হাতৰ পৰা পৰি যোৱা গোলাপৰ গোলদস্তাটো তুলি লৈ তনয় নিজৰ ৰূমলৈ উভতি আহিছিল । প্ৰীতিক চাৰপ্ৰাইজ দিবলৈ গৈ সি নিজেই চাৰপ্ৰাইজ পাইছিল প্ৰীতিৰ পৰা ( Assamese Storyboard )। প্ৰীতিয়ে তাক কিয় নকলে সুশাম্ত আহিব বুলি । পুনৰ সেই দৃশ্য তনয়ৰ দুচকুত ধৰা দিলে -- সুশান্তই প্ৰীতিক বাৰ্থদে' উইছ কৰা দৃশ্য ..বিদিশাই বাৰ্থদে' কেকটো ৰেডী কৰা দৃশ্য ।হয়তো তনয়ে প্ৰীতিৰ ওপৰত অনাধিকাৰ প্ৰবেশ কৰিব বিচাৰিছিল । সি কিয় পাহৰি যায় ..প্ৰীতি বিবাহিতা । এজন দায়িত্বশীল মৰমিয়াল স্বামী আছে তাইৰ। ভুল কৰিছে সি তাৰ প্ৰেমক ৰূপ দিবলৈ গৈ । সি আৰু তেনে ভুল কেতিয়াও নকৰে ..প্ৰীতিৰ জীৱনত অনাধিকাৰ প্ৰৱেশ নকৰে কোনোদিনে । প্ৰীতিৰ বাবে সজাই ৰখা ৰূমটোলৈ এবাৰ চকু ফুৰালে তনয়ে .. .কেকেটোত গুজি থোৱা মমদাল জুইশলা কাঠিৰে জ্বলাই ললে সি । মোবাইলত প্ৰীতিৰ ফটোখন উলিয়াই কেকটোৰ সমুখত ৰাখিলে । জ্বলোৱা মমদাল ফু মাৰি নমাই চুৰীখনেৰে কেকটো কাটিবলৈ লৈ কৈ উঠিল -- Wish you very happy birthday Pretty. Be happy always .
কাটিলোৱা কেকপিচ পুনৰ প্লেটখনত ৰাখি দিলে সি ।এটা হুমুনিয়াহ সৰি পৰিল মুখেৰে তনয়ৰ । চকুপানীৰে চলচলীয়া হোৱা চকুদুটা ৰূমালেৰে মচি ললে তনয়ে ।
" Happy birthday again darling !" -- শুই থকা প্ৰীতিক সুশান্তই কানৰ ওচৰত ফুচফুচাই ক'লে । " Thanks again dear !"চকু দুটা মেলি মিচিকি হাঁহিৰে কৈ উঠে প্ৰীতিয়ে ।
: আজি গধুলি পাৰ্টী হ'ব ..এপাৰ্টমেন্টৰ কাৰোবাক নিমন্ত্ৰণ দিলে দিবা আৰু মা-দেউতাকো মাতিবা ।
: আকৌ কিয় পাৰ্টী এৰেঞ্জ কৰিব লাগে ..আমি তিনিওটাই আজি দিনটো ভালকৈ পালন কৰিম হৈ যাব । -- সুশান্তৰ কথাত বিচনাখন ঠিক কৰি কৰিয়েই কৈ উঠে প্ৰীতিয়ে ।
তেনেকুৱাতে বিদিশাই চিঞৰি উঠে --" নহ'ব , মাৰ কথা নচলিব ..মুঠতে আজি পাৰ্টী হ'বই ।"
: Yes beta .you are right ! --- এইবুলি বিদিশাৰ লগত হাত মিলাই সুশান্তই ।
বাপেক-জীয়েকৰ কথাত মাত মাতিব নোৱৰা হয় প্ৰীতি । গাধুবলৈ বাথৰূমত সোমায় প্ৰীতি । ইফালে সুশান্তৰ সৈতে বিদিশা ব্যস্ত হৈ পৰে পাৰ্টীৰ এৰেঞ্জমেন্টক লৈ ।বিদিশাই এপাৰ্টমেন্টৰ নিমন্ত্ৰণ দিব লগিয়া সকলৰ লিষ্ট বনাই । আৰু সুশান্তই খোৱা বস্তুৰ পৰা ডেক'ৰেটিঙৰ বস্তুলৈকে ।
ব্ৰেকফাষ্ট কৰি সুশান্ত আৰু বিদিশা বজাৰলৈ যাবলৈ সাজু হয় । যোৱাৰ আগত বিদিশাই প্ৰীতিক কৈ যায় -- " মা , তনয় আংকলক ইনভিটেচনটো তুমিয়েই দিবাগৈ ছোন । নহ'লে আংকলক পাছত নাপাম । "
বিদিশাহঁত বজাৰলৈ ওলায় যোৱাৰ পাছত যাৱতীয় কিছু কাম কৰি তনয়ৰ ৰূমলৈ যায় প্ৰীতি ।বন্ধ দুৱাৰত টোকৰ দি কোনো সঁহাৰি নাপায় জপাই থোৱা দৰ্জাখন খুলি সোমাই যায় প্ৰীতি ভিতৰলৈ ।দ্ৰয়িং ৰূমত ভৰি দিয়েই আচৰিত হয় প্ৰীতি । ডাঙৰ ডাঙৰ আখৰে লিখি থোৱা আছে তাইৰ নাম । সুন্দৰকৈ বেলুনেৰে সজাই থোৱা আছে ৰূমটো । তেনেকুৱাতে তনয় সেইখিনি পায়হি ।
: এইবোৰ কি তনয় ? মোৰ বাৰ্থদে'ৰ এৰেঞ্জমেন্ট ..মই নজনাকৈয়ে !
: তোমাক যদি জনাইয়ে কৰিলোহেতেন ..কি মজা থাকিল হেতেন । তোমাক চাৰপ্ৰাইজ দিব বিচাৰিছিলো কিন্তু তুমিহে মোক চাৰপ্ৰাইজ দিলা ।
: মই তোমাক কি চাৰপ্ৰাইজ দিলো তনয় ?
: সুশান্ত আহিব বুলি মোক কিয় নজনালা ? মই তেতিয়া এইবোৰ নকৰিলো হেতেন ।
: সুশান্ত আহিব বুলি মইও নাজানো । সুশান্তইও মোক চাৰপ্ৰাইজ দিলে হঠাতে আহি । তুমি কিয় এইবোৰ কৰি নিজকে কষ্ট দিছা ? সকলো জানি বুজিও কিয় আশা কৰা তনয় ? নিজে কষ্ট পোৱাৰ বাহিৰে একো নোপোৱা ।অনুভৱবোৰ অনুভৱ হৈয়ে থাকিব দিয়া তনয় ..তোমাৰ ভালৰ কাৰনে ..মোৰ ভালৰ কাৰনে ..সকলোৰে ভালৰ কাৰনে । বাৰু বাদ দিয়া ..অাজি গধুলি ফ্ৰী আছানে ?
: কিয় সুধিলা ? মোৰ ছুটী আছে আজি ।
: তেতিয়াহ'লেতো খুবেই ভাল । গধুলি আহিবা দিনাৰ একেলগে কৰিম ।
: বাৰ্থদে' পাৰ্টী ?
: সুশান্ত আৰু বিদিশাৰ জোৰত
: ঠিক আছে ..যাম বাৰু ।
: সুশান্তহঁত পাবহি হৈছে মই যাওঁ ..কিবা এটা মনত পৰাৰ দৰে পুনৰ কৈ উঠে প্ৰীতিয়ে-- আজি দুপৰীয়া সাজ আমাৰ তাতে খাবা নহ'লে ..আছা যেতিয়া ..সুশান্তৰ লগত চিনাকীও হ'বা ।
: ৰ'বা , কেক এপিচটো মুখত দি যোৱা । -- এইবুলি তনয়ে কেক এপিচ আগবঢ়াই দিয়ে প্ৰীতিলৈ ।
প্ৰীতিয়ে তাৰেই অলপ মুখত লয় ।( Assamese Storyboard )
আহিবা সোনকালে ..মই বনাওগৈ । --- এইবুলি ওলাই আহে প্ৰীতি তনয়ৰ ৰূমৰ পৰা । পাকঘৰত কাম কৰি থাকোতেও তনয়ৰ কথাকে ভাবি থাকিল প্ৰীতিয়ে । বেয়া লাগিল তাইৰ তালৈ ..কিমান ছাগে আশাৰে সি এইবোৰ কৰিছিল ! এটা সময়ত বজাৰ কৰি দুয়ো পালেহি । ইতিমধ্যে তাইৰো খোৱাৰ যোগাৰ সম্পূৰ্ণ কৰিছিল । তনয়ৰ লগত সুশান্তৰ কথা-বতৰাও হ'ল । তনয় যাবলৈ ওলোৱাত সুশান্তই অলপ সময় থাকি গধুলিৰ পাৰ্টীৰ বাবে কৰিবলগীয়া কাম কিছুমানত সহায় কৰি দিবলৈ ক'লে । বাধ্যত পৰি তনয় ৰ'ব লগীয়া হ'ল । বিদিশাই প্ৰীতিৰ মাক-দেউতাক অৰ্থাৎ ককাক আইতাকক ফোনেৰে জনাই আহিবলৈ অনুৰোধ কৰিলে । বাকী থকা এপাৰ্টমেন্টৰ আৱাসী দুই এঘৰক ফোনেৰেই নিমন্ত্ৰণ জনালে সুশান্তই ।
গধুলি পাৰ্টীও ভালে ভালে শেষ হৈছিল । সুশান্ত থকা দিনকেইটাত সিহঁতে খুউৱ ফুৰিলে ।দীঘাৰ সাগৰৰ পাৰৰ মোহনীয়া পৰিবেশে প্ৰীতিৰ মনলৈ প্ৰশান্তিৰ ভাৱ আনিছিল । সুশান্তৰ কলিকতাত থকা সময়ো শেষ হৈ আহিল । যাবৰ পৰত চলচলিয়া চকুৰে বিদায় দিলে প্ৰীতিয়ে । বিদিশাই দেউতাকক পুনৰ সোনকালে মাতি পঠিয়ালে । প্ৰীতিৰ ৰূমটো পুনৰ এক শূণ্যই বিৰাজ কৰিলে । প্ৰীতিৰ বিদিশাৰ স্কুলো খুলিছিল । পুনৰ স্কুললৈ অহা-যোৱা কৰাত ব্যস্ত হৈ পৰিল দুয়ো । গতানুগতিকভাৱে সময়বোৰ পাৰ হ'বলৈ ধৰিলে প্ৰীতিহঁতৰ । বিদিশাও ক্লাচ টেন পালেগৈ । পঢ়াৰ ব্যস্ততা আগতকৈও বাঢ়িল এতিয়া তাইৰ।
বেলকনিৰ ৰেলিঙত দুহাতেৰে ভেজা দি সন্ধিয়াৰ আকাশখনলৈকে চাই আছে তনয়ে । আজি একোকে দেখোন ভাল লগা নাই তাৰ । মনে বিচাৰে কি ..সি পাইছে কি ..ঘৰত বিয়াৰ কথা বতৰা আৰম্ভ হৈছে । একে অঞ্চলৰে ছোৱালী নিলাক্ষীৰ লগত । তনয়ে অনিচ্ছ স্বত্বেও বিয়াত মত দিছে । পাৰিবনে সি নিলাক্ষীক প্ৰীতিৰ স্থান দিব ?? আৰু প্ৰীতি ?? প্ৰীতিক জানো মনৰ পৰা উলিয়াই দিব পাৰিব ?? প্ৰীতিয়ে জোৰ দিছে -- "তুমি মোক পাহৰিব পাৰিব লাগিব তনয়। এইটো সম্ভৱ হ'ব নিলাক্ষীৰ যোগেদি । গতিকে তুমি বিয়াত মত দিয়া ..নিলাক্ষীৰ লগত সুখী হ'ব পাৰিবা তুমি ।" প্ৰীতিৰ কথা পেলাব নোৱাৰে সি । সেয়হে বেছি ভাবি নাথাকি বিয়াত সন্মত হৈছে । খুউৱ কষ্ট হ'ব তনয়ৰ কাৰনে প্ৰীতিৰ পৰা আঁতৰি অহাতো । কাইলৈ ৰাতিপুৱা তনয়ে ঘৰলৈ বুলি যাত্ৰা কৰিব । জীৱনৰ কাৰনে কাৰোবাক আপোন কৰি লবগৈ ।
সেইদিনা দেওবাৰ ..বিচনাৰ পৰা উঠাই নাছিল প্ৰীতি । তেনেকুৱাতে ফোনটো বাজি উঠিল । গাৰুৰ কাষতে থোৱা ফোনটো লৈ দেখে সুশান্তৰ বৌয়েকে কৰিছে । আচৰিত হয় তাই ..ফোনটো ৰিচিভ কৰে তাই --
: হেল্ল বৌ
: কেনে আছা প্ৰীতি ?
: আছো ঠিকে । আপোনালোকৰ ভালনে ?
: ৰ'বা , আজি ৰাতিপুৱাই তোমাক খবৰ এটা দিবলৈহে ফোন কৰিছো ।কালিয়েই কৰিব খুজিছিলো ..তোমাৰ বৰজনাইহে মোক বাধা দিলে :
: কি খবৰ বৌ ? সকলো ঠিকে আছেতো ?
: ঠিকে আছে বাৰু কিন্তু সুশান্তহে...
: সুশান্তৰ কি হৈছে বৌ ?
বৌয়েকে যিখিনি কথা কলে প্ৰীতিৰ ভৰি তলৰ মাটি খিনি যেন নাইকিয়া হৈ গ'ল । ফোনটোও হাতৰ পৰা সৰি পৰিল ।
আগলৈ ...
(সকলোলৈ পুনৰ বাৰ কৃতজ্ঞতা জনালো ।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment