প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ৭ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 8, 2021

প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ৭ ) : Assamese Storyboard

Assamese Storyboard

 

 উপায় নাপায় প্ৰণৱ আৰু ৰিমা গৈ প্ৰণৱৰ পেহীয়েকৰ ঘৰত আশ্ৰয় ল'লে। পেহীয়েক আছিল বৰ দুখীয়া। নিজৰেই খোৱা লোৱাৰ অভাৱ তাতে আৰু ইহঁত দুটা( Assamese Storyboard )। পেহীয়েকৰো চিন্তা হ'ব ধৰিলে। এনেদৰে লাহে লাহে সময়ে খোজ ল'লে। প্ৰণৱৰ মাকে মনে মনে প্ৰণৱলৈ দৈনিক ১০০০ টকা পঠিয়াই। কিন্তু দেউতাক মৃণাল চৌধুৰীয়ে এই কথা জানিব পৰা নাছিল। কিন্তু এদিন হঠাতে মৃণাল চৌধুৰীয়ে এই কথা জানিব পাৰি প্ৰণৱৰ মাক অৰ্থাৎ নিজৰ ঘৈনীয়েকক এজনী পাগলী সজাই পেলালে। এতিয়া প্ৰণৱৰ হাতত এটা টকাও নথকা হ'ল। ৰিমাৰ অৱস্থাও লাহে লাহে বেয়ালৈ ঢাল খালে। গতিকে প্ৰণৱে দোকান এখনত লগুৱা হৈ থকাৰ সিদ্ধান্ত ল'লে। কিন্তু সি লগুৱা হোৱাৰ কথাটো ৰিমাক কেতিয়াও জানিব দিয়া নাছিল। তাইৰ জীৱনৰ আগত সেইখিনি কষ্টৰ মুল্য নিচেই কম। 


পেহীয়েকেও শাক পাত বুটলি বৃদ্ধা গাটোৰে দুয়োকে খুৱাব ল'লে। এনেকুৱাও এদিন অৱস্থা আহিল যে কেৱল পানী খাই তিনিও গোটেই ৰাতি কটায়। 

দোকানত মাহৰ মুৰত পোৱা ২০০ টকা ৰিমাৰ বেমাৰৰ বাবে উপযুক্ত নাছিল। ঔষধৰ টকাই মিলা নাছিল। প্ৰণৱে ভাগি পৰিছিল। দোভোগ নিশা চিঞৰি চিঞৰি ভগৱানক কৈছিল-

"ঐ ভগৱান তই প্ৰেম কিয় সৃষ্টি কৰিছ হা। কিয় তই প্ৰেমৰ নামত খেল ৰচিছ। মোক মাৰি নে ও মাৰি নে।"( Assamese Storyboard )


এক যেন হিয়া ভৰা কান্দোন প্ৰণৱৰ । এইফালে ৰিমাই চিঞৰি আছিল মৃত্যুলৈ আনফালে প্ৰণৱে চিঞৰি আছিল ভগৱানক দোষ দি। ৰিমাৰ সময়ো যেন লাহে লাহে শেষ হৈ আহিছিল। উচুপনিবোৰ যেন স্তব্ধ হ'ব ওলাইছিল। 


সমস্ত পৃথিৱী যেন আজি প্ৰণৱ আৰু ৰিমাৰ ওচৰত দোষী। কিয় বাৰু এনেকুৱা হয়। সেইদিনা এজাক সপোনে আকাশৰ বুকুত ওলমি আছিল ৰঙ বিৰঙী হৈ আৰু আজি তেজাল সময়ৰ নিষ্ঠুৰ আচোৰত ক্ষত বিক্ষত হৈ পৰিছে উন্মনা সপোনৰ কাৰেংঘৰ খনি। হাহিবোৰে ডেউকা পিন্ধিছিল। এজন এজনকৈ সাৱটি লৈছিল হাজাৰ জনক আৰু এৰি দিছিল সৌ দুৰৈৰ আকাশ খনিত। কিয় হৈছিল এনেকুৱা ৰিমাটো শ্যেক্সপীয়েৰৰ মেকবেথো নাছিল । নাছিল তাই শাস্ত্ৰৰ সেই অহল্যা, তেন্তে কিয় ? 

 

আগলৈ...........................

(এয়াই নেকি ঈশ্বৰ সৃষ্ট প্ৰেম। দুটা জীৱন শেষ হোৱাৰ অৱস্থা হৈছিল। কি হ'ব পৰিণতি? হাৰি যাব নেকি ঈশ্বৰিক প্ৰেম। অহা খণ্ডত আপোনালোকে সন্মুখীন হ'ব প্ৰণৱ আৰু ৰিমাৰ জীৱনৰ আন এক বৃহৎ সংঘাটৰ লগত। পঢ়ি থাকিব "আমাক জীয়াই থাকিবলৈ দে")

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages