মাকতকৈও অধিক মৰম দিয়া মাহী মাক গৰাকী : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 14, 2021

মাকতকৈও অধিক মৰম দিয়া মাহী মাক গৰাকী : Assamese Storyboard

Assamese Storyboard

আজি শহুৰৰ ঘৰত মীনাৰ প্ৰথম দিন। কিন্তু কোনো সুখী হোৱা নাছি,হবওনো কেনেকে ? মীনা যাৰ পত্নী হৈ আহিছিল, তেওঁৰ আগৰেপৰা ৬বছৰীয়া এটি লৰা সন্তান আছিল ( Assamese Storyboard )। প্ৰথমা পত্নীৰ মৃত্যু আজি কিছু দিনৰ আগতে হৈছিল। মীনাৰ স্বামীয়ে এই বিবাহৰ বাবে সাজু হোৱা নাছিল,কিন্তু মীনাৰ পৰিয়ালটো দুখীয়া আছিল, ভাল ঘৰৰ আছিল, এই ভাৱিয়ে তেওঁ বিয়া খনৰ বাবে সন্মতি জনালে। 

মীনা কইনা সাঁজত বহি আছিল, সেইদিনা সকলোৰে মাথো এটাই কাম আছিল, এটাই মাথো কথা যে, তুমি দ্বিতীয় মা হয়, লৰাটোৰ ভালদৰে চোৱা চিতা কৰিবা। আৰু সকলোৰে মাজত এটা সন্দেহো আছিল যে, দ্বিতীয় মাক হৈ লৰাটোক ভালদৰে নাচাব! নিশা হলত, মীনাৰ স্বামীয়ে প্ৰথম এইষাৰে কলে,মই এইখন বিয়া পাতিবলৈ সাজু নাছিলো, কিন্তু মোৰ লৰাটোৰ বাবে, এইখন বিয়া কৰালো। তুমি কেৱল তাক ভালদৰে চাবা। 


বিয়াৰ ৩ মাহ পাৰ হৈ গল, কিন্তু একেটা কথা কবলৈ বন্ধ নহল। মীনাই এতিয়া নিজে সিদ্ধান্ত লৈছিল যে, এতিয়া তাইক আৰু নিজৰ সন্তান নালাগে। তাই নিজৰ বহু মৰম আৰু চেনেহ মীনাৰ স্বামীৰ প্ৰথম সন্তানটোক দিলে। লৰাটোৰ লগতে, মীনাৰ সময় পাৰ হৈ গল।। লৰাটোৱে এতিয়া স্নাতক হল,বহুত  ভাল পৰ্চেন্টিজৰ সৈতে। আশে পাশে সকলোৰে মুখত এতিয়া এটাই কথা, লৰাটো কিমান ভাল। মাহী মাকৰ লগত থাকিও ইমান ভালকৈ উৰ্ত্তীণ হৈছে।( Assamese Storyboard )


 কিছু দিনৰ পাছত লৰাটোৱে বিয়া পাতিলে। এদিনাখন মাক চিৰিৰ পৰা পিচলি পৰিল, তেতিয়া লৰাটোৱে দৌৰ মাৰি যাওঁতেই, লৰাটোৰ পত্নীয়ে তাক বাধা দি কলে, কিয় ইমান চিন্তা কৰিছা! তোমাৰটো নিজৰ মা নহয়! বোৱাৰীয়েকৰ এনে কথা শুনি মীনাই নিজৰ কোঠালৈ গৈ বহুত কান্দিলে। লৰাটোৱে একো কৰিব নোঁৱাৰিলে।কিন্তু লৰাটোৱে মাকৰ বেদনাক বুজি পাইছিল। সি কেৱল এটা সুবিধা বিচাৰিছিল, মাকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ। 


আজি লৰাটোৰ বাবে বহুত ডাঙৰ দিন। আজি তাক অফিচৰ সকলোতকৈ ভাল কৰ্মচাৰী পুৰষ্কাৰ দিয়া হব। মঞ্চত উপস্থিত হৈ সি কলে, আজি মই যি নিজৰ ভৰি ওপৰত থিয় দিব পাৰিলো, সেয়া এক মহিলাৰ বাবে। সি মঞ্চৰ পৰা নামি আহি আগবাঢ়ি আহিল। তাৰ পত্নী বহু সুখী হৈছিল, তাই ভাৱিছিল লৰাটো তাইৰ ফালে আহিছে। কিন্তু লৰাটোৱে নিজৰ মাকৰ ফালে আগুৱাই গল আৰু মাকৰ হাতত ধৰি মঞ্চলৈ লৈ গল আৰু সকলোৰে আগত সাৱটি ধৰি লৈ কলে, ধন্যবাদ মা। আজি মীনাৰ দ্বিতীয় মাক হোৱাৰ দুখ বেদনা সকলো শেষ হৈ গল। এয়া সকলোৰে কথা আৰু সন্দেহে আছিল যি, মীনাৰ দুচকুৰে নিগৰি গল।।

Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages