: কি চাই আছা ৰ' লাগি ?
: চোৱাছোন প্ৰীতি , সৌ চৰাইজাক ..আৰু সেই কেৰ্কেটুৱাটোলৈ ..কিমান মুকলি সিহঁত । আৰু আমিবোৰ ..আমি আজি অসহায় ..ঘৰত বন্দিত্বৰ জীৱন পালন কৰিছো জীৱশ্ৰেষ্ঠ মানুহ নামৰ প্ৰাণীবিধ । ভাবিলে সঁচাই আচৰিত লাগে অ' প্ৰীতি ।
: এইবোৰ কৰ্মফল বুজিছা আমাৰ । কৰ্মফল ভোগ কৰিছো অামি চবে । সকলোৱে কৰ্মফল ভোগ কৰিবই লাগিব মৃত্যুৰ অাগত -- চাহৰ কাপত শোহা মাৰি কৈ উঠে প্ৰীতিয়ে ।
: বাৰু কোৱাছোন প্ৰীতি , মায়ে মৃত্যুৰ অাগত কিয় ইমান কষ্ট পালে ? মায়েতো সকলোকে মৰমো কৰিছিল ..বিশেষকৈ দিনটো বেছিভাগ সময় ভগৱানকে দেখোন চিন্তা কৰিছিল ।
আচৰিত হয় প্ৰীতি সুশান্তৰ কথাত । কি কয় তেওঁ ! তেওঁ সকলো দেখি জানিও মৃত মাকৰ প্ৰতি এনে প্ৰশ্ন কৰিছে ।কিয় সুশান্তই সকলোবোৰ পাহৰি গ'ল ? কেনেকৈ পাহৰিব পাৰিলে প্ৰীতিক কৰা সেই অত্যাচাৰবোৰ ? বিশেষ একো নকলে প্ৰীতিয়ে ,মন নগ'ল মৃত শাহুৱেকৰ দোষ খুচৰিবলৈ সুশান্তৰ আগত । মাথো ক'লে --
: কৰ্মফল ।
প্ৰীতিয়ে সুশান্তই ভবাৰ দৰে কথাবোৰ নাইভবা । ভাল লাগিছে তাইৰ এই জীৱন । আজি অন্তত: আটাইকেইটা একেলগে আছে । সকলো সময়তে চকুৰ আগত আছে তাইৰ স্বামী সুশান্ত । একমাত্ৰ ছোৱালী বিদিশাই হাইস্কুল শেহান্ত পৰীক্ষা দি উঠিছে । বহুত দিনৰ মুৰত মনটো আৰু হাতখন যেন নতুন কিবা কিবি কৰিবৰ কাৰনে সাৰপাই উঠিল প্ৰীতিৰ ।ইউটিউব খুচৰি নতুন নতুন ৰেচিপিৰ সন্ধান কৰিছে তাই । সুশান্তই মিঠা খাই ভালপায় গতিকে নতুন নতুন চুইত দিছে ভৰাই দিছে দাইনিং টেবুল । সকলোতে মাথোন প্ৰশান্তিৰ ভাৱ এতিয়া তাইৰ । এইবাৰ সুশান্তই প্ৰীতিহঁতক লৈ যাব লগত । এইবাৰৰ পৰা প্ৰীতিয়ে নিঃসংগ জীৱন পালন কৰিব নালাগে । সেই দিনবোৰৰ কথা মনত পৰিলে শিঁয়ৰি উঠে তাই সুশান্ত দুদিনমানৰ কাৰনে আহি পুনৰ এৰি যোৱাৰ সেই সময় ..পুনৰ অকলশৰীয়া হোৱা সেই সময় ..দুপৰ নিশালৈকে টোপনি নহাৰ সেই সময় ...
আবেলি কেতিয়াবা মন গ'লে চাহ খায় ..কেতিয়াবা নাখায় তাই । বিদিশাৰ কাৰনে কিবা এটা বনাই দিয়ে মাথো আবেলি ।
সুশান্তৰ বুকুৰ বাওঁফালে প্ৰশান্তিত টোপনি যোৱা প্ৰীতিৰ মুখলৈ একান্ত মনে চাই ৰয় সি । গালে মুখে পৰি থকা চুলিবোৰ আলফুলে আঁতৰাই দিয়ে সুশান্তই ।প্ৰীতিয়ে সাৰপাব বুলি লৰচৰ কৰা নাই সি । বহুত ত্যাগ কৰিছে প্ৰীতিয়ে ..বহুত কষ্ট কৰিছে তাই । ঘৰৰ পচন্দমতেই বিয়া হৈছিল প্ৰীতিৰ লগত সুশান্তৰ । যদিও সম্প্ৰদায় ভিন্ন আছিল । প্ৰীতি বঙালী সম্প্ৰদায়ৰ আছিল । জামছেদপুৰত কোম্পানীৰ চাকৰি কৰোতে প্ৰীতিৰ লগত চিনাকী হৈছিল সুশান্তৰ । প্ৰীতিৰ স্বভাৱ সুলভ আচৰণবোৰৰ প্ৰেমত পৰিছিল সি । সেই প্ৰেমেই ঘৰৰ সন্মতিক্ৰমে বিবাহৰ ৰূপ পাইছিল । আৰু প্ৰীতি হৈ পৰিছিল সুশান্তৰ ঘৰৰ ..অসমৰ বোৱাৰী । বিয়াৰ পাছতেই সুশান্তৰ গোলাঘাটৰ ৰিফাইনেৰীত ইঞ্জিনিয়াৰ পদৰ চাকৰি পোৱাত অসমলৈ যোৰহাটৰ নিজৰ ঘৰখনলৈ গুছি আহিছিল একেবাৰে । ডাঙৰ ভৰপুৰ পৰিয়ালটো প্ৰীতিয়ে নিজৰ আয়ত্বলৈ আনি লব পাৰিছিল । সকলোখিনি তেওঁলোকৰ ভাললগা ভালপোৱাবোৰৰ ওপৰতে নিৰ্ভৰ কৰি কামবোৰ কৰি গৈছিল প্ৰীতিয়ে । সচেতন আছিল তাই , কোনেও যাতে তাইক বেয়া নাপায় । প্ৰথমতে সকলোবোৰ ঠিকেই আছিল । লাহে লাহে শাহুৱেকে তাইৰ দোষ খুচৰিবলৈ ধৰিলে । প্ৰতিটো খোজতে কথা শুনোৱা হ'ল শাহুৱেকে । শাহুৱেকৰ লগত সহযোগ কৰিলে ডাঙৰ বোৱাৰীয়েক ..সুশান্তৰ বৌয়েক । প্ৰীতিয়ে মাথো নিৰৱে চকুলো টুকিছিল ।( Assamese Storyboard )
আশা কৰিছিল তাই এদিন ভাল দিন আহিব । দিনটোৰ কাৰনে ওলাই যোৱা সুশান্ত গধুলিৰ পাছতহে ঘৰ সোমাইছিলহি । সুশান্তকো প্ৰীতিয়ে এই বিষয়ে একোকে নকৈছিল । সুশান্তক মাকে সুবিধা পালেই প্ৰীতিৰ বিৰোধে কিছুমান কথা লগাইছিল কিন্তু সুশান্তৰ ফালৰ পৰা একো ইতিবাচক সঁহাৰি নাপাই পাছলৈ একো নোকোৱা হ'ল । আৰু এদিন সুশান্ত চাকৰিৰ পৰা ঘৰ আহি পোৱাৰ পাছতেই প্ৰীতিয়ে যিটো খবৰ দিলে ..ক্ষন্তেকতে সুশান্তৰ সকলো দুখ-ভাগৰ কেনিবা পলাল ।প্ৰীতিক দাঙি লৈ ঘূৰাবলৈ লাগিল
: এই কি কৰিছা ! পৰি যাম মই ।
: তোমাক পৰিবলৈ নিদিও নহয় মই ।
: হ'ব আৰু নমাই দিয়া ..কোনোবাই দেখিলে কি ভাবিব বাৰু
প্ৰীতিৰ কথামতে সুশান্তই প্ৰীতিক নমাই দিলে । আলফুলে প্ৰীতিৰ কপালত এটি চুমা আঁকি দিলে সি ।
আচৰিত হয় প্ৰীতি আৰু সুশান্ত ..যেতিয়া ঘৰত ইমান ভাল খবৰটো জানিও কোনেও একো প্ৰতিক্ৰিয়া নেদেখুৱালে । অন্তত: মাকেতো ভাল পাব লাগিছিল ..নিজৰেই ল'ৰাৰ অংশ প্ৰীতিৰ গৰ্ভত স্থিতি লৈছে । প্ৰীতিয়ে ভবাৰ দৰে শাহুৱেক সলনি নহ'ল বৰঞ্চ বেছিকৈহে প্ৰীতিক অত্যাচাৰ কৰিবলৈ ধৰিলে । ঘৰখনৰ সকলো কাম প্ৰীতিয়েই কৰিব লগা হ'ল । সময়মতে খাবলৈ শুবলৈ নোপোৱা হ'ল প্ৰীতি । এদিন হঠাৎ ...অফিচত কৰ্মৰত অৱস্থাত থকা সুশান্তৰ ফোনটো বাজি উঠিল । স্ক্ৰীণত প্ৰতিবেশী মিতালীৰ নম্বৰটো জিলিকি উঠিল ।
: হেল্ল' মিতালী ..
: সুশান্ত দা , তুমি ঘৰলৈ সোনকালে আঁহাছোন
আচৰিত হয় সুশান্তই সুধিলে মিতালীক--
: কিয় , কি হ'ল ?
: তুমি মুঠতে সোনকালে অাহি যোৱা ..প্ৰীতি বৌৰ পেটত দুখ পাইছে ।
মিতালীৰ কথাত সুশান্তই এক মুহূৰ্ত্বও পলম নকৰি সহকৰ্মী এজনক কৈ নিজৰ গাড়ীখনত বহি চাবি পকালে ।
আগলৈ ..
( Assamese Storyboard )
বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।
জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment