তাই কিয় বেশ্যা হৈছিল আৰু তাইৰ হত্যাকাৰী কোন ( খণ্ড ৩ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 13, 2021

তাই কিয় বেশ্যা হৈছিল আৰু তাইৰ হত্যাকাৰী কোন ( খণ্ড ৩ ) ? Assamese Storyboard

Assamese Storyboard

 

নিয়ৰৰ হাত ভৰি বোৰ কপিব ধৰিছে । সি বিচনাত বহি ল'লে । এইবোৰ কি হৈ গ'ল ! কালি ৰাতি হেনো কোনোবাই পলাশক হত্যা কৰিছে । কিন্তু ! কোনেই হত্যা কৰিব পাৰে পলাশক ! ৰাধিকা যে এইটো বৃত্তিত পলাশৰ লগত জড়িত সেই কথা নিয়ৰক ভাৰ্গৱে কৈছিল । ভাৰ্গৱ নিয়ৰ ৰ বন্ধু । আৰু কালি ভাৰ্গৱে নিয়ৰক ৰাধিকা ক পলাশক ফোন কৰি দিছিল । এতিয়া নিয়ৰক এই খৱৰটো ভাৰ্গৱে দিছে । সি ৰাধিকা ক সন্দেহৰ চকুৰে চাইছে । সেয়েহে এবাৰ সি ৰাধিকা ক ফোন কৰিব দিছে । পলাশে ৰাধিকা ক ফোন লগাইছিল ।( Assamese Storyboard )

         কিন্তু ৰাধিকাৰ ফোন বন্ধ আছিল । মূহুৰ্ততে নিয়ৰ ৰ মনটো সন্দেহ ৰে উপচি পৰিছিল । হাজাৰ প্ৰশ্ন ই নিয়ৰক বেৰি ধৰিছিল । ৰাধিকাৰ ফোন কিয় বন্ধ ! সচাকৈ ৰাধিকা ই প্ৰলাশক হত্যা কৰিলে নেকি ! নাই নাই ৰাধিকাৰ ইমান সাহস নাই । তেন্তে এই হত্যা কোনে কৰিলে ! নে ৰাধিকা ৰ লগত অন্য কোনোবা জড়িত আছে ! পুৰুষ অবিহনে এই হত্যা অসম্ভৱ । 

কিন্তু এই হত্যাকাণ্ড সংঘটিত কৰিলে ! কোন জড়িত এই হত্যাকাণ্ড ত !

               ৰাধিকা ই পলাশৰ হত্যাৰ কথা শুনি বহুত ভয় খালে । কাৰন এতিয়া হয়টো কোনোবা মুহুৰ্ত ত ৰঙাঘৰৰ আলহি হ'ব পাৰে ৰাধিকা । কিন্তু কোনে হত্যা কৰিলে পলাশক ! হত্যাকাৰী চাগৈ নিয়ৰ । কাৰন কালি নিয়ৰে সকলো কথা গম পালে । আৰু সন্ধিয়া নিয়ৰে তাইৰ পৰা পলাশৰ ফোন নং লৈছিল । হয় হয় এই হত্যা নিয়ৰে কৰিছে । নিয়ৰে ইমান ডাঙৰ বিশ্বাস ঘাটকতা তাইৰ লগত কৰিব তাই সপোন ত ও ভাৱিব পৰা নাছিলে । সি এবাৰ কিয় ভাৱি নাচালে যে প্ৰকাশক হত্যা কৰিলে ৰাধিকা ও ফচিৱ । নিয়ৰৰ এয়া প্ৰেম কেতিয়া ও হ'ব নোৱাৰে । 

              তেনেতে ৰাধিকা ৰ কোঠাত ৰাধিকা ৰ মাক সোমাই আহিছিল ।

- ৰাধিকা 
- কোৱা 
- যি হ'ল ভালে হ'ল ! এতিয়া আমি নিজে  এই ব্যৱসায়ত নামিম ।
- কি ! তুমি আজি ও এই কথা কব পাৰিছা ! মই আছোঁ ভয়ত আৰু তুমি !
- কিহৰ ভয় ! একো ভয় নাই । পলাশক কোনে মাৰিছে আমি কি জানো ।
- মা এইবাৰ তুমি নিজে এই বৃত্তিত নামা ।
- ৰাধিকা !
- কিয় চিঞৰিছা ! তুমি এজনী মাতৃ হৈ মোক !
- মাতৃ !

           ৰাধিকাৰ মাকে এটা দুষ্ট হাহি প্ৰক্ষেপ কৰি ৰুমৰ পৰা ওলাই গৈছিল । ৰাধিকা আচৰিত হৈছিল । সচা পৃথিৱীত মানুহ বোলা জাতিটো নিজ স্বাৰ্থৰ বাবেই কিমান তলত যাৱ পাৰে তাই আজি উপলব্ধি কৰিছে । তাই এতিয়া কি কৰিব !

           ইতিমধ্যে পলাশৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ল । ৰিপোৰ্ট আহিছে এয়া মাৰ্ডাৰে হয় । কিন্তু হত্যাকাৰী ইমান বুধিয়ক যে এই হত্যা কাণ্ডত কোনো ধৰনৰ ক্লু ৰখা নাছিল । এক পৰিকল্পিত হত্যা কাণ্ড । এই হত্যাকাৰী বিচৰাত আৰক্ষী যে বিমোৰত পৰিব সেইটো খাটাং ।

           ইতিমধ্যে আৰক্ষী অধীক্ষক বৰুৱাই পলাশৰ ফোনৰ সকলো তথ্য উলিওৱা ৰ নিৰ্দেশ দিছে । এয়া হত্যাকাৰী বিচৰাৰ প্ৰথম তাৰিকা হ'ব ।

           নিয়ৰে বহুত ভয় খাইছে ! সি কালি এইবোৰ ৰ মাজত সোমাই ডাঙৰ ভুল কৰিলে নেকি ! কি প্ৰয়োজন আছিল তাৰ এইবোৰ ৰ মাজত সোমোৱাৰ । কিন্তু প্ৰয়োজন আছিল । সি সচা অৰ্থত ৰাধিকা ক ভাল পাইছিল । কিন্তু সেই ভালপোৱা যে এখন জঘন্য অন্ধকাৰ অৰন্যৰ মাজত সোমাই আছে সেই কথা সি জনা নাছিল ।

       তেনেতে নিয়ৰৰ তাত এটা অচিনাকী নম্বৰৰ ফোন ! কোন জানো ! সি অলপ ভয় খাইছে ! তথাপিও ফোন টো ৰিচিভ কৰিলে ।

- হেল্ল' 
- মিষ্টাৰ নিয়ৰ কাকতি হয় ?
- হয় , মই নিয়ৰ কাকতিয়ে কৈছোঁ ।
- আপুনি কত থাকে জনাৱ নেকি ?
- মই হাতিগাও ভেটাপাৰাৰ , কৃষ্টি পথৰ " আলয় " নামৰ ফ্লেটত তিনি নম্বৰ মহলাত  থাকো ।
- ঠিক আছে । মই আপোনাক লগ পাব বিচাৰোঁ ! নিশ্চয় লগ পাম ?
- নিশ্চয় ! কিন্তু আপুনি ?
- লগ পোৱাৰ পাছত চিনাকি হ'ম ।

           কথা খিনি কৈ মানুহ জনে ফোন টো কাতি দিছিল । নিয়ৰ চিন্তাত পৰিলে । কোন হ'ব পাৰে লগ পাব বিচাৰিছে । তেনেতে তাৰ ফোন টো আকৌ বাজি উঠিল । ৰাধিকা ৰ ফোন ! সি ৰিচিভ কৰিলে ।

- হেল্ল' ৰাধিকা 
- নিয়ৰ তুমি মোৰ লগত ভাল নাটক কৰিলা ।
- নাটক ! কি ক'ব খুজিছা তুমি ?
- পলাশক হত্যা কৰি মোক ফচোৱাৰ নাটক ।
- ৰাধিকা ! মুখ চম্ভালি কথা কবা । নাটক মই কৰিছোঁ নে তুমি ?
- মানে !
- বুজিও নুবুজাৰ ভাও নধৰিবা । আচলতে পলাশৰ হত্যাকাৰী তুমি !
- নিয়ৰ !
- আৰু মই এজন তোমাৰ অন্ধ প্ৰেমিক হৈ একোৱেই নুবুজিলো তোমাৰ নাটক ।
- নিয়ৰ প্লীজ ! মই তোমাৰ শত্ৰু আছিলোঁ নেকি ! যে তুমি মোক এনেকৈ ফচাৱ বিচাৰিলা ।
- সেই প্ৰশ্নটো মই তোমাক কৰিব লাগিছিল ৰাধিকা ।( Assamese Storyboard )

               তেনেতে নিয়ৰৰ কলিং বেলটো বাজিছিল । 
- ৰাধিকা , অলপ ৰোৱা । কোনোবা আহিছে ।
- নিয়ৰ পলাবলৈ চেষ্টা নকৰিবা ।
- হাৰে তুমি নুবুজা কিয় !
- মই একো নুবুজো ।

‌।           নিয়ৰে ফোনটো কাতি দিছিল । সি গৈ দৰ্জা খন খুলি সন্মুখত পুলিচ দেখিলে । 

- পুলিচ !
- মিষ্টাৰ নিয়ৰ কাকতি আপুনি নহয় জানো !
- হয় 
- সুন্দৰ , হেণ্ডচাম মেন ।
- আহক সোমাই আহক । 

         অফিচাৰ বৰুৱাৰ লগত গোটেই আৰক্ষী খিনি সোমাই আহিছিল ।

- বঢ়িয়া , বৰ সুন্দৰ ঘৰ এটাত থাকে নহয় জানো কাকতি !
- হয় ।
- পিছে আপোনাক আমি এৰেষ্ট কৰিব আহিছোঁ ।
- কিন্তু কি কাৰনত ছাৰ ?
- কালি পলাশ নামৰ ল'ৰা জনৰ হত্যাৰ অপৰাধত । 
- কিন্তু মই পলাশক হত্যা কৰা নাই ছাৰ ।
- কিন্তু আমি ৯০% নিশ্চিত যে হত্যাকাৰী আপুনি ।
- আপোনালোকৰ ভুল হৈছে ছাৰ ।
- কালি ৰাতি ১০ বাজি ২৭ মিনিটত আপুনি পলাশ ক ফোন কৰিছিল ?
- অ অ কৰিছোঁ ছাৰ ।
- আপুনি পলাশ ক ভাবুকি প্ৰদান কৰিছিল ?
- হয় , কৰিছিলোঁ । কিন্তু একমাত্ৰ ভয় খুবাৱৰ বাবে হে ।
- আমি বিশ্বাস কৰিবলৈ তান পাইছোঁ মিষ্টাৰ কাকতি ।
- ছাৰ মোৰ এটা চাকৰি থকাৰ পাছত মই হত্যাকাৰী কিয় হ'ম ছাৰ ।
- মানুহ পৰিস্থিতি ৰ দাস হৈ যাৱ পাৰে । এতিয়া আপুনি বলক ।
- মই হত্যাকাৰী নহয় ছাৰ ।
- আমি বিশ্বাস নকৰোঁ , বলক
- মই হত্যাকাৰী নহয় ।
- মিষ্টাৰ কাকতি আপুনি যাৱ নে মই চোঁচৰাই লৈ যাৱ লাগিব ?

           নিয়ৰ আৰক্ষীৰ লগত যাৱলৈ বাধ্য হ'ল । কোনো দিন এইবোৰ জামেলাত নিয়ৰ আজি পুলিচৰ আলহী হ'ল । ফ্লেটৰ মানুহ বোৰ ও আচৰিত হ'ল । নিয়ৰ ৰ নিচিনা ভাল ল'ৰা জন ক কিয় পুলিচে কাৰায়ত্ত কৰিলে ! মহা নগৰ খনত আজিকালি তিঘিলঘিলাই থকা সাংবাদিক বোৰ ও উপস্থিত হৈছিল । সাংবাদিকে উচ্চ স্বৰত চিঞৰি থকা নিয়ৰে শুনা পাইছিল ।

   " ইতিমধ্যে মহানগৰৰ আৰক্ষীৰ এক বৃহৎ সফলতা , হত্যা কাণ্ডৰ ২৪ ঘন্টা নহওতে আৰক্ষীয়ে আটক কৰিলে পলাশৰ হত্যাকাৰী ক "

‌‌।              নিয়ৰে মৌন হ'ল । কাক কব কোনে বুজিব ! যে সি হত্যাকাৰী নহয় । কিন্তু মাত্ৰ এটা ফোন কলে সকলো অথন্তৰ লগালে ।

              আৰক্ষীয়ে নিয়ৰক লগত লৈ এবাৰ পলাশ থকা কোঠালৈ গ'ল । নিয়ৰে পলাশ কত থাকে তাক ও নাজানে তেন্তে স্থলত হত্যা ! সেয়া যে অসম্ভৱ । কিন্তু আৰক্ষীৰ চকুত টো হত্যাকাৰী নিয়ৰ । কিন্তু নিয়ৰে এতিয়া কেনেকৈ প্ৰমান কৰিব যে হত্যাকাৰী সি নহয় । 

         আৰক্ষীৰ লগত নিয়ৰ ও পলাশ থকা ৰুমলৈ সোমাই গ'ল । মজিয়াত লাগি আছিল তেজৰ চেকুৰাবোৰ । আৰক্ষীয়ে তন্ন তন্ন কৈ ৰুমটো চাইছিল । তেনেতে হঠাৎ আৰক্ষীৰ চকুত পৰিছিল এটা আঙুঠি । অফিচাৰ বৰুৱাই আঙুঠি টো তুলি লৈছিল । আৰু ভালকৈ আঙুঠি টো লক্ষ্য কৰিছিল । তাত লিখা আছিল " R "  ।  বৰুৱাই আঙুঠি টো নিয়ৰক দেখাই ছিল ।

- মিষ্টাৰ কাকতি এই আঙুঠি টো আপুনি নিশ্চয় চিনি পায় ?
নিয়ৰে ভালকৈ লক্ষ্য কৰিলে । হয় হয় এই আঙুঠি টো সি দেখিছে । কিন্তু কত দেখিছে ! কত হ'ব পাৰে ! কত !
হয় , এই আঙুঠি টো সি কালি ৰাধিকা ৰ হাতত দেখেছিল ।
তাৰমানে এই হত্যাকাণ্ড ত ৰাধিকা জড়িত আছে ।

                        ক্ৰমশঃ © ৰাগ ৰঞ্জন

দ্বিতীয় খণ্ডৰ লিংক - https://www.smj24.in/2021/07/assamese-storyboard_45.html?m=1

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7


(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages