এগৰাকী সেনা জোৱানৰ হৃদয়স্পৰ্শী প্ৰেম কাহিনী : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 11, 2021

এগৰাকী সেনা জোৱানৰ হৃদয়স্পৰ্শী প্ৰেম কাহিনী : Assamese Storyboard

Assamese Storyboard

 : ....…. হেল্ল' ..., জান...


: কোৱা শিখা..., কেনে আছা তুমি...?


: মই ভালেই আছোঁ  , তোমাৰ চাগৈ ব্যস্ততা বাঢ়িছে । এইকেইদিন টি.ভি. নিউজবোৰত যুদ্ধৰ কথাই কৈ আছে ( Assamese Storyboard )। মোৰ যে বৰ চিন্তা হৈছে জানানে...! কালি ঘৰৰ পৰা ফোন কৰিছিল মায়ে , তুমি কেতিয়া আহিবা মোক বাৰে বাৰে সুধিছে । ফাগুনতে মোক পঞ্চমৃত দিব , অহা সপ্তাহত মায়ে মোক নিবলৈ আহিব । 


Assamese Storyboard

: মই যাব নোৱাৰিম শিখা , যুদ্ধ বৰ ভয়ংকৰ হৈছে । যুদ্ধ শেষ নোহোৱালৈকে ঘৰলৈ যাব নোৱাৰিম শিখা । যুদ্ধত যদি জয়ী হওঁ তেতিয়া হাঁহিমুখে ঘৰলৈ যাম এমাহৰ চুটিত আৰু যদি নাযাওঁ তেতিয়া তুমি ভাবিবা তোমাৰ জান আৰু এই পৃথিৱীত নাই.....  অলপ দুখ লগাগৈ কলে জানে ।


: কিয় তেনেকৈ কৈছা জান ..., তোমাৰ একো হ'ব নোৱাৰে । তোমাৰ অবিহনে আমাৰ আহিবলগীয়া সন্তানটিৰ ভৱিষ্যতৰ দায়িত্ব কোনে ল'ব ....? 


: ইমান দুৰ্বল হলে নহব শিখা , বুকুত সাহস গোটোৱা , মোৰ অবিহনে আমাৰ সন্তানৰ দায়িত্ব তুমিয়ে ল'ব লাগিব । পিতৃ - মাতৃ উভয়ৰে মৰম দি তুমি আমাৰ সন্তানটোক ডাঙৰ কৰিব লাগিব শিখা । আহিবলগীয়া সন্তানটোৱে আমাৰ আশা আৰু ভৱিষ্যত । 


: জান , তুমি কিয় এনেকুৱা কথা কৈ আছা ...? তোমাৰ একো নহয় , ভগৱানৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে । 


: বিশ্বাস মোৰো আছে শিখা , কিন্তু সময় বৰ নিষ্ঠুৰ । বহু সতীৰ্থই যুদ্ধত প্ৰাণ হেৰুৱাইছে , চকুৰ পচাৰতে গুলিবৃদ্ব হৈ মাটিত বাগৰি পৰিছে । চাৰিওফালে কেৱল ধোঁৱা আৰু ধোঁৱা ...., বন্দুক কামানৰ গর্জন ..., এতিয়া যুদ্ধ সাম কাটিছে কিন্তু ওপৰৰ পৰা নিৰ্দেশ দিলেই আকৌ যুদ্ধলৈ যাব লাগিব । হয়টো আৰু তোমালৈ ফোন কৰিবলৈ সময় নহ'ব...., মা- দেউতাক মৰম দিবা । তুমিয়ো ভালকৈ থাকিবা । 


     জানৰ কথাবোৰ শুনি শুনি শিখাৰ দুচকুৰে টোপ টোপকৈ চকুলো বাগৰি আহিছিল । হেল্ল..., শিখা ...! শুনিছানে...?


: উম.... কোৱা । 


: তুমি কান্দিছা কিয়....? 


: তোমাৰ কথাবোৰ শুনি মোৰ বৰ ভয় লাগিছে জান...! 


: নাকান্দিবা শিখা , কান্দিলে মানুহে তোমাক দুৰ্বল বুলি হাঁহিব ...., মাথোঁ গৌৰৱ কৰিবা । তোমাৰ জানে দেশ মাতৃৰ সন্মান অটুত ৰাখিবলৈ গৈ নিজৰ জীৱনটোকেই আইৰ পূজাৰ বেদিত উচৰ্গা কৰিলে । 

: জান....! 


: মই জানো কথাবোৰ শুনি তোমাৰ দুখ লাগিছে । দুখ নকৰিবা শিখা , কনকনলতাৰ কথা ভাবি চোৱা । মাক দেউতাকৰ বাধা নামানি দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবৰ বাবেই হাতত তিৰঙ্গ পতাকা লৈ বন্দে: মাতৰম.... ধ্বনি দি আগবাঢ়ি গৈছিল । পুলিচৰ গুলি বুকু পাতি লৈ কনকলতা মাটিত ঢলি পৰিছিল আৰু আজিও অসমৰ গৌৰৱ হৈ কনকলতা প্ৰতিজন ব্যক্তিৰ অন্তৰে অন্তৰে জীয়াই আছে।  ঠিক আছে দিয়া । তুমি মন মাৰি নাথাকিবা । আই লাভ ইউ শিখা..... কথাবোৰ কৈ থাকোতে জানৰ মাতবোৰ থুকা থুকি হৈ পৰিছিল ।( Assamese Storyboard ) 


: লাভ ইউ জান.....,  ফোনটো কাটি দিলে শিখাই । জানৰ কথাবোৰ শুনি শিখা যেন বৰ অস্থিৰ হৈ পৰিল । কান্দি কান্দি বাহিৰলৈ ওলাই আহিল শিখা । সাঁজ লাগিবৰে হৈছিল । কেতেকীয়েও খৰখেদাকৈ গাটো তিয়াই গোসাঁইঘৰত সোমাল । চাকিগছি জ্বলাই কেতিকী ওলাই আহিল । বাৰাণ্ডাতে বহি কথাবোৰ ভাবি আছিল শিখাই  । .....বোৱাৰী , ইমানকৈ কি চিন্তা কৰিছানো...! জানে ফোন কৰিছিল নেকি....? 


: হয় মা , তেওঁৰ লগত কথা পতাৰে পৰা মনটোকে বুজাব পৰা নাই মা । মোৰ দেখুন বৰ ভয় লাগিছে ..., এওঁৰ যদি কিবা এটা হয়....! 


: ভয় লাগিবই দিয়াচোন..., জানৰ এবছৰ নৌহওতেই ময়ো দেউতাকক হেৰুৱাইছো..., দেশৰ বাবেই দেউতাক শ্বহীদ হ'ল । মোৰ বুকুখন উদং হৈ যায় বুলি ভাবিয়েই তাক মই মানা কৰিছিলোঁ । কিন্তু তাৰ যুক্তিৰ ওচৰত মোৰ আবেগ মূল্যহীন হৈ পৰিল বোৱাৰী । দেশৰ মংগলৰ বাবে মৃত্যুবৰণ কৰাটো বৰ গৌৰৱৰ কথা বোৱাৰী...। কিন্তু চিৰজীৱন বৈধৱ্য জীৱন কটোৱাটো বৰ কষ্টকৰ ।  কথাবোৰ কৈ হুক হুকাই কান্দিলে কেতেকীয়ে ।


: মা , কন্দা কটাখন নকৰিবচোন....! আপুনিয়ে যদি ভাগি পৰে মই কেনেকৈ ধৈৰ্য ধৰিম মা । কান্দি কান্দি ভাগৰি পৰিল দুয়োজনী । তেনেকৈয়ে যে কিমান সময় পাৰ হৈ গমকে নাপালে । 


        তিনি চাৰিদিন তেনেকৈয়ে পাৰ হৈ গ'ল , জানৰ একো খবৰ পোৱা নাই । ভয় আৰু শংকাৰ মাজত অতিবাহিত হৈছে দিনবোৰ । ৰাতিপুৱা গাটো ধুয়ে শিখাই কাপোৰ কানি কেইযোৰমান সামৰি বেগত ভৰাই ললে । কেতেকীয়েও পাকঘৰত জলপানৰ যোগাৰ কৰিছিল । পদূলিতে গাড়ী এখন ৰখোৱাৰ শব্দ শুনি শিখা উধাতু খাই বাহিৰলৈ ওলাই আহিল ....., মিলিটেৰী গাড়ীখন পদূলিত ৰখাই দিয়া দেখি শিখাৰ বুকুখন চিৰিং কৰি উঠিল । সতীৰ্থ চাৰিজনে স-সন্মানে গাড়ীৰ পৰা বাকচত ভৰাই থোৱা জানৰ মৃতদেহটো নমাই আনিলে ।  জানৰ নিথৰ দেহাটো দেখি শিখাৰ মুখৰ মাত বন্ধ হৈ গৈছিল । চুবুৰীয়াই চোতাল ভৰি পৰিল । সকলোৱে জান আৰু দেউতাকৰ গুণ গাই গাই চকুলো তুকিলে । বাহিৰত হুলস্থুল শুনি কেতেকী আগফালে ওলাই আহিল । পুতেকৰ মৃতদেহটো দেখি চিঞৰি চিঞৰি কান্দিলে কেতেকীয়ে । কেতেকীৰ কান্দোন শুনি শিখা আৰু ৰৈ থাকিব নোৱাৰিলে । জান..... জান..... বুলি চিঞৰি বুকু ভুকুৱাই ভুকুৱাই কান্দিবলৈ ধৰিলে । 

(সমাপ্ত)

Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages