এটা অভিশাপ ভৰা জীৱনৰ বহু গোপন অধ্যায় ( খণ্ড ৬ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 17, 2021

এটা অভিশাপ ভৰা জীৱনৰ বহু গোপন অধ্যায় ( খণ্ড ৬ ) : Assamese Storyboard

Assamese Storyboard

 

*তুমি বাৰু কইনাঘৰৰ আলহী নেকি?

বাথৰুমৰপৰা ওলাই লʼৰাজনে সুধিলে ।
মানৱ ওচৰতে পানীৰ টেংকিত পানী আছেনে চাই আছিল ( Assamese Storyboard )।লগতে নলাৰ পানীখিনি ঠিকমতে পাৰ হৈ বাহিৰলৈ গৈছেনে চাই লʼলে । বাথৰুমটো আঁৰ কাপোৰেৰে ঢাকি সিফালে পিছফালৰ চোতালত খোৱাৰ ব্যৱস্থা কৰা হৈছিল । গুৱাহাটী মহানগৰীৰ ঘৰ যদিও এলেকাটো এতিয়াও ইমান উন্নত হোৱা নাছিল । বহুকেইখন উকা পথাৰত মানুহে মাটি কিনি বাউন্ডাৰীৰ ৱাল দি থৈছিল কিন্তু ঘৰ সজা নাছিল ।মানৱহঁতৰ চোতালৰ পিছফালেও মানুহ এঘৰৰ খালী বাউন্ডাৰী পৰি আছিল ।

*মই আলহী নহয় , গৃহস্থহে !! মোৰ সৰু বাইদেউৰ বিয়া !!

* অ হয় নেকি , বঢ়িয়া ।তুমি মানে কইনাৰ ভায়েক ।আজি কাপোৰ এযোৰ পাবা তেন্তে ।

মানৱে বুজিছিল লʼৰাজনে কি কৈছিল । কইনাৰ আখৈ তুলা পৰ্ব শেষ হোৱাৰ পিছত দৰাঘৰে এযোৰ কাপোৰ উপহাৰ দিয়াৰ নিয়ম আছে সমাজত ।

* উমম  ..
মানৱে লাহেকৈ সঁহাৰি জনাইছিল ।

দুয়ো ইতিমধ্যে সমুখৰ চোতাললৈ আগবাঢ়ি গৈছিল । মানৱে সমুখৰ লাইটৰ পোহৰত লʼৰাজনলৈ এবাৰ ঘূৰি চালে ।বেছ সূদৰ্শন চেহেৰাৰ অধিকাৰী, আকাশী নীলা ৰঙৰ কূৰ্তা আৰু কʼলা জিনছ পৰিহিত সুঠাম ডেকা লʼৰা এজন । কিছু সময় আগলৈ খঙে বাহ কৰি থকা মানৱৰ মনটো হঠাৎ কিছু পাতল আৰু ৰঙীন যেন লাগিল । লʼৰাজন ইমানো বেয়া নহয় চাগে ...সি মনতে ভাবি

দৰাঘৰীয়া মানুহবোৰ ঠায়ে ঠায়ে বহি পৰিছিল । কইনাঘৰৰ পৰা ছোৱালী দুজনী লাহেকৈ ওলাই আহি সকলোকে তামোল পাণ যাঁচিলেহি । মামনি আৰু পম্পী । মানৱহঁতৰ সম্পৰ্কীয় ভনীয়েক ।মানৱৰ সম বয়সীয়াই হʼব । দৰাঘৰৰ লʼৰাবোৰে সিহঁতলৈ চাই চাই দুষ্টালিৰ হাঁহি মাৰি আছিল ।ঘৰৰ জ্যেষ্ঠ কেইজনে বিয়া সম্বন্ধীয় নানা কথা আলোচনা কৰি আছিল । মানৱে চাৰিওফালে এবাৰ চকু ফুৰাবলৈ লঁওতেই আকৌ সেই ডেকাজনৰ ওপৰত চকু গʼল তাৰ ....মনত কিবা লাজ লাজ লাগিব ধৰিছিল তাৰ ....ছেঃ কি হৈছে তাৰ !! এনেকুৱা চোন আগতে অনুভৱ কৰা নাছিল সি। সি ভালদৰে মন কৰিলে , লʼৰাজন তাৰ ফালেই আহি আছে চোন । কি বা হʼল আকৌ ।তাৰ হঠাৎ বুকুখন চিৰাং কৈ বিষাব ধৰিলে চোন ...!!

* এক্সিউজ মি ....আমাৰ চিনাকিটো আধৰুৱা হৈ আছিল ।তুমি নিজৰ বিষয়ে কʼলা ঠিকেই কিন্তু মোৰ বিষয়ে হে কোৱা নহ'ল তোমাক !

মানৱৰ তেতিয়াহে মনত পৰিল সি যে তেওঁক একো সুধিবলৈ নহ'ল ।আচলতে সি পাহৰিয়ে গৈছিল যে সিও কিবা উত্তৰ দিব লাগিছিল ।কথাটো ভবাৰ লগে লগে মুখখন তাৰ ৰঙা ছিঙা পৰি গৈছিল ।

*কি হল , ঘামি গৈছাযে ইমান ঠান্ডাত !! 
লʼৰাটোৱে পুনৰ মাত লগাইছিল ।

মানৱে কি কʼব কি নকʼব একো ভাবি উৱাদিহ পোৱা নাছিল ।

* মানে ....মানে ...
সি কিবা কʼব খুজিছিল ।এনেতে পিছফালৰ পৰা তাক কোনোবাই মাতিছিল ,
*মানৱ বোপা .. এইফালে আহাচোন ।

লʼৰাজনলৈ একো উত্তৰ নিদিয়াকৈ সি ভিতৰলৈ গুচি গʼল ।

ৰভাঘৰত উখল মাখল পৰিবেশ ।বিয়াৰ হোমৰ জুই জ্বলিবলৈ আৰম্ভ কৰিছিল ।মানুহবোৰে খাবলৈ বুলি পাতল পাতল কৈ গৈ আছিল । কিছুমানে আকৌ ৰভাথলীতে মানুহ চোৱা চুই কৰি আছিল ।দৰা আৰূ সখীয়েকে যথাস্থানত বহি আছিল ।আয়তীসকলে দৰাৰ মুখৰ ফালে চাই কিবা কিবি মন্তব্য কৰি আছিল ।( Assamese Storyboard )

*কলিতা দাৰ ভাগ্যখন ভাল ।
*হয় দিয়ক ।তিনিওজন জোঁৱাই য়ে ভাল ঘৰৰ পাইছে ।
*আমাৰ আকৌ এজনীকো আজিলৈ উলিয়াই দিব পৰা নাই !
*হয় কথাটো , ঈৰ্ষাও জাগে কেতিয়াবা ।
*পিছে ভগৱানে সকলোকে সকলো সুখ নিদিয়ে ।
*কিয় বা কʼলে !
*কলিতাৰ ছোৱালীকেইজনী পাৰ হ'ল বাৰু ।পিছে এতিয়াহে সমস্যা বাঢ়িল ।
*মানে ?
*মানে , কলিতাৰ লʼৰাটোৰ কথা কৈছোঁ আকৌ ।সি অলপ এবনৰ্মেল নহয় জানো ।
*অ , সেইটো কথা ।
*তাকেই বেয়াও লাগে ভাবিলে ।
*বেয়া লাগিবলৈ কি আছে । কলিতাৰ লʼৰা, কলিতাৰ সমস্যা ।আমি অকল বিয়া খাবহে লাগে ।
*উমম
*তাৰ লʼৰাৰ বিয়াখন হে খাব নাপম চাগে ।
*এৰা ।
*এইবোৰ বাদ দিয়ক, এইফালে চাওকচোন চাদৰখন ভাল লাগিছেনে ।
*অ, এইখন শইকীয়াৰ লʼৰাৰ বিয়াতো পিন্ধিছিল নেকি ,ভাল লাগিছে !!
*এহ নহয় , এইখন নতুন ।যোৱাকালি আমাৰ এওঁ আৰু মই বজাৰলৈ গৈছিলো ।ভাল লগাত কিনিয়েই পেলালো ।
*অ বেছ দামী চাগে ।
*এহ বেছি নহয় ..২০০০ দিলো আৰু !!
*উমম...

বিয়া ঘৰৰ তিৰোতাসকলে নানা কথা পাতিবলৈ ধৰিলে । মামনি আৰু পম্পীয়ে ওচৰতে বহি কথাবোৰ শুনি আছিল । সিহঁতৰ প্ৰথমে অলপ খং উঠিছিল মানৱৰ কথা তেনেকৈ তিৰোতাবোৰে আলোচনা কৰাৰ বাবে । কিন্তু পিছৰ ফালে হাঁহিহে উঠিল । পম্পীয়ে হঠাৎ মামনিলৈ হেঁচুকি মাৰি কʼলে , 

*চাচোন, সেই ব্ৰাউন কোট পিন্ধা লʼৰাজন তোলৈ কেনেকৈ চাই আছে ?
*কʼতা।
*সেয়া, তাত যে থিয় হৈ কথা পাতি আছে লগৰটোৰ লগত ।
*অ , অ , দেখিছোঁ ।পূৰা ফিটিং চাগে ।
*উমম তাকেই ...
*তামোল এখন দি আহিবি নেকি ?
* থ থ মোৰ গৰজ পৰিছে ।
*লগৰটো কিন্তু বেয়া লগা নাই । হেন্ডচাম আছে ।
*অ বল নহ'লে , আমিও লাইন অলপ দিও ...
*ধেইত এইজনী, বলচোন এবাৰ ভিতৰৰ পৰা আহো্।লিপষ্টিক অলপ ডাঠকৈ ঘঁহি লঁও ।ফটো উঠিব আছেই ।
*অ বʼল বʼল ।ময়ো ইয়াৰ ৰিং যোৰ বদলাই লঁও ।
......এইবুলি দুয়ো ভিতৰলৈ গʼল ।

___________________________

(আগলৈ )

( বি. দ্ৰ. ঃ কিছু বাস্তৱ আৰু কিছু কল্পনাৰ সংমিশ্ৰণ এক ব্যতিক্ৰমী কাহিনী ৰচনাৰ প্ৰয়াস *অভিশপ্ত জীৱন* । আশা কৰোঁ সকলোৱে আদৰি লʼব ।পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব ।লগতে কিবা ভুল ক্ৰূটি দেখিলে আঙুলিয়াই দিয়ে যেন । ধন্যবাদ ।

✍️ অৰূপ )
Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত
 - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages