শুনিলা নহয় । শইকীয়া খুড়াই কিমান আশা কৰিছে তোমাৰ পৰা । উৰ্বশীৰ কথা শুনি ভৈৰৱৰ বিৰাট খং উঠিল । ( Assamese Storyboard )
: তোমালোকে কিয় একেটা কথাকে চেপেটা কৰি আছা ...! অলংকৃতাৰ লগত মোৰ বিয়া পাতিবলৈ তোমালোক কিয় ইমান উঠি পৰি লাগিছা মই সেইটোহে বুজি পোৱা নাই । কিবা স্বাৰ্থ জড়িত হৈ আছে নেকি মা....?
: কোনো স্বাৰ্থ নাই । কিন্তু শইকীয়া খুড়া আৰু আমাৰ ঘৰখনৰ মাজৰ সম্পৰ্কটোক এটা নাম দিব বিচাৰিছোঁ ।
: জীৱনত কিছুমান সিদ্ধান্ত অলপ ভাবি চিন্তি ল'ব লাগে মা , জীৱনটো মোৰ , গতিকে মোৰ বিয়াৰ সিদ্ধান্ত মই নিজেই লম । মিছাতেই তুমি এইবোৰৰ মাজত নোসোমাবা মা ।
: তাৰমানে তুমি কি ক'ব বিচাৰিছা .....? অলংকৃতাৰ লগত সুখী হ'ব নোৱাৰিম বুলি ভাবিছা নেকি....? অলংকৃতা বহুত ভাল ছোৱালী ।
: ভাল বেয়া বিচাৰ কৰিব ময়ো জানো মা....! এটা কথা ...., তোমালোকে মোক কি বুলি ভাবা সেইটো মই নাজানোঁ ...! মই এজন সমকামী । ছোৱালীৰ প্ৰতি মোৰ কোনো আকৰ্ষণ নাই । এইটো সঁচা কথা , সেয়ে মই অলংকৃতাৰ জীৱনটো ধ্বংস কৰিব নোৱাৰোঁ ।
: এইবোৰ তুমি কি কৈছা....? কিয় নিজকে তুমি মানসিক ৰোগী সজাব বিচাৰিছা ......? সমকামীতা এক মানসিক ৰোগ....
: কেতিয়াও নহয়.....! এইয়া তোমাৰ ভুল ধাৰণা মা । মই ৰাজীৱক ভাল পাওঁ । তাৰ লগতেই মই সুখী হৈ থাকিব বিচাৰোঁ ।
: চুপ.....! আৰু এটা শব্দও উচ্চাৰণ নকৰিবা । জাঙুৰ খাই উঠিল উৰ্বশী ।
: যিটো সঁচা কথা মই সেইটোৱেই কৈছো । বিশ্বাস কৰা বা নকৰা সেইটো তোমাৰ কথা , শইকীয়া খুড়াক তুমি কথাবোৰ কৈ দিবা । মোৰ বাবে অলংকৃতাক ৰখাই থব নালাগে ।
: অসম্ভৱ ....! এইখন বিয়া হ'বই লাগিব । তুমি হাজাৰ চেষ্টা কৰিলেও মই এই বিয়া পাতিহে এৰিম ।
: কেনেকৈ পাতা ময়ো চাই লম মা..! প্ৰয়োজন হলে ৰাজীৱক লগত লৈ ক'ৰবালৈ গুচি যাম । তথাপিও মই মোৰ সপোনবোৰক হত্যা কৰিব নোৱাৰোঁ মা।
: মোক মুখে মুখে উত্তৰ দিব পৰা হ'লা তুমি....? ময়ো চাই লম তুমি কেনেকৈ ঘৰৰ পৰা ওলাই যোৱা ।
: নোৱাৰীবা মা....! দেউতাৰ সৰলতাৰ সুযোগ লৈ তুমি দেউতাক দমন কৰিব পাৰিলা বুলিয়েই মোক কিন্তু দমন কৰি ৰাখিব নোৱাৰীবা । কথাষাৰ কৈ হাতত ম'বাইলটো লৈ ভৈৰৱ নিজৰ ৰূমত সোমাই ৰাজীৱলৈ ফোন কৰিলে । দুই তিনিবাৰ ফোন কৰাৰ পাছতো ফোনটো ৰিচিভ নকৰিলে ৰাজীৱে । খঙতে ৱালখনতে প্ৰচণ্ড জোৰে ঘোচা এটা মাৰি দি বিচনাত পৰি দিলে । গাৰুটোত মূৰটো পেলাবলৈ লওঁতেই ভৈৰৱৰ ফোনটো বাজি উঠিল । লগে লগেই ফোনটো ৰিচিভ কৰিলে ভৈৰৱে ।
: হেল্ল'....! ফোন কৰিছিলা....? মই ভাত খাই আছিলোঁ ।
: অঃ....! এইফালে মই চিন্তাত মৰিছোঁ আৰু তুমি ভাত খাই আছা ...!
: চিন্তা কিয় হৈছে ভৈৰৱ দা...?
: অলংকৃতা মোৰ চিন্তাৰ কাৰণ হৈ পৰিছে । সেয়ে মই কথা এটা ভাবিছোঁ । মোৰ ডিগ্ৰী সম্পূৰ্ণ হ'লেই তুমি আৰু মই ঘৰৰ পৰা ক'ৰবালৈ আতঁৰহৈ যাম । সৰু সুৰা কিবা এটা কাম যোগাৰ কৰি দুয়োটাই ধুনীয়াকৈ চলি থাকিব পাৰিম ।
: সেইটো কেতিয়াও কৰিব নোৱাৰোঁ ভৈৰৱ দা। ঘৰ এৰি আতঁৰহৈ গলে মানুহে আমাক পলায়নবাদী বুলি হাঁহিব । গতিকে মিছা এটা অপযশ গোটেই জীৱন কঢ়িয়াই লৈ ফুৰিব লাগিব ।
: তেন্তে কি কৰোঁ কোৱা...? অলংকৃতাক বিয়া কৰি তোমাৰ জীৱনৰ পৰা আতঁৰহৈ আহোঁ....?
: তুমি এটা কাম কৰা ভৈৰৱ দা । এবাৰ অলংকৃতাত অকলশৰীয়াকৈ লগ কৰি সঁচা কথাবোৰ কৈ দিয়া । তাইটো পঢ়া শুনা কৰা ছোৱালী সেয়ে ভাবিছোঁ তাই কথাবোৰ বুজি পাব ।
: একদম ঠিক কথা এটা কৈছা দেই....! অলংকৃতাক কথাবোৰ কৈ দিয়াৰ পাছত তাই মোৰ বাবে কেতিয়াওঁ অপেক্ষা নকৰে । নিজে নিজেই তাই মোৰ জীৱনৰ পৰা আতঁৰহৈ যাব ।
: অলংকৃতা তোমাৰ জীৱনৰ পৰা আতঁৰহৈ গলেই সকলো সমস্যা শেষ হৈ যাব ভৈৰৱ দা ।
: সমস্যা শেষ নহয় , সমস্যা বাঢ়িবহে ৰাজীৱ ।
: কিয় ভৈৰৱ দা....?
: ঘৰৰ মানুহবোৰক বুজাই বঢ়াই সৈমান কৰোৱাটোও এটা সমস্যা নহয় জানো....!
: অ'....! ইমান চিন্তা নকৰিবা ভৈৰৱ দা । প্ৰয়োজন হ'লে মাক মই বুজাম....
: মোৰ কথাই মানি লোৱা নাই । তোমাৰ কথা মানি ল'ব জানো....!
: তোমাৰ কথাটোও মানি ল'ব ভৈৰৱ দা । কিন্তু তাৰ আগতে তুমি নিজেই প্ৰতিষ্ঠিত হ'ব লাগিব । তোমাৰ হাতত যেতিয়া টকা থাকিব তেতিয়া তোমাৰ কথা সকলোৱে মানি চলিব ।
: সেইটো হয় বাৰু...! চাকৰি এটা পোৱাটো ইমান সহজ নহয় ৰাজীৱ । আজিকালিৰ দিনত চাকৰি পোৱা আৰু ভগৱানক লগ পোৱা একেই কথা ।
: কিয় তেনেকৈ ভাবিছা । "যোগ্য ভোগ্য বসুন্ধৰা" কথাষাৰ মনত ৰাখিবা । ভালকৈ পঢ়া শুনা কৰি প্ৰথমে নিজকে যোগ্য কৰি লোৱা , তাৰ পাছতো যদি একো নহয় , তেতিয়া আমি দুয়ো একগোট হৈ সৰুকৈ হ'লেও এটা ব্যৱসায় আৰম্ভ কৰিম । ( Assamese Storyboard )
: আজিকালি দেখোঁন তুমি বৰ ডাঙৰ ডাঙৰ কথা চিন্তা কৰিব পৰা হৈছা ৰাজীৱ ।
: কিয় ঠাট্ৰা কৰিছা ভৈৰৱ দা....?
: ঠাট্ৰা কৰা নাই অ' কলিজাটো...! কিয় ঠাট্ৰা কৰিমনো...! কথা এটা কওঁ.....
: কোৱা.....
: মই যদি চাকৰি নাপাওঁ তুমি মোৰ জীৱনৰ পৰা আতঁৰহৈ যাবা নেকি...?
: কি যে অদৰকাৰী কথাবোৰ কোৱা নহয় । ধনৰ সুখ বিচাৰি মই তোমাক ভাল পোৱা নাই ভৈৰৱ দা । তোমাৰ দুচকুত মোৰ প্ৰতি অযুত মৰম দেখা পাইছিলোঁ সেয়ে মই তোমাৰ প্ৰেমত পৰিছিলো ভৈৰৱ দা । তোমাৰ পৰা মই যি মৰম আৰু সঁহাৰি পাইছোঁ মোৰ বাবে সেয়াই যথেষ্ট ,তাতকৈ আৰু মোক একো নালাগে ।
: অ'.... কলিজা....! সকলোৰে মনবোৰ তোমাৰ দৰে হোৱা হ'লে সমাজত ধনী দুখীয়াৰ কোনো প্ৰভেদ নাথাকিলে হেঁতেন ।
: তুমি এইবোৰ কথা চিন্তা কৰি নাথাকিবা দেই দেহা...! ৰাতিপুৱা টিউচন মিছ নকৰিবা । এতিয়া ৰাখিছোঁ দিয়া....
: এক মিনিট...., কি বুলি ক'লা , আকৌ এবাৰ কোৱাচোন....?
: ধেৎ.....!
: প্লীজ....! কোৱানা....? মাত্ৰ এবাৰ....
: দেহা....
: সদায় মোক দেহা বুলিয়েই মাতিবা দেই কলিজাটো । ভৈৰৱ দা বুলি কলে কিবা লাগে শুনিবলৈ ...
: ঠিক আছে দেহা । মিছ ইউ....
: লাভ ইউ কলিজা.... উম.....আহ.....! ৰাজীৱক ফোনতে চুমা এটা দি ফোনটো কাটি দিলে ভৈৰৱে ।
বাবা...., টোপনি যোৱা নাই নেকি....? ভৈৰৱক মাতষাৰ দি দেউতাক তাৰ ৰূমটোলৈ সোমাই আহি লাইটৰ চুইছটো অন কৰি বিচনাতে বহিলে দেউতাক । ....মায়ে কোৱা কথাবোৰ সঁচা নেকি...? একো উত্তৰ নিদি নীৰৱে শুই থাকিল ভৈৰৱ । ..... একো নকলা যে তুমি....?
: একেবোৰ কথাকে কিমান কম আৰু দেউতা...!
: মই তোমাৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ ।
: শুনক দেউতা । মই ৰাজীৱক ভাল পাওঁ তাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ দেউতা ।
: সেইটো অসম্ভৱ বাবা...! আমাৰ বংশত কোনো সমকামী নাই । তুমি এইবোৰ কি কৈছা ....?
: প্ৰয়োজন হ'লে অসম্ভৱকো সম্ভৱ কৰি তুলিব লাগিব দেউতা । আপুনি কেনেকৈ জানিলে আমাৰ বংশত কোনো সমকামী নাই বুলি। সমাজৰ ভয়ত নিজকে লুকুৱাইওটো থব পাৰে ...? আপুনি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক দেউতা....! মাৰ লগত সংসাৰ কৰি আপুনি সুখীনে.....?
: বাবা , তুমি এইবোৰ কি প্ৰশ্ন কৰিছা....! অলপ খঙেৰে কলে দেউতাকে ।
: সঁচা কথা কওঁক দেউতা । ভৈৰৱৰ প্ৰশ্ন শুনি বিনা মেঘে ব্ৰজপাত হোৱা যেন অনুভৱ কৰিলে দেউতাকে । বহু সময় মৌন হৈ ৰ'ল দেউতাক । .....একো নকলে যে দেউতা....?
: বহুত সুখী বাবা । সুখী হোৱাৰ বাবেই সংসাৰখন সুন্দৰকৈ চলাই নিব পাৰিছোঁ ।
: আপোনাৰ মুখখন দেখিলেই ধৰিব পাৰি । মাৰ লগত সংসাৰ কৰি আপুনি মুঠেই সুখী নহয় । তাৰ পাছতো আপুনি মোক কিয় জ্বলন্ত জুইত জাঁপ দিবলৈ কৈছে দেউতা.....!
: বাবা....! ভৈৰৱৰ কথাবোৰ শুনি ভৈৰৱৰ চকুত চকু থৈ উত্তৰ দিবলৈ ভাষা হেৰাই গ'ল দেউতাকৰ , মুখেৰে এটাও শব্দ উচ্চাৰণ নকৰি দুখৰ চকুলো টুকি দেউতাক ভৈৰৱৰ ৰূমটোৰ পৰা ওলাই আহিল । কিছু সময় মৌন হৈ থাকিল ভৈৰৱ , দেউতাকৰ অৱস্থাটো দেখি ভৈৰৱৰ মনত নানা প্ৰশ্নৰ উদয় হ'বলৈ ধৰিলে । বিচনাৰ পৰা লাহেকৈ নামি লাইটৰ ছুইছটো অফ কৰি বিচনাত দীঘল দি ভাবিবলৈ ধৰিলে ভৈৰৱে .....জীৱন সঁচাকৈয়ে এখন সুন্দৰ ৰঙ্গমঞ্চ , সমাজৰ প্ৰতিজন মানুহেই একো একোজন ভাৱৰীয়া । ভিতৰি ভিতৰি দুখে খুলি খুলি খালেও বাহিৰত কিন্তু সকলো সুখী ....! কি আচৰিত এই মানৱ জীৱন...? কিমান কষ্ট হয় দুখবোৰ হাঁহিৰে ঢাকি ৰাখিবলৈ...? হয়টো শেই কষ্ট বৰ্ণনাতিত....!
ক্ৰমশঃ.....
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment