কইনা ঘৰৰ ৰভাতলিত প্ৰেতাত্মাৰ প্ৰবেশ : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 3, 2021

কইনা ঘৰৰ ৰভাতলিত প্ৰেতাত্মাৰ প্ৰবেশ : Assamese Storyboard

Assamese Storyboard

দিপুৰ মোমায়েকৰ জীয়েকৰ বিয়া আছিল। বিয়া গাওঁৰ ঘৰত আছিল। বিয়াৰ আগদিনাৰে পৰাই বিয়াৰ নিয়ম নীতি আৰম্ভ হল। দিপুৰ মোমায়েকৰ লৰাৰ বন্ধুও আহিছিল( Assamese Storyboard )। দিপুৰ মোমায়েকৰ ঘৰৰ কাষৰ এঘৰত খোৱা বোৱাৰ আয়োজন কৰা হৈছিল। দিপুৰ মোমায়েকৰ লৰা মিন্টুৱে তাক পইচা দিলে আৰু মিন্টুৰ লগৰ এজনৰ লগত দিপুক মাংস আনিবলৈ কলে। দিপুৰ মোমায়েকৰ ঘৰত মাংস খোৱাটো মনা আছিল বাবে, এই কামটো মিন্টু দিপুহঁতে মনে মনে কৰিবলগীয়া হৈছিল।


দিপু আৰু মিন্টুৰ লগৰ দ্বীপৰ লগত বাইক লৈ গৈ মাংস আনিবলৈ গল। বাটতো একেবাৰে নিজান চেচা হৈ আছিল। বাইকৰ লাইটৰ পোহৰৰ বাহিৰে আন কোনো পোহৰ নাছিল। দিপুহঁতে মাংস লৈ উভতি আঁহোতে ঘৰ পোৱাৰ এক কিলোমিটিৰ আগতে দিপুহঁতৰ বাইকখন বন্ধ হৈ পৰিল। দিপুহঁতে বহু চেষ্টা কৰাৰ পাছটো বাইকখন  নচলিল। তেতিয়া দিপুহঁতে বাইকখন ঠেলি ঠেলি আহিবলৈ ধৰিলে। এনেকৈ কিছু দূৰ অহাৰ পাছত দিপুহঁতে এজন বুঢ়া মানুহ দেখা পালে। আৰু সেই বুঢ়াজন দিপুহঁতৰ ওচৰলৈ আহি কলে যে, অলপমান মাংস দিয়া! দিপুহঁতৰ বাইক ঠেলি আহিবলগীয়া হোৱাতে খং উঠি আছিল, আৰু সেই বুঢ়াজনৰ কথা শুনি দিপুহঁতৰ খংটো আৰু বাঢ়ি গল।

তেতিয়া মিন্টুৰ লগৰ দ্বীপে কলে, তোৰ বাপেৰে মাংস কেতিয়াবা খাইছিলে নে! যা, ইয়াৰপৰা। বুঢ়াজনে পুনৰ মাংস বিচাৰিলে, কিন্তু দিপুহঁতে খং কৰি পথিয়াই দিলে। ঘৰ গৈ পায়ে, দিপুৱে মিন্টুৰ হাতত মাংস দিলে আৰু বিয়াৰ নাচ গান কৰি থকা ৰূমলৈ দিপু গলগৈ। দিপু বিয়াৰ নাচ গান কৰি থকা ৰূমলৈ গৈ দেখা পালে যে, তাত নাচ গান বন্ধ কৰি সকলোৱে কইনাজনীক আৱৰি ধৰি ৰাখিছিল। কইনাজনীয়ে আচৰিত ধৰণৰ ব্যৱহাৰ কৰিছিল আৰু কৈছিল যে, মোক মাংস লাগে, মই মাংস খাম।যিজনী কইনা জীৱনত মাংস মুখতে দিয়া নাছিল। তেতিয়া সকলোৱে বুজি পালে যে, এয়া কিবা বাহিৰা বতাহৰ কথা! দিপুৰ মোমায়েকে কইনাজনীক জোৰেৰে দুখন গালত চৰিয়ালে। তেতিয়া কইনাজনী ভাল হৈ গল। কিন্তু তাৰেপাছত মামীয়েকে আচৰিত ধৰণৰ ব্যৱহাৰ আৰম্ভ কৰি দিলে। এনেদৰে এজনৰ পাছত আনজনে আচৰিত ধৰণৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে। বাহিৰা বতাহে এজনক এৰি আনজৰ দেহলৈ প্ৰৱেশ কৰিছিল।যিজনৰ দেহতে বাহিৰা বতাহে প্ৰৱেশ কৰিছিল সেইজনকে সকলোৱে বুজাবলৈ ধৰিলে যে, এইখন ঘৰৰ লোকে মাংস হাতেৰেও নুচুৱে।( Assamese Storyboard )


কিন্তু যাকে ঘৰৰ লোকে বুজাইছিল তেওঁ কলে যে, এই ঘৰৰ কিছু লোকে মাংস আনিছে, আৰু মই মাংস অলপ বিচৰাত মোক নিদিলে। এইবোৰ শুনি দিপুৱে কিছু বুজিলে। আৰু দৌৰ মাৰি গৈ মিন্টুৰ কাষলৈ গৈ ঘৰখনত হৈ থকা আৰু দিপুহঁতে মাংস লৈ আহোঁতে বাটত ঘটা ঘটনাৰ কথা বিৱৰি কলে। তেতিয়া মিন্টুয়ে, দিপুৰ কথা শুনি, এটুকুৰা মাংস ললে আৰু বিয়াৰ নাচ গান চলি থকা কোঠালৈ আগুৱাই গল। সেই সময়ত পুনৰ সেই বাহিৰা বতাহ কইনাজনীৰ গাত আছিল। মিন্টুৱে তালৈ গৈ মাংস এটুকুৰা কইনাজনীৰ মুখত দি দিলে। তেতিয়া গৈ কইনাজনী শান্ত হল। কিছু সময়ৰ পাছত সকলো সামান্য হল। আৰু সকলোৱে নিজৰ নিজৰ কামত ধৰিলে। কিন্তু দিপুৰ মোমায়েক অলপ খংত আছিল। কাৰণ তেওঁ খং মিন্টুৰ ওপৰত আছিল।


Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages