পিছৰটো দেওবাৰে যেতিয়া ৰিয়া ঘৰলৈ আহিল তেতিয়া ৰিংকুয়ে মনতে ঠিৰাং কৰিলে যে যিকোনো প্ৰকাৰে সি ৰিয়াক আজি ক্ষমা খুজিব। সি জানিছিল যে মাত্ৰ ক্ষমা খুজিলেই নহব তথাপিও সি চেষ্টা কৰিব বিচাৰিলে।( Assamese Storyboard )
ৰিয়াই দুপৰীয়াৰ খোৱাৰ যোগাৰ কৰি আছিল। সুযোগ বুজি ৰিংকুয়ে পানী খোৱাৰ চলেৰে পাকঘৰলৈ আহিল। ৰিয়াই তাক দেখিও নেদেখাৰ ভাও জুৰি নিজৰ কাম কৰি থাকিল।
ৰিংকুয়ে লাহেকৈ চ'ৰি বুলি কোৱাত তাই অলপ আচৰিত হৈ ইফালে সিফালে চাব ধৰিলে। ৰিংকুয়ে আকৌ এবাৰ জোৰেৰে কলে,"চ'ৰি"।
ৰিয়াই আচৰিত হৈ তাৰ ফালে চাওঁতে সি আকৌ কলে," মই তোমাকেই চ'ৰি কৈছো। ইফালে সিফালে কি চাই আছা?"
ৰিয়াই এতিয়াও একো বুজি নাপায় কলে," কিন্তু আপুনি কি কথাৰ বাবে চ'ৰি কৈছে?"
তাই এতিয়াও বিশ্বাস কৰিব পৰা নাই। বিয়াৰ ৬ মাহ পাৰ হল আৰু আজি ৰিংকুয়ে তাইৰ লগত কথা পাতিছে সেইবাবে তাইৰ এইবোৰ অলপ অজিব লাগিল।
ৰিংকু: সেইদিনা ৰাতি মই এনেদৰে খং কৰিব নালাগিছিল।
কথাষাৰ শুনি ৰিয়াৰ অন্তৰত যেন এক বিষাদৰ ঢৌ উঠিল। কিমান সহজতে সামান্য এটা চ'ৰি বুলি কৈ দিলে যেন এইটো বহুত সৰু কথা।
ৰিয়াক মনে মনে থকা দেখি সি আকৌ কলে,"চোৱা, মই জানো যে মাত্ৰ চ'ৰি বুলি কোৱাটোৱেই যথেষ্ট নহয়। কিন্তু মই কি কৰিম? মইও তো সেই সময়ত একো বুজি পোৱা নাছিলো। সকলো নভবাকৈয়ে আপোনাআপুনি হৈ গল।
ৰিয়াৰ অন্তৰৰ বেদনা আৰু বাঢ়ি গল। তাই কাষতে থোৱা পানীৰ গিলাছটো উঠাই আনি ৰিংকুৰ চাৰ্টত ঢালি দিলে। ৰিংকু জঁপিয়াই উঠাত তাই কলে,"চ'ৰি"
ৰিংকুৰ খং উঠিল," কি কৰিছা এইবোৰ? তুমি জানি বুজি পানী পেলাই লৈছা আৰু চ'ৰি কব আহিছা।"
ৰিয়া: কিয় বেয়া লাগিল? আপুনিও তো এতিয়া তাকেই কৰি আছিল। এতিয়া মই কৰাৰ কাৰণে বেয়া লাগিল।
ৰিংকু: মানে?
ৰিয়া: যদি আপুনি এই বিয়া স্বীকাৰ কৰিবই নোৱাৰে তেন্তে বিয়াৰ বাবে মান্তি কিয় হৈছিল? প্ৰথমে আঘাত দিব আৰু পাছত ক্ষমা খুজিব। এইটো কি কথা?
ৰিংকুয়ে চকু তল কৰিলে। ৰিয়াৰ প্ৰতিটো শব্দই শুদ্ধ। সি লাহেকৈ কলে," তেন্তে কি তুমি মোক ক্ষমা কৰিব নোৱাৰা? আমি বন্ধু হিচাপেও থাকিব পাৰো।"
ৰিংকুৰ প্ৰতি ৰিয়াৰ মনত অযুত মৰম থকাৰ পিছতো কিয় জানো আজি সি চ'ৰি কওঁতে তাইৰ খং উঠিল। তাই কলে," বন্ধুত্ব হব নে নাই নাজানো? কিন্তু যেতিয়ালৈকে আপুনি এইটো নকয় যে কিয় প্ৰথমে বিয়াৰ বাবে মান্তি হৈ পিছত বিয়া অস্বীকাৰ কৰিলে ,তেতিয়ালৈকে মই আপোনাক ক্ষমা কৰিব নোৱাৰো।"
তাৰ পাছত ৰিয়া তৰকাৰীখিনি লৈ দাইনিং টেবুলত থবলৈ গুচি গল। ৰিংকুও তাইৰ পিছে পিছে আহিল। তাক দেখি ৰিয়াই ভোৰভোৰালে," এতিয়া বন্ধুত্ব গঢ়িব আৰু কাইলৈ কব মই এই বন্ধুত্ব নামানো।"
ৰিয়াই কথাষাৰ যিদৰে কলে ৰিংকুয়ে হাঁহি দিলে,"একেবাৰে নকওঁ কিন্তু এতিয়াতো বন্ধুত্ব গঢ়িব পাৰিম।"
ৰিয়াই একো নোকোৱাকৈ মাক দেউতাকক মাতিবলৈ গল। ইফালে মাকে ৰুমৰ পৰা এই সকলোবোৰ দেখি আছিল। সিহঁত দুয়োকে এনেদৰে থকা দেখি তেওঁ ভাবিলে যদিহে দুয়োয়ে অধিক সময় একেলগে অতিবাহিত কৰে তেন্তে সকলো ঠিক হৈ যাব।
সকলো দাইনিং টেবুলত খাবলৈ বহিল আৰু কল্পনাই বেদান্তক কলে ," বেদান্ত, আজিৰে পৰা তুমি শনিবাৰেই ৰিয়াক ঘৰলৈ লৈ আহিবা আৰু সোমবাৰে কলেজত থবলৈ যাবা। তাৰ পৰা তাই হোষ্টেল গুচি যাব।"
বেদান্তই মাকৰ কথাত মান্তি হল কিন্তু ৰিয়াই কলে," মা , এনেকুৱা হলে মোৰ পঢ়াত অসুবিধা হব।"
কল্পনা: কোনো কিন্তু নাই। মই বেছি দিন তোমাক নিজৰ পৰা আঁতৰাই থব নোৱাৰো সেইবাবে নিজৰ কিতাপ লগত লৈ আহিবা।
ৰিয়াই মোৰ জোকাৰি কলে,"ঠিক আছে মা।"
কল্পনাই তাইৰ মূৰত হাত ফুৰাই কলে," মাজনী তুমি ৰাতিপুৱা আহা আৰু সন্ধিয়া গুচিয়েই যোৱা। তোমাৰ লগত ভালদৰে কথা এষাৰ পাতিবলৈ সময় নাপাওঁ।"
এতিয়া লাহে লাহে ৰিয়া আৰু ৰিংকুৰ মাজত অলপকৈ কথা বতৰা আৰম্ভ হল। কিন্তু মাত্ৰ ইজনে আনজনৰ ভাল বেয়াৰ খবৰ হে লৈছিল।( Assamese Storyboard )
এদিন ৰিংকু মিটিং এখনৰ বাবে ৰেষ্টুৰেণ্ট এখনলৈ গৈছিল। মিটিং শেষ হোৱাৰ পাছত যেতিয়া সি বাহিৰলৈ ওলাল তেতিয়া চুক এটাত থকা টেবুল খনত চকু পৰিল । তাত বেদান্ত কোনোবা ছোৱালীৰ হাতত ধৰি বহি আছিল। দুয়োয়ে বৰ মৰমত ইজনে আনজনক খুৱাই দিছিল আৰু হাঁহি ধেমালি কৰি কথা পাতি আছিল।
ৰিংকুয়ে ছোৱালীজনীৰ মুখখন দেখা নাপালে। হয়তো সেই ছোৱালীজনী ৰিয়া বুলি ভাবি সি অলপ ওচৰলৈ গৈ চেহেৰাটো চাব বিচাৰিলে।
"আৰে এইয়া কি? এইজনী তো ৰিয়া নহয় , উৰ্মিহে হয়।"
ৰিংকুয়ে একো বুজি নাপালে। তাৰ এনেকুৱা লাগিল যেন ওচৰলৈ গৈ সুধিব। কিন্তু আকৌ সিহঁতক আমনি নকৰো বুলি ভাবি ৰাতি বেদান্তৰ লগত কথা পাতিবলৈ ঠিক কৰি তাৰ পৰা গুচি আহিল।
আজি শনিবাৰ আৰু ৰিয়া ঘৰলৈ অহাৰ কথা। আহাৰ গ্ৰহণ কৰাৰ পাছত বেদান্তই ফোনত কাৰোবাৰ লগত কথা পাতি আছিল। ৰিংকুয়ে যেতিয়া তাক অকলে থকা দেখিলে , সি বেদান্তৰ ওচৰলৈ আহিল। বেদান্তৰ চকু যেতিয়াই দুৱাৰ মুখত পৰিল সি ফোনটো কাটি দিলে। তাৰ পাছত বেদান্তই কলে," বাহিৰত কিয় ৰৈ আছা দাদা? ভিতৰলৈ আহা, কিবা কাম আছিল নেকি?"
ৰিংকু ভিতৰলৈ আহি বিছনাত বহি কলে," একো কাম নাই,এনেই আহিলোঁ। তোমাৰ লগত কথা পাতিব মন গৈছিল
"।
বেদান্ত: দাদা, তুমিতো ইয়ালৈ আহিও অফিচৰ কামত ব্যস্ত হৈ পৰিলা। গধূলি ঘৰলৈ উভতি আহোঁতেও বহুত ভাগৰি থাকা। মই তোমাৰ লগত সময় কটাবই নাপাওঁ।
তাৰ পাছত দুয়ো মিলি পুৰণা কথাবোৰ মনত পেলাই ফুৰ্তি কৰিলে। হঠাৎ ৰিংকুৰ ৰেষ্টুৰেণ্টৰ কথাটো মনত পৰিল। সি বেদান্তক সুধিলে," তুমি আজি দুপৰীয়া ৰেষ্টুৰেণ্টলৈ গৈছিলা?"
বেদান্ত অলপ আচৰিত হল,"দাদায়ে দেখিলে চাগৈ। তুমি কেনেকৈ গম পালা?"
ৰিংকু: মোৰ মিটিং আছিল তাত মইও তাতেই আছিলোঁ। তোমাৰ লগত ছোৱালী এজনীও আছিল।
বেদান্ত: দাদা সেইজনী উৰ্মি আছিল।
ৰিংকুয়ে হাঁহি মাৰি কলে,"ইয়াত ভয় কৰিব লগা কি কথা আছে?"
বেদান্ত: দাদা তুমি খং কৰা নাই তো?
ৰিংকু: নাই নাই, বাৰু এইটো কোৱাচোন তোমালোকৰ মাজত কিবা চলি আছে নেকি?
বেদান্তই লাজ কৰি কলে," দাদা , আমি ইজনে আনজনক বহুত ভাল পাওঁ।"
ৰিংকু: কি?
বেদান্ত: অ দাদা, মই আৰু উৰ্মি যোৱা ৩ বছৰ ধৰি ৰিলেচনত আছো আৰু পঢ়া শেষ হোৱাৰ পাছত আমি বিয়া কৰাম।
ৰিংকুৰ এতিয়া বহুত আচৰিত লাগিল কিয়নো সি ৰিয়াক বেদান্তৰ সতে কিবা ভাবি আছিল কিন্তু এতিয়া চোন এইবোৰ হৈছে। ৰিংকুয়ে আকৌ বেদান্তক সুধিলে," ৰিয়াই এইবোৰ গম পাই নে?"
বেদান্ত: অ দাদা, প্ৰথম দিনাৰ পৰাই তাই সকলো গম পায় । তাইয়েই মোক সোনকালে প্ৰেম প্ৰস্তাৱ দিবলৈ কৈছিল।
ৰিংকু: তাই এই কথাটো লৈ সুখী নে?
এতিয়া বেদান্ত আচৰিত হল তথাপিও সি বেছি চিন্তা নকৰি কলে," অ দাদা তাই বহুত সুখী। তাই মোক কৈছেও যে সুযোগ বুজি মা পাপাক আমাৰ এই সম্পৰ্কৰ কথা কব।"
ৰিংকুয়েতো একো বুজিয়েই নাপালে। সি বেদান্তৰ লগত ইটো সিটো কথা পাতিলে। তাৰ পাছত গুড নাইট বুলি কৈ নিজৰ ৰুমত গুচি গল।
ৰিংকু ভাবি ভাবি চিন্তিত হল। সি তাৰমানে ইমান দিন ভুল বুজি আছিল।
তেন্তে সেইবোৰ কি মিছা আছিল যেতিয়া সি বেদান্তই মাকক ৰিয়াক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ কথা কৈ থকা শুনিছিল? নে আজি তাৰ লগত বিশ্বাসঘাত হৈছে যে ৰিয়া আৰু বেদান্ত এটা প্ৰেমৰ সম্পৰ্কত আছে।?
ৰিংকুয়ে একোৱেই বুজি পোৱা নাই। সি বিছনাৰ পৰা উঠি বহি দিলে। তাৰ টোপনি অহা নাছিল আৰু পানী খাবলৈ যাৰ তো চাওঁতে তাত পানী নাছিল। সি পানী আনিবলৈ পাকঘৰলৈ বুলি আহোতে ৰিয়াৰ ৰুমৰ লাইটতো জ্বলি থকা দেখা পালে। হয়তো তাই সাৰে আছে।
তাৰ খোজবোৰ আপোনাআপুনি ৰিয়াৰ ৰুমৰ ফালে গল। দৰ্জা খোলা আছিল যদিও সি ভিতৰলৈ যাবলৈ সংকোচ কৰিলে। অলপ পৰ দুৱাৰত ৰৈ থকাৰ পাছত সাহস গোটাই দুৱাৰত নক কৰিলে।
ৰিয়া এতিয়ালৈকে পঢ়ি আছিল আৰু তাই উচপ খাই উঠিল যে ইমান ৰাতি কোন হব পাৰে। তাই উঠি আহি ৰিংকুক দেখি অবাক হল। আজি এইয়া প্ৰথমবাৰ যেতিয়া সি তাইৰ ৰুমৰ দুৱাৰত থিয় হৈছে।
ৰিয়াই তাক দেখা পাই লাজ কৰি কলে," কিবা কাম আছিল নেকি?"
ৰিংকুয়ে কি কব একো ভাবি নাপায় পানীৰ জাৰটোৰ ফালে দেখুৱাই কলে," পানী শেষ হোৱা বাবে ভৰাবলৈ আহিছিলো পাকঘৰলৈ।"
ৰিয়া: "তেন্তে মই আনি দিও নেকি?" তাই চকুযুৰি ডাঙৰ কৰি কলে।
ৰিংকু: নাই নালাগে, মই নিজেই যাও পানী আনিবলৈ।
ৰিয়া: তেন্তে যাৱক আকৌ , কোনেনো ৰাখিছে নে পাকঘৰৰ ৰাস্তা পাহৰি গল?
ৰিংকুয়ে লাহেকৈ হাঁহি কলে," নাই নাই ৰাস্তা পাহৰা নাই। তোমাৰ ৰুমৰ লাইটতো জ্বলি থকা বাবে এইফালে আহিলো।"
ৰিয়া: অ মই পঢ়ি আছিলো।
ৰিংকু: অ তেন্তে ভাল কথা কিন্তু বহুত ৰাতি হল এতিয়া শুই যোৱা। ৰাতি দেৰিলৈকে সাৰ পাই থকাটো স্বাস্থ্যৰ বাবে হানিকাৰক।
ৰিংকুয়ে এনেকৈ কোৱা বাবে ৰিয়াৰ বহুত ভাল লাগিল। তাই আগলৈ আহি তাৰ হাতৰ পৰা যগতো লৈ কলে," আপুনি বহক , মই পানী আনি দিম।"
ৰিংকুয়ে বাধা দি কলে," নাই নালাগে মই যাম।"
কিন্তু ৰিয়া নো কত ৰ'ব? তাই চিৰিৰ ফালে আগবাঢ়িল। তাইতো এইবোৰেই ভাবি আছিল যে ৰিংকুয়ে বিয়াৰ পাছত প্ৰথমবাৰ আকৌ আগৰ সৰুকালৰ দৰেই তাইৰ চিন্তা কৰিছে। তাই সোনকালে পানী আনি ৰিংকুক দিলে।
ৰিংকুয়ে তাইক কলে," ধন্যবাদ আৰু শুই যোৱা , শুভ ৰাত্রি।"
ৰিংকু নিজৰ ৰুমলৈ গল। অলপ দূৰ গৈ তাৰ কিবা এটা মনত পৰিল আৰু পিছলৈ ঘূৰি চাই দেখে যে ৰিয়া এটিয়াও দুৱাৰমুখত ৰৈ আছে।
ৰিয়াই তাক এনেদৰে ঘূৰি চোৱা দেখি ইঙ্গিতেৰে সুধিলে," কি হল?"
ৰিংকুয়ে কলে," তোমাক কথা এটা সুধিব আছিল কিন্তু এতিয়া বহুত ৰাতি হল কাইলৈ ৰাতিপুৱা সুধিম।"
ৰিয়াই ঠিক আছে বুলি কৈ ৰুমৰ ভিতৰলৈ সোমাই গল।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment