কাব্যশ্ৰী গাওঁত থকা পঢ়া শুনা কৰা এজনী ধুনীয়া ছোৱালী। কাব্যশ্ৰী গাওঁত বাস কৰিলেও তাইৰ সপোন বহু ডাঙৰ ডাঙৰ আছিল ( Assamese Storyboard )। কাব্যশ্ৰীৰ দেউতাক এজন খেতিয়ক আছিল আৰু তেওঁ, কাব্যশ্ৰীৰ বিবাহক লৈ বহু চিন্তিত হৈ পৰিছিল। কাৰণ কাব্যশ্ৰীৰ নিজৰ পঢ়া শুনাক লৈ, আৰু নিজৰ সুন্দৰতাক লৈ বহু অহংকাৰ আছিল।
কাব্যশ্ৰীৰ দেউতাকে যেতিয়াই কাব্যশ্ৰীৰ বাবে কোনো লৰা বিচাৰে, তেতিয়াই কাব্যশ্ৰীয়ে সেই লৰাজনৰ কিবা নহয় কিবা বেয়া এটা ওলিয়াইছিল। কাৰণ তাই এজন ধুনীয়া আৰু ধনী লৰাৰ লগত বিয়াত বহিব বিচাৰিছিল। কিন্তু ছোৱালী যিমানেই ধুনীয়া বা পঢ় শুনা নহওঁক কিয়, ছোৱালীৰ বিবাহত একো বস্তু-সামগ্ৰী নিদিয়াকৈ নহৈছিল। কাব্যশ্ৰীৰ দেউতাক এজন সাধাৰণ খেতিয়ক আছিল, সেইবাবে তেওঁৰ বেছি বস্তু সামগ্ৰী দিয়াৰ সামৰ্থ নাছিল। তেওঁ যতেই, কাব্যশ্ৰীৰ সম্বন্ধ গঢ়িব বিচাৰিছিল, তাতে তেওঁ সম্বন্ধ,এটাতকে এটা ভাল সম্বন্ধ পাইছিল, আৰু কাব্যশ্ৰীকো লৰা ঘৰৰ মানুহে পচন্দ কৰি লৈছিল, কিন্তু যৌতুকৰ বাবে, কাব্যশ্ৰীৰ বিবাহ সম্বন্ধ প্ৰতিবাৰে ভাঙি গৈছিল। কাব্যশ্ৰীৰ দেউতাকে প্ৰতি বাৰে তেওঁৰ চিন্তনীয় মুখখনি লৈ ঘৰলৈ ঘূৰি আহিছিল।
কাব্যশ্ৰীৰ দেউতাকে কাব্যশ্ৰীৰ বাবে লৰা বিচাৰি বিচাৰি প্ৰায় দেৰি বছৰ পাৰ হৈ গল। কিন্তু কাব্যশ্ৰীৰ সম্বন্ধ গঢ়ি উঠা নাছিল। যাৰ বাবে কাব্যশ্ৰীৰ মাক দেউতাক দুয়োয়ে, কাব্যশ্ৰীৰ বিবাহক লৈ চিন্তিত হৈ পৰিল। কোৱা হয়, ভাগ্যৰ লিখনি, কোনেও আঁতৰাব নোঁৱাৰে বুলি। যাৰ ভাগ্যত যেতিয়া বিবাহৰ বাবে সময় থাকে, তেতিয়া হে হয়। এদিন আচৰিত ভাৱে এটা খোবেই ভাল সম্বন্ধ কাব্যশ্ৰীৰ বাবে আহিল। লৰাৰ বহু ধন সম্পত্তি আছিল আৰু লৰাৰ বহু কেইখন পাট কাপোৰৰ দোকান আছিল। দোকানৰ ব্যৱসায়ি কথা শুনিয়ে, কাব্যশ্ৰীৰ দেউতাকে অলপো পলম নকৰি, এই সম্বন্ধৰ বাবে মান্তি হল। কিন্তু তেওঁৰ মনত এটা ভয়ে আমনি কৰি আছিল যে, লৰাঘৰে যাতে বহুত বস্তু নিবিচাৰে। কিন্তু এইবাৰ এনে একো নহল। লৰা ঘৰে কোনো বস্তু নিবিচাৰিলে। তেওঁলোকক কেৱল ধুনীয়া ছোৱালীৰ প্ৰয়োজন। যি তেওঁৰ জীয়ৰী কাব্যশ্ৰী আছিল। কাব্যশ্ৰীৰ দেউতাকে লৰাৰ বিষয়ে কোনো কথা জানিব নিবিচাৰিলে। আৰু তেওঁ এই বিবাহৰ বাবে লৰালৰিকৈ মান্তি হয় গল। আৰু অহা সপ্তাহত কাব্যশ্ৰীৰ আঙুঠি পিন্ধোৱাৰ তাৰিখো ঠিক কৰি দিলে।
কিন্তু এই কথা যেতিয়া কাব্যশ্ৰীয়ে গম পালে যে, তাইৰ দেউতাকে, তাইৰ বিবাহ ঠিক কৰিলে, আৰু অহা সপ্তাহলৈ আঙুঠি পিন্ধাব। তেতিয়া দেউতাকে সুধিলে, দেউতা আপুনি এয়া জানিলে নে, লৰাজন দেখিবলৈ কেনেকুৱা!
এই কথাত, কাব্যশ্ৰীৰ মাকে তাই বুজাই লৈ কলে, মাজনী লৰা যেনেকুৱা হলেও, তাৰ দুখন হাত, দুটা ভৰি, দুটা চকু, এটা নাক, এই সকলোবোৰ আছে। সকলোতকে ডাঙৰ কথা এয়া যে, লৰাটোৰ কাপোৰৰ ব্যৱসায় আছে। লৰা বহুত ধনী। এনে লৰাটো বহু বিচাৰিলেও আমি বিচাৰি নাপাম।
কাব্যশ্ৰীয়ে নিজৰ মাক দেউতাকক কলে যে, মা দেউতা, আপোলালোকে লৰাজনৰ এখন ফটো বিচাৰিব লাগিছিল, লৰাজন দেখাত বা কেনেকুৱা! আপোনালোকে একো নজনাকৈয়ে মোৰ বিবাহ ঠিক কৰি দিলে, আৰু অহা সপ্তাহত আঙুঠি পিন্ধোৱা!
কাব্যশ্ৰীৰ মাকে কলে, মাজনী আমি আমাৰ জীৱনত বহু দৰিদ্ৰতা দেখা পাইছো। তোমাৰ দেউতা দেখিবলৈ ধুনীয়া আছিল, কিন্তু তেওঁৰ ওচৰত টকা পইচা নাছিল। যেতিয়া মই বিয়া হৈ এইখন ঘৰলৈ আহিলো, তেতিয়া পৰা এটা এটা পইচা বাবে হাবাথুৰি খাইছো। মই নিবিচাৰো, এনেবোৰ তোমাৰ লগতো হওক। লৰা যেনেকুৱাই হক যাতে, তুমি বিয়াত বহিবা। পইচা থাকিলেহে সকলোবোৰ ভাল হব। কাব্যশ্ৰীৰ মাকে, তাইক বহুত বুজালে, তেতিয়া তাই বিয়াত বহিবলৈ সাজু হল।
অহা সপ্তাহত আঙুঠি পিন্ধোৱা আছিল সেইবাবে কাব্যশ্ৰী ব্যস্ত হৈ পৰিল। আঙুঠি পিন্ধোৱাৰ দিনা, কাব্যশ্ৰী একেবাৰে জোনবাইৰ টুকৰা যেন লাগিছিল,বহুত ধুনীয়া। কিন্তু যিদৰে কাব্যশ্ৰী বহুত ধুনীয়া আছিল, ঠিক তাইৰ হবলগীয়া স্বামী তাৰ বিপৰীত আছিল। সেইদিনা প্ৰথম বাৰ, কাব্যশ্ৰীয়ে তাইৰ হবলগীয়া স্বামী প্ৰনয়ক দেখা পাইছিল। প্ৰনয়ক দেখা পায়ে, কাব্যশ্ৰীৰ চকু থৰ হৈ পৰিল। কিন্তু তাই মনে বিচাৰিলেও সেই সময়ত একো কব নোঁৱাৰিলে। আৰু আঙুঠি পিন্ধোৱাৰ নিয়ম হৈ গল। সকলোবোৰ যোৱাৰ পাছত কাব্যশ্ৰীয়ে কান্দি কাতি হুলস্থুল কৰিলে আৰু কলে যে, মই সেই কলা ৰংৰ লৰাটোৰ লগত বিয়াত বহিব নোঁৱাৰো। কাব্যশ্ৰীৰ মাক দেউতাকে তাইক বহুত বুজালে। তাই বিয়াৰ বাবে মান্তি হল কিন্তু সুখী নহল।ফুলশয্যাৰ নিশা কাব্যশ্ৰীয়ে প্ৰনয়ক নিজকে চুবলৈ দিব নিবিচাৰিছিল। তাই প্ৰনয়ক দেহৰ বৰণক লৈ ঘৃণা কৰিছিল। কিন্তু এই কথা প্ৰনয়ে একো নাজানিছিল যে তাৰ পত্নীয়ে, তাৰ দেহৰ বৰণক লৈ তাক বেয়া পাইছিল বুলি।
প্ৰনয়ে, কাব্যশ্ৰীক হাতত ধৰি বহাবলৈ চেষ্টা কৰিলে, তেতিয়া কাব্যশ্ৰীয়ে, প্ৰনয়ৰ হাতখন নিজৰ দেহৰপৰা আঁতৰাই লৈ কল, মই আহি আছো। এয়া কয়ে, কাব্যশ্ৰী তাৰ পৰা আঁতৰি আহিল। আৰু যেতিয়া তাই পুনৰ কোঠালৈ আহিল, তেতিয়া তাইৰ হাতত গাখীৰৰ গিলাচ এটা আছিল।
গাখীৰৰ গিলাচ দেখা পায়ে, প্ৰনয়ে, কাব্যশ্ৰীক সুধিলে, এয়া কি হয়! তুমি গাখীৰ কিয় আনিছা! মই গাখীৰ নাখাও নহয়।
কাব্যশ্ৰীয়ে কলে, এয়া গাখীৰ আমাৰ প্ৰথম নিশাৰ নিয়ম হয়। এই গাখীৰ গিলাচ আপুনি খাবই লাগিব। সমস্যাত পৰি প্ৰনয়ে গাখীৰ গিলাচ খালে। আৰু কিছু সময়ৰে পাছতে তাৰ টুপনি আহিল আৰু সি শুই পৰিল। কাৰণ কাব্যশ্ৰী য়ে গাখীৰ গিলাচত টুপনিৰ ঔষধ দি দিছিল। প্রথম নিশা কাব্যশ্ৰী আৰু প্ৰনয় এক হোৱাৰ পৰা ৰক্ষা পৰিল। কিন্তু কাব্যশ্ৰীয়ে এয়া ভাৱি ৰৈছিল যেন, দ্বিতীয় দিনা তাই কি কৰিব!প্ৰনয়ে তাইক স্পৰ্শ কৰিলে তাই ঘৃণা কৰিছিল। প্ৰনয়ৰ দেহৰ বৰণ কলা আছিল যদিও সি অন্তৰৰ পৰা বহু ভাল ব্যক্তি আছিল। কিন্তু কাব্যশ্ৰীয়ে প্ৰনয়ৰ ভল গুণবোৰক দেখি পোৱা নাছিল। তাই কেৱল ৰংটোক লৈ চিন্তিত হৈ পৰিছিল।
কাব্যশ্ৰীয়ে প্ৰতি নিশা, প্ৰনয়ৰ গাখীৰ গিলাচত টুপনিৰ ঔষধ মিহলাই প্ৰনয়ক খুৱাইছিল আৰু সি শুই পৰিছিল। এদিন নিশা প্ৰনয়ে গাখীৰ গিলাচ নাখালে, আৰু তাৰ টুপনি নাহিলত সি দেখা পালে, বিচানৰ এটা কোণত কাব্যশ্ৰী শুই আছে। সি লাহে কৰি গৈ, কাব্যশ্ৰীক সাৱটি ধৰিলেগৈ।
কাব্যশ্ৰীয়ে, নিজকে নিজে, প্ৰনয়ৰ দুবাহুৰ পৰা ওলিয়াই লৈ কলে, এইবোৰ কি হয়!
প্ৰনয়ে কলে, মই তোমাৰ স্বামী হয়। এয়াটো অধিকাৰ আছে মোৰ। সেইনিশা প্ৰনয়ে বহুত চেষ্টা কৰিছিল যে, সি কাব্যশ্ৰীক দুবাহুত লৈ মৰম কৰিব। কিন্তু কাব্যশ্ৰীয়ে কিবা কথাৰ অজুহাত দেখুৱাই কথাটো পাহৰাই দিলে। এতিয়াটো প্ৰতি নিশাই, যেতিয়া প্ৰনয় কাব্যশ্ৰীৰ কাষলৈ যাবলৈ বিচাৰিছিল, তেতিয়াই কাব্যশ্ৰীয়ে খং কৰিছিল আৰু কিবা নহয় কিবা কথাৰ অজুহাত দেখুৱাইছিল। এদিন প্ৰনয়ৰ বহুত খং উঠিল আৰু কলে, কাব্যশ্ৰী আমাৰ বিয়া প্ৰায়ে ১মাহ পাৰ হৈ গল। আৰু যেতিয়াই মই তোমাৰ কাষলৈ যাব বিচাৰো, তুমি তেতিয়াই কিবা নহয় কিবা উজুহাত দেখুৱাই আঁতৰি যোৱা। যদি কিবা কথা আছে মোক কব পাৰা!
কাব্যশ্ৰীয়ে কান্দি কান্দি কলে, প্ৰনয়, আজি নিশা মোক এৰি দিয়া, কাইলৈ পুৱা মই সকলো কম। ( Assamese Storyboard )
প্ৰনয়ে কলে, ঠিক আছে। এয়া কৈয়ে প্ৰনয়ে খংতে বিচনাত বাগৰ দিলে। আৰু সেইদিনা গোটেই নিশা প্ৰনয়ৰ টুপনি নাহিল। কেৱল সি ইয়াকে ভাৱি ৰল যে, কাব্যশ্ৰীৰ অন্তৰত কি আছে! গোটেই নিশা টুপনি নহা বাবে পুৱা প্ৰনয়ৰ টুপনি ধৰিল। আৰু যেতিয়া টুপনিৰ পৰা উঠিল তেতিয়া কাব্যশ্ৰী কোঠাত নাছিল। কাব্যশ্ৰীক কোঠাত দেখা নাপায়, প্ৰনয়ে বৰ ভয় খালে, আৰু ঘৰতে কাব্যশ্ৰীক বিচাৰিবলৈ ধৰিলে। আৰু প্ৰনয়ে মাককো কাব্যশ্ৰীৰ কথা সুধিলে, কিন্তু মাকেও কাব্যশ্ৰীৰ কথা নাজানিছিল। তাৰপিছত প্ৰনয়ে দৌৰ মাৰি নিজৰ কোঠালৈ গল, তেতিয়া তাৰ চকু টেবুলত থকা এখন চিঠিৰ ওপৰত পৰিল। প্ৰনয়ে লৰালৰিকৈ চিঠিখন হাতত ললে আৰু পঢ়িবলৈ ধৰিলে, চিঠিখনত লিখা আছিল,
প্ৰনয়, মই আপোনাক স্বামী ৰূপে গ্রহণ কৰিব পৰা নাই। প্ৰনয়ে উত্তৰ পালে, কিন্তু তাৰ কাৰণ বিচাৰি পোৱা নাছিল। সেই চিঠিতে লিখা নাছিল যে, কাব্যশ্ৰীয়ে কিয় প্ৰনয়ক স্বামী ৰূপে গ্রহণ কৰিব পৰা নাছিল। চিঠিখন পঢ়া পাছতে, লৰালৰিকৈ প্ৰনয়ে কাব্যশ্ৰীলৈ ফোন লগালে। প্ৰনয়ে বহু বাৰ কাব্যশ্ৰীলৈ ফোন কৰিলে, কিন্তু কাব্যশ্ৰীৰ ফালৰ পৰা কোনো উত্তৰ নাহিল। বহু বাৰ ফোন কৰাৰ পাছত যেতিয়া কাব্যশ্ৰীয়ে ফোনটো ৰিচিভ নকৰিলে, তেতিয়া প্ৰনয়ে অলপ বেছিকে ভয় খায়, কাব্যশ্ৰীৰ মাকৰ ঘৰলৈ গল।
তালৈ গৈ পোৱাৰ পাছত প্ৰনয়ে গম পালে যে, কাব্যশ্ৰী নিজৰ মাকৰ ঘৰলৈ যোৱাই নাছিল! আচৰিত ভাৱে প্ৰনয়ক দেখা পায়, কাব্যশ্ৰীৰ মাকে সুধিলে, কি হল প্ৰনয়, তুমি ইমান উধাতু খায় কিয় আহিছা! আৰু কাব্যশ্ৰী কত!
প্ৰনয়ে কলে, কাব্যশ্ৰী, কাব্যশ্ৰীটো, ইয়ালৈ আহিছে ন! কাব্যশ্ৰীৰ মাকে কলে, কতা ইয়ালৈটো কাব্যশ্ৰী নাই অহা। বহুত কথা চিন্তা কৰাৰ পাছত কাব্যশ্ৰীৰ মাকক কাব্যশ্ৰীয়ে লিখা চিঠিখন আগবঢ়াই দিলে। চিঠিখন পঢ়াৰ পাছতে, কাব্যশ্ৰীৰ মাকে সকলো বুজি উঠিল যে, কিয় কাব্যশ্ৰীয়ে প্ৰনয়ক গ্ৰহণ কৰিব পৰা নাই! কাৰণ তেওঁ জানিছিল, কাব্যশ্ৰী প্ৰনয়ৰ লগত সুখী নহয়। কাৰণ কাব্যশ্ৰীয়ে প্ৰনয়ক পচন্দ কৰা নাছিল। কিছু সময়ৰে পাছত কাব্যশ্ৰীৰ মাকে কাব্যশ্ৰীৰ এজনী বান্ধৱীলৈ ফোন কৰিলে।আৰু তেতিয়া গম পালে যে, কাব্যশ্ৰী তাতে আছে। এই কথা শুনিয়ে, প্ৰনয়ে কাব্যশ্ৰীৰ মাকৰ পৰা সেই বান্ধৱীৰ ঠিকনা ললে আৰু তালৈ বুলি ওলাই আহিল। প্ৰনয়ৰ লগত কাব্যশ্ৰীৰ মাকো গল। বান্ধৱীৰ ঘৰ গৈ পোৱাৰ পাছত, কাব্যশ্ৰীয়ে প্ৰনয়ৰ লগত আহিবলৈ অমান্তি হল।
প্ৰনয়ে কাৰণ সুধাত, কাব্যশ্ৰীয়ে কলে, যোৱা প্ৰথমে নিজৰ মুখ খন দাপোনত চাই লোৱাগৈ। তুমি মোৰ য্যোগই নহয়, কিন্তু তোমাৰ টকা পইচাৰ বাবে, মোৰ বিবাহ মোৰ মা দেউতাই তোমাৰ লগত দিলে।
এই সকলোবোৰ শুনি, প্ৰনয়ে উত্তৰ দিলে, ইমানতে ক্ষান্ত হোৱা কাব্যশ্ৰী, ইয়াৰ আগলৈ আৰু এটা শব্দ নকবা! মই যেনেকুৱা হয়, তেনেদৰে ঠিক আছো। তুমি যদি মোক গ্ৰহণ কৰিব নোঁৱাৰা, নালাগে গ্ৰহণ কৰিবলৈ। কিন্তু তুমি মোক ভাল বেয়া কবলৈ তোমাৰ কোনো অধিকাৰ নাই। এয়া কৈয়ে, প্ৰনয় তাৰ পৰা গুচি আহিল। কাব্যশ্ৰীৰ মাকে, কাব্যশ্ৰীক বহুত বুজালে যে, মাজনী, প্ৰনয়ৰ ৰংটো কলা হলে কি হব, কিন্তু তাৰ অন্তৰখন বহুত ভাল। তুমি ইমান ভাল লৰা কেতিয়াও নোপোৱা। তই মান্তি হ আৰু প্ৰনয়ৰ ওচৰত ক্ষমা বিচাৰি তাৰ ঘৰলৈ গুচি যা। কাব্যশ্ৰীৰ মাকে, তাইক বান্ধৱীৰ ঘৰতে, সকলোবোৰ কথা বুজালে। কাব্যশ্ৰীৰ বান্ধৱীও তাইক বহুত বুজালে, কিন্তু কাব্যশ্ৰী মান্তি নহল। কাব্যশ্ৰীৰ দৰে ছোৱালীৰ সচাঁ কথাটো গম পাই, প্ৰনয়ে তাইৰ লগত আৰু জীৱনটো অতিবাহিত কৰিব নিবিচাৰিলে। সেইকাৰণে কিছু দিনৰ পাছত সি কাব্যশ্ৰীৰ ওচৰলৈ ডিভোর্সৰ কাগজ পথিয়াই দিলে। কাব্যশ্ৰীয়ে একো নভৱা নিচিন্তাকে, ডিভোর্স কাগজত চহী কৰি দিলে। কাব্যশ্ৰী আৰু প্ৰনয়ৰ ডিভোর্স হৈ গল আৰু দুয়ো বেলেগ হৈ গল।
কাব্যশ্ৰী আৰু প্ৰনয়ৰ ডিভোর্স হোৱাৰ পাছত কাব্যশ্ৰীৰ ঘৰলৈ এখন বিবাহৰ নিমন্ত্রণ পত্র আহিল। সেইখন বিবাহৰ নিমন্ত্রণ পত্র কাব্যশ্ৰীৰ আটাইতকৈ ভাল বান্ধৱী নিয়তিয়ে, নিজৰ বিবাহৰ নিমন্ত্রণ পত্র কাব্যশ্ৰীৰ ঘৰলৈ পথিয়াইছিল। কাব্যশ্ৰীয়ে, যেতিয়া বিবাহৰ নিমন্ত্রণ পত্র খনত দৰাৰ নামটো দেখা পালে, তেতিয়া কাব্যশ্ৰীৰ চকু কপাঁলত উঠিল। সেই লৰাজন আন কোনো নাছিল, প্ৰনয় আছিল। কাব্যশ্ৰীয়ে তেতিয়া নিজৰ বান্ধৱী নিয়তিলৈ ফোন কৰিলে আৰু কলে যে, এয়া তই কি কৰিছ!
নিয়তিয়ে কলে, মই কি কৰিছো, মইটো একো কৰা নাই। মই বিয়াহে কৰাইছো।
কাব্যশ্ৰীয়ে খংতে নিয়তিক কলে, অ মই জানিছো, তই বিয়া কৰাইছ বুলি, কিন্তু তই বিয়া, মোৰ স্বামীৰ লগত কিয় বহিছ! তই আৰু বেলেগ লৰা নাপালিনি!
নিয়তিয়ে কলে, কাব্যশ্ৰী তই জ্বলিছ কিয়! আৰু কাব্যশ্ৰী তই পাহৰিছ নিশ্চয়, প্রণয় তোৰ স্বামী আছিল, কিন্তু এতিয়া নহয়, তহঁত দুটাৰ ডিভোর্স হৈ গল। এতিয়া প্ৰনয় মোৰ স্বামী হবলৈ ওলাইছে।
কাব্যশ্ৰীয়ে কলে, নিয়তি, তই প্ৰনয়ৰ লগত বিবাহত বহিব নোঁৱাৰ!
নিয়তিয়ে কলে, কি কথা কাব্যশ্ৰী, আজি প্ৰনয়ৰ নাম তোৰ মুখত বহু সন্মানেৰে ওলাইছে। কালিলৈকেটো তই প্ৰনয়ক ঘৃণা কৰিছিলি। চা, কাব্যশ্ৰী তই ছোৱালী নহয়,তই এজনী অপদার্থ হয়। তই মানুহৰ ভাৱনাক লৈ খেলা কৰি ভালপাৱ। তই মানুহক ভালনাপাৱ। তেওঁলোকৰ সৌন্দর্যক আৰু তেওঁলোকৰ ধন সম্পত্তিক ভালপাৱ। প্ৰনয়ৰ ৰংটো কলা হলেও, কিন্তু প্ৰনয়ৰ দৰে, স্বামী সকলো ছোৱালীয়ে কামনা কৰে। যিয়ে, নিজৰ পত্নীৰ ভাৱনাক সন্মান কৰে। নিয়তিয়ে কাব্যশ্ৰীক কলে,অ হব ঠিক আছে, এতিয়া মোৰ তোৰ লগত কাজিয়া কৰিবলৈ সময় নাই। এতিয়া মই ৰাখিছো বুলি, ফোনটো কাটি দিলে। আৰু আনফালে বলীয়াৰ দৰে কাব্যশ্ৰীয়ে, প্ৰনয়লৈ ফোন কৰিলে, কিন্তু প্ৰনয়ে ফোন ৰিচিভ নকৰিলে। কিছু দিনৰ পাছত প্ৰনয় আৰু নিয়তিৰ বিয়া হৈ গল। আৰু আজি প্ৰনয় আৰু নিয়তি নিজৰ জীৱনত বহু সুখী। আৰু ইফালে কাব্যশ্ৰীৰো কুছু দিনৰ পিছত ধুনীয়া লৰা এটাৰ লগত পুনৰ বিবাহ হৈছিল যদিও লাটো খোব মদাহী হোৱাৰ বাবে এক দুৰ্দঘটনাত তাৰ মৃত্যু হয়।আৰু অহংকাৰী কাব্যশ্ৰীয়ে ওৰে জীৱনটো বিধৱা হৈ অতিবাহিত কৰিব লগা হয়।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment