যেতিয়া এজনী ছোৱালীৰ জীৱনলৈ নামি আহে ধুমুহা (খণ্ড ১) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 4, 2021

যেতিয়া এজনী ছোৱালীৰ জীৱনলৈ নামি আহে ধুমুহা (খণ্ড ১) : Assamese Storyboard

Assamese Storyboard

বাৰাণ্ডাত বহি বহি মনশ্ৰীয়ে তাইৰ জীৱনত ঘটি অহা কাল নিশা বোৰৰ কথা ভাবিবলৈ ধৰিলে l হাঁহি ধেমালিৰে পাৰ কৰা সুখৰ দিনবোৰ যেন এতিয়া এক সপোনহে মাথোন ( Assamese Storyboard )l মৰহা ফুলৰ দৰে মৰহি গ'ল তাইৰ জীৱনতো l সপোনবোৰ সপোন হৈয়েই থমকি ৰ'ল l জীৱনতো মৰীচিকাৰ দৰে যাত্ৰা কৰিব বুলি কেতিয়াও কল্পনা কৰা নাছিলো l অন্য এক যাত্ৰা অতিক্ৰম কৰি আছো l কেতিয়া শেষ হব এই যাত্ৰাৰ l

*********************************


মনশ্ৰীৰ ঘৰত আজি উখল মাখল পৰিবেশ একমাত্ৰ জীয়ৰীৰ আজি বিয়াৰ দিনবাৰ ঠিক হ'ব l 

ককায়েক মানস আনন্দত কি কৰিছে সি নিজেই ধৰিব পৰা নাই l

তাতে ভাল ঘৰৰ ল'ৰা l ভাল চাকৰি, ইমান ভাল সম্পৰ্ক এটা হৈ গলে সকলোৱে আনন্দিত হব l 

মনশ্ৰীৰ বান্ধৱী কৰবীক মাতি আনিছে ককায়েক মানসে l

সকলোৰে মনত আনন্দ কিন্তু মনশ্ৰী যেন দুখত ভাগি পৰিছে l খিৰিকীৰ মুখত বহি ৰাস্তালৈ চাই আছে যেন কোনোবা আহিব বুলি অপেক্ষা কৰিহে আছে l 

কৰবী আহি তাইৰ কাষ পালেহি কিন্তু তাইৰ কোনো খবৰ নাই l 

মনশ্ৰী কি হৈছে তোমাৰ  l তোমাৰ  মনটো যে একেবাৰে উকা l আজি তোৰ বিয়াৰ দিন লবলৈ আহিব আৰু তোমাৰ  মুখত অলপমান আনন্দ বুলিবলৈ নাই l তোমাৰ  মনটো যেন অন্ধকাৰে চানি ধৰা দৰে কৰিছ যে মই কিন্তু একো ধৰিব পৰা নাই l

এই বিয়াত বহাৰ ইচ্ছা নাই নেকি l নে তুমি আন কাৰোবাৰ প্ৰেমত পৰিছ l কি হৈছে অন্ততঃ মোক এবাৰ কোৱা l

বাৰে বাৰে সুধাৰ পিছত কবলৈ প্ৰস্তুত হ'ল l


অ কৰবী মই আন কাৰোবাক ভাল পাওঁ l তেওঁৰ বাদে আন কাৰোবাক আপোন কৰি লোৱা কথা সপোনতো ভাবিব নোৱাৰোঁ l কিন্তু তেওঁৰ কথা মই ঘৰত কওঁ কেনেকৈ l সকলোৰে আনন্দ দেখি মই নিজৰ সুখ সপোনবোৰ মোহাৰি পেলাব লাগিব l মই নিৰুপায় কৰবী l মা দাদাক অন্তৰত দুখ দি মই কেতিয়াও সুখী হ'ব নোৱাৰোঁ l

সচাকৈয়ে মনশ্ৰী তোমাৰ দৰে ছোৱালী হয়তো কোনো নাই l ঘৰৰ কথা চিন্তা কৰি নিজৰ সুখ বলিদান দিবলৈ উলাইছা l তুমি সুখী হোৱা l বাৰু আৰু এটা কথা কোৱাছোন তুমি যাক অন্তৰখন দিলা তেওঁ প্ৰকৃততে কোন বাৰু l

শুনি তুমিও হয়তো আচৰিত হবা l তেওঁ আন কোনো নহয় তোমাৰ দাদা ভৈৰৱ l ( Assamese Storyboard )


কিন্তু এইয়া কেনেকৈ সম্ভৱ দাদা আৰু তুমি l নাই নাই মোৰ কাণখনে কিবা ভুল শুনিছোঁ l দাদাৰ কথা কলে তোমাৰ ঘৰত কেতিয়াও মানি নলয় l সি এইবছৰ পঢ়া শেষ কৰি চাকৰি পোৱাৰ পিছত বেলেগ কথা আছিল l কিন্তু এতিয়া সম্ভৱ নহয় l তোমাৰ যে বিয়াৰ কথা চলি আছে দাদাই কথাটো জানেনে l


জানে কৰবী সি সকলো জানে l সি ইমানেই নিষ্ঠুৰ মোক বিয়া হৈ যাবলৈ কৈছে l এতিয়া তাৰ বাবে মই ইম্পৰটেন্ট নহয় l মই আনৰ হৈ গলেওঁ সি মনত অলপো কষ্ট নাপায় l তাৰ কেৰিয়াৰ প্ৰথম l নিজৰ লক্ষ্য পাবলৈ সকলো ত্যাগ কৰিব পাৰিব l সি নিজেই কৈছে l

আগলৈ…


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages