গতানুগতিক ভাৱে শইকীয়া ছাৰে ক্লাছ টো আৰম্ভ কৰে ।মানৱে আজি অতি মনোযোগেৰে চাৰে কৈ যোৱা প্ৰতিটো শব্দকেই হৃদয়ংগম কৰিবলৈ ধৰে ( Assamese Storyboard )।অধ্যয়ণৰ প্ৰতিটো চুক কোণ নিয়াৰিকৈ মন মগজুত সোমাবলৈ সি যে এতিয়া সংকল্পবদ্ধ ।আন থৈ থৈকোনো কাৰণতে পঢ়া-শুনাত মন নিদিয়াকৈ সি আৰু নাথাকে ।তাৰ জীৱনত যিয়েই সমস্যা নাহক কিয় , পঢ়া-শুনাৰ দিশটো সিআগুৱাই নিবই লাগিব । ৰৈ থাকিলে আৰু নহ'ব । জীৱনত সফল হৈ দেখুৱাব পাৰিলেহে তাৰ জীৱনৰ দুংখবোৰৰ অন্ত পৰিব ।
*ছৰি হা, এতিয়াও বেয়া পাই আছা নেকি?
ক্লাছৰ শেষত চন্দনাই মাত লগাইছিল ।
*নাই নাই কিয় বেয়া পাম !
মানৱে সহজভাৱে উত্তৰ দিছিল ।
*বেয়া নোপোৱা যদি কথা এটা ৰাখিব পাৰিবা নেকি?
*অ কোৱাচোন ।
*অহা কালিলৈ মানে মই ক্লাছ আহিব নোৱাৰিম ।অলপ অসুবিধা আছে ।যদি তুমি তোমাৰ নোটছ খিনি মোক দিয়া বিৰাট হেল্প হ'ব ।
*অ হ'ব বাৰু ।সৰু কথা এইবোৰ ।
*থেংকছ
*ৱেলকাম । কিন্তু তোমাক মই বেয়া পাইছোঁ ।
*কিয় । মই তো চৰি কলোৱেই । তেন্তে !
*সেইটোৱেই ।সিদিনা কোৱা নাছিলা জানো আমি ফ্ৰেন্ডছ বুলি ।আৰু ফ্ৰেন্ডছিপত ন চৰি ন থেংকছ ।পাহৰিলা চাগে ।
মানৱে অলপ সহজ হ'বলৈ ক'লে ।
*অ আই চি ।চৰি ।
*আকৌ ..!!
*উপছ ......হাঃ হাঃ
চন্দনাই খিলখিলাই হাঁহি দিলে ।
মানৱে ও মিচিকিয়াই হাঁহিলে ।তাৰ মনটো ভাল লাগিল অন্তঃত বন্ধুত্বৰ সম্পৰ্ক টো বজাই ৰাখিবলৈ সি চেষ্টা কৰিছে ।
লানছ ব্ৰেকৰ টাইম হৈছিল ।মানৱে বেগৰপৰা টিফিন বক্সটো উলিয়াই লৈছিল ।তাকে দেখি চন্দনাই হাঁহি কলে ,
*তুমি এতিয়াও স্কুল কিড হৈ আছা দেখোন ।টিফিন আনিছা !!
*অ কি হল তাতে ।খোৱাটোতো খাবই লাগিব । আৰু ঘৰত মায়ে ৰন্ধা খাদ্যৰ সোৱাদেই বেলেগ । লোৱা খাই চোৱাচোন ! মোৰ মাৰ হাতৰ যাদুলগা সোৱাদ!!
এইবুলি ৰুটি এখনৰ সৈতে অলপ চবজী লগাই চন্দনাই মাত লগালে ।
চন্দনাই ও হাঁহিমুখে ৰুটি টুকুৰা খাই ক'লে,
*ৱাউ য়ামী ।আন্টীয়ে খুব ভাল বনাই ।তুমি লাকী দেই ।
*উমম ।সকলো মায়েই বনাব জানে ।তোমাৰ মায়ো জানিব ।
*মোৰ মা নাই !
হঠাৎ চন্দনাই কৈ দিলে ।
মানৱৰ হাতৰপৰা খোৱা ৰুটী টুকুৰা পৰি গ'ল ।
_এম ছ....ৰি.....
সি ক'ব খুজিছিল কিন্তু চন্দনাই ইতিমধ্যে তাৰ পৰা আঁতৰি গৈছিল ।মানৱে ভাবিলে তাইক কিছু সময় অকলে থাকিবলৈ দিয়াই ভাল হ'ব ।সেয়ে সি আৰু আমনি নিদিও ভাবি ঠাইতে ৰৈ দিলে ।
*অই লেডীছ অকলে অকলে কি খাই আছ ।ইয়াকো দেচোন ।
হঠাৎ তাৰ বুকুখন চিৰাং কৈ উঠিল ।সমুখত দুজন উদন্ড লʼৰা ।এজন শকত আৰু ওখপাখ দৈত্য আকৃতিৰ ।আনজন চাপৰ আৰু মুখখন ভোবোৰা দাঢ়িৰে আৱৰা ।দুয়োকে দেখি মানৱৰ হিন্দী চিনেমাৰ কোনোবা বলাৎকাৰী যেন লাগিল । আগদিনা পিছৰ বেঞ্চিত বহি তাক কটূ মন্তব্য কৰা লʼৰা এই দুজনেই আছিল ।
*টিফিন খাইছো ।
মানৱে লাহেকৈ কʼলে ।
*আৰে কি খাইছ দে না ।তামাম ভোক লাগিছে ।
দাঢ়িথকা জনে তালৈ ঘোপাকৈ চাই কলে ।
মানৱে ওপৰৰ ফালে মূৰ তুলি কিবা কব খুজিছিল ।তেনেতে ওখ লৰাজনে মন্তব্য কৰিলে ,
*আৰে ৰিকি...টিফিনটো বাদ দে ...মালটোকে খাবলৈ মন গৈছে অ মোৰ ।ইয়াৰ সোৱাদ কিন্তু কোনো ছেক্সী ছোৱালী তকৈ কম নহ'ব !!হাঃ হাঃ...!!
*তাকেই বে ৰক্তিম ....তামাম মজা লাগিব বে এইটোক ....কে** উঠাই লঁও নেকি আজি ইয়াক ।ইয়াৰ পিছফাল টো দেখি মোৰ পূৰা গৰম হৈ গৈছে ৰে *****ডাল ...!!!হাঃ হাঃ
*প্লিজ স্টপ ইট! ৱাট ননছেন্স বকি আছা তোমালোকে !!
মানৱে সহ্য কৰিব নোৱাৰি কৈ দিলে ।
*অই মক্কেল ...কাক ননছেন্স কʼব আহিছ! চিনি পোৱা নাই বাপেৰক ! লেংটা কৰি থৈ দিম ! তাৰ পিছত বকি থাকিবি কি বক !
ৰিকিয়ে ৰঙা চকু দেখুৱাই তাক কলে।( Assamese Storyboard )
ৰক্তিমে তাৰ হাতত ধৰি ৰখাই কʼলে ,
*বাদ দে না দোস্তী, হিজিৰাৰ লগত কোনে মুখ চলায় ।এইবোৰ হৈছে মাক বাপেকৰ পাপৰ ফল ।পাপী জীৱবোৰক থাকিব দে তেনেকৈয়ে ।ব'ল ব'ল কেন্টিনতেই কিবা এটা খাই লঁও বল ।
*চাই লম তোক ।
_ৰিকিয়ে এইবুলি বেঞ্চিতেই ঘোচা এটা মাৰি ৰক্তিমৰ লগত কেন্টিনলৈ বুলি ওলাই গ'ল ।
কোঠাটোৰ এচুকত উচুপি বহি থাকিল মানৱ ।তাৰ হাতৰপৰা টিফিন বক্সটো কেতিয়াবাই মজিয়াত পৰি গৈছিল ।
*************************************
*কিটনে অজীৱ ৰিস্টে হে য়হা পে.....*
ম'বাইল ফোনৰ ৰিংটনটো বহু সময় বাজি আছিল কিন্তু গৰাকীয়ে ফোনটো উঠোৱা নাছিল । চতুৰ্থ বাৰলৈ ৰিং হোৱাৰ পিছত গৰাকীয়ে ফোনটো উঠালে ।
*হেলো ...মানসী স্পিকিং.....
....ৱাট ..!!
...কʼত ? কেনেকৈ ? ..
...হে ভগৱান ..!!
... মই গৈ আছোঁ এতিয়াই ....
...অকে...!!!!!!
......
এটা যেন ভয়ংকৰ খবৰে জোঁকাৰি গ'ল মিছেছ মানসী ডেকাক। তাই লৰালৰিকৈ ৰেডী হ'ল হস্পিতেললৈ বুলি । মানসীৰ স্বামী ডাঃ ৰবীন ডেকা ইতিমধ্যে তাত আছিল । তেওঁ কিবা এটা ছাৰ্জাৰীৰ বাবে ৰেডী হ'বলৈ ধৰিছিল ।পত্নীক লৰালৰিকৈ তেনেকৈ অহা দেখি তেওঁ সুধিলে,
*তুমি আকৌ কিয় আহিলা ? মই আছোঁৱেই চোন ।
*কি কথা কয় হে আপুনি ? ইমান ডাঙৰ ঘটনা এটা হোৱাৰ পিছত মই থিৰেৰে থাকিব পাৰোঁ নেকি ? ঘৰখনত !
*ঠিক আছে ।অলপ শান্ত হোৱাচোন ।মা দেউতাক কিবা ক'লা নেকি?
*নাই , মই তৎক্ষণাৎ দৌৰি আহিলো ।কাকো একো কোৱা নাই ।
*ভালেই কৰিলা । এতিয়া অলপ ধৈৰ্য ধৰা । মই অ.টি. ত সোমাও ।
*সকলো ঠিক হৈ যাবতো...এছিডে বেছি ক্ষতি কৰা নাই টো ...
মানসীৰ মাততো থুকাথুকি হৈ পৰিল ।
*ডন্ট ৱৰী ...সব ঠিক হ'ব ।
এইবুলি সান্ত্বনা দি ডাঃ ডেকা অপাৰেশ্যন থিয়েটাৰৰ ভিতৰলৈ সোমাই গ'ল ।
মানসীয়ে দূৰৰপৰা দেখিলে ষ্ট্ৰেছাৰত কাৰোবাক ভিতৰলৈ নিয়া হৈছে ।গোটেই শৰীৰটো বগা কাপোৰেৰে ঢকা । ৱাৰ্ড বয় দুজনমানে কোৱাকুই কৰি আছিল,
*ইমান বেয়াকৈ এছিড ঢলা কেছ প্ৰথম দেখিলোঁ ।বাচিলেও জীৱনটো অথলে যাব ।কিম্ভূত কিমাকাৰ চেহেৰা লৈ কেনেকৈ জীয়াই থাকিব !!
*এচিড পেলোৱাজন কিন্তু ভাল বাছি গ'ল ।কোনেও দেখা নাপালে নে দিন দুপৰতে....কলেজৰ সমুখত....!!
মানসীৰ হৃদস্পন্দন বাঢ়িবলৈ ধৰিছিল ।কি কৰিব কি নকৰিব তাই একো উৱাদিহ পোৱা নাছিল ।দুঘন্টা পাৰ হৈ গ'ল ।ৰবীন বাহিৰলৈ ওলাই অহা নাই । থোকাথুকি মাতেৰে তাই কাৰোবালৈ ফোন লগালে,
*হেলো মা.....!!
( আগলৈ )
( বি. দ্ৰ. ঃ কিছু বাস্তৱ আৰু কিছু কল্পনাৰ সংমিশ্ৰণ এক ব্যতিক্ৰমী কাহিনী ৰচনাৰ প্ৰয়াস *অভিশপ্ত জীৱন* । আশা কৰোঁ সকলোৱে আদৰি লʼব ।পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব ।লগতে কিবা ভুল ক্ৰূটি দেখিলে আঙুলিয়াই দিয়ে যেন । ধন্যবাদ ।
✍️ অৰূপ )
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment