মানুহ জন ভিতৰত সোমাই গৈ দেখিছিল নিয়ৰে লক আপৰ ভিতৰত ওৱাল খনত আউজি শুই আছিল । প্ৰচণ্ড খং উঠিছে মানুহ জনৰ । প্ৰচণ্ড খং ত কপিছে মানুহ জন । হয়টো এই ছবি খনে আজি তেওঁ ক কন্দুৱাব লাগিছিলে ! কিন্তু সকলো বিপৰীত আজি । ( Assamese Storyboard )
- ঐ পাষণ্ড ।
মানুহ জনে খুব জোৰত চিঞৰিছিল । তথাপিও নিয়ৰ সাৰ পোৱা নাছিলে ।
মানুহ জনৰ চিঞৰত থানাৰ কৰ্তব্য ৰত আৰক্ষী বোৰ তেখেতৰ ওচৰলৈ দৌৰি আহিছিল ।
- মহাশয় এইখন থানা হয় ।
- জানো এইখন যে থানা হয় । আপোনালোক আৰক্ষী হয় ?
- আপুনি জানো আমাৰ পোছাক কেইজোৰত ধৰিৱ পৰা নাই ?
- যদি আপোনালোক আৰক্ষী হয় , তেন্তে দৰমহাৰ পইচা কেইটা এনেই ভক্ষণ কৰি আছে ?,
আৰক্ষী কেইজনৰ খং চুলিৰ আগ পাইছিল । কিন্তু ইমান সময় ধৰ্য্য ধৰিছে কাৰন মানুহ জন বয়সস্থ ।
- আপোনালোকে এই কুখ্যাত অপৰাধী বোৰক ৰক্ষনা বেক্ষনা দিয়ে নেকি ! ইহঁতক কোবাই কোবাই হাত ভৰি ভাঙি দিব লাগে ।
হঠাৎ নিয়ৰে চিঞৰ বাখৰত সাৰ পালে । তাৰ কৰ্ণত মানুহ জনৰ শব্দ কেইটা স্পষ্টকৈ পৰিছিল । চিনাকী কণ্ঠ এটা ! সি চকু কেইটা মোহাৰি মোহাৰি মানুহ জনলৈ ভালকৈ চাইছিল ।
- দেউতা !
তাৰ মুখৰ পৰা ওলাই আহিছিল শব্দটো ।
- খবৰদাৰ তই মোক দেউতা বুলি নামাতিবি ।
সি বহাৰ পৰা ঠিয় হৈছিল । দেউতাকে কপিছিল , বগা কৈ ধুনীয়া মানুহ জন ৰঙা পৰি উঠিছিল । আজি প্ৰথম দেউতাকৰ তেনে ভয়ংকৰ ৰূপৰ সন্মুখীন হৈছে ।
- দেউতা তোমাৰ যি মন যায় আজি মোক তাকে কব পাৰা ।
- এয়াই নেকি বিশ্বাস ! মই আমাৰ ঘৰ খনৰ , গাওঁ খনৰ কলংক ।
- মই নিৰূপায় দেউতা ।
- এই দুখন হাতেৰে তোক তুলি তালি ডাঙৰ দীঘল কৰি আজি মই পালো এয়াই প্ৰতিদান ।
। নিয়ৰে সকলো নিৰৱ হৈ শুনি গৈছিল ।
- এয়াই নেকি তোৰ শিক্ষা! এজন নিষ্ঠুৰ হত্যাকাৰী তই । শুন অতি সোনকালেই মাৰক মুখাগ্নি কৰিবলৈ সাজু হ'ল
এই কথাষাৰ শুনি নিয়ৰৰ বুকু খন কপি উঠিছিল ।
- কি !
- তোৰ এই অপকৰ্মৰ কথা শুনি তোৰ মাৰৰ কালি ৰাতিয়ে প্ৰেচাৰ ষ্ট্ৰ'ক হ'ল ।ৰাতিয়েই আমি গুৱাহাটী মেডিকেল কলেজ ত ভৰ্তি কৰালো । এতিয়া মোৰ মানুহ জনী মেডিকেল ৰ ভেন্টেলিচনত জীৱন মৃত্যুৰে যুজি আছে ।
- কি ! নাই নাই ! মা অবিহনে মই আধৰুৱা দেউতা । তুমি মাক ধৰ্য্য ধৰিব দিয়া , তেওঁ ক কবা তেওঁ ৰ পুত্ৰ কেতিয়াও অপৰাধী নহয় ।
- মই ও সিদ্ধান্ত লৈছোঁ , মই ৰাষ্ট্ৰপতি ৰ পদক ওভতাই দিম । কাৰণ এজন হত্যাকাৰী ৰ পিতৃ এই পদক পোৱা ৰ যোগ্য নহয় ।
- নাই নাই দেউতা তোমাৰ ভৰিত ধৰিছো ।তুমি বিশ্বাস কৰা মই হত্যাকাৰী নহয় ।
- মই কি কম কালি নিউজ চেনেল বোৰত দেখাৰ পিছৰে পৰা গাঁৱৰ মানুহে আমাক ঘৃণা ৰ চকুৰে চাইছে । জন্মৰ পিছৰে ইমান ডাঙৰ আঘাট আজিয়ে মই পালোঁ । জীৱন ত পুত্ৰ শোকৰ বেদনা কিমান তই নুবুজিবি ।
কথা খিনি কওতে কাকতিৰ চকুৰে চকুপানী বৈ আহিছিল ।
- তোৰ মা জীয়াই নেথাকে একো ঠিকনা নাই । ইমান দিনৰ সুখ বোৰ মাত্ৰ এদিনতে দুখলৈ পৰিবৰ্তন হ'ল । হাহি বোৰ আজি কান্দোন হ'ল । তোৰ মাৰ মৃত্যু হ'লে মোৰ জীৱন্ত মৃত্যু হব । আহো দে ।
- দেউতা !
নিয়ৰে হুকহুকাই কান্দি ওৱালত মোৰ টো মাৰি দিছিলে ।
- এয়া হয়টো কিবা মোৰে পাপৰ ফল । হয়টো অজানিতে কিবা পাপ কৰিছিলোঁ । আহো দে ,,,,,
ওচৰতে থকা পুলিচ কেইজনৰ ও হৃদয় কেইখন কান্দি উঠিছিল । অলপ আগতে খং ত অহা মানুহ জনৰ হৃদয়ত যে একুৰা জুই জ্বলি আছে এতিয়া উপলব্ধি কৰিব পাৰিছে আৰক্ষী কেইজনে ।
" হে ভগবান তুমি ইমান নিৰ্দয় নহবা , মোৰ মাক মৃত্যু মুখলৈ ঠেলি দি মাতৃহীনা নকৰিবা । সৎ , সাহসী দেউতা জনক দুৰ্বল কৰি নেপেলাবা । তুমিটো জানা , তুমিটো মোক বিশ্বাস কৰা যে মই হত্যাকাৰী নহয় । মা , মা তুমি অবিহনে মই ,,,,,,,,,,,,"
কান্দোন ত ভাগি পৰিছিল নিয়ৰ । উপায়হীন সি আজি ।
এখোজ দুখোজকৈ ,ৰুমাল খনৰে চকুপানী মোহাৰি মোহাৰি আগুৱাই গৈছিল ননীমোহন কাকতি । শুভ্ৰ ধূতি , পাঞ্জাবী কুৰ্তা পিন্ধা মানুহ জনৰ কান্ধত ৰঙা মোনাখন জিলিকি আছিল । শান্তি আৰু বিপদৰ প্ৰতিকীৰ সংমিশ্ৰণত এই জনে আদৰ্শবান শিক্ষক ননীমোহন কাকতি । মানুহ জনে কেতিয়া অফিচাৰ বৰুৱাৰ কোঠা পাইছিল গমে পোৱা নাছিলে ।
- অপৰাধী ক লগ পালে !
- হু , অ অফিচাৰ লগ পালোঁ ।
- আহক । বহক
কাকতি য়ে বহিছিল । বৰুৱাই লক্ষ্য কৰিছিল অলপ আগতে তীক্ষ্ণ ৰ'দ দিয়া আকাশ খন যেন এতিয়া গোমা গোমা ।
- আপোনাৰ আৰু অপৰাধী ৰ মাজৰ সম্পৰ্ক ?
- এজন দুৰ্ভগীয়া বাপেক ।
- আপুনি কি কৰিছিল ?
- এজন ভণ্ড শিক্ষক ।
তেনেতে ওচৰতে থকা আৰক্ষী এজনে বৰুৱা ক কৈছিল -
- ছাৰ ৰাষ্ট্ৰপতি ৰ পদক পোৱা শিক্ষক ।
- কি ! আপুনি নিজকে ভণ্ড বুলি কিয় কৈছে ?
- নহ'লে ভাল বুলি ক'লে , এজন আদৰ্শবাদী শিক্ষক বুলি ক'লে আপোনালোকে জানো মোক বিশ্বাস কৰিব !
- কিয় নকৰিম ?
- নকৰে , কাৰন যিজন শিক্ষকে নিজৰ পুত্ৰক উচিত শিক্ষা দিব নোৱাৰিলে সেইজন শিক্ষক কেতিয়াও আদৰ্শবান , ৰাষ্ট্ৰপতি ৰ পদক পোৱা ৰ যোগ্য হ'ব নোৱাৰে ।
- পানী খাব নেকি ছাৰ ?
- খাম ! কিন্তু ছাৰ ,,,,,,
- আপোনাক কৈছোঁ ।
- লাজ নিদিব অফিচাৰ । পুত্ৰ শোকে মোক থানবান কৰি পেলালে । মানুহ জনী মেডিকেল ৰ বিচনাত । জীয়াই থাকিব নে নাথাকে নাজানো । মই কি পাপ কৰিছিলোঁ ।
কাকতি খন্দা দেখি বৰুৱা ৰ বৰ দুখ লাগিছিল ।
- নাকান্দিব ছাৰ ।
- সি যদি হত্যাকাৰী বুলি প্ৰমাণিত হয় , তাক গুলিয়াই মাৰি পেলাব ।
- এয়া আপুনি কি কৈছে !
- দুখ সকলোৰে একে অফিচাৰ , সন্তান ডাঙৰ দীঘল কৰা কিমান কষ্ট । যিজন ল'ৰাক হত্যা কৰা হ'ল সেই ল'ৰা জনৰ মাক দেউতাকৰ কষ্ট খিনি এবাৰ উপলব্ধি কৰকচোন ।
- ছাৰ পানী খাওক ।
কাকতিয়ে কপা কপা হাত খনৰে পানী গিলাছ উঠাই খাইছিল ।
- জানেই অফিচাৰ কালিৰ পৰা একো এটা মুখত দিয়া নাই । অকল পানী খাইছো । কি খাম , মানুহ জনীয়ে মেডিকেলৰ বিচনাত । তাতে আকৌ মই মধুমেহ ৰোগী ।গাটো কিবা দুৰ্বল দুৰ্বল লাগিছে । ৰাতি টোপনি ক্ষতি ।( Assamese Storyboard )
- অহ
বৰুৱাই কি ক'ব ভাৱি পোৱা নাই । ভাষা বোৰ যেন ক'ৰবাত হেৰাই থাকিল ।
- বৰ্মন ছাৰৰ কাৰনে চাহ একাপ লৈ আহা ।
বৰুৱাই এজন আৰক্ষীক নিৰ্দেশ দিলে ।
- নাই নাই মই এতিয়া চাহ নাখাও । মেডিকেল ত আকৌ বিচাৰিব ।
- মেডিকেল ত এতিয়া ৰোগীৰ লগত কোন আছে ?
- নাই কোনো নাই । গাঁৱৰ মানুহে মোক কালিৰ পৰা বহুত বেয়া পাইছে ।
- আপুনি থানা লৈ কিহত আহিছে ?
- বাছত ।
- বৰ্মন , তুমি এটা কাম কৰা ছাৰক মোৰ গাড়ী খনৰে মেডিকেল ত থৈ আহা । আৰু শুনা এয়া পইচা লোৱা ৰাস্তাত ছাৰক কিবা এটা খুৱাবা ।
- নালাগে অফিচাৰ ।
- ছাৰ , আপুনি মোৰ পিতৃ তুল্য । গতিকে এয়া মোৰ কৰ্তব্য ।
- ঠিক আছে । ধন্যবাদ অফিচাৰ আহিছোঁ ।
- যাওক । চিন্তা নকৰিব , বে আইনী ভাৱে আমি নাযাও , আমি উচিত তদন্ত কৰিম ।
বৰুৱা কিছু চিন্তা ত পৰিল । নিশ্চয় এইটো কেছৰ বহু খিনি জটিলতা আছে । তথাপিও হত্যাকাৰী বিচাৰিব লাগিব ।
থানাৰ ভিতৰত হঠাৎ সোমাই আহিছিল ৰাধিকা ।সোমাই আহিয়ে কৰ্তব্য ৰত আৰক্ষী এজনক লগ পালে ।
- মই নিয়ৰক লগ পাব বিচাৰোঁ ।
- আপুনি নিয়ৰ কোন হয় ?
- ভাল বান্ধৱী । মই তাৰ কাৰনে খোৱা বস্তু লৈ আহিছিলো ।
আৰক্ষী জনে ভালকৈ চাইছিল ।
- ঠিক আছে যাওক ।
তাই চিধাই লক আপৰ ওচৰলৈ গৈছিল । তাই গৈ দেখিছিল ভৰি দুখনৰ মাজত মূৰটো সোমাই নিয়ৰ বহি আছিল ।
- নিয়ৰ
সি মূৰ তুলি চাইছিল ।
- ৰাধিকা তুমি ?
- অহ, মই
- কিয় আহিছা ?
- তোমাক এবাৰ চাবলৈ !
- কি পাবা মোক চাই তুমি ! তুমি গুছি যোৱা ৰাধিকা ।
- শুনাচোন নিয়ৰ ।
- কি !
- উঠি আহা
নিয়ৰে উঠি আহিছিলে ।
- তুমি থানাত কৈ দিয়া যে পলাশৰ হত্যাকাৰী মই ।
- মোৰ প্ৰেম ইমান দুৰ্বল নহয় ৰাধিকা ।
- এয়া মই ঘৰতে কিবা কিবি বনাই তোমালৈ লৈ আহিছোঁ । লোৱা
- নালাগে
- লোৱা নিয়ৰ ।
- নাখাও !
- হাৰে লোৱা না !
তাই ৰদ কেইদালৰ মাজেৰে হাত খন আগুৱাই দিছিল । নিয়ৰে হাতেৰে তিফিন টো দলিয়াই দিছিল ।
- নিয়ৰ !
- মোৰ স্ফুৰ্তি লাগিছে ইয়াত ! মই ইয়াত খাবলৈ আহিছোঁ ! মেডিকেল ৰ বিচনাত মা মৃত্যুৰ সৈতে যুজি আছে ।
- কি !
- অহ ,কেবল মোৰ কাৰনে । মা - দেউতাক মই বহুত ভাল পাও অ ৰাধিকা । মই মা - দেউতাক হেৰুৱাব নিবিচাৰোঁ ।
সৰু ল'ৰাটোৰ নিচিনা সি কান্দিছিলে ।ৰাধিকা ই ৰদ ৰ মাজেৰে তাইৰ হাত দুখন ৰে চকুপানী খিনি মছি দিছিল ।
- নাকান্দিবা । তোমাৰ লগত লক আপত মই ও থাকিম নিয়ৰ ।
- এয়া তুমি আমাৰ ফুলশয্যা নিশাৰ মোৰ বেদ ৰুম বুলি ভাৱিছা নেকি !
- মই তোমাক এৰি নাযাও , তুমি মোৰ কাৰনে কষ্ট খাইছা !
- এয়া মোৰ দুৰ্ভাগ্য ।
হঠাৎ নিয়ৰৰ কথা এটা মনত পৰিলে ।
- চাও ৰাধিকা তোমাৰ হাতত খন ।
- চোৱা কি চাবা ।
- তোমাৰ এইখন হাতত থকা "R" লিখা আঙুঠি টো ক'ত !
- বাহ: তাৰ মানে তুমি মোৰ আঙুঠি টো লক্ষ্য কৰিছিলা । আঙুঠি টো হেৰাইছে ।
- হেৰাইছে মানে ?
- সেইদিনা তোমাক লগ কৰি গৈ দ্ৰেছিং ৰ সন্মুখত খুলি থৈছিলো তাৰ পৰাই নোহোৱা হ'ল ।
- কিন্তু সেই আঙুঠি টো আৰক্ষীয়ে পলাশক হত্যা কৰা ৰুমত উদ্ধাৰ কৰিছে ।
- কি !
ৰাধিকা ৰ মূৰটো আছান্দ্ৰাই কৰিলে ।
- ৰাধিকা !
ক্ৰমশঃ © ৰাগ ৰঞ্জন
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment