তাই কিয় বেশ্যা হৈছিল আৰু তাইৰ হত্যাকাৰী কোন ( খণ্ড ১২ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 23, 2021

তাই কিয় বেশ্যা হৈছিল আৰু তাইৰ হত্যাকাৰী কোন ( খণ্ড ১২ ) ? Assamese Storyboard

Assamese Storyboard

 

কাবেৰী যেতিয়া নিয়ৰৰ সন্মুখত থিয় দিছে নিশ্চয় অতি সোনকালেই নিয়ৰ নিৰপৰাধী বুলি চিনাক্ত হ'ব । নিয়ৰে নিজৰ ফ্লেটত আহি মুক্ত আকাশত উৰি ফুৰা যেন পাইছে ( Assamese Storyboard )। 


          ৰাধিকা বেশ্যা আৰু পলাশ ৰাধিকা ৰ এজেণ্ট । ইতিমধ্যে দুয়োজনকে হত্যা কৰা হ'ল ।‌বৰুৱাৰ সন্দেহ হ'ল দুয়োকো নিশ্চয় এটা কাৰনতে হত্যা কৰা হৈছে ‌। হত্যাকাৰী নিশ্চয় এজনে হ'ব । কিন্তু কিয় , কি কাৰনত এই হত্যাকাণ্ড সংঘটিত হ'ল সেয়া হে ডাঙৰ ৰহস্য ।


              বৰুৱাই আমাৰ সমাজ ব্যৱস্থা আইনৰ কথাবোৰ নিজে নিজৰ মাজতে বিশ্লেষণ কৰি আছিলে । ৰাজস্থান ত সংঘটিত হোৱা হত্যাকাণ্ড টো এটা উদাহৰণ । এহাল চিকিৎসক দম্পত্তী ক্ৰমে সুশিল গুপ্তা আৰু তেওঁৰ পত্নী সিমা গুপ্তাক ৰাজপথত গুলিয়াই হত্যা কৰা হ'ল কিন্তু কিয় ! এসময়ত সুশিল গুপ্তাই কাম কৰা মেডিকেল খনৰ ৰিচিপচনিষ্ট দিপা কৰ্মকাৰৰ লগত আছিল ডা . সুশিল গুপ্তাৰ অবৈধ সম্পৰ্ক । আৰু সেই কাৰনে গুপ্তাই তেওঁ ৰ ফ্লেট এটাত দিপা আৰু দিপাৰ সন্তানক থাকিবলৈ দিছিল । এই কথা যেতিয়া ডা. গুপ্তাৰ পত্নী সিমা গুপ্তাই মাকৰ লগত লগলাগি দিপা থকা ফ্লেটত জুই জ্বলাই দিপা আৰু তেওঁৰ পুত্ৰ ক হত্যা কৰিছিল । হত্যাকাৰী চিনাক্ত হোৱাৰ পাছত ও দিপা আৰু তেওঁৰ সন্তানে ন্যায় পোৱা নাছিল । অপৰাধী মুক্ত মনে মুকলি আকাশৰ তলত বিচৰণ কৰিছিল । কিন্তু বায়েক হত্যাৰ প্ৰতিশোধ ল'লে দিপাৰ ভায়েকে । আইনে ন্যায় দিব নোৱাৰা দিপা আৰু তেওঁৰ সন্তানক ন্যায় দিলে তেওঁ ৰ ভায়েকে । সেয়েহে ৰাজপথতে গুলিয়াই হত্যা কৰিলে গুপ্তা দম্পত্তীক ।


         কিন্তু এই ক্ষেত্ৰত যদি আজি বৰুৱা ই দিপাৰ ভায়েকক সমৰ্থন কৰি এটা মতামত দিয়ে তেন্তে বৰুৱাক কোৱা হ'ব " ৰক্ষকেই ভক্ষক" মানে অপৰাধীক উচতনি দিয়া বুলি কব । এজন মানুহক হত্যা কৰাৰ পাছটো আজিৰ সমাজত কিমান জন হত্যাকাৰী মুক্ত আকাশৰ তলত বিচৰণ কৰি আছে । মানুহে মানুহ ক হত্যা কৰিবলৈ কিয় ভয় নকৰা হ'ল কাৰন " যিহেতু ভাৰতীয় আইন খুব লেহেমীয়া , হত্যাকাৰী ৰ ওপৰত কোনো ডাঙৰ শাস্তি নাই , হ'লে বৰঞ্চ জেইল হ'ব । গতিকে কোনে ভয় কৰিব ! " হয়টো দুদিন পাছত সকলো মানুহে দিপাৰ ভায়েকৰ নিচিনা কৈ আইন হাতত তুলি লব । কাৰন বিৰক্ত হৈ , ক্ষোভ ত , প্ৰতিশোধ ৰ দাৱনাল জ্বলিব ।


 - বৰ্মন ! বৰ্মন 

কিছু সময় পাছত বৰ্মন আহি বৰুৱা ৰ সন্মুখত থিয় হ'ল ।

- ছাৰ

- সেইদিনা ৰাধিকা ৰ মৃতদেহ ৰ ওচৰত কি কি উদ্ধাৰ কৰিছিল ?

- ছাৰ কাপোৰ ৰ বেগ এটা ।

- ঠিক আছে লৈ আনক ।


                 বৰুৱাই বৰ্মনৰ লগত লগ লাগি ৰাধিকা ৰ বেগটো ভালকৈ চালে , ডায়েৰী এখন উদ্ধাৰ হ'ল । হয় , এইখনতে হয়টো থাকিব ৰাধিকা ৰ বহু ইতিহাস । হয়টো এইখনতে থাকিব ৰাধিকা ৰ বহু নজনা অধ্যায় । বৰুৱাই ডায়েৰী খন লৈ বেলেগ এটা কোঠালৈ গ'ল ।


              কিছু সময় পাছত থানাৰ বাহিৰত বৃহৎ গণ্ডগোল । উত্তেজক ৰাইজ আৰু আৰু সাংবাদিক ৰে ভৰি পৰিল থানাৰ চৌহদ ।‌ অপৰাধী ক ৰক্ষনা বেক্ষনা দিয়াৰ অভিযোগ বৰুৱা ৰ বিৰুদ্ধে ।‌ থানাত ভোক্তভোগীৰ পৰা বে আইনী পদ্ধতি ৰে টকা খোৱা ৰ অভিযোগ বৰুৱা ৰ বিৰুদ্ধে । বৰুৱা ৰ প্ৰচণ্ড খং উঠিল । 


- বন্ধ কৰক । বন্ধ কৰক এইবোৰ ।

- আজি এইবোৰ বন্ধ নহয় । পলাশৰ হত্যাকাৰী ক আপুনি কিয় এৰি দিছে ?

- কাৰন নিয়ৰ কাকতি এতিয়া ও হত্যাকাৰী বুলি চিনাক্ত হোৱা নাই ।

- সকলো মিছা কথা ।


            ইতিমধ্যে ভিন ভিন চেনেলৰ সাংবাদিক ৰ বিভিন্ন জনক বিভিন্ন প্ৰশ্ন ।


- হয় এই মূহুৰ্তত আমাৰ লগত উপস্থিত আছে ,সৌ সিদিনা গুৱাহাটী মহানগৰীৰ গনেশুৰিৰ ভাড়া ঘৰত নৃসংশ ভাৱে হত্যা কৰা পলাশৰ বৃদ্ধ দেউতাক । ইতিমধ্যে তেওঁ পুলিচ বৰুৱা ৰ বিৰুদ্ধে ডাঙৰ অভিযোগ দিছে । অভিযোগ টি সকলোতকৈ ঘৃণনীয় আৰু নিন্দনীয় । বৰুৱাই ভুক্ত ভোগিৰ পৰিয়ালৰ পৰা হত্যাকাৰী ক চিনাক্ত কৰাৰ বিনিময়ত পঞ্চাছ হাজাৰ টকা লৈছে ।আমি ভোক্তভোগীৰ ওচৰলৈ আহিছোঁ ।যিটো অভিযোগ ইতিমধ্যে বৰুৱা ৰ বিৰুদ্ধে উঠিছে সেয়া সচা নেকি ?

কপা কপা মাতেৰে পলাশ ৰ বৃদ্ধ পিতৃয়ে কৈছিল ।

- সচা 


            কি ! ইমান মিছা অভিযোগ । এজন বৃদ্ধ মানুহে ও মিছা কথা কয় । বৰুৱাই আচৰিত হ'ল ! কি কৰিব ! কি নকৰিব একো ভাৱি নাপালে । এয়া আকৌ কেনে ষড়যন্ত্ৰ ।  তাৰ পাছতে ৰাধিকাৰ মাকৰ অভিযোগ " অপৰাধী ক সোনকালেই বিচাৰি দিয়াৰ অনুৰোধ কৰোঁ তে হেনো বৰুৱাই ৰ ৰাধিকা ৰ মাকক লক আপত ভৰাই থোৱাৰ ধমক" । কি আচৰিত ইমান মিছা কথা । ইতিমধ্যে এই সকলো বোৰ নিউজ চেনেল সমূহ ত লাইভ দেখাই আছিল । বৰুৱা ৰ যে আজি মানুহ জাতিৰ ওপৰত ঘৃনা উপজিল ।


          কিছু সময় পাছত বৰুৱা ৰ টেবুল ৰ ফোনটো বাজিলে ।


- Hellow !

- I am DGP Guswami speaking .

- yes sir 

- Baruah you have been transferred to another police station .

- but for what reason sir ?

- because you have been accused of cheating .

- sir 

- you have given criminal protection .

- sir , all these false allegations .I am a victim of conspiracy .

- all of these will be investigated .if you are guilty you should be punished .

- can't make thise decision sir ?

- impossible , and listen you have to leave that police station today .

- okey sir I respect the departmental decision .

- okey thanks ,bye

- bye sir .


         এটা অপ্ৰত্যাশিত খৱৰ । বৰুৱা মানসিক ভাৱে ভাগি পৰিছে । বদলি হয় , কিন্তু এটা মিছা অভিযোগ ত পৰি বৰুৱা ৰ বদলিৰ সিদ্ধান্ত ল'লে বিভাগে । আচলতে এয়া বদলি নহয় এয়া খেদিব বিচাৰিছে । আজি পৰ্যন্ত পুলিচৰ খাকী পোছাক জোৰক বদনামী কৰা নাছিল ।‌ দৰমহাৰ পইচা কেইটাৰ বাদে এটা টকা কাৰো পৰা ধান্দা কৰা নাছিলে । হয়টো সেই কাৰনে বৰুৱাই পুলিচ ৰ এজন উচ্চ পদস্থ বিষয়া হৈ ও পত্নী সন্তান ক বিলাসী জীৱন দিব পৰা নাছিল । বৰুৱাই আজি বুজি উঠিলে । আজিৰ সমাজত ভাল মানুহ ৰ মুঠেই স্থান নাই ।( Assamese Storyboard )


- বৰ্মন 

- ছাৰ 

- ভালকৈ থাকিব , নিজৰ কৰ্তব্য ভালকৈ কৰিব । বেয়া পথত নাযাৱ , নিজৰ ওপৰত বিশ্বাস ৰাখিব ।

- হ'ব ছাৰ ! কিন্তু আজি আপুনি এই খেনি কথা কলে ছাৰ ?

- মই আজি যামগৈ ।

-  চুটি ল'লে নেকি ছাৰ ?

- ট্ৰেন্সফাৰ ।

- ট্ৰেন্সফাৰ !

- হয় মোক অন্য এখন থানালৈ ট্ৰেন্সফাৰ দিছে ।

- নহ'ব ছাৰ , আপুনি যাৱ নোৱাৰে ।

- স্বয়ং ডিজিপি মহাশয় ৰ নিৰ্দেশ ।

- কিন্তু হঠাৎ ?

- জানেই দেখোন আমাৰ সিদ্ধান্ত বোৰ হঠাৎ এই আহে ।

- কিন্তু ছাৰ এই হত্যাকাণ্ড দুটাৰ ,,,,,

- মোৰ ঠাইত অন্য এজন আহিৱ । তেওঁ নিশ্চয় চম্ভালিৱ ।


             বৰ্মনৰ চকুৰে হঠাৎ চকুপানী ওলাই আহিছিল ।

- কিয় কান্দিছে বৰ্মন ?

- ছাৰ কথাটো মানি ল'ব পৰা নাই ।

- কিন্তু এয়াই সত্য বৰ্মন ।

- আপোনাৰ দৰে ভাল ছাৰ কত লগপাম !

- হয়টো মোৰ ঠাইত অহা জন বেছি ভাল হব । মই কিছু সময় পাছত ওলাই যাম । আপুনি যাওক আমাৰ বাকি ষ্টাফ খিনিক কথাটো জনাই দিয়ক ।

- হ'ব ছাৰ ।


                 বৰুৱা ৰ কৰ্মজীৱনৰ ভাল লগা থানাৰ ভিতৰত এইখন । যিমান খিনি ষ্টাফ আছে খুব মৰমিয়াল , সকলোৰে মিলা প্ৰীতি আছে । বৰুৱা দিনতে থানা খনৰ আন্তঃগাঠনিৰ বহু খিনি উন্নতি হ'ল । এই থানা খন এৰি যাৱলৈ , মানুহ খিনি এৰি যাৱলৈ বৰুৱা ৰ ও বহু খিনি কষ্ট হৈছে । কিন্তু যাৱ লাগিব । বৰুৱাই যোৱাৰ বাবে সাজু হ'ল ।


তেনেতে থানা খনৰ বাকি বোৰ ষ্টাফ আহি বৰুৱা ক অনুৰোধ কৰিব ধৰিলে । 

- ছাৰ আপুনি নাযাব ছাৰ , আপোনাক আমাক লাগে ছাৰ ।

- আপোনালোকে বুজক , এয়া ওপৰৰ নিৰ্দেশ মই অমান্য কৰিব নোৱাৰোঁ । সকলো ভালকৈ থাকিব । নিজৰ কাম বোৰ কৰি যাৱ । মানুহ ৰ জীৱন আকৌ কেতিয়াবা লগ হ'ব ও পাৰোঁ ।

তেনেতে থানা খনৰ ভাত ৰান্ধনী হৰেন দাইটি কান্দি কান্দি আহি বৰুৱা ৰ ভৰিত পৰিলে । হৰেন হৈছে থানা খনৰ জ্যেষ্ঠ জন ।‌ খুৱ ,নম্ৰ অমায়িক স্বভাৱ ৰ হৰেন দাইটিক বৰুৱা ই যথেষ্ট মৰম কৰিছিল ।


- ছাৰ আপুনি ভালকৈ থাকিব । খোৱা বোৱা সময়ত কৰিব ।‌ আপুনি সচাই বৰ ভাল মানুহ ছাৰ 

। 

- নাপায় দাইটি ডাঙৰে সৰুৰ ভৰিত ধৰিব নাপায় । উঠক । আৰু আশীৰ্বাদ কৰিব সদায় ,যাতে মই সদায় সমাজ খনৰ ভাল চিন্তা কৰিব পাৰোঁ । তোমাৰ হাতৰ সোৱাদ কেতিয়াও পাহৰি নাযাও ।


 ‌         থানাৰ পৰা অফিচাৰ বৰুৱাক ৰাজকীয় বিদায় জনালে । ফুলাম গামোচা ৰে সকলোৱে চলচলীয়া চকুৰে বিদায় দিলে বৰুৱা ক । আজি থানা খন পোহৰ থাকিও আন্ধাৰ হ'ল । মুখ বোৰত সঘনাই লাগি থকা হাহিটো নোহোৱা হ'ল ।  বৰ্মন , আহমেদ সকলোৱে আজি হতাশ মনেৰে থানাৰ দায়িত্ব পালন কৰি আছে । তেনেতে থানাৰ ভিতৰত সোমায় আহিল অংকুৰণ বৰা আৰু এজন অচিনাকী ব্যক্তি । বৰ্মনে অংকুৰণ ক চিনি পাইছে ।‌কিন্তু লগত অহা জন !


- আহক । 

- কি কাম আছিল আপোনালোকৰ ?

বৰ্মনে সুধিছিল ।

অচিনাকী জনক দেখুৱাই অংকুৰণে বৰ্মনক সুধিছিল ।

- এখেতক চিনি পাইছ নে নাই ?

বৰ্মন হ'ল পঞ্চাছ ৰ দেওনা অতিক্ৰম কৰা এজন বেটেলিয়ন । 

- প্ৰথমতে নিজৰ ব্যৱহাৰ সলনি কৰক মিষ্টাৰ ।

অংকুৰণে এটা দুষ্ট হাহি এৰিছিল ।

- দেখিলে ইহঁতৰ কথা , বৰুৱা নামৰ ভণ্ড অফিচাৰ জনে ইহঁতক বনাই থৈ গৈছে ।

- বাৰু এখেত হ'ল এইখন থানাৰ নতুন অফিচাৰ অংকন ভাগৱতী । ঐ তহতে যা , গাড়ীৰ ভিতৰত থকা ছাৰৰ সামগ্ৰী বোৰ আনি ছাৰৰ ৰুম ঠিক কৰি দে ।

অংকুৰণ ৰ নিৰ্দেশ শুনি ষ্টাফ খিনিয়ে বুজি পালে যে এইবাৰ থানাত ই আধিপত্য চলাব ।


               নতুন অফিচাৰে আজি আহিয়েই অংকুৰণ ৰ লগত মদৰ পাৰ্টিত মচগুল ।এইখন থানাত বৰুৱাই আজি তিনি বছৰ থাকি গল । কিন্তু বৰুৱাক দ্ৰিংকচ কৰা কোনো দিন ষ্টাফৰ এজনে ও নেদেখিলে । কিন্তু ভাগৱতীয়ে যেন আজি প্ৰথম দিনাই নিজৰ ৰুপটো দেখাই লৈছে । আহিয়েই আৰম্ভ কৰিলে মদিৰাৰ খেলা ।


- মিষ্টাৰ বৰা , ইতিমধ্যে মই কেচ ডায়েৰী খোচৰিলো । আপোনাৰ মতে পলাশ আৰু ৰাধিকা ৰ হত্যাকাৰী কোন ?

- সেইজনে , যিজনক ইতিমধ্যে বৰুৱাই এৰি দিলে । এই কেচ আপুনি আৰু ইমান তদন্ত কৰিবৰ প্ৰয়োজন নাই ছাৰ । আপুনি কাইলৈ তাক উঠাই আনক ,আৰু ঘোষণা কৰি দিয়ক হত্যাকাৰী ক চিনাক্ত কৰা হ'ল । তাৰ বিনিময়ত আপোনাক যি লাগে মই তাকে দিম ।মাত্ৰ আপুনি ৰাধিকা ৰ উদ্ধাৰ হোৱা ডায়েৰী খন নোহোৱা কৰক ।

ভাগৱতীয়ে উচ্ছস্বৰত হাহিলে ।

- ভাগৱতী যতে আহিব , তাত মাত্ৰ টকাৰ হে খেলা হ'ব । টকা দিব অপৰাধী নিৰপৰাধী হৈ থাকিব । টকা নিদিব নিৰপৰাধীক অপৰাধী সজাই ভৰাই থোৱা হ'ব । 

ভাগৱতীয়ে ষ্টাফ খিনিক লক্ষ্য কৰি চিঞৰিলে ।

- ও কোন কত আছ ? এইফালে আহ ।

কিছু সময় পাছত বৰ্মন সোমায় আহিল । দেখাত দক্ষিনাত্যৰ ছৱিৰ খলনায়ক যেন লগা ভাগৱতীৰ সন্মুখত থিয় হ'ল বৰ্মন ।মদ খাই চকু ৰঙা হৈ থকা মানুহ জনক দেখি বৰ্মনৰ ভয় ও লাগিছিল ।

- কি নাম তোৰ ?

আজি ইমান দিনে বৰুৱাই বৰ্মন ক আপুনিৰ বাহিৰে তুমি ব্যৱহাৰ কৰি নাপালে । কিন্তু ভাগৱতীয়ে প্ৰথম দিনাই বৰ্মনক তই ব্যৱহাৰ কৰিলে । বৰ্মনৰ দুখ লাগিছিল । তথাপি ডাঙৰ অফিচাৰে যি কয় তাকে মানি ল'ব লাগিব যিহেতু বৰ্মন হত সাধাৰণ কনিষ্টবল হে । আৰু পৃথিৱী খনত সকলো মানুহ বৰুৱা নহয় ।

- নিপেন বৰ্মন । 

- কনিষ্টবল ?

- হয় ছাৰ । 

- প্ৰথমতে মন কৰিবি মোৰ আৰু বৰুৱা ৰ মাজত বহুত পাৰ্থক্য আছে । মই কনিষ্টবল ক চোৰৰ দৰে পিতি থৈ অহা মানুহ । সাৱধানে থাকিবি । যা এতিয়া মোক ৰাধিকা ৰ মৃতদেহ ৰ ওচৰত উদ্ধাৰ হোৱা ডায়েৰী খন দে ।

- হ'ব ছাৰ ।

বৰ্মন ওলাই গ'ল ।

- বৰ ভাল কাম কৰিছে , ইহঁতৰ সিপা বোৰ এতিয়াতে উভালি পেলাব ছাৰ ।

- উম , এয়া আৰম্ভণি হে ।বৰ্মনে কিছু সময় পাছত ডায়েৰী খন আনি ভাগৱতীৰ হাতত দি ৰুমটোৰ পৰা ওলাই গ'ল । ভাগৱতীয়ে লগে লগে হাতত থকা দিয়াচলাইৰে জুই উঠাই ডায়েৰী খনত অগ্নি সংযোগ কৰিলে । কিছু মূহুৰ্তৰ পাছত ডায়েৰী খন চাই হৈ গ'ল ।

- খেল খতম ।

লগে লগে অংকুৰণ আৰু ভাগৱতীৰ মুখত হাঁহি ।


                       ক্ৰমশঃ © ৰাগ ৰঞ্জন

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7


(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages