বৰষুণজাক কমাৰ নাম লোৱাই নাছিল ।মানৱহঁতৰ চোতালত বৰষুণৰ বিন্দুবোৰ প্ৰস্ফুটিত হৈ পানীফোঁৱাৰাৰ সৃষ্টি কৰিছিল ( Assamese Storyboard )।ওচৰৰে কমলহঁতৰ বগা ৰাজহাঁহ দুটা মানৱহঁতৰ ঘৰৰ গেটখনৰ কাষত ৰৈ আছিল ।মানৱক অহা দেখি ৰাজহাঁহ দুটাই বাট এৰি দিছিল ।গেটখন খোলাৰ লগে লগে বাৰান্দাৰ পৰা কুকুৰ এটি মানৱৰ ওচৰলৈ লৰি আহিছিল ।
অন্যদিন হোৱা হʼলে মানৱে টমিৰ গাত হাত বুলাই মৰম যাঁচিলে হয় । কিন্তু আজি তাৰ মনটো বৰ বিষন্ন ।সেয়ে বৰষুণকো কেৰেপ নকৰি মৰমৰ গৰাকীক আগুৱাই যোৱা টমিকো আজি সি সঁহাৰি জনোৱাৰ পৰা বিৰত থাকিলে ।মাঁথো পোনছাটেই সি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি নিজৰ কোঠালিলৈ দৌৰ মাৰিলে ।
কোঠাটো খুলিয়েই পোৱা টেবুল খনত কিতাপবোৰ অবিন্যস্ত হৈ পৰি আছিল । মানৱে কলেজৰ বেগটো নিজৰ বিচনাত থৈ কিতাপবোৰৰ মাজত কিবা বিচৰাত ব্যস্ত হৈ পৰিল । হঠাৎ তাৰ কিবা মনত পৰাত সি কিতাপবোৰৰ ওপৰত হাত ফুৰাবলৈ বন্ধ কৰি কাষৰ আলমাৰিটোলৈ ঢাপলি মেলিলে । ওপৰৰ খলপটোত এটা পুৰণি টিনৰ বাকচ আছিল ।সৰুতে মানৱে এইটোতে কিতাপ বহী স্কুললৈ বূলি কঢ়িয়াইছিল ।বাকচটো দেখি মানৱ কিছু আবেগিক হৈ পৰিল ।সি লাহেকৈ বাকচটো আলমাৰিৰপৰা উলিয়াই লাহেকৈ বিচনাত থলে আৰু এটা এটাকৈ বিচনাত থৈ গ'ল তাৰ মৰমৰ স্মৃতি সম্বলিত এপদ এপদ মূল্যৱান সামগ্ৰী ...!!!
সামগ্ৰীসমূহৰ ভিতৰত আছিল এটা ধুনীয়া হাতঘড়ী, এটা ফাউন্টেইন পেন, এখন ৰঙা ৰুমাল, এডাল দীঘল ময়ূৰৰ পাখি, বগা পাৰ চৰাইৰ পাখি কেইখিলামান, পুৰণি ৰেডিঅ' ৰ পৰা খুলি উলিওৱা চুম্বকৰ গোলাকাৰ টুকুৰা এটা , এখন পুৰণি কেলেণ্ডাৰ, মাৰ্বল গুটি কেইটামান, ......আৰু এখন কʼলা কভাৰৰ সৰু ডায়েৰী ।
মানৱে ডায়েৰী খন হাতত লৈ এবাৰ শুঙি চালে।লগে লগে যেন তাৰ মনৰ বেজাৰ গুচি পুলকিত হৈ পৰিল ।যেন তাৰ মনত কোনোবাই গোলাপৰ সুগন্ধি আৰু ৰং দুয়োটাই সিঁচি দিছিল ।তাৰ হাতৰ তিতা পৰশত ডায়েৰীৰ কভাৰত হাতৰ চাপ প্ৰতিফলিত হৈ পৰিছিল ।তাৰ মনত পৰিল সি বৰষুণত তিতি আহিছিল ...!!
কিছু সময় পিছত পৰিপাটীকৈ সজাই থোৱা টেবুল খনত মানৱ পঢ়াত ব্যস্ত আছিল ।বৰষুণজাক তেতিয়ালৈ কমিছিল ।মাক গোসাই ঘৰত সোমাই প্ৰাৰ্থনা এফাঁকি গাইছিল ।দেউতাক যোৱাকালিয়ে মাজু বায়েকৰ ঘৰলৈ গৈছিল ।অহাকাইলৈ হে আহিব ।ঘৰখনত এতিয়া মা দেউতাক আৰু মানৱ..!!সৰু বায়েকৰো যোৱাবছৰ বিয়াখন ভালদৰেই হৈ গৈছিল ।সৰু বায়েকৰ বিয়াৰ দিনটো মানৱৰ বৰ প্ৰিয় আছিল ।কিয়নো তাতেই মানৱে প্ৰথম লগ পাইছিল মানৱে .....!!
"তুমি মোৰ লগত থাকিবা নে সদায় ?
"উম থাকিম।
"তুমি মোৰ হৈ থাকিবানে সদায়?
"উম তো ।
"মোৰ বৰ ভয় লাগে ।
"কিয় ?
"সপোনৰ ফুলবোৰ বাস্তৱত মৰহি যায় যে ।
"নাপায় ...তেনেকৈ কʼব ।
"নহয় ..সঁচাকৈ ভয় লাগে ।
"ইমান ভয়াতুৰ নে তুমি ?মোৰ ওপৰত বিশ্বাস নাই ?
"তোমাৰ ওপৰত বিশ্বাস আছে ।নিজৰ ওপৰত নে নাই ।
"ধেত অঁকৰা টো কʼৰবাৰ !
মানৱৰ মনত পৰে কথাবোৰ ।যেন তাৰ কলিজা শীতল পৰি যায় !! আবেলিৰ বৰষুণজাকে যি বিষন্নতা মচিব পৰা নাছিল, স্মৃতিৰ এখিলা মৰমিয়াল সুঁৱৰণিয়ে সেয়া মচি তাৰ মন জুৰ পেলালে ।মানৱৰ মানসপটত জিলিকি উঠিল প্ৰিয়মৰ মৰম বিলোৱা চাৱনি....!! লগে লগে যেন তাৰ মনৰ মাজেৰে বাগৰি গ'ল কুলুকুলু সুৰেৰে মৰমৰ নিজৰা।দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বুলিব ধৰিলে শীতল শীতল মলয়া এচাটি...!!মানৱে যেন আজি চিঞৰি চিঞৰি কʼব সকলোকে ....
"অ , মই চিৰজীৱন তোমাৰ হৈ থাকিম ।
"অ , মই কেৱল তোমাৰ হৈ থাকিম !!
*********************************************
স্মৃতিৰ পখিলাজাক বতাহত নাচি ভাগি ফুৰিছিল ।কোঠাটোৰ বায়ুমণ্ডলত এচাটি হেঁপাহৰ মলয়াই ঢৌ খেলি নাচিছিল । কোঠাটোৰ আচবাববোৰত যেন আশাৰ ৰং ছটিয়াই সপোনবোৰে নতুনকৈ প্ৰাণ পাই উঠিছিল ।মানৱৰ মন প্ৰাণ আনন্দত আত্মহাৰা হৈ নতুনকৈ হেঁপাহৰ ক্ষণবোৰ ৰোমন্থন কৰিবলৈ ধৰিছিল ।তাৰ কাণত মাঁথো অহৰহ বাজি আছিল এষাৰ কথা ...( Assamese Storyboard )
"তুমি মোৰ হৈ থাকিবানে ?"
"তুমি কেৱল মোৰ হৈ থাকিবা নে ?"
মানৱৰ সৰু বায়েকৰ বিয়াত প্ৰথম চিনাকি প্ৰিয়মৰ লগত ।প্ৰিয়ম দৰাৰ লগত আহিছিল । যোৱা বছৰৰে কথা ।গগন কলিতাই নিজৰ সৰু জীয়ৰীৰ বিয়াখন বৰ ধুমধামেৰে পাতিছিল ।আগৰ দুজনী জীয়েকৰ বিয়াত হয়তো ইমান খৰচ কৰিব পৰা নাছিল তেওঁ । কিন্তু চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছতেই কিছু সংগ্ৰহ আৰু জমা টকা একেলগে পোৱাৰ বাবে এইবাৰৰ বিয়াখনত তেওঁ উভৈনদীকৈ খৰচ কৰিবলৈ কুন্ঠাবোধ কৰা নাছিল ।দৰাও চিকিৎসক ।ঘৰখনো উন্নত ।গতিকে সমানে ফেৰ মাৰিবলৈ এইবাৰ হাত খুলি খৰচ কৰাটো আৱশ্যকীয ও আছিল ।সকলো ঠিকেই চলি আছিল । কিন্তু কেনা লাগিল দৰাঘৰীয়াই ভাত খাবলৈ বহোতেহে । দৰাচলতে , দৰাঘৰীয়াৰ বাবে ৰন্ধা মাংস পৰিমাণত কিছু তাকৰ হৈ পৰিল ।তাতে দুপৰ নিশা বজাৰৰ পৰা মাংস ক্ৰয় কৰি আনি নতুনকৈ ৰান্ধি দিয়াৰো সুযোগ নাছিল । কোনোবাই আকৌ বুদ্ধি দিলে বোলে গৰম পানী আৰু মছলা বেছিকৈ দি অলপ উতলাই ৰাখক বুলি আঞ্জাখন । কিন্তু ৰান্ধনিয়ে জানিছিল তেনে কৰিলে আঞ্জা ঘোলাহে হʼব কিন্তু সমস্যাৰ সমাধান নহয় ।যদি কেনেবাকৈ দৰাঘৰীয়াই মাংস অলপ কমকৈ খাই বাকী আইটেমবোৰ সৰহকৈ খায়, তেন্তে কোনো সমস্যাই নাই । কিন্তু কথাষাৰ এতিয়া কোন সʼতে দৰাঘৰীয়াক কʼব ?? আৰু কʼব কোনে ??
ইতিমধ্যে চোতালত দৰা আদৰাৰ পৰ্ব চলি আছিল ।কইনাঘৰীয়াই পাৰেমানে চাউল ছটিয়াবলৈ ধৰিছিল ।মানৱো তাতে আছিল ।মনৰ ফূৰ্তিতে সিও চাউল ছটিওৱাত ব্যস্ত আছিল । বায়েকৰ বিয়াত সি প্ৰাণখুলি আনন্দ কৰিছিল । ক্ষন্তেকৰ বাবে সকলোৰে ঠাট্টা মস্কৰা পাহৰি সি ও বিয়াৰ ৰং ধেমালিত সমানে ভাগ লৈছিল আৰু কথাবোৰ সহজভাৱে লʼব ধৰিছিল ।
দৰাৰ সখীয়েকে ছাতিৰে দৰাক চাউলৰ আক্ৰমণৰপৰা ৰক্ষা কৰিছিল কিন্তু তাৰ বিনিময়ত নিজে চাউলবোৰে গালে মুখে দিয়া চুমাবোৰ আদৰি লৈছিল । মানৱেও ছেগ বুজি তেওঁলৈকে আক্ৰমণ চলাই গৈছিল । কিছু সময়ৰ পিছত বিপক্ষৰ পৰা অহা চাউলে মানৱৰো গাত চুমা আঁকিব ধৰিছিল ।এবাৰ তাৰ চকুৰ পতাত জোৰেৰে চাউলে আঘাত কৰিলে আৰু সি দুখ পাই পিছ হুহুকি আহিব লগা হৈছিল ।
সিপিনে খোৱাৰ থলীত দেউতাক চিন্তাত মগ্ন যে কেনেকৈ দৰাঘৰীয়াক আপ্যায়ন কৰিব বুলি ।মানৱেও চকুত পানী মাৰিবলৈ বুলি সেইপিনেই আহি আছিল । হঠাৎ দেউতাকক চিন্তিত দেখি সি মাত লগালে ।
"কি হʼল দেউতা ?
দেউতাকে থতমত খাই কʼলে,
"একো নাই হোৱা ।আগপিনে সকলো ঠিকেই আছেনে ?"
"অ ঠিকে আছে দেউতা, দৰা এতিয়া হোমৰ গুৰিত বহিবৰে হʼল ।"
"অ , হয় নেকি , বাৰু যাচোন আকৌ এবাৰ চাই আহ চা ...মানুহবোৰ ঠিকে ঠাকে বহিছেনে ..চাগৈ যা.. মই অলপ পিছত গৈ আছোঁ ।"
"হʼব দেউতা "
এইবুলি মানৱ পুনৰ আগফালে উভতিব লঁওতেই হঠাৎ মূৰত প্ৰচণ্ড দুখ পালে ।অলপ পিছত সি গম পালে কাৰোবাৰ লগত সি মূৰে মূৰে খুন্দা খাইছিল ।
"উফফ মা" সি বিষত চিঞৰি দিলে । কিন্তু ৰভাঘৰৰ হুলস্থূলৰ বাবে তাৰ মাতষাৰ দূৰলৈ নগʼল ।মাথো সমুখত থকাজনেহে শুনিবলৈ পালে ।
" এম ছ ছৰি ।বেয়া নাপাবা ।দেখা পোৱা নাছিলোঁ ।
এজন ২০/২২ বছৰীয়া লʼৰা মানৱৰ ফালে চাই আছিল ।মানৱৰ মনত পৰিল এইজনেই তালৈ জোৰেৰে চাউল দলিয়াই ছিল ..!! তাৰ ঘপহকৈ খং উঠি আহিছিল ।সি মনতে ভোৰভোৰাবলৈ ধৰিছিল,
"দেখা নাপায় নেকি আপুনি নে জানিবুজি মোক টাৰ্গেট কৰি লৈছিল ?"
"কিবা কʼলা ?" লʼৰাজনে সুধিছিল ।
"নাই ...ইট্ছ্ অকে ।একো নহয় " মানৱে মিছাকৈ কৈছিল ।
"বাৰু , হেল্প এটা কৰিবা নেকি?
"কি !!" মানৱ অলপ আচৰিত হʼল ।
"মোৰ মানে ...ইমাৰজেন্সী ..!!"
"মানে !!" মানৱে বুজা নাছিল ।
"মানে .... মানে.....বাথৰুম যাব লাগিছিল ।অলপ দেখাই দিব পাৰিবা নেকি কোনফালে আছে ?"
"অ , আহক এইফালে !" এইবুলি মানৱে লʼৰাজনক বাট দেখুৱাই লৈ গʼল ।মনতে ভাবিলে, "কেনেকুৱা মানুহ এইজন ।ডাইৰেক্ট সুধিব নোৱাৰে নে !!
___________________________
(আগলৈ )
( বি. দ্ৰ. ঃ কিছু বাস্তৱ আৰু কিছু কল্পনাৰ সংমিশ্ৰণ এক ব্যতিক্ৰমী কাহিনী ৰচনাৰ প্ৰয়াস *অভিশপ্ত জীৱন* । আশা কৰোঁ সকলোৱে আদৰি লʼব ।পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব ।লগতে কিবা ভুল ক্ৰূটি দেখিলে আঙুলিয়াই দিয়ে যেন । ধন্যবাদ ।
✍️ অৰূপ )
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
বিজ্ঞাপন |
No comments:
Post a Comment