সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( খণ্ড - ২০ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 8, 2021

সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( খণ্ড - ২০ ) : Assamese Storyboard

Assamese Storyboard


ৰিপৰ্ট সকলো নৰ্মেল দেখি ৰাতিপুৱা দহমান বজাতেই হস্পিতালৰ পৰা ৰিলিজ দিলে ৰাজীৱক ।  বিচনাৰ কাপোৰ কানিবোৰ সামৰি বেগত ভৰাই বাহিৰলৈ উলিয়াই আনিলে তৰাই ( Assamese Storyboard )। অ'টখন ৰখাই দিয়াৰ লগে লগেই ৰাজীৱক লাহেকৈ গাড়ীত বহুৱাই দি তাৰ কাষতে বহিল  তৰা । হস্পিতালৰ পৰা ঘৰ পোৱালৈকে তৰাৰ বাউসীতে মূৰটো পেলাই আহিল ৰাজীৱে । ঘৰৰ পদূলি মুখত অ'টখন ৰখাই দিয়াৰ পাছত লাহেকৈ নামি আহিল ৰাজীৱ । কাপোৰৰ বেগটো গাড়ীৰ পৰা নমাই দুৱাৰখন খুলি ৰাজীৱক চকীখনতে বহুৱাই মূৰটো তিয়াই গা ধুই তিতা তীয়নিৰে ভিতৰলৈ সোমাই আহিল তৰা । খৰখেদাকৈ গৰম পানী অকণ কৰি ৰাজীৱৰ হাতমুখ কেইটা ভালকৈ ধুৱাই কাপোৰযোৰ সলাই বিচনাত শুৱাই দিলে । ৰাজীৱক বিচনাত শুৱাই বাহিৰলৈ ওলাই আহোঁতেই পদূলিত বাইকখন ৰখাই ভৈৰৱ সোমাই আহিল । 


: আহিলা ভৈৰৱ...! মোৰ আকৌ চিন্তাই হৈছিল । কিয় ইমান সময় লাগিছে বুলি....! 


:  ইয়াৰ বাবে কিবা কিবি দুটামান বজাৰ কৰি  আনিলোঁ । এইটো লৈ যাওকচোন ভিতৰলৈ । 


        ভৈৰৱৰ হাতৰ পৰা ফলমূলৰ টোপোলাটো লৈ ভিতৰলৈ সোমাই গ'ল তৰা ।  


: ভৈৰৱ ৱাছ ৰূমতে পানী থৈ আহিছোঁ । ফ্ৰেচ হৈ লোৱাগৈ যোৱা ।  বাল্টি এটাতে কুহুমীয়া গৰম পানী অলপ ৱাছ ৰূমলৈ উলিয়াই দি ভৈৰৱক হাত ভৰি কেইটা ধুই আহিবলৈ কলে তৰাই । 


: হ'ব মা । 


: তুমি ফ্ৰেচ হোৱা মানে মই তোমালোকে খাবলৈ কিবা এটা ৰেডী কৰি লওঁ । 


: হস্পিতালত ৰুটি খালোঁৱেই দেখোঁন । এতিয়া একো নালাগে মা । 


: তুমি নাখাওঁ বুলি কলেই হব নে...! তুমি ফ্ৰেচ হোৱাগৈচোন বাৰু.....! কথাষাৰ কৈয়ে পাকঘৰলৈ সোমাই গ'ল তৰা । অৰ্জুনেও বাহিৰে বাহিৰে কাপোৰ কেইটা সলাই পুখুৰীৰ পাৰতে গাটো ধুই তৰাক মাত লগালেহি .....তৰা , অ'.…. তৰা কাপোৰ কেইটা লৈ আঁহাচোন....! 


: কিনো অতিথিৰ দৰে চিঞৰ বাখৰ কৰি থাকে । ভিতৰলৈ সোমাই আহিলেই হ'ল । মই ভৈৰৱৰ বাবে কিবা এটা ৰান্ধি আছোঁ ।  পাকঘৰৰ পৰাই ডাঙৰকৈ চিঞৰিলে তৰাই । তৰাৰ চিঞৰ শুনি মুখেৰে একো উত্তৰ নিদি ভিতৰলৈ সোমাই আহিল । তৰাইয়ো প্ৰেচাৰটোতে ভাত কেইটামান ভৰাই চাহৰ চচটোতে দিম দুটা বইল কৰি ৰঙা ৰঙাকৈ ফ্ৰাই কৰি পিয়াঁজ অলপ তেলত দি পকা বিলাহী কেইডোখৰ দি দিমৰ আঞ্জা এখন ৰান্ধিলে । হাত মুখ কেইটা ধুই ভৈৰৱ ৰাজীৱৰ কাষতে বহিল । 


: ভৈৰৱ দা , তুমি গুচি গলে মোৰ মনটো আজি বৰ উৰুঙা উৰুঙা লাগিব । 


: কেৱল তোমাৰেই নহয় ৰাজীৱ । মোৰো বহুত বেয়া লাগিব । তোমাৰ মুখখনেই বাৰে বাৰে দুচকুত আহি থাকিব । 


: মই কেইদিনমান কলেজলৈ যাব নোৱাৰিম ভৈৰৱ দা । 


: তুমি এতিয়া সেইবোৰ চিন্তা কৰিব নালাগে । এনেই দুৰ্বল হৈ আছা , অদৰকাৰী কথাবোৰ চিন্তা কৰি থাকিলে আৰু দুৰ্বল হৈ যাবা তুমি....


: অদৰকাৰী কথা নহয় ভৈৰৱ দা । ক্লাছবোৰ মিছ কৰিলে মই বহুত পাছ পৰি যাম । 


: কিয় পাছ পৰি যাবানো ....!  যিবোৰ বুজি নোপোৱা সেইবোৰ মই বুজাই দিম তোমাক । 


: সঁচাকৈয়ে কৈছা নে ভৈৰৱ দা । 


: উম..., কিয় মিছাকৈ কম নো... । 


      ভৈৰৱ ভাতকেইটামান খাই লোৱাহি আহাঁ, সোণ ! তুমিয়ো আহাঁ , গৰমে গৰমে ভাতকেইটা খাই লোৱাহি । ৰাজীৱৰ ৰূমটোলৈ সোমাই আহি কলে তৰাই । 


: মই নাখাওঁ মা , ভৈৰৱ দাকে দিয়া ।  লাহেকৈ কলে ৰাজীৱে । 


: তুমি নাখালে ময়ো নাখাওঁ ৰাজীৱ , আহাঁ এগৰাহ খাই দিবা । এতিয়া তুমি নোখোৱাকৈ থাকিলে নহ'ব নহয় । যিমান পাৰা সিমান খাবা । তেতিয়াহে সোনকালে সুস্থ হৈ উঠিবা ।  ভৈৰৱৰ কথা পেলাব নোৱাৰি লাহেকৈ উঠি আহিল ৰাজীৱ । তৰাই ভাতৰ কাঁহী কেইখন ধুনীয়াকৈ সজাই টেবুললৈ উলিয়াই দি অৰ্জুনক চিঞৰিলে .....শুনিছেনে....! ভাত দিলোঁ দেই , খাই লওঁকহি....! তোমালোকে খাই থাকা ভৈৰৱ । দেউতাৰলৈ ৰৈ থাকিব নালাগে । বোলো শুনিছেনে....! নাহে কিয়নো , ইহঁত ৰৈ আছে নহয় । অৰ্জুনলৈ অপেক্ষা নকৰি এগৰাহ দুগৰাহকৈ ভাত খাবলৈ ধৰিলে ভৈৰৱ আৰু ৰাজীৱে । 


: কিবা লাগিলে ক'বা ভৈৰৱ । 


: একো নালাগে মা । মোৰ হৈ গৈছে ...


       ভাতকেইটা খাই কাঁহীখনতে হাতখন ধুই চকীখনতে থৈ দিয়া গামোচাখনত হাতখন মোহাৰি বাহিৰলৈ ওলাই আহিল । বঁটাখনতে শুকান শিলিখা দুটা আনি দিলে তৰাই । শিলিখা এটা মুখত ভৰাই ভৈৰৱ ঘৰলৈ যাবলৈ ওলাল । ....মই গৈ থাকোঁ মা । 


: ঠিক আছে ভৈৰৱ । তোমাৰ এই উপকাৰ সদায় মনত ৰাখিম । ঘৰ পাই ফোন কৰিবা । 


: হ'ব মা । দেউতা , আপুনি ভাত খাওঁক । মই গৈ থাকোঁ ... অৰ্জুনক মাতষাৰ দি ৰাজীৱৰ কপালত চুমা এটা আঁকি দি ভৈৰৱ ৰাজীৱৰ ঘৰৰ পৰা ওলাই আহিল । গেটৰ সন্মুখত বাইকখন ৰখোৱা শব্দ শুনিয়েই খঙত টিঙিৰী তোলা হৈ ওলাই আহিল উৰ্বশী । ....তোমাৰ তেল ভালকৈয়ে বাঢ়িছে দেখোঁন ভৈৰৱ ....! বৰ ডাঙৰ হলো বুলি ভাবিছা নেকি....? ( Assamese Storyboard )


: তোমাক দেখোঁন ফোন কৰি সকলো কৈছিলোঁৱেই । 


: মই তোমাক থাকিবলৈ মানা কৰা নাছিলোঁ জানোঁ....! 


: কিন্তু....! 


: হ'ব । একো ক'ব নালাগে । গা ধুই আহাগৈ যোৱা ।  


        মাকৰ কথা মতেই বাইকখন চোতালতে ৰখাই । গাটো ধুই ভিতৰলৈ সোমাই আহিল ভৈৰৱ । বিচনাৰ কাপোৰ কানিবোৰ ধুনীয়াকৈ থোৱা দেখি ভৈৰৱে উৰ্বশীক প্ৰশ্ন কৰিলে । ....মা, কোনোবা আলহী আহিব নেকি...? 


: উম...! শইকীয়া খুড়াহঁত আহিব ভাত খোৱাকৈ । কাপোৰযোৰ পিন্ধি সোনকালে বজাৰৰ পৰা আহাগৈ । 


: দেউতাকে লৈ আহিবলৈ কোৱা নহলে...!


: দেউতাৰে এতিয়া অফিচৰ কাম নকৰি বজাৰ কৰিবলৈ আহিব নেকি....? এতিয়াটো ঘৰত তোমাৰ বিশেষ কাম নাই । বিচনাত পেট পেলাইহে থাকিবা । যোৱা...! যোৱা....!  কথাষাৰ কৈয়ে বজাৰ কৰিবলৈ যোৱা বেগটো উলিয়াই আনি ভৈৰৱৰ হাতত পাঁচশ টকীয়া নোট দুখন গুজি দিলে উৰ্বশীয়ে । মাকৰ কথা পেলাব নোৱাৰি কাপোৰ কেইটা সলাই বজাৰলৈ যাবলৈ ওলাল ভৈৰৱ । ......মা, বাইকখনটো তেল নাই । তেল ভৰাবলৈ পইছা এশ দিবা নেকি....? 


: মোৰ হাতত আৰু এটকাও নাই । তেল ভৰাবলৈ পইচা নাই যদি বাইকখন বাৰাণ্ডালৈ তুলি থোৱা । চাইকেল খনকে লৈ যোৱা বজাৰলৈ । 


: মা, 


: কৈছোঁ নহয় । মোৰ হাতত আৰু পইচা নাই ... জাঙুৰ খাই উঠিল উৰ্বশী । মাকৰ কথাষাৰ শুনি ভৈৰৱৰ বৰ দুখ লাগিল যদিওঁ মুখেৰে এটাও শব্দ উচ্চাৰণ নকৰাকৈ হাতত বজাৰৰ মোনাখন লৈ ভৈৰৱ বজাৰলৈ ওলাই গ'ল । ঘৰৰ পৰা ওলাই কিছুদূৰ যোৱাৰ পাছতেই ভৈৰৱৰ ফোনটো বাজি উঠিল । পেন্টৰ পকেটৰ পৰা ফোনটো উলিয়াই ৰিচিভ কৰিলে ভৈৰৱে 


: ....কোৱা ৰাজীৱ । 


: কেতিয়া ঘৰ পালাগৈ ভৈৰৱ দা । 


: অলপ সময় হ'ল ৰাজীৱ । গাটো ধুই বজাৰলৈ ওলাই আহিছোঁ । 


: তোমাক গালি পাৰিছে নেকি মায়ে । 


: নাই....! নাই....! একো কোৱা নাই ।  মিছাকৈয়ে কলে ভৈৰৱে । 

: সঁচাকৈয়ে কৈছা নে....? 


: তোমাক কিয় মিছা কথা কমনো ৰাজীৱ....! বিশ্বাস কৰা....


: বিশ্বাস কৰিছোঁ ভৈৰৱ দা । নিজতকৈয়ো মই তোমাক বহুত বেছি বিশ্বাস কৰোঁ । 


: ঠিক আছে দিয়া । মই বজাৰ কেইটা কৰি লওঁ । গধূলি ফোন কৰিম ।  ফোনটো কাটি পকেটত ভৰাবলৈ লওঁতেই ভৈৰৱৰ ফোনটো আকৌ বাজি উঠিল । উৰ্বশীয়ে ফোন কৰিছে 


: হেল্ল'..., মা কোৱা ....? 


: শুনাচোন....! 


: উম....! কোৱা মা....


: দত্ত ষ্টৰৰ পৰা ভাল কাপোৰ এযোৰ আৰু কুৰটা এটা লৈ আহিবাচোন । 


: পইচা নাই নহয় । কেনেকৈ নিম মা....? 


: তুমি চিন্তা কৰিব নালাগে । মই মালিকৰ লগত কথা পাতি থৈছোঁ । 


: হ'ব তেন্তে । লৈ যাম দিয়া । 

  ক্ৰমশঃ....

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard

জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages