বেদান্ত সেই চিঞৰটোৰ ফালে দৌৰিলে আৰু বাকীবোৰো তাৰ পিছে পিছে গল। এই মাতটো কলেজৰ স্তৰ ৰুমৰ পৰা আহিছিল যিটো অলপ অকলশৰীয়া হয় ( Assamese Storyboard )। বেদান্তই যেতিয়া স্তৰ ৰুমৰ দুৱাৰখন খুলিলে সি ৰাজুক দেখা পালে। সি ৰিয়াক জোৰ কৰি ধৰি থৈছিল। ৰিয়াই তাৰ পৰা এৰি আহিবলৈ চটফটাই আছিল। কিন্তু তাই নিচা হৈ থকা বাবে দুৰ্বল হৈ পৰিল আৰু ৰাজুৰ পৰা হাতখন এৰাব পৰা নাছিল।
বেদান্ত: 'হাৰামি, এৰি দে ৰিয়াক নহলে মই তোক মাৰি পেলাম।' তাৰ পাছত সি ৰাজুক পিটিব আৰম্ভ কৰিলে। বিতু আৰু বিক্ৰমেও ৰাজুৰ লগৰবোৰক মাৰিব ধৰিলে।
উৰ্মিয়ে দৌৰি গৈ ৰিয়াক সাৱটি ধৰিলে। ৰিয়াৰ কান্দি কান্দি অৱস্থা বেয়া হৈ গৈছিল। নেহা আৰু অৰ্পিতাই তাইক শান্ত কৰিব চেষ্টা কৰিলে।
ইফালে ৰাজুয়ে সুযোগ বুজি তাৰ পৰা পলাই দিলে। বেদান্ত তাৰ পিছে পিছে দৌৰিলে। কিন্তু ৰাজু আন্ধাৰৰ সুযোগ লৈ কৰবাত লুকাই গল।
উৰ্মিয়ে বেদান্তক মাত লগোৱাত সি ৰিয়াৰ ওচৰলৈ উভতি আহিল। ৰিয়াই তাক দেখি সাৱটি ধৰি কান্দিব ধৰিলে। বেদান্তইও তাইক সাৱটি ধৰিলে আৰু তাইৰ মূৰত হাত ফুৰাই দিলে," ৰিয়া মনে মনে থাকা, একো হোৱা নাই সি গুচি গল।"
ৰিয়াই বহুত ভয় কৰিলে,"সেইটো ৰাজু..."
বেদান্ত: কত আছে ৰাজু? ইয়াত তো কতো নাই। মই তাক খেদিলো। এতিয়া মনে মনে থাকা ৰিয়া।মই আছো নহয় তোমাৰ ওচৰত। মই তোমাক একো হব নিদিওঁ।
বেদান্তৰ কথাবোৰ শুনি ৰিয়াই আৰু জোৰেৰে কান্দিব ধৰিলে। তাইক কন্দা দেখি সকলোৰে মন বেয়া হল। ৰিয়াৰ অৱস্থা দেখি সকলোৱে বহুত ভয় খালে। এতিয়া সকলোয়ে ৰিংকুৰ বাবে ভয় কৰিলে।
কিছুসময় পাছত বেদান্তই ভাবিলে ৰিয়া মনে মনে আছে। কিন্তু এইয়া কি তাইতো অচেতন হৈ গল,"ৰিয়া ৰিয়া, চকু খোলা ৰিয়া।"
উৰ্মিয়ে বেদান্তৰ কান্ধত হাত থলে," বেদান্ত তাই ভয়ত অচেতন হৈ গল।"
বিক্ৰম আৰু বিতুৱে কলে," এতিয়াৰ কাৰণে আমি ৰিয়াক উৰ্মিৰ ৰুমলৈ লৈ যাওঁ।"
বেদান্তই তাইক আলাশত কোলাত দাঙি ললে। সি তাইক ইমান সযতনেৰে বুকুত সাৱটি ধৰিলে যেন তাই বহুত মূল্যবান সম্পদ। তাইৰ কপালত চুমা আঁকি কলে," যেতিয়ালৈকে মই জীয়াই আছো তোমাক কোনেও একো হানি কৰিব নোৱাৰে। এইয়া তোমাৰ বন্ধুয়ে কথা দিছো। আমাৰ মাজত তেজৰ সম্পৰ্ক নাথাকিব পাৰে কিন্তু এক সম্পৰ্ক আছে যাৰ বাবে মই তোমাৰ ৰক্ষক হৈ সদায় থিয় দিম। তোমাৰ একো অপকাৰ কৰিবলৈ কাকো নিদিও।"
সকলো উৰ্মিৰ ৰুমলৈ গল। বিতু আৰু বিক্ৰম ওপৰলৈ যাব নোৱাৰে। সেইবাবে সিহঁত দুয়োটা হোষ্টেলৰ গেটত ৰল। ইফালে সিহঁত যোৱাৰ পাছতেই আৰু দুজন মানুহ গুচি গল যিয়ে মনে মনে সিহঁতৰ ফটো তুলি আছিল।
ইফালে ৰিংকু ঘৰলৈ গৈ পোনে পোনে নিজৰ ৰুমলৈ নগৈ ৰিয়াৰ ৰুমলৈ গল। তাত এটা ডাঙৰ ফটো ফ্ৰেম আৰি থোৱা আছিল যত বেদান্ত আৰু ৰিয়াৰ ৰাখি বন্ধনৰ ফটো খন আছিল। লগতে সৰুৰে পৰা থকা বহুত কেইখন ফটো আছিল। এনেকুৱা একেই ফটো ফ্ৰেম বেদান্তৰ ৰূমটো আছিল। এই দুয়োটা ফটো ফ্ৰেম উৰ্মিয়ে সিহঁত দুয়োটাক জন্ম দিনত উপহাৰ দিছিল।
ৰিংকুয়ে সেই ফটো ফ্ৰেমখন ভালকৈ চাই ৰল।
"দুয়োকে একেলগত বহুত মৰম লাগে নহয়।"
হঠাৎ ৰিংকুৰ কাণত কৰবাৰ পৰা স্বাতিৰ মাত গুজৰী উঠিল,"সিহঁতক একেলগে সময় কটাব দিব লাগে।"
"দে আৰ লোক লাইক এ লভলি কাপল।"
"সিহঁতৰ প্ৰেমলীলা গোটেই কলেজত ফেমাছ।"
এই শব্দবোৰৰ পৰা অশান্তি পায় ৰিংকুয়ে তাৰ কাণত হাত থৈ দিলে," নাই এইয়া হব নোৱাৰে। স্বাতিৰো মোৰ দৰে ভুলবুজাবুজি হৈছে। সিহঁত দুয়োটা মাত্ৰ ভাল বন্ধু হয় তাৰ বাহিৰে একো নহয়। মই এতিয়াই স্বাতিক সিহঁতৰ এই ফটোখন পঠিয়াম। তাইৰ ভুল ধাৰণা আঁতৰ হব।"
সি ফটো ফ্ৰেমটোৰ পৰা মাজৰ ফটোখন তাৰ মোবাইলত ফটো তুলি ললে।
"এতিয়া বহুত ৰাতি হল। মই এইখন কাইলৈ পঠিয়াই দিম। মই জানো ৰিয়াই মোক বহুত ভাল পায়। তাইৰ চকুত মই ভালপোৱা দেখিছোঁ। তাইৰ কথাবোৰত সেই ভালপোৱা অনুভৱ কৰিছো। তাই মোৰ মাথোঁ মোৰ।"
সি চিঞৰি উঠিল," ৰিয়া মই তোমাক বহুত ভাল পাওঁ। মই এতিয়া তোমাৰ পৰা আঁতৰত থাকিব নোৱাৰো।" তাৰ পাছত সি তাইৰ ৰূমতে শুই পৰিল।
পিছদিনা ৰাতিপুৱা যেতিয়া ৰিয়াই সাৰ পালে তাইৰ মূৰত ভয়ঙ্কৰ বিষ আছিল। তাই মূৰত ধৰি বহুত সময় বহি থাকিল। তাৰ পাছত যেতিয়া সন্মুখলৈ চালে উৰ্মিয়ে তাইক ঘোপাকৈ চাই আছিল। নেহা আৰু অৰ্পিতা ৰাতিয়েই ঘৰলৈ গুচি গৈছিল।
ৰিয়া: তুমি মোৰ ফালে কিয় এনেকৈ চাই আছা উৰ্মি? মোৰ ইমান মূৰৰ বিষ কিয় হৈছে?
উৰ্মিয়ে মনে মনে উঠি গৈ তাইৰ বাবে নেমুৰ চৰবত বনাই আনিলে," লোৱা প্ৰথমে এইটো।"ৰিয়াইও গ্লাছটো ললে।
উৰ্মি: ৰিংকুদাৰ লগত এতিয়া সকলো ঠিক হল কাৰণে তুমি মদ খাবলৈ আৰম্ভ কৰিলা?
ৰিয়া আচৰিত হল," এইবোৰ তুমি কি কৈছা? মই মদ নাখাও।"
উৰ্মি: আৰু ৰিংকুদাৰ ছুমাবোৰৰ হিচাপো নাৰাখা?
ৰিয়াই লাজতে ইফালে সিফালে চালে," তুমি কেনেকৈ গম পালা আৰু মই ইয়ালৈ ৰাতি কেনেকৈ আহিলোঁ? মইতো ৰিংকুদাৰ লগত দিনাৰ কৰিবলৈ যোৱাৰ কথা আছিল।"
উৰ্মি: নিজৰ জ্ঞানত থকা হলে দিনাৰ কৰিবলৈ গলা হয়। তুমিতো ৰাতি মদ খাই নিছা হৈ আছিলা।
তাৰ পাছত উৰ্মিয়ে বেদান্তক ৰিয়াৰ সাৰ পোৱাৰ খবৰটো দিলে আৰু ৰিয়াক তাই কৰা কাণ্ডবোৰৰ ভিডিও দেখুৱালে।
ৰিয়াই ভিডিও চাই," মই এইবোৰ কিয় কৰিলোঁ? আৰু মই এনেদৰে কিয় কথা পাতিছিলোঁ? কি হৈছিল ৰাতি মোক কোৱা উৰ্মি?"
উৰ্মি: 'এইটো তুমি কোৱা' তেতিয়া বেদান্তও আহি পালে। বেদান্তই ৰিয়াক সাৱটি ধৰি কলে," ৰিয়া তুমি ঠিকে আছা নে? ৰাতি কি হৈছিল তোমাৰ আৰু কোনে তোমাক সেই ৱাইন থকা ড্ৰিংক্স খুৱাইছিল?"
ৰিয়া আচৰিত হল,"ৱাইন।"
বেদান্ত: অ , কোনোবাই তোমাৰ ড্ৰিংক্সত ৱাইন মিলাই দিছিল।
তেতিয়া ৰিয়াই মনত পেলাই কলে," মোক জুপিয়ে মাতিছিল আৰু মই তাইৰ ওচৰলৈ গৈছিলোঁ। তাতেই মই কোল্ড ড্ৰিংক্স লৈছিলোঁ । অ, সেই ড্ৰিংক্সৰ সোৱাদ বৰ অজিব আছিল। কিন্তু জুপিয়ে জোৰ কৰাৰ বাবে মই খাব লগা হল।"
বেদান্ত: 'জুপিটো ৰাজুৰ গাৰ্লফ্ৰেণ্ড হয়। মোৰ আগৰ পৰাই তাৰ ওপৰত সন্দেহ আছিল। এতিয়া তাক সুদাই নেৰু। তোমাক হাত লগাবলৈ তাৰ সাহস কেনেকৈ হল?'
সি খঙত কোৱা বাবে ৰিয়া উচপ খাই উঠিল। এতিয়া তাইৰ লাহে লাহে মনত পৰিল কেনেকৈ ৰাজুয়ে ৰিংকুৰ কথা কৈ তাইক আঁতৰাই আনিছিল আৰু তাৰ পাছত....। কথাবোৰ মনত পৰোঁতেই তাইৰ চকুৰে চকুলো বৈ আহিল। তাই জোৰেৰে উৰ্মিৰ হাতত খামুচি ধৰিলে,' ৰিংকু দাই চাগে মোক খং কৰি আছে , মই এতিয়া ঘৰলৈ যাব লাগিব।'
বেদান্তই তাইৰ চকুলো মোহাৰি কলে," দাদাক মই এতিয়া এইবোৰ একো কোৱা নাই। তুমি নাকান্দিবা। প্ৰথমে আমি ঘৰলৈ যাওঁ তাৰ পাছত ৰাজুক চাম বাৰু।"
উৰ্মি: আমি ৰাজুৰ বিৰুদ্ধে পুলিচত গোচৰ দিলে কেনে হয়?
ৰিয়া: নাই নাই নালাগে।
বেদান্ত: ঠিক আছে, আমি প্ৰথমে প্ৰিন্সিপাল ছাৰৰ ওচৰত আপত্তি কৰিম তাৰ পাছত দেখা যাব।
বেদান্তৰ চকুত খং দেখি ৰিয়াই বহুত ভয় কৰিলে। খঙত বেদান্তই কিবা ভুল কাম কৰি নেপেলালেই হয়। তাই এইবোৰ ভাবি বেদান্তক বাধা দি কলে," নাই, তুমি একো নকৰিবা। মাত্ৰ ছাৰৰ ওচৰত আপত্তি কৰি দিয়া। যি কৰিব লগা আছে তেওঁৱেই কৰিব। আৰু আমিতো তাক আকৌ লগ নাপাওঁ। তোমাক মোৰ শপত।"বেদান্ত মনে মনে থাকিল।( Assamese Storyboard )
উৰ্মি: বাৰু , পৰহিলৈ তোমাৰ বিবাহ বাৰ্ষিকিৰ পাৰ্টি আছে গতিকে তাত গুৰুত্ব দিয়া ,বেছিকৈ কান্দিব নালাগে।
কিছুসময় পাছত ৰিয়া আৰু বেদান্ত ঘৰলৈ আহিল। ৰিংকু অফিচলৈ গল তেতিয়ালৈকে।
কল্পনা:তোমালোক আহিলা। ৰিংকুয়ে তোমালোকৰ বাবে ৰৈ আছিল। এতিয়া অফিচলৈ ওলাই গল।
ৰিয়া: মা,তেওঁ খঙত আছে নেকি?
কল্পনা: খং কৰা নাই কিন্তু অলপ চিন্তাত থকা যেন লাগিল। তোমালোকৰ মাজত আকৌ কিবা হল নেকি?
ৰিয়া: মা.... তাৰমানে... মা...
বেদান্তই মাজতে মাত লগালে," মা, ৰাতি দাদাই ৰিয়াৰ লগত দিনাৰৰ বাবে যোৱাৰ কথা আছিল। কিন্তু সকলো লগৰে ৰিয়াক জোৰ কৰি ৰাতিৰ পাৰ্টীৰ বাবে ৰখালে সেইকাৰণে তাই ভয় কৰিছে।"
কল্পনা: তেন্তে ইয়াত চিন্তা কৰিবলগীয়া কি কথা আছে? ৰিংকুৰ লগত আকৌ কেতিয়াবা দিনাৰৰ বাবে গুচি যাবা। বন্ধুৰ সৈতে সময় কটোৱাৰ সুযোগ খুব কম পোৱা যায়।
ৰিয়াই মূৰ জোকাৰিলে।
কল্পনা: বাৰু এতিয়া অলপ আৰাম কৰি লোৱা। সন্ধিয়া বজাৰলৈ যাব লাগিব। পৰহিৰ পাৰ্টীৰ বাবে কাপুৰ আৰু গহনা কিনিবলৈ। পৰহিলৈ তোমাৰ দিন মাজনী। তুমি খুব ধুনীয়া দেখিব লাগিব একেবাৰে মোৰ ৰাণীৰ দৰে।" ৰিয়াই লাজতে তেওঁক সাৱটি ধৰিলে।
ৰিয়াই তাইৰ ৰুমলৈ গৈ ৰিংকুৰ ফটোখন উলিয়ালে," ৰিংকু দা আৰু মাত্ৰ দুদিন। তাৰ পাছত আমি চিৰদিনৰ বাবে এক হৈ যাম। তাৰ পাছত আৰু কেতিয়াও আমি বেলেগ নহওঁ। আই লাভ ইউ ৰিংকু দা।" তাৰ পাছত তাই সেইখনত চুমা এটা খাই গা ধুবলৈ গুচি গল।
গা ধুই আহি তাইৰ মনত পৰিল যে ৰিংকুদাৰ লগত তো কথা পতা হোৱা নাই, মোক খং কৰিছে চাগে। তাৰ পাছত মোবাইলটো চাওঁতে তাত ৰিংকুৰ ৫তা মিছকল আছিল। তাই ৰিংকুক উভতাই ফোন কৰাত সি সোনকালে ফোনটো ৰিচিভ কৰিলে।
"এইজনে মোৰ ফোনটো অহালৈ ৰৈ আছিল।" ৰিয়াই হাঁহি দিলে।
ৰিংকু: ৰিয়া তুমি কত আছিলা? কিমান দেৰীৰ পৰা ফোন কৰি আছো।
ৰিয়া: মই গা ধুই আছিলো আৰু আপুনি কিয় নৰলে? মই অহাৰ পাছত কিয় অফিচ নগল?
ৰিংকু: অফিচত অলপ দৰকাৰী কাম আছিল সেইকাৰণে গুচি আহিলোঁ। বাৰু তোমালোকৰ ৰাতিৰ পাৰ্টী কেনে আছিল?
ৰিয়াৰ ৰাতিৰ কথাবোৰ মনত পৰিল। এতিয়া তাইৰ চেহেৰা উদাস হৈ পৰিল," ভালেই আছিল কিন্তু আমাৰ দিনাৰৰ প্লেন নহল।"
ৰিংকু: তেন্তে আজি সেইটো সম্পূৰ্ণ কৰি লম।
ৰিয়া: কিন্তু আজি মায়ে মোক বজাৰ কৰিবলৈ লৈ যাব সন্ধ্যাকৈ ,পৰহিৰ পাৰ্টীৰ বাবে।
ৰিংকু: অ মায়ে অহাৰ সময়ত কৈছিল। আৰু শুনা মই তোমাৰ ৰুমত কিবা এটা থৈছোঁ তুমি আজি তাকেই পিন্ধি লবা। দিনাৰৰ বাবে নহলেও অন্তত বজাৰলৈ পিন্ধি অহা হব। কিন্তু আজি তুমি সেইটোৱেই পিন্ধিবা।
ৰিয়া: কি আছে তাত?
ৰিংকু: তুমি নিজেই চাই লোৱা।
ৰিয়াই পেকেটতো খুলি চোৱাত সেই বেঙুনীয়া ৰঙৰ শাৰীখন দেখা পালে," এইখন তো শাৰী হয়, কিন্তু মই বজাৰলৈ এইখন পিন্ধি গৈ আৰাম নাপাম।"
ৰিংকু উদাস হৈ পৰিল," ঠিক আছে তোমাৰ যি ভাল লাগে তাকেই পিন্ধি লবা, বাৰু সন্ধিয়া লগ পাম। বাই, ধ্যান ৰাখিবা।"আৰু ফোনটো কাটি দিলে।
ৰিয়াই সেই শাৰীখন চাই আছিল। ৰিংকুৰ মাতত থকা উদাসতা তাই অনুভৱ কৰিব পাৰিছিল," ৰিংকু দা এই শাৰীখন যদি আপোনাৰ ইমান পছন্দ হৈছে তেন্তে মই নিশ্চয় পিন্ধিম কিন্তু আমাৰ দিনাৰ ডেটৰ দিনা। আৰু সেইয়া কাইলৈ হব।" তাৰ পাছত তাই কিবা ভাবি উৰ্মিক ফোন কৰি কিবা কলে আৰু উৰ্মিয়ে কলে," ঠিক আছে বেদান্তক কৈ মই সকলো ঠিক কৰি থম।"
কিছুসময় পাছত তাই তললৈ অহাত বেদান্তক কতো নেদেখি,"মা,আপুনি বেদান্তক দেখিছিল নেকি? ৰূমটো নাই।"কল্পনা: অ , অলপ সময় আগত ওলাই গৈছে কিবা কাম আছে বুলি কৈ।
ৰিয়া:বাৰু ঠিক আছে।
ইফালে বেদান্ত, বিক্ৰম, বিতু অধ্যক্ষৰ ৰুমত আছিল। ৰাজু আৰু তাৰ বন্ধুবোৰো আছিল।
ৰাজু: ছাৰ, ই মিছাকৈ কৈছে। মই যোৱাকালি ৰিয়াৰ লগত একো কৰা নাই।
বেদান্ত:' তেন্তে তুমি ইয়াত কেনেকৈ দুখ পালা?' ৰাজুৰ ঘাঁ লগা ঠাইবোৰলৈ দেখুৱাই কলে।
অধ্যক্ষই তাৰ আঘাটবোৰ দেখি সন্দেহৰ দৃষ্টিৰে চোৱাত সি কলে," ছাৰ,ৰাতি কেইজনমানৰ লগত ৰাস্তাত অলপ মাৰ পিত হল আৰু তাতেই এইবোৰ দুখ পালো।"
বিতু: নহয় ছাৰ, ই মিছা মাতিছে।
অধ্যক্ষ: ৰ'বা , মই কথা পাতি আছো।
ৰাজু: ছাৰ, মই সঁচা কৈছোঁ। মই যোৱাৰাতি ৰিয়াৰ লগত কথাও পতা নাই।
অধ্যক্ষ: মনে মনে থকা তুমি, আগতেও তোমাৰ বহুত আপত্তি মোৰ ওচৰত আহিছে। মনত ৰাখিবা যদি এইবাৰ তোমাৰ ভুল ধৰা পৰে তেন্তে তোমাৰ ৰিজাল্ট ৰখাই থম আৰু তোমাৰ ঘৰলৈ আপত্তি পঠিয়াম।
ৰাজু: ছাৰ, মই সঁচা কৈছো মই একো কৰা নাই।
অধ্যক্ষ: ঠিক আছে যোৱা, এইবাৰ এৰি দিছোঁ। আৰু বেদান্ত মইতো এই বিষয়ে জানিবলৈ চেষ্টা কৰি আছো কিন্তু যদি তুমি ইয়াৰ বিৰুদ্ধে কিবা প্ৰমাণ পোৱা মোক দেখুৱাবা। মই নিশ্চয় ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰে।
বেদান্ত: ঠিক আছে ছাৰ।
সিহঁত অধ্যক্ষৰ ৰুমৰ পৰা বাহিৰলৈ ওলাই আহিল। ৰাজুয়ে তাৰ লগৰক কলে," ৰিয়াৰ কি যে ৰূপ, এতিয়া তো বিতুও তাইৰ প্ৰেমিক। আৰু আমি হলো এনেকুৱা যে চৰাই হাতলৈ আহিও উৰি গল।"বেদান্তই ৰাজুৰ কথাবোৰ শুনি খঙত তাৰ ক'লাৰত ধৰি কলে," খবৰদাৰ যদি ৰিয়াৰ বিষয়ে আৰু এষাৰ বেয়াকৈ কৱ।"
ৰাজুয়ে হাঁহি কলে," কি কৰিবি? ভিতৰত গম পালিয়েই একো কৰিব নোৱাৰ বুলি। একেদৰে পুলিচৰ ওচৰলৈ গলেও প্ৰমাণ নোহোৱাকৈ একো কৰিব নোৱাৰ।"
বিতুৱে বেদান্তক আঁতৰাই আনি কলে," ব'লা ইয়াৰ পৰা, এইটোৰ লগত কথা পতাই ভুল।"
বেদান্তই ৰাজুৰ ক'লাৰটো এৰি দি চিঞৰি কলে," যিদিনা তোৰ বিৰুদ্ধে এটা প্ৰমাণ পাম সেইদিনা তোৰ কি অৱস্থা কৰিম তই ভাবিব নোৱাৰ। যিখন হাতেৰে ৰিয়াক চুবলৈ সাহস কৰিছিলি সেইখন হাতেৰে একো কৰিব নোৱাৰা কৰি দিম।"
ৰাজু: 'যা, যা এইবোৰ ধমকি বেলেগক দিবি।
বিতুৱে বেদান্তক শান্ত কৰি কলে," এনেদৰে খং কৰি কি লাভ হব? আমি প্ৰথমে প্ৰমাণ গোটাব লাগিব। তাৰ পাছত এই ৰাজুৰ এনেকুৱা অৱস্থা কৰিম যে সি সপোনটো কোনো ছোৱালীৰ ফালে চকু উঠাই চাবলৈ ভাবিব লাগিব।"
বেদান্ত: অ তুমি ঠিকেই কৈছা, আমি প্ৰথমে ইয়াৰ গাৰ্লফ্ৰেণ্ড জুপিৰ লগত কথা পাতিব লাগিব। কিন্তু তাইৰ লগত কোনে কথা পাতিব?
তেতিয়া নেহাই কলে," এইবোৰ তুমি আমাৰ ওপৰত এৰি দিয়া।" সন্মুখত নেহা আৰু উৰ্মি আছিল।
উৰ্মি: অ বেদান্ত, এই জুপিৰ পৰা মই সঁচা উলিয়াই লম। বৰ্তমান তোমালোকে এইবোৰ পাহৰি পৰহিলৈ হব লগীয়া পাৰ্টীৰ বিষয়ে ভাবা। পৰহিলৈ ৰিংকু দা আৰু ৰিয়াৰ বাবে বহুত ডাঙৰ দিন হয়।"
আগলৈ…
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment