এখন এৰেঞ্জ মেৰেজ, আৰু তাৰ পিছত : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 8, 2021

এখন এৰেঞ্জ মেৰেজ, আৰু তাৰ পিছত : Assamese Storyboard

Assamese Storyboard

টক, টক, টক!

  দুৱাৰত জোৰেৰে তকটকাওতে  দ্বীপৰ অনুভৱ হল যে ৰাতি ১১ বাজিছে। সকলো শুই গল চাগে সেইবাবে সি লাহেকৈ দুৱাৰত মাত দিলে( Assamese Storyboard )। বাহিৰত গোটেই চহৰখন জকমকাই আছিল। সি তো ভাবিছিলেই যে সি গাড়ীতে শুই যাব তাৰ আগতে মুনুৱে আহি তাক কলে," কোন হয়? আৰে ছাৰ আপুনি? ইমান ৰাতি? মই সকলোকে জগাই দিওঁ নেকি?"

  দ্বীপে ড্রইং ৰুমত তাৰ বেগতো থৈ মুনুক পানী দিবলৈ ইংগিত দিলে।

  দ্বীপক সম্পূৰ্ণ ৩দিন পাছত দেখি আৰু নিজে আধা টোপনিত থকা বাবে মুনুৱে বুজি পোৱা নাই যে সি কেনেকৈ দ্বীপক স্বাগত কৰিব। সি ফিল্টাৰৰ পৰা পানী উলিয়াই থাকোতেও টুপনিয়াই আছে আৰু পানী পৰি গৈছে। লৰালৰিকৈ সি এগিলাচ পানী আনিলে, কিন্তু তাক শিকোৱা হৈছিল যে পানী সদায় ত্ৰেত লৈ যাব লাগে আৰু লগত এটা যাৰ থাকিব লাগে। এতিয়া সি মাত্ৰ ১৪ বছৰীয়া লৰা। ভুল কৰিলে চ'ৰি বুলিও কব নাজানে।

  "বাইদেউ শুলে নেকি?" দ্বীপে নিজৰাৰ ৰুমৰ ফালে চাই সুধিলে। দ্বীপে কেতিয়াও নিজৰাৰ নাম নধৰে সদায় বাইদেউ বুলিয়েই কয়।

   আধা টোপনিতে মুনুৱে পানীৰ গিলাচতো লৈ নিজৰা শুলে বুলি কৈ মোৰ জোকাৰিলে আৰু কলে,"আপুনিটো অলপ ভিজিলে মই টাৱেল আনিছো ৰব। " মুনু আকৌ টোপনি গল।

" নালাগে যোৱা তুমি শুৱাগৈ, মই মেনেজ কৰি লম।"

মুনুৱে যেন এইষাৰ কঠাৰে অপেক্ষা কৰিয়ে আছিল। কি ধুনীয়া টোপনি গৈছিল তাৰ। এতিয়া সি গৈ আৰামত শুব পাৰিব। স্ত'ৰ ৰূমটোৱেই মুনুৰ কোঠা। সি মাটিত নুশুয়ে, তাৰ নিজৰ বিছনা আছে তাত। সেইখন বিছনা য'ত বিয়াৰ আগতে দ্বীপ শুইছিল। মুনু ফুৰ্তিত থাকে। পানী গিলাচ খাই আৰু কোট তো হেঙাৰত থৈ দ্বীপ ওপৰলৈ গল।

 নিজৰাৰ ৰূমৰ দৰ্জা বন্ধ আছিল কিন্তু ভিতৰৰ পৰা লক কৰা নাছিল। ভিতৰত থকা ৰঙীন বাল্বৰ পোহৰ নিজৰাৰ গুলপীয়া মুখখনত পৰি আছিল। চেহেৰাটোৰ মৰমলগা ভাব দেখি দেখি গম পোৱা গৈছিল যে তাই গভীৰ টোপনিত আছে। আৰু গাৰ নুমবোৰে কৈ আছিল যে তাইৰ ঠাণ্ডা লাগিছে। চাদৰ খন আনফালে আছিল আৰু তাই এফালে আছিল। দ্বীপে লাইট জ্বলোৱা নাছিল। সি তাইৰ সৰু লৰা ছোৱালীৰ দৰে মৰম লগা টুপনিটোক বেয়া কৰিব খোজা নাছিল। মাত্ৰ এ.চিৰ তাপমান তো ২৪লৈ বঢ়াই থৈ দিলে। দ্বীপে তাইৰ আধা কৈ হাঁহি মাৰি থকা যেন মুখ দেখি মনতে কলে," কি দোষ তাইৰ?"

তাইৰ মূৰত হাত ফুৰাই ওঁঠৰ ওচৰত চুমা যাচিলে। নিজৰাৰ আধা হৈ থকা জোন যেন হাঁহিটো সম্পূৰ্ণ হৈ উঠিল। তাইৰ এনেকুৱা লাগিল যেন সপোনত কোনোবাই চুমা যাচিছে। তাই বাগৰ সলালে । মনৰ কোনোবা ইন্দ্ৰিয়ই কলে যে নহয় এই স্পৰ্শ বাস্তৱিক হয়। টোপনিয়ে কলে এইয়া সপোন হয় আৰু তাই আকৌ এটা বাগৰ সলালে । আকৌ মনটোয়ে কলে যে নহয় সচাই তাইক কোনোবাই চুমা যাচিছে। এইবোৰ ভাবি থাকোতেই তাই চকু মেলিলে। তেতিয়া দ্বীপে তাইৰ ভৰিৰ ওচৰত বহি জোতা খুলি আছিল।তাইৰ টোপনি ভাঙিল আৰু তাই লৰালৰিকৈ নিজৰ দুপাত্তা খন বিচাৰিলে কিন্তু নাপালে।


"আপুনি, আপোনি কেতিয়া আহিলে? বেছি দেৰি হল নেকি? মই কেতিয়াৰ পৰা শুই আছো? আপুনি মোক জগাই নিদিলে কিয়?"

সম্পূৰ্ণ তিনিদিনৰ পাছত তাই দীপক দেখি, বুজি পোৱা নাই যে তাই কি কৰিব? তাই সপোনত কি দেখি আছিল পাহৰি থাকিল। তাইৰ অৱস্থা এনেকুৱা হল যেন তাই কিবা এটা বস্তু বহুত দেৰীৰ পৰা বিচাৰি আছে আৰু হঠাৎ তাইৰ সন্মুখত সেই বস্তুতো ওলাই পৰিল। তাইৰ চকুৰ উজ্জ্বলতাই তাইৰ ফুৰ্তিৰ কথা কৈছে আৰু শব্দৰ ধিৰতাই তাইৰ সংকোচ। তাই এতিয়াও সম্পূৰ্ণ ৰূপে দ্বীপৰ লগত মিলিব পৰা নাই। নিজৰাৰ এনে লাগে যেন দ্বীপে তাইক অধিকাৰ দিয়া নাই। মনৰ ভিতৰৰ পৰা বহুত প্ৰশ্ন উঠিল কিন্তু মুখৰ পৰা ওলাই নাহিল। দ্বীপৰ মুখ খন দেখি যেন তাই হেৰাই গল। দ্বীপে তাইক মিচিকয়াই চাই ৰল আৰু জোতা মোজা বোৰ থবলৈ উঠি গল। নিজৰা বিছনাত আথে বেথে বহি পৰিল। তাই ভাবিছে," বিয়াৰ ৩ মাহ পাৰ হল কিন্তু আজিলৈকে দ্বীপে তাইক এনেকৈ মিচিকয়াই চোৱা নাই। সচাকৈ কবলৈ গলে তেওঁ মোৰ মুখ খনলৈ ভালকৈ চোৱাই নাছিল আজিলৈকে। সদায় নিজৰ মাজতেই বিলীন হৈ থাকে তেওঁ। মই কেতিয়াবা কিবা সুধিলে বেলেগ ফালে চাই উত্তৰ দিয়ে, যেন তেওঁৰ বহুত দেৰি হৈছে। মই কিবা বিচাৰিলে তেওঁৰ মনিবেগতো আৰু আলমাৰীৰ ফালে দেখুৱাই কব 'সকলো তো তোমাৰেই হয় , যি লাগে লৈ যোৱা সম্পূৰ্ণ নিষ্ঠাৰে।' এনেদৰে কলে কাৰ মন যাব বজাৰ কৰিবলৈ। আনন্দ তো তেতিয়া লাগিব যেতিয়া তোমাৰ লগত লাগি থাকি, জিদ কৰি  নিজৰ বাবে কিবা ল'ম আৰু তোমাক পিন্ধি দেখুৱাম। নতুবা তোমাক লগত লৈ গৈ মোৰ পছন্দেৰে তোমাৰ বাবে কিবা লওঁ। বহুত দিন ধৰি তেওঁ বাহিৰত থাকে যেন মোৰ পৰা পলাব বিচাৰিছে।"

"নে নিজৰ পৰা পলাব বিচাৰে? কিন্তু আজি নহয় , আজিতো সন্মুখত আছে আৰু হাঁহি মাৰি চাইছে মোৰ ফালে। কি সুধিম বুজি পোৱা নাই? মনটোয়ে কৈছে যে তেওঁৰ কোলাত বহি তেওঁক সুধিম আপুনি ইমামদিন কত আছিল? আপুনি জানে নে আপুনি নাথাকিলে এই ঘৰটোৱে মোক খাওঁ যেন কৰে? মই গোটেই দিন অপেক্ষা কৰো আৰু মা দেউতাইও গম নাপায় আপুনি কত থাকে। এবাৰ ভালদৰে সুধিছিলো তেতিয়া কলে,'তোমাৰ স্বামী কত আছে তোমাৰ খবৰেই নাই।' এতিয়া আপুনি মোক মান্তি কৰুৱাব লাগিব নহলে কথা নাপাতো আপোনাৰ লগত। কিন্তু কথা হয় নো কেতিয়া ? মাত্ৰ দৰকাৰী কথা কেইটা হয় আৰু সেইয়া ও হা হো কৰি যেন মই আপোনাৰ চেক্ৰেটৰি। মানুহে তো নিজৰ চেক্ৰেতৰিৰ লগতো অলপ ধেমালি কৰে কিন্তু আপুনি নিজৰ পত্নীৰ লগতো নকৰে।

 মোৰ সন্দেহ হৈছিল যে ইয়াত নিশ্চয় কিবা আছে। যেতিয়া আপুনি কৈছিল যে যৌতুকৰ আপোনি একেবাৰে বিৰোধিতা কৰে আৰু সাধাৰণ ছোৱালী লাগে আপোনাক। সাধাৰণ ছোৱালী মাত্ৰ ময়েই আছিলো নতুবা মোৰ ভন্টি প্ৰিয়াৰ লগত বিয়া হোৱা হলে তাইৰ আঙুলিৰ ইংগিতত নাছিলে হয় আপুনি। মোক ফচাই দিলে আৰু মইও আপোনাক দেখিয়েই  পাগল হৈ গলো আৰু বিয়াৰ বাবে মান্তি হলো। মই কি জানিছিলো যে মোৰ জীৱনটোত ইমান অশান্তি হব। লগৰবোৰে কলে যে লৰাজনৰ মাজত কিবা এটা আছে নিশ্চয়। ইমান ভাল কোনোবা কেনেকৈ হব পাৰে? টকা পইচা, ব্যক্তিত্ব এই সকলোবোৰ আছে তথাপিও একো বিচৰা নাই। সকলোৱে কিমান যে কথা কলে কিন্তু আপুনিটো কথাই নাপাতে। বিয়া ঠিক হোৱাৰ পৰা বিয়া সম্পন্ন হোৱালৈকে আপুনি এবাৰো কথা নাপাতিলে। মই ভাবিলোঁ এংগেজমেণ্টৰ দিনা আপুনি মোক নম্বৰ বিচাৰিব কিন্তু নাই আপুনি ৰসগোল্লা খালে আৰু গুচি গল। সকলো সপোন অকলেই দেখিলো মই। এতিয়াও আপোনাৰ ফোন নম্বৰ নাই মোৰ ওচৰত ।


অফিচৰ নম্বৰটো দি থৈছে।বান্ধৱীবোৰে কলে ,'তোমাৰ লগত কথা নাপাতে নেকি? তেন্তে নিশ্চয় কিবা কথা আছে। আজিকালিটো সকলো লৰাই বিয়া ঠিক হোৱাৰ আগৰ পৰাই ঘটনা ঘটাই থাকে। নিশ্চয় এইজনেও কিবা কাণ্ড ঘটাই থৈছে।' আপোনাৰ তো মোৰ প্ৰতি একো অনুভৱ নাই। গোটেই সময়খিনি আপোনাৰ কথাই ভাবি থাকিলো যে ,কেনেকুৱা হব আপুনি? কি পছন্দ আছে কি নাই? এখন ফটো আছিল আপোনাৰ সেইখনকে ১০০ বাৰ মান জুম কৰি চাওঁ যে কেনেকুৱা লৰা হব এইজন? ফেচবুক নচলাই, হোৱাটছ এপ নছলাই আচৰিত আৰু দেই। আপোনাক জুখি চাবলৈ লগৰবোৰে এটা উপায় উলিয়ালে। সকলো ছোৱালী চি.আই. দি হৈ পৰিল। আপুনাৰ বিষয়ে খবৰ ললে আৰু সকলোৱে ভাল বুলিয়েই কলে। আপোনাৰ লগৰ বোৰক লগ কৰিব লগা হল। হওঁতে একো নহল কিন্তু আপোনাৰ লগৰ প্ৰবীন নামৰ এজনে মোৰ বান্ধৱী এগৰাকীক পতাই ললে। তাৰ পাছত প্ৰিয়াই এটা উপায় উলিয়ালে। জোতা লুকুৱা নিয়ম তোত তিনি গুণ টকা বিচাৰিলে। মইতো তাইক গালিও পাৰিলো লোভীয়া বুলি। অৱশ্যে এইয়া ঠিক হোৱা নাছিল কিন্তু গালি দিলো যদিও আধা মনৰ পৰা। আপুনি কি কয় সেইটো চাব খুজিছিলো। কোনোবা দেউতাকৰ ভক্ত হোৱা হলে তাতেই ধৰা পৰিল হয় কিন্তু আপুনি তো আপুনিয়েই হয়। চেহেৰাটোৰ ভাৱধাৰাত কোনো পৰিৱৰ্তন নাই।  মণ্ডপত বহি বহিয়েই প্ৰবীনক ইংগিত দিলে একো নোকোৱাকৈয়ে। তেওঁ টকা উলিয়াই দি দিলে। গোটেই কেইজনী খুলখালিয়ে লাজ পালে আৰু লাজতে এটকাও নললে। সকলোৰে ওপৰত আছে আপুনি।( Assamese Storyboard )


দ্বীপে জোতা মোজা খুলি বিছনাত আৰামত বহি দিলে। নিজৰাৰ হাতখন নিজৰ হাতত তুলি লৈ কলে," অফিচৰ কামত বাহিৰলৈ গৈছিলো। ঘূৰি আহোতে বৰষুণৰ বাবে দেৰি হল।  তুমি শুই যোৱা ভাগৰ লাগিছে চাগে তোমাৰ।"

ইমান অধিকাৰ প্ৰথমবাৰ পাইছে নিজৰাই। তাই ভাবিলে যে সকলো প্ৰশ্ন সুধিব তাই, যিবোৰ থাকি থাকি তাইৰ মনত উদয় হয়। তাইৰ এনেকুৱা লাগিল যেন তাই আজি গোটেই অধিকাৰ সাব্যস্ত কৰিব। কি নো ভাগৰি পৰিব তাই? সন্মুখত বহি আনন্দত আত্মহাৰা হৈছে তাই।

"আপোনাৰ চুলিবোৰ তিতি আছে দিয়ক মই মোহাৰি দিওঁ।" তাই দ্বীপৰ মূৰটো মোহাৰিবলৈ হাতখন আগবঢ়ালে কিন্তু সংকোচ কৰি থমকি ৰল। দ্বীপে নিজেই মূৰটো তল কৰি দিলে। দ্বীপৰ চুলিবোৰ কেঁকুৰা হয় আৰু আজি প্ৰথমবাৰ নিজৰাই সেই চুলিত হাত ফুৰাইছিল। "গেৰেজটোৰ পৰা ভিতৰলৈ আহোতে তিতিলো আকৌ , তুমি চিন্তা নকৰিবা। ফ্ৰীজত কিবা আছে নে খাবলৈ?"

"আপুনি একোৱেই খোৱা নাই নেকি?" তাই অলপ আচৰিত হৈ কলে যেন সি নোখোৱাৰ বাবে অপৰাধ তাইৰেই। 

দ্বীপে "না" বুলি মূৰ জোকাৰি দিলে।

"ৰ'ব মই এতিয়াই আপোনাৰ কাৰণে কিবা বনাই আনো।"নিজৰা উঠিব বিচাৰিলে।

"নালাগে দিয়া। ফ্ৰীজত কণী আছে নে? মই আমলেট বনাই লম।" দ্বীপে নিজৰাৰ মুখখনত হাত ফুৰাই দিলে।

" কণীটো নাই, মই..মই কিবা বনাও নে?" নিজৰাই ভালদৰে কব পৰা নাই। দ্বীপে আজি তাইৰ মুখখনত হাত ফুৰাই দিছে। তাই এনেদৰে বলিয়া হল যে 'তেওঁ মোক আধা ঘন্টা সময় দিলে মই খিৰ আৰু পনীৰ সকলো ৰান্ধি দিম।'

"বাৰু কি ৰান্ধিবা? অনাহকত চিন্তিত হবা। মোৰ ভোকত শুই যোৱাৰ অভ্যাস আছে আৰু বহুত ৰাতি এনেদৰেই কটাইছো ভোকত।"


"আটা থৈ দিয়া আছে ফ্ৰীজত আৰু মই ৫ মিনিতত চবযি ৰান্ধি দিম , আপুনি মাত্ৰ কাপোৰ সলাই লওক। আহাৰ প্ৰস্তুত আছে।"

 "বাৰু ঠিক আছে  কিন্তু কুকাৰ নজলাবা এতিয়া নহলে গোটেই চুবুৰীটো সাৰ পাই যাব।" দ্বীপে হাঁহি দিলে আৰু টি চাৰ্ট এটা লৈ বাথৰূমলৈ গুচি গল। দ্বীপে ধেমালিও কৰে বুলি আজি নিজৰাই প্ৰথমবাৰ গম পালে।

 আজি নিজৰাৰ ফুৰ্তিৰ ঠিকনা নাই। আলু কাটি থাকোতে আঙুলি কাটি দিলে তথাপিও হাঁহিয়েই আছে। সকলো কথা ঘূৰি আছে তাইৰ মগজত। আজি তাই দ্বীপক সকলো অভিযোগ ব্যক্ত কৰিব যিবোৰ ইমানদিনৰ পৰা মনত পুহি ৰাখিছে। তাই আকৌ চিন্তা কৰিব ধৰিলে। তাইৰ মগজুত কিছুমান চঞ্চল ভাব আহিল। আজি দ্বীপে তাইৰ হাতখন নিজৰ হাতত তুলি দিলে। এনেকুৱা মাত্ৰ আঙুঠি পিন্ধোৱা সময়ত হৈছিল আৰু এবাৰ ৰাস্তা পাৰ হওঁতে। দুইবাৰ তেওঁৰ চেহেৰাত একো ভাব নাছিল যেন একেবাৰে অন্তৰহীন । আঙুঠি এনেকৈ পিন্ধাইছিল যেন নেত টানি ৰৈছিল। ৰাস্তা এনেকৈ পাৰ কৰিলে যেন দায়িত্বশিল নাগৰিক। কিন্তু আজি নহয়, আজিটো হাঁহি মাৰি চাই ৰল। একদম চকুত, কিমান যে গভীৰতা আছে সেই চকুত।

'আজিলৈকে তেওঁ মোৰ কান্ধত হাত খন থৈ পোৱা নাছিল। মাত্ৰ এবাৰেই ৰাখিছিল ফটোগ্ৰাফাৰ জনে কোৱা বাবে। তাৰোপৰিও এনেকৈ কঁপিছিল যেন কাৰোবাক ঠগিছে। আৰু আমাৰ ফুলশয্যাৰ নিশা? সেইয়া তো একেবাৰে ছিলেবাছৰ বাহিৰত আছিল। মাত্ৰ ইমানেই সুধিলে তেওঁ যে,"ঘৰ পছন্দ হল নে? মাক কেনেকুৱা লাগিছে? মামুৰ পৰা বাছি থাকিবা তাই বহুত বদমাছ হয়।"

বাকীসকলৰ স্বামীয়ে সোধে চাগৈ," মোক কেনেকুৱা লাগিছে তোমাৰ?" যেন সকলো বিষ্ণুৰ অৱতাৰ। কিন্তু আপুনিটো আপুনিয়েই।

"ইয়াত আৰাম পাইছা নে? ভাগৰি গলা চাগে আৰাম কৰি লোৱা।" আৰু এইবোৰ কৈ নিজেই গাৰো তো লৈ শুই গল। যোৱা তিনি মাহৰ পৰা আৰামেই কৰি আছো। ইমানো ভাগৰুৱা নাচিলো মই। আৰু আমাৰ সেই হানিমুন? আৰু অলপ অসাৱধান হোৱা হলে আপোনাৰ মায়ে ভগৱানৰ দৰ্শনৰ বাবে টিকেট বুক কৰি দিলে হয়। লগতে তেওঁ নিজেও ওলালে হয় আমাৰ লগত। তিনিউজনে মূৰত কাপোৰ বান্ধি 'জয় দেৱী মা 'কৈ ফুৰিলো হয়। মই 'দাৰ্জিলিং' যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিলো। কিন্তু সেই আশাতো চেঁচা পানী ঢালিলে আপুনি। ৰাজস্থান গৈ পোৱাৰ পাছতেই নিজেই গাইড হৈ পৰিল আৰু মোক ইতিহাসৰ ষ্টুডেন্ট বনাই দিলে। গোলকুণ্ডাৰ গোহা দেখুৱালে। মোৰ চকুৰ গোল গোল চকুপানী নেদেখিলে তেওঁ। কোন মৰিল? কাৰ কি হয়? এইবোৰ জানি কি কৰিম মই? আপুনি মোৰ ওচৰলৈ আহি কান্ধত হাত থৈ এইবোৰ দেখাওক চোন। চুটিঙ শিকিবলৈ কওঁতেও আপুনি দূৰৰ পৰাই নিৰ্দেশ দি থাকিল। চিনেমাৰ দৰে পিছফালৰ পৰা ধৰি বন্ধুক চলোৱা শিকাব নোৱাৰিলে হেতেন জানো? মোৰ এনেকুৱা কিয় লাগে যেন আপুনি মোৰ পৰা পলাব বিচাৰে।'

 যেতিয়াই তাই ভাবনাত ডুব যায় , তাই তেতিয়া দ্বীপক তুমি বুলি সম্বোধন কৰে। বহুত বাৰ সপোনত দ্বীপৰ লগত থকাৰ কল্পনা কৰিছে তাই। আজৰি থকা সময়ত এইবোৰেই ভাবি থাকে তাই। তাইৰ নিজৰটো কোনো অতীত নাই। লৰা এটা পছন্দ হৈছিল বি.এ পঢ়ি থাকোতে। তাই আগবঢ়াৰ আগতেই ককায়েক হতে মাৰিলে লৰা তোক। দ্বীপ মোৰ দ্বীপ।'

নিজৰাই ৰুটি বেলি থাকিল আৰু পুৰণা কথাবোৰ মনত পেলাই মিচিকিয়াই থাকিল। তাই ৰুটি বেলি আছে আৰু দ্বীপ আহি পাকঘৰত থিয় হৈ আছে। দ্বীপ অহাৰ বাবে নিজৰাৰ হাতখন আৰু কঁপিব ধৰিলে। এতিয়া নিজৰাৰ বয়স ২৩বছৰ আৰু দ্বীপৰ বয়স ২৭ বছৰ। সি সন্মুখত থাকিলে তাই বেছিকৈ শিহৰিব ধৰে। প্ৰথমবাৰ যেতিয়া তাই এইখন ঘৰলৈ আহিছিল তেতিয়াও চাহ পৰি গৈছিল তাইৰ হাতৰ পৰা কিন্তু দ্বীপৰ বাহিৰে কোনেও এই কথা গম নাপালে। অৱশ্যে সি একো কোৱা নাছিল আৰু আজিও একেই অৱস্থা হৈছে। ৰুটিবোৰ গোল হোৱা নাই আৰু ফুলা নাই। তৰকাৰী লৰাবলৈ পাহৰিছে কিয়নো তাইৰ আজি বহুত কথা পাতিবলগীয়া আছে। সকলো কথা যিবোৰ মামুয়ে তাইক কৈছে। এদিন তাই নিজেও তাক চাবলৈ গৈছিল পঢ়া ৰুমত। যেতিয়া লাহে লাহে মাত আহিব ধৰিলে তেতিয়া তাই পৰ্দাৰে জুমি চালে কিন্তু দ্বীপে প্ৰবীনৰ লগত ভিডিঅ কলত কথা পাতি আছিল। প্ৰথমে নিজৰাৰ এনেকুৱা লাগিল কেনেবাকৈ দ্বীপ সমকামী নহয় তো? মানৱ অধিকাৰৰ বাবে মই সহ্য কৰিম কিন্তু নহয়। কিন্তু মামুয়ে কৈছিল যে দ্বীপৰ কলেজৰ দিনত এজনী প্ৰেমিকা আছিল অনন্যা নামেৰে। ঘৰত সকলোৱে গম পাইছিল। ঘৰলৈ দুবাৰ আহিছিল তাই। এওঁলোকৰ প্ৰেম বহুত গভীৰ আছিল কিন্তু হঠাৎ কি হল জানো? দ্বীপ ঘৰৰ পৰা কম কৈ বাহিৰলৈ ওলাব ললে আৰু উদাস হৈ থাকে। মামুয়ে কৈছিল যে অনন্যা বহুত ধুনীয়া দেখিবলৈ। বহুত ধুনীয়া, মোৰ সমান হব পাৰিব নে? লগ পালে মই তাইৰ মুখ খন ভাঙি দিম। প্ৰথমে মোৰ ফালৰ পৰা ধন্যবাদ কম আৰু তেওঁৰ ফালৰ পৰা দুই ঘোচা দিম। কি যে অৱস্থা কৰি থৈছে এওঁ। কি কৈছে তেওঁ? বহুত বাৰ ভোকত হৈছে, ৰাতি সাৰে থাকে। আজিও মাত্ৰ দুখন ৰুটি খাইছে।'

খোৱা বোৱা কৰাৰ পাছত দ্বীপ বিচনালৈ আহিল। নিজৰাও ওচৰতেই বহি আছিল।  তাই গম পাই যদি তাই শুই পৰে তেন্তে দ্বীপ ও শুই পৰিব। কত নো শুয়ে একেবাৰে চুইছ অফ হৈ যায় আৰু ৰাতিপুৱা ৬ বজাত চুইছ অন হয়। কিন্তু আজি নহয়, নিজৰাই সকলো কথা বুজি পায়। আজি তাই দ্বীপক শুবলৈ নিদিয়ে। দ্বীপে নিজৰাৰ কান্ধত হাত থৈছে। তাৰ হাতৰ স্পৰ্শৰ তাপত তাই গলি গৈছে। যেন তাৰ হাতেৰে প্ৰেমৰ সঞ্চাৰ হৈছে। এদিন ৰাতি দ্বীপে এনেদৰেই তাইৰ কঁকালত হাত ৰাখিছিল। সিঁহৰিত হৈ উঠিছিল তেতিয়া তাই। কিছু সময়ৰ সিঁহৰণৰ পাছত তাই অনুভৱ কৰিলে যে তাই টোপনিত আছে। সেই হাতখন বুকুত সাৱটি গোটেই ৰাতি শুইছিল তাই। কিন্তু আজি দ্বীপ টোপনিত নাই। আজি সি মৰমেৰে চাইছে। বাহিৰত গোটেই চহৰ তিটিছে। খিৰিকীৰ কাষত থকা শেৱালিৰ সুগন্ধ বিয়পি পৰিছে। নিজৰাৰ প্ৰতিটো অংগৰ পৰাই সুগন্ধ ওলাইছে। তাই দ্বীপক সাৱটি ধৰিব খুজিছে কিন্তু  তাই সংকোচ কৰিছে। দ্বীপে কলে," তোমাৰ চকুযুৰি বন্ধ কৰা।"

তাই চকু মুদি দিলে আৰু মুখখন আগবঢ়াই দিলে। ওঁঠ কেইটা একেবাৰে আগত আছে যেন চকু মুদি দিয়াৰ পাছত ওঁঠ কেইটাৰেই কাম। তাইৰ শৰীৰত এক শিহৰণ জাগি উঠিল। তাইৰ চকু মোদ খাই আছে কিন্তু বাকীবোৰ ইন্দ্ৰিয় সজগ হৈ আছে। তাই ভৰিৰ খোজৰ শব্দৰ পৰা অনুভৱ কৰিব  পাৰিছে যে দ্বীপ ৰূমটোৰ আনফালে গৈছে নতুবা ৰুমৰ পৰা বাহিৰত গৈছে। তাই ভাবিছে যে এটা চকু মেলি চাব নেকি কিন্তু নাই নাচালে। দ্বীপ আকৌ আহিল আৰু তাইৰ ডিঙিৰ ওচৰত এক স্পৰ্শ অনুভৱ কৰিলে। দ্বীপে আইনা খন আনি তাইক চকু মেলিবলৈ কয়। তাইৰ ডিঙিত এডাল চেইন আছে ,যিডাল চেইণত তাইৰ চকু ৰাজস্থানত থাকোতেই পৰিছিল কিন্তু তাই বিচাৰিব নোৱাৰিলে।

তাইৰ মনটো এতিয়া উৎসাহেৰে ভৰি পৰিল। এই সৰু আইনা খনত তাই নিজকে ভালদৰে দেখাপোৱা নাই। তাই দৌৰ মাৰি গৈ সাজ সজ্জা কৰা আইনা খনৰ ওচৰত গৈ বহিল। হাতেৰে গঢ়োৱা এই চেইণ ডাল তাইৰ বগা ডিঙিত ধুনীয়াকৈ জিলিকি উঠিছে।  তাই ভাবিছে যে এই ব্লাউজতো মিলা নাই , আধৰুৱা যেন লাগিছে । ব্লাউজ তো সলাই দেখাও নেকি? দ্বীপ তাইৰ পিছফালে আহি থিয় হল। এতিয়া তাইৰ শৃংগাৰ সম্পূৰ্ণ হল। তাই কৰবাত পঢ়িছিল যে সুন্দৰী নাৰী সেইগৰাকী হয় যাৰ স্বামীয়ে তাইক মৰম কৰে। তাই ঘূৰি লৈ তাৰ দুবাহুৰ মাজত সোমাই পৰিল। তাই মনৰ আনন্দত দ্বীপক সুধিলে," কত আছিলা তুমি এতিয়ালৈকে? মই তোমাক কত কত যে বিচাৰিলো।"

দ্বীপে তাইক কোনো সৰু কেঁচুৱা উঠোৱাৰ দৰে কোলাত তুলি ললে। কিছু চকুলো দ্বীপৰ চকুৰ পৰা নিগৰি নিজৰাৰ গালত আহি পৰিল।

ৰাতিপুৱা ৮ বাজিছে। দুয়ো ইজনে আনজনৰ দুবাহুৰ মাজত গম নোপোৱাকৈ পৰি আছে। মামুয়ে কফি লৈ আহিছে আৰু কফি থৈ গুচি গল। দ্বীপে সাৰ পাই নিজৰাৰ ফালে চাই মিচিকিয়াই কলে,'মই ৰাতিপুৱা চাহৰ সলনি কফি খাবলৈ পছন্দ কৰোঁ।'

নিজৰাই হাঁহি দিয়ে," আৰু আপুনি তিনি মাহৰ পৰা একো নোকোৱাকৈ চাহ খাই আছে? মই আপোনাৰ লগত বহি চাহ এইকাৰনেই খাওঁ যাতে আপোনাক বাতৰি কাকত পঢ়ি থকা দেখা পাওঁ। মইও কফি পছন্দ কৰো।" দ্বীপে হাঁহি দিলে।

 

 "আপুনি গম পায় নে যে আপোনাক নীলা ৰঙৰ চাৰ্ট তো পিন্ধিলে বহুত ধুনীয়া লাগে আৰু ক্ৰীম ৰঙৰতো নিপিন্ধিব।" তাই গৈ দ্বীপৰ দুবাহুত আকৌ সোমাই পৰিল আৰু কণমানি লৰা ছোৱালীৰ দৰে ধৰিয়েই আছে।

 'আকৌ যদি চিনেমা চাবলৈ যাও তেন্তে গডজিলা নাচাও মই, কিবা' নো ষ্ট্ৰিনগছ এটেছড' ধৰণৰ দেখুৱাব। মামুৰ সৈতে তো একেবাৰেই নাযাওঁ মই। আপোনাৰ বাবে ৰয়েল ব্লু ৰঙৰ চাৰ্ট কিনিবলৈ আছে। আৰু আমাৰ ছোৱালী হলে তাইৰ নাম দিপাঞ্জলি ৰাখিম। আৰু...আৰু....


  দ্বীপে তাৰ মোবাইলটো হাতত লৈ অচিনাকি নম্বৰ এটাত মেছেজ কৰিছে," বিয়াৰ শুভেচ্ছা থাকিল।"


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard


জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

:


No comments:

Post a Comment

Advertisement

Pages