প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ১৫ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 17, 2021

প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ১৫ ) : Assamese Storyboard

Assamese Storyboard

 

ৰিমা আৰু প্ৰণৱৰ শৱদেহ দুটা উটি ভাহি গৈছিল নিৰৱ নৈখনেৰে। ক'ৰবাত কিছু সময় বাজি ৰৈছিল, আকৌ নৈৰ সোতে দুয়োকে উটুৱাই লৈ গৈছিল( Assamese Storyboard )। ক'ৰবাত খুন্দা খাই শৱদেহ দুটা ক্ষত হৈছিল। কিন্তু নৈত জপিওৱাৰ সময়ত প্ৰণৱে ৰিমাক যেনেকৈ সাৱটি আছিল এতিয়াও তেনেকৈয়ে আছে। এসময়ত দুয়োটা শৱদেহ আহি এটি নিৰৱ ঘাটত বাজি ৰৈছিল। বহুত মানুহ লগ হৈছিল শৱদেহ চাবলৈ। ভিৰ কৰিছিল সকলোৱে। যাক জীয়াই থাকোঁতে সমাজখনে জীৱনৰ লগত খেল খেলিলে সেইখন সমাজে বাৰু ৰিমা আৰু প্ৰণৱৰ শৱদেহ চোৱাৰ অধিকাৰ ক'ত পালে।

   কিছু সময় পিছত প্ৰণৱৰ পাগলী মাকজনী আহি সেই নৈৰ পাৰ পালে আৰু তেওঁ সকলোৰে সন্মুখত গৈ ক'ব ল'লে-


: ঐ তহতে মোৰ ল'ৰা বোৱাৰীক কিয় হত্যা কৰিলি হা? কিয় মোক মোৰ নাতিৰ‌ মুখখন চাব নিদিলি? ঐ ভগৱান অʼ তোকেই কৈছোঁ কিয় লৈ গ'লি দুয়োকে? তইটো কেৱল মানুহ সৃষ্টি কৰিছিলি তেন্তে এইবোৰ কিহৰ আইন। আজি কিয় এই সচা প্ৰেমে হাৰি গ'ল। দুখ লাগে ও যেতিয়া ৰাজহুৱা নামঘৰখনি এখনি আদালতলৈ পৰিণত হয়। এয়া কেনেকুৱা নিয়ম য'ত ইহঁতে নিজকে বলিদান দিব লগা হ'ল।( Assamese Storyboard )


কিছু সময় পিছত গাঁৱৰ গাওবুঢ়া আহি সেই ঠাইত উপস্থিত হ'ল। তেওঁ সকলোকে উদ্দেশ্যে ক'লে-


: ঐ কোনেও ইহঁতৰ শৱদেহ দুটা নুচুবি আমাক পাপে চুব। সকলোৱে ইয়াৰ পৰা আতৰি বল। ইহঁতৰ শৱদেহ দুটা ইয়াতে পচি যাবলৈ দে।


ইমান নিষ্ঠুৰ নে আমি জীৱ শ্ৰেষ্ঠ মানৱ জাতি। মৃত্যুৰ পিছতো দুয়োকে শান্তি দিয়া নাছিল। দুয়োয়ে বেলেগ ধৰ্মৰ আছিল বাবে শৱদেহ দুটা চুব মানা কৰিলে। পচি যাব দিলে শৱদেহ দুটা। ধিক্ এই জীৱ শ্ৰেষ্ঠ মানৱ জাতি।

প্ৰণৱৰ মাকজনীয়ে গৈ তালৈ আৰক্ষী মাতি আনিলে। আৰক্ষীয়ে নিজৰ কাম আৰম্ভ কৰিলে। আহি পৰিল সাংবাদিক।


Breaking news: ৰাতিপুৱাই বেয়া খবৰ। হঠাতে নৈৰ পাৰত দুটাকৈ মৃতদেহ উদ্ধাৰ। হয়টো কোনো পতি পত্নীৰ মৃতদেহ। এয়া আত্মহত্যা নেকি। সময়ৰ খবৰ সময়ত পাবলৈ চাই থাকিব.....।


আগলৈ..............................

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages