তিনিটা অনুগল্প : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 5, 2021

তিনিটা অনুগল্প : Assamese Storyboard

Assamese Storyboard

পুলিচ ::১

     দুগৰাকী মহিলা পুলিচ চিটিবাছত উঠিল। দুটামান ষ্টপেজৰ পিছত তেওঁলোক নামিব। কণ্ডাক্টৰে তেওঁলোকৰ পৰা ভাড়া নল'লে। এজন যুবকে সুধিলে , এওঁলোকে  ভাড়া নিদিয়ে নেকি, নুখুজিলে যে ।( Assamese Storyboard )

--" ক'ত ভাড়া দিব, ফকতিয়া যায়।"

 অলপ পিছত থানাখন পোৱাৰ লগে ল'গে এগৰাকীয়ে চিঞৰি উঠিল -" ৰাখাচোন ৰাখা, ইয়াত নামিম আমি।"

 পিছফালৰ পৰা এজনে মাত দিলে -" ইয়াত ষ্টপেজ নাই দেই, নৰাখিব।"

-" ঐই ৰাখ বুলিছো নহয়। থানা পাৰ হলেই।"

   চালকে গাড়ীখন ৰখালে। মহিলা পুলিচ নামি গ'ল। আনৰ ক্ষেত্ৰত ৰখা হ'লে চিটিবাছখনৰ জৰিমনা হ'লহেতেন।


পুলিচ:: ২ 


উৎকট গৰমত চিটিবাছখনে যাত্ৰীৰ অপেক্ষাত ষ্টপেজত ৰৈ আছে। যাত্ৰীসকলে হাল্লা কৰি আছে " যাব দিয়ক  যাব দিয়ক "। অলপ পিছত চিটিবাছখন গ'ল। কিন্তু কিছু দুৰ যোৱাৰ পিছত পুলিচে ৰখালে। গাড়ীৰ কাগজ পত্ৰ পৰীক্ষা কৰিছে। তন্ন তন্নকৈ পৰীক্ষা কৰি পুলিচে একো বিসংগতি নাপালে। তথাপিও বাছখন যাব নিদিয়ে। যাত্ৰী সকলৰ খং , ইমান গৰমত ৰৈ থাকিব পাৰি নেকি ? অবশেষত পুলিচক কিবা এটা দিয়াত চিটিবাছখন যাব দিলে। ৰৈ থকা পুলিচ কেইজনে ক'ব ধৰিছে -" সকলো কাগজ পত্ৰ ঠিকে থাকিলে আমি চলিম কেনেকৈ। বাহিৰা পইচা নহ'লে এই গেলা গৰমত চেকিং কৰি লাভ নাই।" ( Assamese Storyboard )


পুলিচ ::৩


 হঠাতে মহানগৰীৰ ৰাস্তাত গাড়ীৰ জাম। গম পোৱা গ'ল আগত পুলিচে দুচকীয়া বাহনত যোৱা সকলৰ হেলমেট নথকা সকলক জৰিমনা লৈ আছে। হেলমেট নহ'লে জৰিমনা। এজন ল'ৰাৰ জৰিমনা লৈ থকা সময়তে দেখিলে ,কাষেৰে পুলিচ এজনে হেলমেট নোহোৱাকৈ বাইক চলাই পাৰহৈ গ'ল। ল'ৰাজনে মাত দিলে -" তেখেতে যে হেলমেট নোহোৱাকৈ পাৰ হৈ গ'ল। কিয় নধৰিলে।"

-" তেওঁ পুলিচ হয়, দেখা নাই নেকি।'"

--"দেখিছো, পুলিচৰ কাৰনে আইন বেলেগ নেকি? নে তেওঁৰ দুৰ্ঘটনা নহয় বুলি গেৰান্টি আছে।"

-" কি কব আহিছে। জৰিমনা দিয়ক আৰু যাওক, নহলে ---"

--" নহলে কি কৰিব। "

--" গাড়ী ৰাখি থম , ইচ্ছা কৰিলে বহুত কেচত ফচাই দিব পাৰো আপোনাক।"

--" হয় নেকি, দেউতাক ফোন কৰো ৰ'ব, কাৰ্বি আংলং নে শিলচৰ কলৈ ট্ৰেন্সছফাৰ লব কওক।"

--" হেহ, কি কয় আপুনি, যাওঁক যাওঁক সোনকালে। জৰিমনা নালাগে।"

 ** কমলেন্দ্ৰ শৰ্মা **

Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages