পইচা আছে জানো....? ঘৰৰ পৰা পইচাও পঠিওৱা নাই । মোৰ হাতত ফুটাকৰী এটাও নাই । 


: মোৰ লগত আছে নহয় , মই দিম । 


       সৰু দোকানখনত একাষৰীয়াকৈ থকা বেঞ্চখনতে বহিলে গৌৰৱ আৰু প্ৰাণদ্বীপ । গৰম গৰম ঘুগুনী আৰু পকৰী কেইটা খাই ৰূমলৈ বুলি খোজ দিবলৈ লওঁতেই গৌৰৱৰ ফোনটো বাজি উঠিল । ....হেল্ল' ! গৌৰৱ ক'ত আছা ...? 


: বজাৰতে আছোঁ ৰাজ দা । আপুনি ক'ত আছে ....? 


: মই তিনি আলিৰ বেকাৰী দোকানখনৰ ওচৰতে ৰৈ চিগাৰেট এটা টানি আছোঁ । 


: ঠিক আছে । আপুনি ৰৈ থাকক , আমি গৈ আছোঁ ৰাজ দা । 

ফোনটো কাটি দিলে গৌৰৱে । ...প্ৰাণ , যাওঁ ব'লা । ৰাজ দা আহি ৰৈ আছে । 


: ক'ত ৰৈ আছে ...? গাড়ী লৈ আহিছে যদি ভালেই হ'ব...। আমিও একেলগে গুচি যাব পাৰিম । 


: কি লৈ আহিছে সেইটো সোধা নাই নহয়....! বতৰ বেয়া যেতিয়া গাড়ী লৈয়ে আহিছে চাগৈ । 


        শাক পাচলিৰ বেগটো প্ৰাণৰ হাতত দি ছাতিটো এহাতেৰে ধৰি প্ৰাণৰ সোঁহাতখন খামুচি ধৰিলে গৌৰৱে । খুপি খুপি খোজ কাঢ়ি তিনি আলিৰ বেকাৰী দোকানখনৰ ওচৰ পাই গৌৰৱে ফোনটো উলিয়াই লওঁতেই আগফালৰ পৰা ৰাজে মাত লগালে । হেই...! প্ৰাণ । 


: ৰাজ দা ।  মাত লগালে প্ৰাণদ্বীপে


: বজাৰ কৰা হ'ল নে....? 


: হৈ গ'ল ৰাজ দা ।  লাহেকৈ কলে গৌৰৱে । 


: বজাৰ কৰা হল যদি ৰূমলৈকে গৈ থাকোঁ ....! 


: ব'লক ৰাজ দা । বতৰটো বৰ ভাল নহয় । সোনকালে গৈ ৰূমত সোমোৱাই ভাল । 


: তেন্তে আহাঁ...! মই গাড়ী লৈ আহিছোঁ...।   হাতত লৈ থকা ছাতিটো মেলি গাড়ীখনৰ ওচৰলৈ আগবাঢ়ি গল ৰাজ । আগ দুৱাৰখন খুলি গাড়ীত উঠি পাছ দুৱাৰৰ লকটো খুলি দিলে ৰাজে । দুৱাৰখন খুলি গাড়ীখনত বহি ললে প্ৰাণ আৰু গৌৰৱ । লাহে লাহে গাড়ীখন আগুৱাই যাব ধৰিলে । কিছুদূৰ যোৱাৰ পাছতেই গৌৰৱে প্ৰশ্ন কৰিলে ৰাজক ।( Assamese Storyboard )


: ৰাজ দা , আপোনাৰ দৃষ্টিৰে সমকামীতা কি বুলি ভাৱে । 


: মই স্বাভাৱিক বুলিলেই ভাৱো । কিন্তু মনোবিজ্ঞানী ফ্ৰয়েডে সমকামীতাক  এক মানসিক ভ্ৰম অৱস্থা বুলিহে উল্লেখ কৰিছিল...।


: ৰাজ দা , মই এটা কথা বুজিব পৰা নাই । কিয় এজন পুৰুষ আন এজন পুৰুষৰ প্ৰতি বা এগৰাকী মহিলা আন এগৰাকী মহীলা প্ৰতি আকৰ্ষীত হয় .....? 


: তুমিটো প্ৰাণক ভাল পোৱা । কিয় ভালপোৱা....? নিজেই নিজকে এবাৰ প্ৰশ্ন কৰা । মোক কৰা প্ৰশ্নটোৰ উত্তৰ পাই যাবা । 


: মোৰ ক্ষেত্ৰত এনেকুৱা হয় ৰাজ দা । মই অকল শাৰিৰীক ভাবেই নহয় মানসিক ভাবেও নিজকে ল'ৰা বুলি মানো কিন্তু 

ল'ৰা হোৱাৰ পাছতো ল'ৰাকহে ভাল পাও । ছোৱালীৰ প্ৰতি মোৰ কোনো আকৰ্ষণ নাই। সেয়ে মই প্ৰাণক ভাল পাওঁ । 


: সকলোৰে ক্ষেত্ৰত একেটা কথাই প্ৰযোজ্য হয় গৌৰৱ । এচাম সমকামীয়ে নিজকে সমকামী বুলি ভাবে যদিওঁ তেওঁলোক প্ৰকৃতাৰ্থত সমকামী নহয় । কিয়নো তেওলোকে এফালে এজন ল'ৰাক পছন্দ কৰে আৰু আনফালে এজনী  ছোৱালীকো পছন্দ কৰে । এই শ্ৰেণীৰ কিছুমান সমকামীয়ে 

লৰাৰ লগত বিয়া পতাৰ হাবিয়াস কৰে আৰু আন এটা শ্ৰেণীয়ে অকল শাৰীৰিক সম্বন্ধ স্থাপন কৰি যৌন সুখ লাভ কৰিব বিচাৰে । 


: সেইবোৰ সমকামীৰ বাবেই আমাক সমাজে ঘৃণ কৰে নহয় জানো ৰাজ দা । 


: একদম সঁচা কথা । 


: ৰাজ দা , ৰূম পাই গলোঁহি দেই । ৰখাই দিয়ক , মই গেটখন খুলি দিওঁ । 


         হাতত ছাতিটো লৈ গাড়ীৰ পৰা নামি গেটখন খুলি দিলে আৰু দুৱাৰৰ তলাটো খুলি ভিতৰলৈ সুমাই গ'ল গৌৰৱ । গেছতে পানীৰ কেটলীটো বহুৱাই পানীখিনি কুহুমীয়া হ'লত কাপোৰ ধোৱা ডাঙৰ চৰিয়াটোত পানীখিনি ঢালি নিমখ অলপ দি ভৰি দুখন পানীত তিয়াই থলে । .....প্ৰাণ, ভৰি দুখন গৰম পানীত ধুই লোৱাহি ।  গৰম পানীয়ে ভৰি দুখন ভালকৈ ধুই গামোচা খনেৰে মোহাৰি ৰাজলৈ চাহ একাপ কৰি আনিলে গৌৰৱে । ....ৰাজ দা , গৰমে গৰমে চাহ কাপ খাই লওঁক । 


: তোমালোকে নোখোৱা নেকি...? 


: আমি বজাৰত খায়ে আহিছোঁ । আপুনি খাওঁক...


: ৰাজ দা , চাহ কাপ খাই আপোনাৰ আধৰুৱা প্ৰেম কাহিনী শুনাব লাগিব ।  পানী চৰিয়াটোত ভৰি দুখন জুবুৰিয়াই কলে প্ৰাণে । 


: হা:...! হা:....! মোৰ প্ৰেম কাহিনী শুনিলে তোমালোকৰ হাঁহি উঠিব । 


: কিয় হাঁহি উঠিব ৰাজ দা....? এটা কথা ভাবি মই সচাঁকৈ বৰ আচৰিত হৈছোঁ । বৌ থকাৰ পাছতো আপোনাৰ জীৱনত প্রিয়মৰ প্ৰয়োজন হ'ল কিয়.....?  প্ৰশ্ন কৰিলে গৌৰৱে


: সেইবোৰ বহুত কথা গৌৰৱ । গোটেইবোৰ কবলৈ গলে এখন মহাভাৰত হ'বগৈ....! 


: অলপ চমুকৈ কওঁক ৰাজ দা । মই শুনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ । 


: মানুহে তিনিটা প্ৰধান কাৰণত সমকামীতাক আঁকোৱালি লয় । অভাৱ , প্ৰভাৱ আৰু স্বভাৱত । মই অভাৱত পৰিহে প্ৰিয়মক আঁকোৱালি লবলৈ বাধ্য হৈছোঁ । বুবুৰ জন্মৰ পাছত চিকিৎসকৰ ভুলৰ বাবেই বৌক তিনিবাৰ অপাৰেচন কৰাব লগা হল । তেতিয়াৰে পৰা বৌৰ লগত মানে মোৰ পৰিবাৰৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰা হলোঁ । বহুবাৰ ভাবিলোঁ আৰু শেষত প্ৰিয়মক পাই গলো । সি মোক মই মনে বিচৰাৰ ধৰণেৰে সুখ দিলে । সেয়ে মই এতিয়া তাক পাহৰিব নোৱাৰা হ'লোঁ । 


: বৰ ইণ্টাৰেষ্টিং দেখোঁন ৰাজ দা । গৌৰৱেহে আপোনাৰ পৰা প্ৰকৃত কথাবোৰ উলিয়াব পাৰিছে ।  হাঁহি হাঁহি কলে প্ৰাণে । 


: এতিয়া তোমালোকৰ কথা কোৱা প্ৰাণ ....! 


: কিনো কম ৰাজ দা । মই আৰু গৌৰৱ বহুত সুখী । ভৱিষ্যতে আমি এটা সন্তান তুলি লোৱাৰ কথা ভাবিছোঁ । 


: কবলৈ বৰ সহজ প্ৰাণ....। কল্পনাৰ ৰাজ্যখন যিমান সুন্দৰ বাস্তৱ জীৱন সিমান সুন্দৰ নহয় । তোমালোক দুয়োজনৰ মাজত যদি এটি ল'ৰা সন্তান তুলি লোৱা তেন্তে সেই সন্তানটোৱে প্ৰাণৰ নে গৌৰৱৰ বংশ ৰক্ষা কৰিব....?  ৰাজৰ কথাষাৰে প্ৰাণ আৰু গৌৰৱক কিছু সময়ৰ বাবে হ'লেও ভাবুক কৰি তুলিলে । 

 

  #ক্ৰমশঃ....

Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages