যেতিয়া এজনী ছোৱালীৰ জীৱনলৈ নামি আহে ধুমুহা (খণ্ড ২) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 5, 2021

যেতিয়া এজনী ছোৱালীৰ জীৱনলৈ নামি আহে ধুমুহা (খণ্ড ২) : Assamese Storyboard

Assamese Storyboard


নাই মনশ্ৰী এইয়া কেতিয়াও সম্ভৱ নহয় l মোৰ দাদা ইমান নিষ্ঠুৰ কেতিয়াও হ'ব নোৱাৰে l তাক মই সৰুৰে পৰা দেখি আহিছো আনৰ দু:খত দুখী আৰু সুখত সুখী হোৱা( Assamese Storyboard ) l কিন্তু নিজৰ প্ৰেমৰ ক্ষেত্ৰত সি ইমান কঠোৰ মনৰ কেনেকৈ হ'ব পাৰিলে l হয়তো তোমাৰ বুজাত ভুল হৈছে l মই এবাৰ দাদাৰ লগত কথা পাতি চাওঁ নেকি l মোৰ কথা মানস আৰু দাদাই কেতিয়াও না নকৰে l

নালাগে কৰৱী সি যদি মোক পাহৰি থাকিব বিচাৰে তেনেহলে সেইটোৱেই হওঁক l মই আৰু কোনো চিন্তা নকৰোঁ l
মনু কৰবী তোমালোকে কি কৰি আছা ইমান সময় লাগে নেকি l 
আলহী কেতিয়াবাই আহিল তোমালৈ ৰৈ আছে বলা এতিয়া সোনকালে l

মানসৰ মাতত দুয়ো লৰালৰিকৈ উলাই আহিল l
মনশ্ৰীয়ে হাতত  বটা এটা লৈ বাহিৰলৈ উলাই সকলোকে মাত দিলেহি l

আহাঁ আমাৰ ওচৰতে বহি লোৱা দিগন্তৰ মাকে মনশ্ৰীক হাতত ধৰি কাষতে বহুৱাই লয় l 

কৰৱীয়ে বাৰে বাৰে মনুৰ মুখলৈ চাই থাকিল l দুখৰ মাজতো সকলোৰে আগত সহজ ৰূপ এটা দেখাই আছে l তাইৰ নিজৰ ককায়েক ভৈৰৱলৈ খং উঠি থাকিল l প্ৰেম ভালপোৱা এইবোৰ কিয় ধেমালি বুলি ভাবিব পাৰে ল'ৰাবোৰে l আজি ঘৰ গৈ তাক সুধিব লাগিব কিয় এনেকুৱা কৰিলে সিঁ l

ছোৱালী পছন্দ হ'ল যেতিয়া আজিয়েই বিয়াৰ দিন বাৰ ঠিক কৰি লওঁ নে কি কয় মনশ্ৰী মাকে l মই পিছে আৰু এটা কথা ভাবিছিলো আপোনালোকৰ ইচ্ছা আছে যদি আমি আজিয়েই মনশ্ৰীক কাপোৰ এসাঁজ দি শিৰত সেন্দুৰ দি যাওঁ বুলি ভাবিছিলোঁ l
আপোনালোকে যি ভাল দেখে কৰক আমাৰ কোনো আপত্তি নাই মানসে তপকৈ উত্তৰ দিলে l

মনশ্ৰীৰ মাকেও হাঁহি এটি মাৰি সম্বোধন জনালে l

মনশ্ৰী প্ৰায় কান্দো কান্দো অৱস্থা হ'ল l তাইৰ মনৰ ভিতৰত জ্বলি থকা জুইকুৰাত যেন কোনোৱাই আৰু দবদবকৈ জ্বলিব পৰাকৈ তেল ঢালি দিলে l তাইৰ বুকুৰ ভিতৰ খন জ্বলি শেষ হ'ব ধৰিলে l বহাৰ পৰা উঠি তাই নিজৰ ৰুমলৈ দৌৰি গ'ল l

কৰৱীৰ পেটে পেটে বহুত খং উঠিল সকলোৰে কথাবোৰ শুনি l ইমান দৌৰা দৌৰি কৰিবলৈ বা কি হ'ল l নিশ্চয় কিবা কথা আছে নহলে ইমান সোনকালে সকলো কৰিব বিচাৰিছে l মানসে নিজৰ ভনীয়েকৰ কথা অলপমানো চিন্তা কৰা নাই l চকু থাকিও অন্ধ মানুহৰ দৰেই ব্যৱহাৰ কৰিছে l তাইৰ পছন্দ অপছন্দ একোকে বিচাৰ নকৰিলে l

কথামতেই সকলো খিনি হৈ গ'ল l এক অভিশাপৰ দৰে মনশ্ৰী কপালত জিলিকি ৰ'ল সেন্দুৰ l পলকতে থমকি গ'ল ভৱিষ্যতৰ সকলো ৰঙীন সপোন l প্ৰিয়জনৰ লগত দেখা সপোনবোৰ ভৰি তলতে থমকি থাকিল l হুকহুকাই কান্দি উঠিল l 
কৰৱীয়ে নি তাইক ৰুমত থৈ ঘৰলৈ যাবলৈ উলাই আহিল l
মানস মোক ঘৰত থৈ আহিবা ব'লা l বহুত পলম হ'ল এইখিনি সময়ত অকলে যাবলৈ ভাল নালাগে l( Assamese Storyboard )

 মা মই আহোঁ l মনশ্ৰীক অলপ চকু দিব l 

এইকেইদিন তুমি আমাৰ ঘৰতে থাকিব লাগিব l ১০ দিনত বিয়া l সকলো কামতে সহায় কৰিব লাগিব l মনুৰ বিয়া খন হৈ যোৱাৰ পিছতে তোমালোকৰ বিয়া খনো পাতি দিব লাগিব l
 
মানস যা কৰৱীৰ ঘৰত কথাষাৰ কৈ আহিবি l এইকেইদিন আমাৰ ঘৰত থাকিব বুলি l

মানস মনুৰ বিয়াখন বেছি খৰধৰ হোৱা নাইনে l ল'ৰাৰ বিষয়ে ভালকৈ নজনাকৈ কিয় ইমান আগবাঢ়ি গ'লা l তাইক এই সম্বন্ধৰ বাবে সাজু আছিল জানো l

মই তাইৰ ককায়েক বেয়া চিন্তা কেতিয়াও নকৰো l তাই সেইখন ঘৰত সুখী হ'ব l মানুহখিনি কিমান সহজ সৰল দেখিছা নহয় l বাহিৰত চাকৰি কৰে তথাপিও আমাৰ নীতি নিয়মবোৰ ধৰি ৰাখিছে l

মা দাদা নাই নেকি ! কলৈ গ'ল সিঁ l ভন্টীৰ বিয়াৰ দিন ঠিক হ'ল l আপোনালোক সকলোৱে লাগি ভাগি দিব l কৰৱী এইকেইদিন আমাৰ ঘৰত থাকিব পাৰিব নেকি l মই কাইলৈ পুৱা আহি লৈ যাম l তুমি ৰেডি হৈ থাকিবা l
কথাষাৰ কৈয়ে সি ওলাই গ'ল l 

দাদা ইমান ৰাতিলৈ ক'ত আছিলা l তোমাক মানসে বিচাৰি আহিছিল l আৰু 10 দিন পিছতেই মনুৰ বিয়া l সকলো কাম অকলে কিমান কৰিব সেয়ে তুমিও অলপ সহায় কৰি দিবা l 

নাই মই নোৱাৰিম কৰবী l এই কেইদিন মই অলপ ব্যস্ত থাকিব লাগিব l তই আৰু মা যাবি l মোৰ বিছনা খন পাৰি দে মোৰ টোপনি ধৰিছে l

টোপনি ধৰিছে নে মনটো ভাল নহয় l মই কি একো নাজানোঁ বুলি ভাবিছা নেকি l কিয় কৰিলা তুমি এনেকুৱা l তাইক কিয় ইমান কষ্ট দিলা l যদি মাজতে এৰি দিবই লাগে তেনেহলে কিয় এই সম্বন্ধ গঢ়িছিলা l 

এইবোৰৰ বিষয়ে মই কোনো ধৰণৰ আলোচনা কৰিব নিবিচাৰোঁ l 

তোমাৰ কিবা এটা হৈছে দাদা l আমাৰ পৰা কি লুকুৱাই ৰাখিছা কোৱা l আগতে তুমি এনেকুৱা নাছিলা l

মোৰ নো কি হ'ব l মই মুঠতে নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰোঁ l বাকী কথা মোৰ বাবে প্ৰয়োজন নহয় l আৰু দ্বিতীয় দিন এইবোৰ কথা মোৰ আগত নকবি l ...............আগলৈ


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages