এদিনা শ্যামে নিজৰ গাওঁৰ পৰা মোৰ বন্ধু ভাই লগত গভীৰ নিশা পথাৰৰ বাটৰ মাজেৰে বাচ ষ্টেন্দৰ ফালে গৈছিল। তেতিয়া ভায়ে, শ্যামক কলে, অলপ সোনকালে বল, এই পথাৰৰ বাটচোৱাৰ পৰা বাচ ষ্টেন্দলৈ অলপ সমস্যা হব। ( Assamese Storyboard )
তেতিয়া শ্যামে ভাযইক সুধাত, বাৰে বাৰে ভায়ে কথাটো পাতল কে কিবা এটা কয় ৰাখিছিল। কিন্তু শ্যামে জোৰ কৰি সুধাত ভায়ে কবলৈ আৰম্ভ কৰিলে, বহুত বছৰৰ আগতে এই পথাৰৰ বাটেৰে এজন ব্যক্তি গৈছিল। বাটতে সি প্ৰচাব কৰিবলৈ এজোপা গছৰ তলত ৰখিলেগৈ। তাৰপিছত যেতিয়া সেই ব্যক্তিজন আগবাঢ়ি গল, তেতিয়া তেওঁ এটা সৰু লৰাৰ কান্দোন শুনা পালে। তেতিয়া তেওঁ ভাৱিলে, খেতিত ৰাতি পহৰা দিয়া কাৰোবাৰ সন্তান হব। কিন্তু সেই সময়তে সেই ব্যক্তিজনে মনত পৰিল যে, এই খেতি পথাৰ ভোলা খুড়াৰ হয়, যিয়ে ৩ বছৰৰ আগতে এই পথাৰৰ গছ এজোপাতে ফাঁচী লগাই আত্মহত্যা কৰিছিল। তেতিয়া সেই ব্যক্তি জনে অলপ ভয় কৰি নিজৰ খোজ আগবঢ়ালে আৰু তেওঁৰ মনলৈ এই কথা আহিল যে, এই খেতি পথাৰৰ মাজেদি ৰাতি পাৰ হলে, কেতিয়াও পাচলৈ ঘূৰি চাব নালাগে। কোনোবাই ৰাস্তা সুধিলে, সেইজনাৰ চকু আৰু ভৰিলৈ চাব নালাগে। যিমান কলেও শুনিব নালাগে।
এই সকলোবোৰ কথা ভাৱি সেই ব্যক্তিজনে অৱস্থা বহুত বেয়া হৈ গল আৰু নিজকে নিজে কলে যে, তেওঁ এই বাটেৰে অহাৰ আগতে এই সকলোবোৰ কথা কিয় চিন্তা নকৰিলে। সেই ব্যক্তিজনে যিমানে আগবাঢ়ি গল, সেই সৰু লৰাটোৰ কান্দোনৰ মাত ডাঙৰ হৈ আহিল। আৰু তেওঁৰ এনে লাগিল, সেই সৰু লৰাটো তেওঁৰ লগতে খোজকাঢ়ি গৈ আছে। সেই সময়তে ব্যক্তিজনে দেখা পালে এজোপা গছত জোলনা এখনত সৰু লৰাটোৱে কান্দি আছে। ( Assamese Storyboard )
তেতিয়া সেই ব্যক্তিজনে ভয়ে ভয়ে মাত লগালে, এই লৰাটো কাৰ হয়! কিন্তু কোনেও উত্তৰ নিদিলে। কোনো উত্তৰ নাহিলত সেই ব্যক্তিজনে ভয়ে ভয়ে আগবাঢ়ি গল, কিন্তু সৰু লৰাটোৰ কিৰিলি শুনি সেই ব্যক্তিজনে ঘূৰি নোচোৱাকৈ থাকিব নোঁৱাৰিলে। ঘূৰি চাই দেখা পালে যে, সেই সৰু লৰাটোৱে জোলনাৰেপৰা তেওঁলৈ চাই ৰৈছে। তাকে দেখা পাই, সেই ব্যক্তিজনে মৰমতে সৰু লৰাটো ডাঙি ললে আৰু দৌৰিবলৈ আৰম্ভ কৰিলে। কিছু সময়ৰ পাছত সেই ব্যক্তিজনৰ সেই সৰু লৰাটো গধূৰ যেন লাগিল। আৰু সেই ব্যক্তিজনে দেখা পায় আচৰিত হল যে, সেই লৰাটোৰ ভৰি দুখন দীঘল হৈ মাটিত পৰিবলৈকে লৈছিল, তেতিয়া তেওঁ ভয়তে সৰু লৰাটো কোলাৰ পৰা পেলাই দিলে।
যেতিয়াই সেই সৰু লৰাটো কোলাৰ পৰা পেলাই দিলে, তেতিয়া সৰু লৰাটোৱে ডাঙৰ মানুহৰ দৰে হাঁহি হাঁহি কলে, তই আজি ৰক্ষা পৰিলি! আজি যদি মোৰ ভৰি মাটিত পৰা হলে, তোক আৰু কোনেও ৰক্ষা কৰিব নোঁৱাৰিলে হয়! তোৰ মৃত্যু নিশ্চিত আছিল। এয়া কয়ে সৰু লৰাটো নাইকিয়া হৈ গল। সেই ব্যক্তিজন পৰি ধৰি নিজৰ ঘৰ গৈ পালেগৈ আৰু ঘৰ গৈ পোৱা পাছতে বেহুচ হৈ পৰিল। যেতিয়া সেইজনে চকু খুলিলে, তেতিয়া সকলো কথা গাওঁবাসী আগত বৰ্ণনা কৰিলে। যেতিয়া এই সকলোবোৰ কথা শ্যামে শুনিলে, তেতিয়া ভয়তে সি পাচফালে ঘূৰি নোচোৱাকৈ, ইমান জোৰেৰে দৌৰ মাৰিলে, আৰু কোনোদিন সেই পথাৰৰ মাজেৰে নিশা নগল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment