..."ছাৰ ইজ লেট্"
..."আজি মুভি মিছ কৰিম"
..."মোৰ ডেটিং আছিল !!"
..."মই মাৰ লগত এঠাইত যোৱাৰ কথা আছিল !!"
..." মোৰ ভোক লাগিছে ।"
..." কাইলৈ ৰাহুলৰ বাৰ্থদে পাৰ্টীত যাবিনে ?"
... " মোৰ মেটছিং ড্ৰেছ নাই ..!!"
.........
কোঠাটোৰ ভিতৰত অগণন কথা-বতৰাৰ ঢৌ বতাহত বাগৰি আছিল ।সকলোৱে কোঠাটোৰ দুৱাৰখনলৈ দৃষ্টি নিৱদ্ধ কৰি অপেক্ষাৰত আছিল ( Assamese Storyboard )!কেতিয়া যে চাৰজন আহিব আৰু সিহঁতৰ ক্লাছটো সোনকালে শেষ কৰি আজৰি হʼব পাৰিব । কিন্তু আটাইতকৈ অধীৰ আছিল মানৱ....!! কিয়নো ছাৰ আহি ক্লাছত সোমালেহে তাক পিছফালৰ পৰা কৰি অহা বাক্যবাণবোৰ শেষ হʼব ...!!!!নহ'লে হয়তো অসীমলৈ এই প্ৰক্ৰিয়া চলিয়েই থাকিব ..!!
" গুড আফ্টাৰনুন ক্লাছ !!"
সকলোৰে অপেক্ষাৰ অন্ত পেলাই প্ৰফেছাৰ এজন কোঠাটোত সোমাল ।সকলোৱে সমস্বৰে সঁহাৰি জনালে ..." গুড আফ্টাৰনুন ছাৰ .."
মি.অনিল শইকীয়া । কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক ।বয়স ৩৫/৪০ মান হʼলেও দেখাত ২৫/৩০ বছৰীয়া যেন দেখি ।আজি তেওঁ নীলা ছাৰ্ট আৰু কʼলা জিনছ পেন্ট পিন্ধি আহিছে ।হাতত এখন নোটবুক আৰু এটা গিফ্ট পেপাৰেৰে মেৰোৱা টোপোলা ...!!হয়তো কাৰোবাক দিবলৈ আনিছিল ।মুখত হাঁহি আৰু কমনীয়তা বিৰাজমান ।এক কথাত কʼবলৈ গ'লে তেওঁ এক আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী । সকলোৱে তেওঁক সমীহ কৰি চলে কলেজত ।
" So, students today we will discuss about Romantic poetry ....!!"
শইকীয়া ছাৰে পাঠ পঢ়াবলৈ আৰম্ভ কৰিলে ।লগে লগে কোঠাটোৰ গুণগুণনিবোৰ বাতাবৰণৰ পৰা অদৃশ্য হৈ পৰিল ...!!তাৰ সলনি সকলোৰে বেগৰপৰা বহী কলম উলিওৱাৰ খচখচনি শুনা গ'ল ।
মানৱে ও বহী উলিয়াই লিখিবলৈ আৰম্ভ কৰিলে ...
" William Shakespeare is known as the father of ......"
"হেল্লো শুনাচোন, এক্সট্ৰা পেন আছে নেকি ?"
চন্দনাই মাত লগালে ।
"উমম...লোৱা!"
মানৱে কলম এটা তাইলৈ আগবঢ়াই দিলে ।
"থেংক ইউ" ....
"ৱেলকাম"..
মানৱৰ বিষাদভৰা মনটো কিছু পাতল লাগিল ।হেজাৰ হʼলেও কোনোবাই যে তাৰ প্ৰতি বন্ধুত্বৰ সঁহাৰি জনালে । কিন্তু হঠাৎ...
" হে ইউ...ৱাটছ গয়িং অন ইন মাই ক্লাছ ?? "
শইকীয়া ছাৰে মানৱক উদ্দেশ্যি কʼলে ।
"Tell me the definition of Romantism in literature ..."
মানৱলৈ এইবাৰ ছাৰৰ প্ৰশ্নবান ।
মানৱে থতমত খাই থিয় দিলে ।কি বা আছিল উত্তৰটো ...সি মনত পেলাবলৈ চেষ্টা কৰিলে ... কিন্তু মনৰ ভয় আৰু বেজাৰত একোকেই ভাবি নাপালে ।সি থিয় হৈ তলমূৰ কৰি ৰৈ থাকিল ।
" Just stay like this till I finish the lesson ..!!"
ছাৰৰ কঠোৰ নিৰ্দেশ তাৰ কাণৰ পৰ্দাত আঘাত কৰিলেহি ।পিছফালৰ পৰা আকৌ কিছু গুণগুণনি আৰু খিলখিল হাঁহিও তাৰ কাণত পৰিল ।
" Silence please "
ছাৰে আকৌ পঢ়াবলৈ লৈছিল ।মানৱে এবাৰ চন্দনালৈ চাইছিল ।নাই, তাই তাৰ ফালে চোৱা নাছিল ।নোটছ লিখাতহে বিজি আছিল ।কি হʼল বাৰু তাৰ আজি ?? ইমান নাৰ্ভাছ কিয় হৈছিল ?? এটা প্ৰশ্নৰ উত্তৰ সি দিব নোৱাৰিলে ....!!!নিজকে কিবা গাধা গাধা লাগিল তাৰ আজি ।
বৰষুণৰ মাজেৰে ছাতিৰ আশ্ৰয় লৈ সি ৰাস্তাটোৰে আগুৱাই গৈ আছিল ।
"হেৰা ভাইটি ।শুনাচোন ।"
হঠাৎ কাৰোবাৰ মাতত মানৱে সম্বিত ঘূৰাই পাইছিল ।বৰষুণজাক তেতিয়াও দিয়েই আছিল ।তাৰ হাতত ছাতি আৰু পিঠিত বেগৰ লগতে মনত এবুকু বেদনাৰ বোজা কঢ়িয়াই সি কুঁজা হৈ গৈছিল ।
"অ কঁওকচোন ।"
এজন আদহীয়া মানুহে তাক পিছফালৰ পৰা মাতিছিল ।মানুহজনে ও ছাতি লৈ আছিল ।কান্ধত সৰু বেগ এটা ।চকুৰ চচমাৰে বৰষুণৰ পানী প্ৰতিফলিত হৈ বব ধৰিছিল ।
" মই মানে যোৰহাটৰপৰা আহিছিলো গুৱাহাটীলৈ প্ৰথম আহিলো । এইখিনি গণেশগুৰি নহয় জানো !"
"অ হয় "
" মোক মানে প্ৰমীলা বাইদেউৰ ঘৰটো দেখুৱাই দিব পাৰিবা নেকি ? তেওঁ ইয়াতেই থাকে বুলি কৈছিল । মই ফোন কৰি আছোঁ কিন্তু ৰিছিভেই নকৰে । এতিয়া কাকো চিনিয়ে নাপাওঁ নহয় সুধিবলৈ ।তাতে দোকানপোহাৰবোৰো বন্ধ ।বৰষুণত মানুহ দুনুহো নাই বাটত ।অথনিৰে পৰা এইখিনিতে ৰৈ আছিলো ।তোমাক দেখা পাই মাত লগালোঁ সেয়ে । বেয়া নাপাবা আকৌ !!"( Assamese Storyboard )
মানুহজনে একে উশাহতে কথাখিনি কৈ পেলালে ।যেন বহু সময় ধৰি কথাখিনি তেওঁ হজম নকৰাকৈ গিলিহে থৈছিল ..!!!
প্ৰমীলা বাইদেউ ...!!! নামটো শুনাৰ লগে লগে মানৱৰ মনত পৰি গʼল সেই ভয়াবহ ৰাতিটো ....যিদিনা তাৰ দুঃস্বপ্নবোৰে তাক বলিয়া কৰিছিল ....যিদিনা সি প্ৰথম সাক্ষাৎ হৈছিল তাৰ দুঃখবোৰৰ সৈতে ..... যি দিনা সি হেৰুৱাৰ উপক্ৰম হৈছিল তাৰ শৰীৰৰ পবিত্ৰতা ........!!!!!!!!!
প্ৰমীলা বাইদেউ ..!! নামটো শুনিলে এগৰাকী মৰমিয়াল মমতাময়ী মহিলাৰ ছবি মনলৈ আহে । কিন্তু মানৱৰ বাবে এই নামটো আছিল এক বিভীষিকা ..!! যেন এক পাহৰিব নোৱাৰা দুঃস্বপ্ন ।যেন বেৰত লাগি থকা মকৰা জালৰ দৰেই পাকলগা আৰু এঠালগা এক অপ্ৰয়োজনীয় আৱৰ্জনা মানৱৰ বাবে ...!!
******************************************
প্ৰায় দুবছৰমান আগৰ কথা । মানৱ তেতিয়া নৱম শ্ৰেণীৰ ছাত্ৰ । পঢ়াত ভাল আছিল বাবে ওচৰৰ সৰু সৰু লʼৰা ছোৱালীবোৰ তাৰ ওচৰত পঢ়িবলৈ আহিছিল । দৰাচলতে ,মানৱৰ বায়েকে সিহঁতক টিউশ্যন কৰাইছিল । কিন্তু তাইৰ বিয়া হৈ যোৱাৰ পিছত মানৱে সেই কামটো কৰিবলৈ লৈছিল ।
অঞ্চলটোৰ কেইজনমান পঞ্চম/ষষ্ঠ শ্ৰেণীৰ লʼৰা ছোৱালীক মানৱে পঢ়োৱাবলৈ আৰম্ভ কৰিলে ।আন যিয়েই নহঁওক, সিও পকেট খৰচ এটা পাইছিল আৰু সেইখিনি জমা কৰি এটা লেপটপ কিনাৰ তাৰ বৰ হেঁপাহ আছিল ।এদিনাখন প্ৰমীলা বাইদেউ বুলি বিখ্যাত মহিলাগৰাকী মানৱহঁতৰ ঘৰলৈ আহিছিল । তেওঁ আচলতে অঞ্চলটোৰ এগৰাকী সমাজ সচেতন মহিলা আছিল আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ পদৰ বাবে নিৰ্বাচন খেলাৰ কথাৰো কথা ওলাইছিল ।
"অ, হেৰি নহয় মিছেছ কলিতা, আপোনাৰ লʼৰাটি কিমান ক্লাছ পালে ? "
প্ৰমীলা বাইদেৱে মানৱৰ মাকক প্ৰশ্ন কৰিছিল ।
" অ সি এইবাৰ ক্লাছ নাইন "
"অ , লʼৰা ডাঙৰেই হ'ল "
"অ, ভগৱানে মংগল কৰক "
"মোৰ হে পিছে কি বা হয় ।আমাৰ এখেত ঢুকোৱাৰ পিছৰেপৰা সকলো দায়িত্ব অকলেই বহন কৰিছোঁ ।মাইনাজনীও লাহে লাহে ডাঙৰ হৈ আহিছে ।সমাজৰো কাম কৰি আছোঁ ।কোনপিনে চকু দিম , ভাবিয়ে পোৱা নাই ।"
বাইদেউৰ হাছবেন্দ দুবছৰ আগতে কাৰ এক্সিডেন্ট এটাত ঢুকাইছিল ।
" এৰা, আজিকালি দিনকাল ভাল নহয় " মিছেছ কলিতাই হুমুনিয়াহ কাঢ়ে ।
" তাকেই , মই বোলো কথা এটা ভাবিছিলো ।"
"কি কথা কঁওকচোন বাইদেউ "
"মানৱক আমাৰ ঘৰলৈ পঠিয়াব পাৰিব নেকি ।মাইনাক অলপ চাই দিলে ভাল আছিল ।"
"অ মই কʼম বাৰু তাক । ওচৰৰ মিতু,ধনহঁতক পঢ়াই আছেই ।যদি পাৰে , আপোনাৰ ঘৰলৈ যাব দিয়ক !"
"যদি পাৰে নহয়,একেবাৰে খাটাং কৰক,তাক যি ফিছ লাগে , মই দিম । আজিকালি টিউশ্যন মাষ্টৰবোৰ ধৰিব নোৱাৰি ।কাৰ কি মতি গতি !! মানৱ তেনেকুৱা নহয় বাবেই তাক বিচাৰিছোঁ ।" কথাষাৰত যেন কিবা এক বিদ্ৰূপৰ হাঁহিৰ উমান পাইছিল মানৱৰ মাকে । কিন্তু মুখেৰে একো ব্যক্ত নকৰি তেওঁ মাঁথো "হʼব বাৰু বাইদেউ" কৈ থʼলে ।
___________________________
( আগলৈ )
( বি. দ্ৰ. ঃ কিছু বাস্তৱ আৰু কিছু কল্পনাৰ সংমিশ্ৰণ এক ব্যতিক্ৰমী কাহিনী ৰচনাৰ প্ৰয়াস *অভিশপ্ত জীৱন* । আশা কৰোঁ সকলোৱে আদৰি লʼব ।পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব ।লগতে কিবা ভুল ক্ৰূটি দেখিলে আগুলিয়াই দিয়ে যেন । ধন্যবাদ ।
✍️ অৰূপ )
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment