কলেজৰ বাৰ্ষিক অনুষ্ঠানৰ আয়োজন কাম ধুম ধামেৰ চলি আছিল। সকলো ছাত্র ছাত্ৰীয়ে নিজৰ নিজৰ প্ৰতিভা অনুসৰি কাৰ্য্যসূচীত ভাগ লৈছিল।( Assamese Storyboard )
ফিৰুজৰ গজল লিখাৰ অভ্যাস আছিল। তাৰ গজল সকলোৰে বাবে প্ৰসংশনীয় আছিল। সম্পূর্ণ কলেজ তাৰ গজলৰ প্ৰেমিক আছিল। স্বাগতাৰো সংগীত বহুত পচন্দৰ আছিল। বহুত সুৱলা মাত আছিল তাইৰ। সম্পূর্ণ কলেজে তাইক সৰস্বতী নামেৰে জানিছিল। দুয়োয়ে প্ৰতিটো কাৰ্য্যসূচীতে একেলগে ভাগ লৈছিল। আৰু তাৰ মাজতে দুয়োয়ে এজনে আনজনক ভালপাবলৈ ধৰিলে।ভেলেন্টাইন ডে আহি আছিল। কলেজ আৰু বজাৰত তাৰ প্ৰভাৱ পৰিছিল। কলেজৰ বহু লৰা ছোৱালীয়ে কাৰ্ড ক্ৰয় কৰি আনিছিল আৰু ফিৰুজক দুশাৰী মান শব্দ লিখি দিবলৈ কৈছিল যাতে কাৰ্ডৰ লিখাৰ সহায়ত নিজৰ ভালপোৱা প্ৰকাশ কৰিব পাৰে। তাৰ মাজতে কিছুৱে ৰঙা গোলাপৰ থোপা বনোৱাই আনিছিল।
ফিৰুজে, আজি এপাহ ৰঙা গোলাপ লৈ স্বাগতাৰ ওচৰ পালেগৈ, আৰু কলে, মই তোমাক ভালপাওঁ স্বাগতা, তুমি মোৰ ভালপোৱাক স্বীকাৰ কৰি লবা নে! এয়া কয় সি নিজৰ ভালপোৱাক প্ৰকাশ কৰিলে। স্বাগতাইও মনে মনে ফিৰুজক ভাল পাই পেলাইছিল। সেইবাবে তাই ৰঙা গোলাপ পাহি ললে, আৰু লাজ কৰি তললৈ মূৰ কৰি ফিৰুজৰ ভালপোৱাক স্বীকাৰ কৰি ললে। দুয়োৰে ভালপোৱা মেঘৰ লগত উৰি উৰি মুক্ত পখীৰ দৰে আকাশক চুইছিল। কলেজৰ পাছত দুয়োয়ে লুকাই চুৰ কৰি লগ হবলৈ ধৰিলে।
কিন্তু প্ৰেম আৰু মিছা কথা যিমান লুকুৱাই ৰাখিলেও, কাৰোপৰা লুকাই নাথাকিছিল। কলেজৰ সকলোৱে তাঁহাত দুটাক হাঁহৰ জোৰা বুলিছিল। এনেদৰে মিলি জুলি আৰু প্ৰেমৰ সাগৰত উটি ভাহি ৪বছৰ পাৰ হৈ গল। কলেজ শেষ কৰি দুয়োয়ে নিজৰ নিজৰ চাকৰিত ব্যস্ত হৈ পৰিল। স্বাগতাই মাহটোৰ সম্পূর্ণ উৰ্পাজন নিজৰ মাকৰ হাতত দিছিল। কিন্তু কিছু পইচা প্ৰতি মাহৰ উৰ্পাজনৰ পৰা, নিজৰ ভায়েক দুটাক উপহাৰ দিবলৈ ৰাখিছিল। এতিয়া ঘৰত স্বাগতাৰ বিবাহৰ বিষয়ে আলোচনা হৈছিল। তেতিয়া তাই বহুত চিন্তিত হৈ পৰিছিল। আজি যেতিয়া স্বাগতাই ফিৰুজক লগ কৰিলে, তেতিয়া তাই কলে, ফিৰুজ, মোৰ মা দেউতাই ঘৰত মোৰ বিবাহৰ কথা আলোচনা কৰিছে, আৰু মই নাভাৱো যে, তেঁলোকে আমাকে ভালপোৱাক স্বীকাৰ কৰি লব!
ফিৰুজে উত্তৰত কলে, স্বাগতা, তুমি ভয় নকৰিবা। তুমি তোমাৰ মাক আগতে কোৱাচোন, নহলে মই তোমাৰ দেউতা লগত কথা পাতিম নি!
স্বাগতাই কলে, আজি চাওচোন। আজি নহলে মই মাক কম। যেতিয়াই মাকে এই বিষয়ে গম পালে, তেতিয়া তেওঁ উচাট মাৰিলে আৰু আগ পাচ চিন্তা নকৰি পোনেই দেউতাক কলেগৈ। যেতিয়াই স্বাগতাৰ দেউতাকে তাইৰ মুখৰ পৰা ফিৰুজৰ নামটো শুনিলে, তেতিয়া তেওঁ অগ্নিশৰ্মা হৈ উঠিল।
মাকে গালি দিবলৈ আৰম্ভ কৰিলেই, কৈছিলো নহয়, ছোৱালীৰ ইমান মুক্ত কৰি নিদিবা। এতিয়া ঘঁহিছে নহয়, আমাৰ মুখত কলা চায়। কি লাভ হল, এইক পঢ়োৱাই শুনোৱাই! দিনে নিশাই এই বাবে চিন্তা কৰিলো। কেতিয়াবা পলমকৈ ঘৰলৈ আহিলেও, জীয়টো যেন, ওলাই হাতত ৰৈছিলহি। কিন্তু এই দিন দেখাব বুলি, এয়াটো সপোনটো ভৱা নাছিলো। মই ভাৱিছিলো পঢ়া শুনা কৰিলে ভাল ঘৰ এখনলৈ ওলিয়াই দিব পাৰিম। নিজৰ ভৰিত থিয় হব পাৰিলে, কাৰো আগত হাত পাতিবলগীয়া নহব। কিন্তু আমাক এই কোনোফালপৰাই সুদা নেৰিলে। এতিয়া কি মুখ লৈ ওলাম সমাজৰ আগত!
দেউতাকে কলে, যদি প্ৰেমে কৰিছিলি, কোনো হিন্দু লৰা এটা নাপালি নে! এই মুছলমান সম্প্ৰদায়ৰ লোকতহে তই বেছি প্ৰেম দেখা পালি! তাহাঁতৰ ঘৰত গোৰ্খা পিন্ধি থাকিবি! মাছ মাংস খাবি! নিজৰ ধৰ্মৰ গীতা এৰি ৫টা সময় নামাজ পঢ়িবি! তই নুবুজ কিয়! তোৰ নামটো সলনি কৰি পেলাব! যি তোৰ নিজৰ পৰিচয়। কোনোফালপৰাই তই নাথাকিবি।
স্বাগতাই বহু বাৰ বুজাবলৈ চেষ্টা কৰিলে, নিজৰ মাকক। তাই কৈছিল, মা, ফিৰুজ এজন ভাল ব্যক্তি হয়। ৪বছৰ আমি একেলগে পাৰ কৰিছো। আৰু এজনে আনজনক ভালদৰে বুজিপাওঁ। এনেতে তুমি কিয় তাৰ বিৰোধিতা কৰিছা! তাৰ ঠাইত কোনোবা হিন্দু লৰাৰ লগত বিয়াত বহিলে আৰু যদি আমাৰ বিচাৰে নিমিলে, তেতিয়া হলে সেই বিয়াৰ কি লাভ আছে মা! বিয়া দুটা মনৰ মিলন হয়। তাত ধৰ্মৰ বেৰখন কিয় মা! কি তুমি দেউতা লগত সুখী হয় নে মা! যেনে তেনে নিজৰ জীৱনৰ গাড়ীখন চুচৰাই হে আছা তোমালোকে! এই কথা শুনি মাকে তাইৰ গালত জোৰেৰে চৰ সুধাই দিলে।
লাজ নাইকিয়া ছোৱালী, মুখ চলাইছ! ইমান অন্ধ হৈ পৰিলি সেই ফিৰুজৰ প্ৰেমত! তাইৰ ঘৰত ধৰ্মৰ কথা লৈ আলোচনা হবলৈ ধৰিলে।কোনোবাই তাইৰ কথা বুজি উঠা দূৰৰে কথা, শুনিবলৈও প্ৰস্তুত নাছিল। সেইবাবে তাহাঁতি দুটাই ক'ৰ্ট মেৰিজ কৰিবলৈ সিদ্ধান্ত কৰিলে। আৰু তাৰ বাহিৰে কোনো উপায় নাছিল। বিয়াৰ পাছত যেতিয়া তাহাঁতি দুটাই স্বাগতাৰ ঘৰত আৰ্শীবাদ লবলৈ আহিল, তেতিয়া স্বাগতাৰ দেউতাকে কলে, আমি সকলো কথাতে এৰি দিয়া আৰু আমাৰ মৰমৰ ভুল সিদ্ধান্ত ললা তুমি। অলপ ভাৱা, তোমাৰ সৰু ভাইটি দুটাৰ কি হব আগলৈ! অলপটো চিন্তা কৰিব পাৰিলা হয়! সমাজৰ আগত, পৰিয়ালৰ লোকৰ মাজত কিয় আমাৰ নাকটো কাটিলা! তই জন্ম লওঁতেই তোক কিয় মাৰি নেপেলাল আমি! যা, এতিয়া যত সম্বন্ধ বান্ধিলি, তাতে থাকগৈ! এতিয়া তেওঁলোকে তোৰ ধৰ্মও সলনি কৰি দিব। স্বাগতাই সকলো মনে মনে শুনি ৰৈছিল। মাজে মাজে কিবা কবলে চেষ্টা কৰিছিল কিন্তু, দেউতাকৰ খংৰ আগত মৌন হৈ পৰিছিল। অলপ কিছু আশা তাই ভায়েক দুটাৰ পৰা কৰিছিল, কিন্তু যেতিয়াই তাই ভায়েক দুটালৈ চালে, তেতিয়া এটাই মুখ খন ঘূৰাই দিলে আৰু আনটোৱে তাইৰ হাতত ধৰি দুৱাৰৰ বাট দেখুৱালে আৰু কলে, গুচি যা বা। এতিয়া এই ঘৰৰ দুৱাৰ সদায় বাবে তোৰ বাবে বন্ধ হৈ পৰিল। ফিৰুজে দুৱাৰৰ বাহিৰতে ৰৈ সকলোবোৰ শুনি আছিল। সি বিচাৰিছিল, স্বাগতাৰ দেউতাকৰ লগত কথা পাতিবলৈ, কিন্তু স্বাগতাই তাক বাধা দি কলে, বলা ফিৰুজ ঘৰলৈ যাওঁ। দেউতাই মানি নলয়। তাই যাবলৈ লওঁতে দেউতাকে কলে, যদি সি তোক ব্যৱহাৰ কৰি, ডিভোর্স দি ঘৰৰপৰা ওলিয়াই দিয়ে, তেতিয়া পুনৰ ঘূৰি নাহিবি। ফিৰুজৰো বৰ বেয়া লাগিছিল, স্বাগতাই যি তাক ভালপাই তাৰ লগত নিকাহ কৰিলে, আৰ্শীবাদ দিয়াটো দূৰৰে কথা, তাইৰ বাবে তাইৰ মাক দেউতাকৰ ঘৰৰ দুৱাৰো সদায় বাবে বন্ধ হৈ পৰিল। কিছু সময়ৰ পাছত দুয়ো ফিৰুজৰ ঘৰ গৈ পালেগৈ। ( Assamese Storyboard )
ফিৰুজৰ মাকে নতুন বোৱাৰী আদৰাৰ বাবে সকলো প্ৰস্তুত কৰি ৰাখিছিল। ফিৰুজৰ সম্বন্ধীয় লোকে এই বিবাহৰ বিৰোধিতা কৰিছিল। কাৰণ হিন্দু মুছলমান লোক সকলৰ মাজত শ্ৰক্ৰতা থকাৰ বাবে। সেইবাবে তাৰ মাকে অকলেই আদৰিছিল নিজৰ বোৱাৰীয়েকক। ফিৰুজৰ মাকে তাইক নিজৰ জীয়েকৰ দৰে স্নেহ দিলে। আৰু কলে, মাজনী, তুমি মোৰ ফিৰুজৰ বাবে নিজৰ সকলো এৰি থৈ আহিছা, এতিয়া মইয়ে তোমাৰ মা, দেউতা, ভায় হওঁ। এই ঘৰত তোমাৰ কিবা সমস্যা হলে, নিচিন্ত হৈ মোক কবা। ফিৰুজৰ মাকৰ কথাবোৰে স্বাগতাক বহু সাহস দিছিল। আনফালে তাইৰ ঘৰৰ লোকে তাইক কথা শুনাইছিল, যেতিয়াপৰা তাইৰ আৰু ফিৰুজৰ কথা জানিছিল। সেইদিন ধৰি তেওঁলোকে শান্তিৰে শুৱ পৰা নাছিল, আৰু শান্তি মনেৰে, খাব পৰা নাছিল। এনে লাগিছিল তেওঁলোক যেন বছৰ ধৰি খাবলৈ পোৱা নাই আৰু ভাগৰুৱা! দুদিনৰ পাছত স্বাগতা আৰু ফিৰুজ ফুৰিবলৈ কাশ্মীৰৰ গল। কাশ্মীৰৰ পৰিৱেশত দুয়ো বিলিন হৈ যাব বিচাৰিছিল। কিন্তু তাতো স্বাগতাৰ নিজৰ মাক দেউতাকৰ কথা মনত পৰিবলৈ ধৰিলে। তাৰমাজতে ১৫দিন পাৰ হৈ গল। ফুৰা শেষ হল। এতিয়া স্বাগতা আৰু ফিৰুজ দুয়োকে নিজৰ কামলৈ যাবলগীয়া হল। ফিৰুজৰ মাকে তাইক নিজৰ জীয়ৰীৰ দৰে মৰম স্নেহ দিছিল। এবছৰৰ ভিতৰতে স্বাগতাই এজনী পৰিৰ দৰে ছোৱালীক জন্ম দিছিল। তেতিয়া স্বাগতাই ভাৱিলে, নিজৰ নাতিনীক দেখা পায় তাইৰ মাক দেউতাক সুখী হব। তাকে ভাৱি তাই নিজৰ মাকলৈ ফোন কৰিলে। কিন্তু দেউতাকৰ ফোন ৰিচিভ কৰিলে আৰু তাইৰ মাত শুনা পায় মাকক ফোনটো দি দিলে। মাকেটো তাইৰ কথা নুশুনাকৈ কলে যে, স্বাগতা, তুমি আমাৰ বাবে মৰিলা। মাকৰ কথা শুনি স্বাগতাই বহুত কান্দিলে। সেইদিনাই স্বাগতাই মনতে নিজৰ মাক দেউতাকৰ লগত সম্পর্ক ভাঙি দিছিল। স্বাগতাই নিজৰ শাহু মাকৰ লগত সম্পূর্ণ ৰূপে মিলিজুলি গল।
কেতিয়াবা স্বাগতাৰ নিজৰ অফিচ বন্ধ থাকিলে, তেতিয়া তাই নিজৰ শাহুৱেকৰ চিলাই শিকোৱা প্ৰশিক্ষণ কেন্দ্র লৈ গৈ তেওঁৰ সহায়তা কৰি দিছিল। স্বাগতাৰ শাহুৱেকে কোনো মচজিদলৈ যোৱাটো বন্ধ কৰি দিলে আৰু স্বাগতাও হিন্দুৰ ধৰ্মীয় অনুষ্ঠানলৈ নগৈছিল। তাই নতুন বছৰ, বিবাহ বাৰ্ষিকী, ছোৱালীজনীৰ জন্মদিন বহু ধুম ধামেৰে পালন কৰিছিল। ঈদৰ দিনা সম্পর্কীয় লোকৰ ঘৰত আহাৰ গ্রহণ কৰিছিল, আৰু দিপাৱলী হলীত নিজৰ ঘৰলৈ নিমন্ত্রণ কৰিছিল। যি মুছলমান সম্প্ৰদায়ৰ লোকে প্ৰথমতে বেয়া পাইছিল, তেওঁলোকো লাহে লাহে মিলিজুলি গল। এনেদৰে সম্পূর্ণ ৭বছৰ পাৰ হৈ গল। এতিয়া শাহুমাকৰ শৰীৰও কিছু অসুস্থ হব ধৰিলে। সেইবাবে তেওঁ কমকৈ চিলাই শিকোৱা প্ৰশিক্ষণ কেন্দ্র লৈ যাবলৈ ধৰিলে। কিন্তু স্বাগতা সম্পূর্ণ ৰূপে তেওঁৰ সহায়িকা হৈ পৰিছিল, চিলাই শিকোৱা প্ৰশিক্ষণ কেন্দ্রক আগুৱাই নিবলৈ। বাৰে বাৰে শাহুৱেকে কৈছিল, এতিয়া শৰীৰেও লগ নিদিয়া হল। এনে লাগিছে, প্ৰশিক্ষণ কেন্দ্র বন্ধ কৰিব লাগিব। আৰু তেতিয়া তেওঁ বহু দুখী হৈ পৰিছিল। স্বাগতাই তেওঁৰ দুখক বুজিছিল। কামৰ বাবে ফিৰুজ এবছৰৰ বাবে বিদেশলৈ যাবলগীয়া হল। সেই সময়তে আচৰিত ভাৱে স্বাগতাৰ ডাঙৰ ভায়েকৰ ফোন আহিল। তেতিয়া স্বাগতা বহু সুখী হৈ পৰিল আৰু কলে, মা, কেনেকুৱা আছে! তাইৰ ডাঙৰ ভায়েকে বৰ মৰমেৰে কথা পাতিল। স্বাগতাৰ মিঠা কথা শুনি পাচদিনা মাকেও তাইলে ফোন কৰিলে। তেতিয়া স্বাগতা যেন আনন্দত মতলীয়া হৈ পৰিল আৰু সুধিলে, সকলোৱে কেনে আছা মা ! দেউতা কেনে আছে! মাকে কবলৈ ধৰিলে, মাজনী স্বাগতা, তোমাৰ দেউতা বহুত বুঢ়া হল। তোমাৰ ভাইটি দুটা পঢ়া শুনাত ইমান ভাল ফলাফল কৰিব নোঁৱাৰিলে। সেইবাবে তোমাৰ দেউতাই তাহাঁতক এখন দোকান খুলি দিলে। কিন্তু দুয়োয়ে এটকাও ঘৰত নিদিয়ে। সেইবাবে ধাৰ বহুত হৈ গল। যি বেংকৰ পৰা লোন লৈ কাৰোবাৰ আৰম্ভ কৰিছিলো, সেয়াও এতিয়া দিব পৰা নাই। যদি তুমি কিছু পইচাৰ যোগান কৰি দিয়া! তাইক ভালদৰে কথা পতা দেখি ভায়েক দুটাৰ বাবে লোৱা লোন দিবলৈ তাইৰ পৰা পইচা বিচাৰিলে। এতিয়া স্বাগতাই সকলো বুজি উঠিল যে, আজিও তেওঁলোকে স্বাগতাৰ দ্বাৰা তেওঁলোকৰ কেৱল প্ৰয়োজন খিনি পূৰ্ণ কৰিবলৈ হে ফোন কৰিছিল। এসময়ত সেই দিন আছিল তাই ফিৰুজৰ লগত নিকাহ কৰিব বিচৰাত, তেতিয়া তাইৰ ঘৰৰ লোকে তাইৰ লগত সম্পর্ক শেষ কৰি দিছিল। তেতিয়াটো তেওঁলোকৰ জীয়েকতকৈ বেছি ধৰ্ম মৰমৰ হৈছিল। কিন্তু আজি যেতিয়া পইচাৰ প্ৰয়োজন হল, তেতিয়া সেইজনীয়ে নিজৰ হৈ পৰিল। নহলে কি,যেনে ফিৰুজৰ মাকে সাহস কৰি অকলেই অন্য ধৰ্মৰ ছোৱালীক আপোন কৰি ললে। তেনেদৰে তাইৰ মাক দেউতাক, ভায়েক দুটাও তাইৰ লগ দিব নোঁৱাৰিছিল নে! আৰু আজি তাইৰ কাম নকৰা ভায়েক দুটাৰ বাবে মাকে আজি পুনৰ তাইৰ লগত সম্পর্ক গঢ়িবলৈ প্ৰস্তুত হৈ গল। তথাপিটো স্বাগতাই নিজৰ মাকক মীঠা উত্তৰ দিলে, অ মা, চাওচোন। আৰু কিছু দিনতে যেতিয়া তাইৰ শাহুমাক বেছিকে অসুস্থ হল আৰু অপাৰেচন কৰিবলগীয়া হলত, তেতিয়া স্বাগতাই নিজৰ বেংক একাউন্টৰ পৰা পইচা উলিয়াই নিজৰ শাহুৱেকৰ হাৰ্টৰ অপাৰেচন কৰোৱালে। আৰু তেওঁৰ সেৱা কৰিবলৈ ধৰিলে। আৰু তাৰ পাছত তাই নিজৰ চাকৰি এৰি শাহুৱেকৰ প্ৰশিক্ষণ কেন্দ্রক সম্পূর্ণ ৰূপে চোৱা চিতা কৰিলে।শাহু আৰু বোৱাৰী সম্পূর্ণ ৰূপে মাক জীয়েক হৈ পৰিল। স্বাগতাই মনতে ভাৱিছিল, এনে ধৰ্ম কি কামৰ বাবে প্ৰয়োজন যাৰ বেৰখন ইমান ডাঙৰ হৈ যে, তাৰ সন্মুখত তেজৰ সম্পৰ্কও পানী হৈ যায়। আৰু নিজৰ ধৰ্মক লৈ, তেজেৰে থকা সম্পর্কইও তাইক এৰি দিছিল। তেওঁলোকে ধৰ্মৰে সেই বেৰখন আনিছিল। আৰু তাই গুণগুণাইছিল, ধৰ্ম, জাতিৰ, উচ্চ নিচ্চৰ, বেৰখনক নমাই খহাই দিয়া, আৰু এই ভালপোৱাক আগবাঢ়ি বলৈ দিয়া আগবাঢ়ি বলৈ দিয়া।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
No comments:
Post a Comment