কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ২৬ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 28, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ২৬ ) ? Assamese Storyboard

Assamese Storyboard

 

ৰিংকু দা...

   আশা কৰোঁ এতিয়ালৈকে আপুনি মোৰ আৰু বেদান্তৰ সম্পৰ্কৰ বিষয়ে সকলো গম পাইছে। এইটো কথাই মই আপোনাক কব বিচাৰিছিলোঁ কিন্তু আপুনি মোক সুবিধাই নিদিলে( Assamese Storyboard )। এতিয়া হয়তো আপুনি প্ৰতিটো প্ৰশ্নৰ উত্তৰ পালে যে কিয় মই বেদান্তৰ আগে পিছে ঘূৰি থাকোঁ। কিয় মই তাৰ যত্ন লওঁ আৰু কিয় মই তাক নিজৰ জীৱনতকৈও বেছি বুলি মানো।

 মোৰ বয়স যেতিয়া ৫ বছৰ আছিল তেতিয়া মায়ে মোক এৰি থৈ এই পৃথিৱীৰ পৰা গুচি গৈছিল। কিন্তু তেওঁ যোৱাৰ আগত মোক কৈ গল যে যাৰ লগত মই খেলি থাকোঁ, যি মোৰ সৰুকালৰ খেলাৰ লগৰী সেই বেদান্ত মোৰ নিজৰ ভাইটি হয়। মই মোৰ দেউতাক বহুত জিদ কৰিলোঁ মোৰ ভাইটিক উভতাই আনিবলৈ। কিন্তু তেওঁ মোক বুজালে যে বেদান্ত আপোনালোকৰ লগত থকাটোৱেই ভাল হব। কিয়নো বেদান্তও আপোনালোকৰ লগত ভালদৰে মিলি পৰিল। তাৰ পৰা আঁতৰি আপুনি সহ্য কৰিব নোৱাৰিব। সি অকমান দুখ পালেও আপুনি বহুত কষ্ট পায়।

 তাৰ পাছত লাহে লাহে আমি প্ৰতি বছৰে গৰম বন্ধৰ সেই ১ মাহৰ বাবে অপেক্ষা কৰোঁ যেতিয়া আপোনালোক শিৱসাগৰলৈ আহে। গোটেই  বছৰটোত এইটোৱেই মাত্ৰ সময় যেতিয়া মই মোৰ ভাইটিৰ লগত খেলিবলৈ, কাজিয়া কৰিবলৈ পাওঁ। মোৰ সকলো আশা পূৰণ কৰিব পাৰিছিলোঁ। তাৰ পাছত আপোনালোক গুচি যায় আৰু মই আকৌ ১ বছৰৰ বাবে অপেক্ষা কৰোঁ।


১৯ বছৰ অপেক্ষা কৰিলোঁ মই মোৰ ভাইটিৰ বাবে। যিটো বয়সত বায়েক ভায়েকে একেলগে খেলে সেই সময়ত মই মোৰ ভাইটিৰ বাবে অপেক্ষা কৰিলোঁ। সদায় ৰাতিপুৱা শুই উঠি ভগবানক প্ৰাৰ্থনা কৰোঁ যাতে সোনকালে আজিৰ দিনটো পাৰ হৈ যাওক। মোৰ অপেক্ষাৰ সময়বোৰ যাতে অলপ কম হৈ যায়। কিন্তু সময়তো নিজৰ মতেই চলে।

মই সেইজনী দুৰ্ভগীয়া বায়েক যিয়ে নিজৰ ভাইটিৰ বাবে অধীৰ হৈ থাকো। এতিয়া মই ভাইটিৰ লগত থাকিবলৈ পালোঁ যদিও মোৰ এই দুৰ্ভাগ্যই আকৌ মোক তাৰ পৰা আঁতৰ কৰি দিলে।

আপুনি সুধিলে যে আপুনি অস্বীকাৰ কৰাৰ পাছতো মই কিয় ইয়াত থাকিলোঁ। হয় মই আপুনি অস্বীকাৰ কৰাৰ পাছতো কোনো অধিকাৰ নোহোৱাকৈ ইয়াত থাকিলোঁ। কিয়নো মই মোৰ ভাইটিৰ পৰা মৰম পোৱা,তাক মৰম কৰা লোভ সামৰিব নোৱাৰিলোঁ। মই মাত্ৰ ইমান বছৰৰ অভাৱ পূৰণ কৰিব বিচাৰিছিলোঁ যি মই ভাইটিৰ বাবে অপেক্ষা কৰি কটালো। কিন্তু আজি মোক আপুনি আকৌ সেই অপেক্ষাৰ জুইত ঠেলি দিলে। আপুনি মোক যি মিছা অপবাদ দিলে মই আৰু ভাইটিৰ লগত চকু মিলাবই নোৱাৰিম। সেইবাবে মই ইয়াৰ পৰা বহুত দূৰলৈ গৈছোঁ।

মোৰ তো কোনো অধিকাৰো নাই যে আপোনাক কম মোক বিচাৰি নাহিব বুলি। অ এইটো নিশ্চয় কম যে হয়তো আৰু কেতিয়াও লগ নাপাওঁ।মই মাক বহুতবাৰ সঁচা কি কবলৈ কৈছিলোঁ। হয়তো তেওঁ ভয় কৰিছিল আপুনি বেদান্তৰ পৰা আঁতৰ হৈ যাব বুলি।


শেষত আপোনালৈ এটাই অনুৰোধ মোৰ ভাইটিৰ ধ্যান ৰাখিব। অৱশ্যে মই আপোনাৰ চকুত তাৰ প্ৰতি মৰম দেখিছোঁ। হয়তো সিমান মৰম মইও কৰিব নোৱাৰো। তথাপিও মোৰ মনৰ শান্তিৰ বাবে আপোনাক আকৌ এবাৰ প্ৰাৰ্থনা কৰোঁ যে মোৰ ভাইটিৰ যত্ন লব। আৰু যাৰ ওপৰত বিশ্বাস হব, যি আপোনাৰ বাবে উপযুক্ত হব তেওঁৰ লগত জীৱনত আগুৱাই যাব। মোৰ শুভকামনা আপোনাৰ লগত আছে। 

                           - ৰিয়া

চিঠিখন পঢ়ি ৰিংকুৰ চকুৰ পৰা চকুলো বৈ আহিল। অনুতপ্ত হৈ সি চকু তল কৰিয়েই থাকিল। এইবাৰ সি ডায়েৰীৰ পৃষ্ঠা লুটিয়াবলৈ আৰম্ভ কৰিলে। ডায়েৰীৰ প্ৰতিটো শব্দৰ লগত সি অনুতপ্ত হৈ জলিব ধৰিলে। এতিয়া তাৰ নিজৰ ওপৰত খং উঠিল যে সি কিয় স্বাতিৰ কথা শুনিলে।( Assamese Storyboard )

যেতিয়া সি পঢ়িলে যে ৰিয়ায়ো তাক তেতিয়াৰ পৰাই ভাল পাইছিল যেতিয়া সি তাইক মন দি পেলাইছিল  , তেতিয়া তাৰ মনটোয়ে কান্দি উঠিল যে যদি ৰিয়া কৰবাৰ পৰা আহিল হয় সি তাইক যেনেতেনে মান্তি কৰালে হয়। হয়তো এতিয়া আৰু সেইয়া সম্ভৱ নহয়। আৰু হবনো কেনেকৈ কিয়নো এইয়াটো তাৰেই  খঙৰ পৰিণতি।


এইবাৰ বেদান্তইও তাৰ চিঠিখন পঢ়িব আৰম্ভ কৰিলে।

বেদান্ত,

   

     তুমি এইখন চিঠি পঢ়ি আছা তাৰমানে তুমি গম পালা যে মই তোমাৰ নিজৰ বা হয়। তোমাৰ তো মোৰ ওপৰত বহুত খং উঠিছে চাগে। প্লিজ তোমাৰ এই তিনি মিনিট ডাঙৰ বাৰ ওপৰত খং নকৰিবা। বহুত ডাঙৰ চ'ৰি।

এতিয়ালৈকে মায়ে তোমাক হয়তো কৈছে যে কি পৰিস্থিতিত তুমি আমাৰ পৰা আঁতৰি গৈছিলা।  মোকো মোৰ মায়ে মৃত্যুৰ আগত সকলো কৈ গৈছিল যে তুমি মোৰ নিজৰ যমজ ভাইটি হয়। কিন্তু তোমাৰ ভালৰ বাবেই দেউতাই মোক সঁচা কথাবোৰ কবলৈ বাধা দিলে। তেওঁৰ অন্তিম সময়ত মোক তোমাৰ যত্ন লবলৈ কৈছিল। কিন্তু দুখৰ কথা যে মই আৰু এতিয়া যাওঁগৈ। কিয়নো এইবাৰ তোমাৰ বাইদেউৰ আত্মসন্মানৰ কথা আছে। প্লিজ মোক ভুল নুবুজিবা। আৰু এই বিষয়ত ৰিংকুদাক অলপো খং নকৰিবা। এইয়া তোমাৰ  ডাঙৰ বাৰ আদেশ হয়। যেনেদৰে আজিলৈকে তুমি তেওঁক মৰম আৰু সন্মান দি আহিছা ঠিক তেনেদৰে আগলৈও দিবা।

তেওঁৰ খং সোনকালেই উঠে। নতুবা তেওঁৰ মনটো বহুত ডাঙৰ আৰু ভাল হয়। আশা কৰোঁ যে তুমি মোৰ ভাৱনা বোৰ বুজি সৰু ভাইটিৰ দায়িত্ব পালন কৰিবা। ডাঙৰ দাদাৰ ধ্যান ৰাখিবা। মা দেউটাৰো যত্ন লবা আৰু তেওঁলোকৰ প্ৰতিটো কথা আদেশ হিচাপে মানিবা। 

মই ডাঙৰ বাইদেউ হিচাবে উৰ্মিক  কথা দিছোঁ এটা সুখেৰে ভৰা পৰিয়াল দিম বুলি আৰু উৰে জীৱন সুখ দিবলৈ। সেইবাবে মোৰ এই কথাৰ মান ৰাখিবা। জীৱনৰ কোনো পৰিস্থিতিতেই  তাইৰ লগ এৰি নিদিবা। তাইক বিশ্বাস কৰি সদায় তাইৰ বিশ্বাসৰ যোগ্য হৈ থাকিবা।

আৰু শেষত মই তোমাক আকৌ কত ,কেতিয়া, কেনেকৈ লগ পাম সেইটো কব নোৱাৰো। কিন্তু যিদিনা মই নিজকে বিচাৰি পাম সেইদিনা নিশ্চয় তোমাক লগ পাম। যাতে তুমিও মোৰ দাঙি কব পাৰা যে এইয়া মোৰ ডাঙৰ বা ৰিয়া কলিতা।

                -তোমাৰ ৰিয়া।


এইখিনি পঢ়ি সি উৰ্মিক সাৱটি কান্দিব ধৰিলে। উৰ্মিয়েও তাক মনে মনে ৰখোৱাটো উচিত নহব বুলি ভাবিলে। কিছুসময় কান্দি লোৱাৰ পাছত সি তললৈ আহিল। সি বাহিৰলৈ যাবলৈ লোৱাত তাক অমৰে ৰাখিলে,"কলৈ যোৱা বেদান্ত?" শব্দ শুনি ৰিংকু সেইফালে আহিল।

বেদান্ত: পাপা,মই ৰিয়াক বিচাৰি যাওঁ। এই সময়ত তাইক মোৰ প্ৰয়োজন আছে।

অমৰ:তাৰ কোনো দৰকাৰ নাই।

তেতিয়া ৰিংকুয়ে কলে," কিন্তু পাপা, বেদান্তই ঠিকেই কৈছে। তাই ইয়াত কাকো চিনি নাপায় গতিকে আমি বিচাৰি যাবই লাগিব। কলৈ গল কোনো ঠিক নাই।"

এইবাৰ দেউতাকে খঙত কলে," তুমি মনে মনে থকাটোৱেই ভাল হব। আজি যে তাই হেৰাই গৈছে তাৰ কাৰণ তুমিয়েই হয়। আৰু বেদান্ত তুমি ৰিয়াক বিচৰাৰ সলনি দিল্লীলৈ যোৱাৰ প্ৰস্তুতি চলোৱা। প্ৰথমে নিজক ইমান যোগ্য কৰা যে নিজৰ বাৰ দায়িত্ব পালন কৰিব পাৰা। নতুবা তুমিও ৰিংকুৰ দৰে এনে একো কাম নকৰিবা যাতে মোৰ ককাইৰ সমান প্ৰশান্ত দাৰ লগত চকু মিলাব নোৱাৰো। বাকী তোমাৰ ইচ্ছা কিন্তু ৰিয়াইও প্ৰথমে তোমাৰ পঢ়া সম্পূৰ্ণ হোৱাটো বিচাৰে।"

তেতিয়া বেদান্তই উচপ খাই উঠিল," মানে ,পাপা তুমি গম পোৱা ৰিয়া কত আছে?".

অমৰে লৰালৰিকৈ কলে," নাই নাই মই গম নাপাওঁ। কিন্তু তাইৰ ইচ্ছা কি সেইটো মই জানো। তাইয়েই ইচ্ছা প্ৰকাশ কৰিছে যে তাইক বিচাৰি সময় নষ্ট কৰাতকৈ তুমি নিজৰ পঢ়া সম্পূৰ্ণ কৰিবলৈ দিল্লীলৈ গুচি যোৱা।"


ৰিংকু: আৰু পাপা মোৰ বাবে একো নকলে তাই?

অমৰে তাৰ ফালে নোচোৱাকৈ কলে," যেতিয়া তাই তোমাক কব বিচাৰিছিল তেতিয়া তুমি তাইৰ কথা নুশুনিলা আৰু এতিয়া নিজৰ বাবে কি শুনিব বিচাৰিছা? যি তোমাৰ ইচ্ছা সেইটোৱেই কৰা। তোমাক কোনেও বাধা নিদিয়ে।"

তেতিয়াই সকলোৰে চকু গেটত পৰিল। তাত নিহাৰে আচৰিত ভাবে থিয় হৈ তেওঁলোকৰ কথাবোৰ শুনি বুজিবলৈ চেষ্টা কৰি আছিল," খুৰা এইয়া আপুনি কি কৈছে? কিবা হৈছে নেকি?বাহিৰত এইবোৰ সাঁজ সজ্জা কিয় আঁতৰাই দিছে?" সি আশংকাৰ দৃষ্টিৰে সকলোৰে ফালে চাই সুধিলে। 

কল্পনাই লাহেকৈ কলে," নিহাৰ, তোমাৰ বন্ধুৱে সকলো শেষ কৰি দিলে। ঘৰৰ চমকে ঘৰ এৰি গুচি গল। এতিয়া আৰু ইয়াত কোনো পাৰ্টি নহয়।"

নীহাৰে এইবাৰ ভয়ে ভয়ে সুধিলে," কিন্তু হৈছে কি খুড়ী আগত সেইটো কওক?"

কল্পনা: তোমাৰ বন্ধুকেই সুধি লোৱা।

তাৰ পাছত তেওঁ নিজৰ ৰুমলৈ গুচি গল। অমৰো তেওঁৰ পিছে পিছে ৰুমলৈ গুচি গল।

নিহাৰে ৰিংকুৰ ফালে চাই তাক বহুত ভাগৰুৱা যেন দেখা পালে। কান্দি কান্দি তাৰ অৱস্থা এনেকুৱা হৈ পৰিছিল যেন সি বহুত বছৰৰ পৰা বেমাৰত পৰি আছে। সি যেতিয়া বেদান্তৰ ফালে চালে তাৰো একেই অৱস্থা আছিল। উৰ্মিয়ে তাক চম্ভালি আছিল। সি অনুমান কৰিব পাৰিছিল যে ৰিংকুৰ খঙটোৱে আকৌ এবাৰ অঘটন ঘটালে। সি ৰিংকুৰ হাতত ধৰিলে আৰু তাৰ ৰুমলৈ লৈ গল।

ৰুমলৈ অহাৰ পাছত প্ৰথমে নিহাৰে ৰিংকুক পানী দিলে আৰু কলে," এতিয়া কি হৈছে প্ৰথমৰ পৰা কোৱা? এইবাৰ তুমি কি কৰিলা?"

ৰিংকুয়ে স্বাতিৰ কথাৰ পৰা আদি কৰি ৰিয়াৰ ডায়েৰী পৰ্যন্ত সকলো কথা নিহাৰক কলে।

আগলৈ…

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages