মানৱৰ পৰীক্ষা শেষ হ'ল আৰু এদিন প্ৰিয়মে মানৱক লগ কৰিবলৈ আহিল । তেওঁ পুনৰবাৰ ছিলং যোৱাৰ কথা উলিয়ালে ( Assamese Storyboard )।মানৱে সেমেনা সেমেনিকৈ আছিল , কি কʼব একো ভাবিব পৰা নাছিল । কিন্তু উত্তৰটো মানৱৰ মাকৰ ফালৰ পৰাই আহিল যে মানৱে ছিলঙলৈ যাব । পৰীক্ষা শেষ হ'ল যেতিয়া দুদিনৰ বাবে ফুৰি অহাত বাধা নাই । কিন্তু মানৱৰ ভয় আছিল দেউতাকলৈ , কিজানি তেওঁ যাব নালাগে বুলি কয়েই কিন্তু মানৱক আচৰিত কৰি দি দেউতাকে ও সম্মতি জনাইছিল । কিজানি প্ৰিয়মৰ লগত যাব বুলি কোৱাৰ বাবেই দেউতাকে বাধা নিদিলে ।হাজাৰ হ'লেও মানসীৰ বিয়াৰ সময়ত প্ৰিয়মে দেউতাকক যি সাহস দিছিল , তেতিয়ৰপৰাই প্ৰিয়মকো নিজৰ লʼৰা বুলিয়ে জ্ঞান কৰিছিল গগণ কলিতাই আৰু বহুত বিশ্বাস কৰিছিল।
সিদিনা সন্ধিয়া প্ৰিয়ম ওলাই যোৱাৰ পিছত কলিতা আৰু কলিতানীয়ে মানসীৰ ঘৰলৈ যাবলৈ ওলাইছিল ।কলিতাৰ গাটো অলপ বেয়া লাগি আছিল ।পুৰণা বেমাৰ তেনেকৈ নাছিল কিন্তু মাজে মাজে প্ৰেচাৰ টো হাই হৈ থাকে ।তাতে জোঁৱায়েক ডাক্তৰ যেতিয়া ঘৰতেই এবাৰ দেখা কৰি আহিব পাৰে ।দুয়ো মানৱক ঘৰত থাকিবলৈ কৈ ওলাই গৈছিল ।
মানৱে কি কৰিব কি নকৰিব ভাবি টি .ভি. টোকে অন কৰিলে কিন্তু মন পছন্দৰ প্ৰগ্ৰেম একো নাপালে । পৰীক্ষা শেষ যেতিয়া কিতাপ পঢ়াৰো প্ৰয়োজন নাই এতিয়া ।এইবাৰ পাছ কৰিলে নতুন কলেজলৈ যাব সি। এতিয়া পঢ়ি থকা খনত তাৰ মনে বিচৰা পাঠ্যক্ৰম নাই । টি.ভি. ৰ চেনেলবোৰ সি বদলাই গৈছে ।এম টি ত "বডীগাৰ্ড" ৰ গান এটি দেখি সি ৰিমট টো থৈ দিলে । গানটো বাজি আছিল....
*তেৰি মেৰি ...মেৰি তেৰি ...প্ৰেম কহানী হে মুছকিল ...
দো লবজো মে য়ে বয়া না হো পায়ে ...*
গানটো শুনি কিয় জানো প্ৰিয়মৰ ছবিখন মনলৈ আহিল তাৰ । একপক্ষীয় হ'লেও যে তাৰ প্ৰেম এতিয়া প্ৰিয়মৰ লগত ....আৰু এই প্ৰেম কাহিনী কিমান "মুছকিল" তাতকৈ ভালকৈ আৰু কোনে বুজিব ... মাত্ৰ পাৰ্থক্য হ'ল ইয়াত সি ও লʼৰা আৰু প্ৰিয়মো লʼৰাও .....সি যদি ছোৱালী হ'ল হয় সঁচাকৈ ..!!
কথাটো মনত ভাবি সি ভিতৰৰ ৰুমলৈ সোমাই গ'ল । বায়েকৰ আগৰ ৰুমটোত সোমালে সি । তাত এটা ডাঙৰ আলমাৰি আৰু ড্ৰেছিং টেবুল এখন এতিয়াও আছে ।মানৱে লাইট টো অন কৰি ড্ৰেছিং টেবুলৰ ড্ৰয়াৰত কিবা বিচাৰিবলৈ ধৰিলে ।তাৰ মনত পৰিল সৰুটো এইখন টেবুলতেই বায়েকৰ পৰা নেইল পলিছ লগাবলৈ শিকিছিল সি...! বস্তুবোৰ খুচৰি খুচৰি সি কিবাকিবি পালে । তাৰ পিছত আলমাৰিটো খুলি সি বায়েকৰ পুৰণা কাপোৰ বোৰ বিচাৰিবলৈ ধৰিলে । কিছু সময়ৰ পিছত সি বিচৰা ধৰণে কাপোৰ এজোৰ পালে । তাৰ পিছত ড্ৰয়াৰৰ বস্তু খিনিৰ সৈতে কাপোৰজোৰ লৈ সি নিজৰ ৰুমলৈ গ'ল ।এবাৰ বাহিৰলৈ আহি সি মেইন দৰ্জাখনত তলা মাৰি থলে আৰু ঘৰৰ আন সকলোবোৰ কোঠাৰ লাইট অফ কৰি নিজৰ ৰুমত সোমাই সি ঢাপলি মেলেবলৈ উদ্যত হ'ল নিজৰ কল্পনাৰ মনত জীয়াই থকা নাৰীগৰাকীক বাস্তৱ ৰূপ দিবলৈ ......
প্ৰথমে সি নিজে পিন্ধি থকা হাফ পেন্ট আৰু টি ছাৰ্ট টো খুলি পেলালে ।তলত গেঞ্জী আৰু আন্ডাৰৱেৰ আছিল । কিবা ভাবি সি গেঞ্জী টোও খুলি পেলালে ।তাৰ পিছত বায়েকৰ কাপোৰজোৰৰ লগত থকা ব্ৰাটো বুকুত লগাই চালে ।উহো খাপ খুৱা নাই । এইবাৰ সি পাকঘৰলৈ গ'ল ।তাত ডাইনিং টেবুলত কেইটামান কমলা থৈ দিয়া আছিল ।তাৰে দুটা কমলা লৈ আনিলে সি ।এইবাৰ কমলা দুটা বক্ষবন্ধনত ৰাখি সি ব্ৰাটো পিন্ধি চালে ।হয় মিলিছে ,তাৰ বুকুখন নাৰীৰ স্তনযুগল সদৃশ হৈ উঠিছে ।তাৰ পিছত বায়েকৰ ফ্ৰকটো সি পিন্ধি ললে ।কাপোৰ পিন্ধা হলত আইনাত নিজকে চালে । উহো ভাল লগা নাই ।এইবাৰ এখন কʼলা চূৰ্ণীৰে মূৰটো বান্ধি লৈ চূৰ্ণীৰ আঁচলটো মেলি ললে ।উমম দীঘল চুলিসদৃশ হৈ পৰিছে চুৰ্ণীখন ।তাৰ পিছত মুখত ভালদৰে সি ক্ৰীম ঘঁহি লʼলে ।তাৰ দাঢ়ি-গোঁফ এনেও পাতল পাতল আছিল ।গতিকে পুৰুষৰ চেহেৰাৰ গঢ় তেতিয়াও অহাই নাছিল তাৰ ।এইবাৰ ড্ৰয়াৰৰ পৰা অনা লিপষ্টিকেৰে সি ওঁঠজুৰি ৰঙা কৰিলে ।কাজল লগালে চকুত ।লগতে কাণত ওলমি থকাকৈ দুডাল ৰাবাৰ বেন্ডেৰে এযোৰ খাৰুসদৃশ কাণফুলি লগাই ললে । এইবাৰ আকৌ আইনাত চালে নিজকে ।হয় এইবাৰ ধুনীয়া লাগিছে তাক ...নহয় তাইক ! পৰীয়ে কোৱাৰ দৰে প্ৰিয়মৰ মস্ট বিউটিফুল গাৰ্লফ্ৰেন্ড হোৱাৰ যোগ্যতা অৰ্জন কৰিছে এতিয়া মানৱে ...!!
ক্ৰিং ক্ৰিং
হঠাৎ কোনোবাই কলিং বেল বজাইছিল । মানৱ ঘামিবলৈ ধৰিলে । মাকহঁতে ইমান সোনকালে আহি পালেহিয়েই নে !! তাৰ অলপ খঙো উঠিল । কিন্তু কি হ'ব ।এইটো ৰূপত তো সি কাকো দৰ্জা খুলি দিব নোৱাৰে ।লৰালৰিকৈ সি কাপোৰজোৰ সলাই আৰু কাজল লিপষ্টিক মোহাৰি লʼৰা মানৱ জন হৈ পৰিল আৰু তলা খুলিবলৈ ছাবিটো হাতত লʼলে ।
দৰ্জা খুলি মানৱ আচৰিত হৈ পৰিল কিয়নো সমুখত থিয় হৈ আছে তাৰ সপোনৰ পুৰুষজন ....প্ৰিয়ম .!!
*আৰে মাইনা , দৰ্জা তলা মাৰি কি কৰি আছিলা? মাহঁত অহাই নাই নেকি ?
প্ৰিয়মে সুধিলে ।
*নাই অহা....এনেই শুই আছিলোঁ ।
মানৱে মিছা মাতিলে।
*মিছা মাতিছা আকৌ !
*নাই মাতা ।
*মোৰ চকুলৈ চোৱাচোন ।
প্ৰিয়মে ভিতৰলৈ সোমাই চোফাত বহি কলে ।
*কি কয় আছে আপুনি .. মই একো মিছা মাতা নাই ।ৰʼব চাহ বনাঁও ।
*চাহ নাখাও এতিয়া । তুমি মিছা মাতিছা মই জানো আৰু মোক আপুনি মাতিব কেতিয়াৰ পৰা শিকিলা ?
মানৱে যেন মনৰ অনুভৱ বোৰ লুকাব পৰা নাই আজি ।ইমান অসাৱধান হ'লে কেনেকৈ হব ।সি নিজকে চম্ভালি আকৌ কবলৈ লʼলে ।
*অহ হ প্ৰিয়ম দা ...তুমিও বৰ আঠা লাগিব পাৰা একেটা কথাতে , একো মিছা কবলগীয়া নাই মোৰ ।
*মাইনা ..!!
প্ৰিয়মৰ মাতটোত যেন মিঠা আবেগ এটা শুনিলে মানৱে ।
*কি কোৱা ।
*ওচৰলৈ আহাচোন।
এয়া কি ? প্ৰিয়মে কি বিচাৰিছে ।অলপ আগলৈ কল্পনা কৰোতে ভাল লাগি আছিল মানৱৰ । কিন্তু এতিয়া বাস্তৱত তেনেকৈ ভাবি চোন কিবা লাজ আৰু ভয়ে তাক আৱৰি ধৰিছে ।তথাপি বাধ্য ছাত্ৰৰ দৰে সি প্ৰিয়মৰ ওচৰলৈ আহিলে ।
* কি হ'ল কোৱা ।
*চকু মুদাচোন আগতে ।
এইবাৰ আকৌ আচৰিত হ'ল মানৱ । তথাপি নৰ্মেল দেখুৱাই সি প্ৰিয়মৰ ওচৰত চকু মুদি থিয় হৈ ৰʼল ।
*মুদিলো । এতিয়া কোৱা ।
কিন্তু প্ৰিয়মে একো নকলে ।মানৱক সম্পূৰ্ণ আচৰিত কৰি দি হঠাৎ প্ৰিয়মে তাক সাৱটি ধৰিলে আৰু তাৰ দুওঁঠত নিজৰ ওঁঠজুৰি লগাই চুপিবলৈ চেষ্টা কৰিলে ।
একো তলকিব নোৱাৰি মানৱে নিজকে প্ৰিয়মৰ বাহুবন্ধনৰ পৰা মুক্ত কৰি কʼব ধৰিলে...
*প্ৰিয়ম দা ...এইবোৰ কি কৰিব খুজিছা তুমি !
*মাইনা ...তুমি বৰ মৰমলগা । মই তোমাক মৰম কৰিব খুজিছোঁ ।প্লিজ না নকবা ।
হঠাৎ যেন এজন সম্পূৰ্ণ অচিনাকি মানুহ হে যেন প্ৰিয়মৰ ৰূপত মানৱৰ সমুখত আছে , তাৰ তেনে লাগিল ।যিজন মানুহে অকল দাদা হৈ তাৰ কাষ চাপিছিল , এতিয়া কথাবোৰ অন্য ধৰণে কʼব লৈছে যে । সি একো বুজি নাপাই ক'লে মাথো ,
*এইবোৰ তুমি কি কৈছা প্ৰিয়ম দা....তুমি টো মোৰ নিজৰ দাদা হিচাপে হে ....( Assamese Storyboard )
*এতিয়াও মই তোমাৰ নিজৰ দাদাই হৈ থাকিম মাইনা...মাথো মোক তুমি সম্পূৰ্ণ ৰূপে নিজৰ কৰি লোৱা ।তোমাক মৰম কৰিব দিয়া । মই প্ৰায় তোমাৰ হৈ থাকিম ।তুমি চিন্তা নকৰিবা ।সদায় মোক পাবা ।মোৰ মৰমবোৰ গ্ৰহণ কৰা তুমি ।
_কথাখিনি খুব আবেগেৰে কʼলে প্ৰিয়মে ।মানৱে মাঁথো শুনি ৰʼল ।
প্ৰিয়মে আকৌ কʼব ধৰিছিল,
" মই তোমাক বহুত বছৰৰ পৰাই দেখি আহিছো মাইনা ।তোমাৰ মনত পৰেনে দুবছৰমান আগতে তোমাক লʼৰা এজনে যে হাতত ধৰি টানি লৈ গৈছিল প্ৰমীলা বাইদেউৰ ঘৰৰ সমুখত ...
মানৱৰ চকু থৰ হৈ ৰʼল । তাৰ মনলৈ ভাঁহি উঠিল সেই অভিশপ্ত নিশাটোৰ কথা ।ৰিমলীক পঢ়াই ঘৰলৈ আহি থকা সময়তে কোনোবাই তাৰ হাতত ধৰিছিল ।সি উভতি চাবলৈ ধৰোতে কোনোবাই তাক মুখত সোপা দি চোঁচৰাই লৈ গৈছিল । প্ৰমীলা হাজৰিকাৰ ঘৰৰ পাছফালে জনশূন্য পথাৰখনত তাক টানি লৈ গৈ মাটিত পেলাই দিছিল এজন নৰপিশাচে । কি হৈছে তৰ্কিব পৰাৰ আগতেই তাৰ মুখত শকত মোটা কিবা এটাই খুন্দা কৰিছিল ।তাৰ উশাহ-নিশাহ বন্ধ হবৰ উপক্ৰম হৈছিল ।তাৰ শৰীৰত সেই পিশাচজনৰ নখৰ আচোৰৰ যুঁজ চলিছিল । তাৰ নিতব্মৰ কোমল মাংসত নৰপিশাচৰ কামনাৰ বলিয়ামি ৰচনা হৈছিল ।প্ৰায় আধাঘন্টা ধৰি তাৰ শৰীৰৰ লগত খেলা কৰি পিশাছজনে তাক তাতে এৰি থৈ গৈছিল । দুখ , যন্ত্ৰণা আৰু ঘটনাৰ আকস্মিকতাত সি কিমান সময় তাত নিথৰ হৈ পৰি ৰৈছিল , তাৰ মনত নাছিল । তাৰ লগত কোনে এনেকুৱা কৰিছিল সেয়াও তাৰ মনত নাছিল কিয়নো পিশাচজনৰ মুখখন ঢকা আছিল আৰু গলিৰ অন্ধকাৰত সি একো মণিব পৰা নাছিল । তাৰ বহুত সময় পিছত নিজকে কোনোমতে চম্ভালি সি প্ৰমীলা বাইদেউৰ ঘৰলৈ গৈ কথাটো কব বুলি ভাবিছিল কিন্তু গেটৰ সমুখত দেখা পোৱা মানুহ দুজনৰ এজনেই যে তাৰ লগত বেয়া কামটো কৰিছিল ,তাৰ বুজিবলৈ বাকী নাছিল । এইখন সমাজত নাৰীক নিৰ্যাতন কৰা পুৰুষৰ অভাৱ নাই । সম্পূৰ্ণ নাৰী এগৰাকীয়েও পুৰুষশাসিত সমাজত ন্যায় নাপায় ।আৰু সি টো অৰ্ধ নাৰীৰ ৰূপ ।তাৰ লগত অন্যায় হ'লেও সেয়া আনৰ বাবে বহুৱালিৰ হে বিষয় , তাৰ বাহিৰে আন একো নহয় । ঘৰলৈ আহি সি মাথো মনে মনে পান কৰি গৈছিল সকলো কষ্ট, সকলো যন্ত্ৰণা ..!! কাৰো আগত এটাও শব্দ সি কোৱা নাছিল । সিদিনা সি বুজিছিল নাৰীৰ মৰ্মবেদনা লগতে ধৰ্ষণ ৰ বিভীষিকা .....!!!!!!!!
উশাহ ঘূৰাই মানৱে প্ৰিয়মলৈ চাই কʼলে ,
*প্ৰিয়ম দা .... আপুনি এইবোৰ জানে ? আপুনি সকলো জানে ?
তাৰ মাতটো অস্থিৰ হৈ আহিল ।চকু চলচলীয়া হৈ পৰিল ।
*মাইনা , মই সকলো জানো ।সেই পাষন্ডটোৱে তোমাৰ লগত কৰা কুকৰ্মৰ কথা নিজৰ বন্ধুমহলত কোনোবা ছোৱালীৰ লগত মজা লোৱা বুলি কৈ গৌৰৱ কৰি আছিল । সিদিনা তোমাক টানি লৈ যোৱা মই দেখা পাইছিলো কিন্তু ঘৰত কিবা এটা দৰকাৰী কাম থকাৰ বাবে তোমাক পিছত লক্ষ্য কৰিব নোৱাৰিলো ।পিছত যেতিয়া সেইজনে ঘটনাটোৰ কথা বেলেগ ৰূপ দি কʼব ধৰিছিল , মোৰ বুজিবলৈ বাকী নাছিল তোমাৰ লগত কি হৈছিল সিদিনা ! তাৰ পিছত বহুতদিন মই তোমাৰ লগত কথা পতাৰ সুযোগ বিচাৰি আছিলোঁ । কিন্তু তোমাৰ ওচৰত অহাৰ সাহস কৰিব পৰা নাছিলোঁ ।এক যেন অপৰাধবোধে মোক ভিতৰি ভিতৰি খাই আছিল । কিন্তু বিধিৰ কি লিখন । তোমাৰ বাইদেউৰ বিয়াত তোমাৰ লগত চিনাকি হোৱাৰ সুযোগ পালো ।তোমাক সংগ দি, তোমাৰ মনৰ খবৰ লৈ মই তোমাৰ প্ৰতি কৰা অন্যায় বোৰ খন্ডাবলৈ চেষ্টা কৰিলো । কিন্তু সময়ৰ লগে লগে তোমাক যে কেতিয়া নিজৰ কৰিবলৈ মন গ'ল , মই নিজেও বুজি নাপালো । মই কথা দিছো , মই কেতিয়াও দুখ নিদিও তোমাক ।মোক এবাৰ মাথো সুযোগ দিয়া । ভাবিছিলো ছিলং ফুৰাবলৈ নি তোমাক সকলো খুলি কম । কিন্তু আজি ঘৰত কোনো নাই জানি মই আৰু ৰৈ থাকিব নোৱাৰিলো ।আহি গলো তোমাৰ মনত ঠাই লবলৈ।
মানৱৰ মূৰত যেন বজ্ৰপাত হে পৰিল ।কথাবোৰ যে এনেকৈ পোহৰলৈ আহিব সি কেতিয়াও ভবাই নাছিল ।নিজৰ প্ৰেমাষ্পদক সি কাষত পায়ো যেন এতিয়া সুখী নহয় । সকলো কথা জানিও যে প্ৰিয়মে একো নজনাৰ ভাও জুৰি আছিল কথাটো সি মানি লʼব পৰা নাই ।তাতে আকৌ পৰীয়ে কোৱা প্ৰিয়মৰ গাৰ্লফ্ৰেন্ড জনী ...!!সি মাথো কʼলে ,
* মোৰ নিজস্বতাক হত্যা কৰি মই সুখী হʼব নোৱাৰোঁ প্ৰিয়ম দা।মোৰ প্ৰেম, ভালপোৱা তোমাৰ কৃপাৰ পাত্ৰ নহয় যে মন গলেই উপচাই দিবা আৰু মন গলেই খালি কৰি দিবা ।"
*তুমি ভুল বুজিছা , মাইনা ।
*কিন্তু ...তোমাৰ গাৰ্লফ্ৰেন্ডজনী ?
*মোৰ কোনো গাৰ্লফ্ৰেন্ড নাই ।সেইবোৰ পৰীয়ে মিছাকৈ কৈছিল তোমাক ।আচলতে ময়ে তাইক কʼব দিছিলোঁ ।
*কি ...!! মানে পৰীক তুমি মোৰ সকলো কথা কৈ দিলা ! কি বা ভাবিছে তাই !
*নাই কোৱা মাইনা ,তাই মাথো জানে তুমি মোৰ মৰমৰ ভাইটি । বাছ ...আন একো নাই ।
*সঁচাকৈ কৈছানে প্ৰিয়ম দা !
*অ সঁচা মাইনা।তুমি মোৰ হৈ থাকিবা নে সদায় ?
মানৱ যেন আজি সুখী ।যেন তাৰ প্ৰেম আজি পূৰ্ণ হ'ল । কিন্তু সমাজ ? সমাজে জানো আকোঁৱালি ল'ব এই প্ৰেম ।সি জানো সদায় এনেকৈয়ে থাকিব পাৰিব প্ৰিয়মৰ লগত ?
*********************************************
*উপসংহাৰ*
পৰীৰ এছিড এটেক ঘটনাটোৰ পিছত তাই মানসিকভাবে বিষাদগ্ৰস্ত হৈ পৰিল । এইখিনি সময়ত মানৱে এজন বন্ধু হিচাপে তাইক বহুতখিনি মানসিক সহযোগিতা আগবঢ়ায় ।তাইৰ প্লাষ্টিক ছাৰ্জাৰীৰ কথা আগবাঢ়ে ।ইপিনে এচিড ঢলা দোষীক বিচাৰি শাস্তি দিয়াৰ দায়িত্ব লয় মানসী আৰু ডাঃ ৰবীন ডেকাই ।মানৱৰ ডাঙৰ বায়েকৰো চিকিৎসাৰ সুফলতাত এটি পুত্ৰ সন্তান জন্ম হয় । তেওঁলোক এতিয়া গুৱাহাটীতে থাকে ।মাজু বায়েক নগাৱতে সুখৰ সংসাৰ কৰি আছে । গগণ কলিতাৰ আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । কলিতানীয়ে মানৱক সাৰথি কৰিয়ে জীৱনৰ বাকীছোৱা ভালদৰে আগুৱাই নিয়া বুলি আশা কৰে ।চন্দনা আজিকালি পি এইচ ডি বিভাগৰ ছাত্ৰী ।মানৱৰ লগত এতিয়াও বন্ধুত্ব আছে । মি. অনিল শইকীয়া মানৱৰ এতিয়া বন্ধুৰ দৰে । প্ৰমীলা বাইদেউ মেয়াৰৰ পদৰপৰা বৰ্তমান অৱসৰ লয় ।ৰিমলি এতিয়া কলেজীয়া ছাত্ৰী ।মানৱৰ লগত অসৎ কাৰ্য কৰা লʼৰাজন কাৰ এক্সিডেন্টত ঢুকায় ।মানৱ এতিয়া নিজৰ ব্যক্তিগত সমস্যাবোৰ পাহৰি সামাজিকভাৱে দায়বদ্ধ ।অ এইটো হয় আজিকালি সি ছোৱালীৰ নামত ফেচবুকত ফেক আই ডি খুলি নিজৰ নাৰী মনৰ কথাবোৰ প্ৰকাশ কৰে কিন্তু কাৰো লগত ঘনিষ্ঠ হৈ নপৰে । ফেচবুকত আপডেট দিব খোজা কথাখিনি সি মচি পেলালে প্ৰিয়মৰ কথা ভাবি ।প্ৰিয়মেও নিজৰ কথা ৰাখিলে মানৱৰ দাদা হৈ থাকি গল কিন্তু এইখন পৃথিৱীত নহয় ,কোনেও বিচাৰি পাব নোৱাৰা অন্য এখন পৃথিৱীত আৰু অনুভৱবোৰ বুকুত বান্ধি পাৰ কৰে প্ৰতি দিন , প্ৰতি নিশা ......অভিশপ্ত জীৱনৰ প্ৰতিটো মূহুৰ্ত যাৰ সোঁৱৰণী .... হেঁপাহ বোৰ যাৰ আজিও অপূৰ্ণ .... জীৱনৰ যাত্ৰাত সুখ যাৰ বাবে এটি মৰীচিকা ....মানৱে .....!!!!!!!!!!!!!!
আপুনি বাৰু কি কৰিলে হয় মানৱৰ ঠাইত হোৱা হ'লে , এবাৰ নিজকে সুধি চাবচোন ।
( সমাপ্ত )
( বি. দ্ৰ. ঃ কিছু বাস্তৱ আৰু কিছু কল্পনাৰ সংমিশ্ৰণ এক ব্যতিক্ৰমী কাহিনী ৰচনাৰ প্ৰয়াস *অভিশপ্ত জীৱন* ৰ কাহিনীটো ইয়াতেই সমাপ্ত কৰিলোহি । কাহিনীটোত বহুতো প্ৰশ্নৰ উত্তৰ দিবলৈ থাকি গল ।সময় সুবিধা অনুসৰি কাহিনী টো পুনৰ পৰিবৰ্ধিত আৰু পৰিবৰ্তিত ৰূপত সজাবলৈ মই সাজু আছোঁ । কিন্তু তাৰ বাবে আপোনালোকে মন্তব্য আগবঢ়োৱাটো নিতান্তই জৰুৰী । সম্পূৰ্ণ কাহিনীটো পঢ়ি কেনে পালে আৰু লগতে কত কি ভুল ভ্ৰান্তি হ'ল জনাবলৈ নাপাহৰিব ।আপোনালোকে বিচাৰিলে শীঘ্ৰেই *অভিশপ্ত জীৱন ( দ্বিতীয় সংস্কৰণ )* লৈ আনিম ।সকলোলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে সময়বোৰ মনোমোহা হঁওক, শুভেচ্ছা যাঁচিলোহি। ধন্যবাদ🥰 ।
✍️ অৰূপ )
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment