প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ১৩ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 15, 2021

প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ১৩ ) : Assamese Storyboard

Assamese Storyboard

 ৰাতিপুৱা হোৱাৰ পিছত প্ৰণৱে ৰিমাৰ মৃতদেহটোক সুন্দৰ পাটৰ সাজ পিন্ধাই শিৰত ৰক্ত বুলিয়া সেন্দুৰ দিলে। ৰিমাৰ শৱদেহটোক এজনী নৱবিবাহিতা কইনা যেনেই লাগিছে ( Assamese Storyboard )। প্ৰণৱে ৰিমাক সাৱটি পাৰ্য্যমানে কান্দিলে। ৰিমাৰ নিথৰ মুখখন চাই সি ক'বলৈ ধৰিলে-


: ৰিমা তুমি মোৰ জীৱনৰ আটাইতকৈ বিশেষ ব্যক্তি আছিলা। মই তোমাক সদায় ভাল পাই থাকিম। ঐ ৰিমা অহাজন্মটো আমি এনেকৈয়ে থাকিম দে। মাথোঁ তুমি ল'ৰা হ'বা আৰু মই ছোৱালী। তোমাৰ দৰে মই অভিমান কৰিম আৰু তুমি মোক বুজাবা।


কথাখিনি কৈ প্ৰণৱে ৰিমাৰ কপালত এটি স্বৰ্গীয় চুমা যাচিলে। ওলাই আহি চিঞৰি চিঞৰি ক'ব ল'লে-


: আহ অʼ তহত চাল্লা নৰপিশাচ মোৰ ৰিমাক লৈ গ'লি। কি পাপ কৰিছিল হা তাই। মোক ভাল পাইছিল সেইটো ভুল হ'ল নেকি তাইৰ। থু... নালাগে তহতৰ এই সমাজ। তহতেই ইয়াত ৰজা হৈ থাক।


পেহীয়েকে ক'লে-


: প্ৰণৱ যা সোনকালে আইজনীৰ দেহটো সৎকাৰ কৰগৈ।

: উম পেহী


কিন্তু সৎকাৰৰ বাবে এজনো মানুহ ওলাই নাহিল। সকলোৱে দুৱাৰ খিৰিকী জপাই ভিতৰত সোমাই আছে। কাৰণ ৰিমাৰ মৃতদেহ দেখিলে সিহতক পাপে চুব। এই হৈছে সামাজিক নিয়ম।( Assamese Storyboard )

   একো উপায় নেদেখি প্ৰণৱে ৰিমাৰ শৱদেহটো কোলাত তুলি ল'লে আৰু তেনেকৈয়ে কোলাত লৈ প্ৰণৱে শৱদেহ জ্বলাব বুলি নৈৰ পাৰ পালেগৈ। তাতেই প্ৰণৱে কাঠ যোগাৰ কৰি থাকোতেই গাঁওৰ গাওবুঢ়া সহ সমাজৰ গন্য মন্য ব্যক্তি সকল আহি নৈৰ পাৰ পালে। গাওবুঢ়াই ক'লে-


: প্ৰণৱ তই আগতে আমাৰ সন্তানৰ নিচিনা আছিলি কিন্তু যেতিয়াৰে পৰা তই বেলেগ ধৰ্মৰ ছোৱালী বিয়া পাতিছ তেতিয়াৰ পৰা আমি তোক এলাগী কৰিছোঁ। আজি তোৰ পত্নীৰ মৃত্যু হৈছে, গতিকে এজনী মুছলমান ছোৱালীক তই হিন্দু প্ৰথা মতে জ্বলাব নোৱাৰিবি। আমি তোক জ্বলাব নিদিও।

: গাওবুঢ়া কাইটি এয়া আপুনি কি কৈছে? এও মোৰ পত্নী এওক এতিয়া মই নজ্বলাই কি কৰিম?

: যা মুছলমান ছোৱালী কবৰ দিবি। কিন্তু হিন্দু প্ৰথা মতে সৎকাৰ কৰিব নিদিও।


পুণৰ বেজাৰেৰে ভৰা প্ৰণৱে ৰিমাৰ শৱদেহটো কোলাত তুলি মুছলমান ধৰ্মৰ মতে কবৰ দিব গ'ল। কিন্তু তাতো প্ৰায় একেই। প্ৰণৱক ক'লে-


: ঐ ল'ৰা এইজনী মুছলমান ছোৱালী হয় মানি ললো কিন্তু তাই হিন্দু ল'ৰাৰ লগত বিয়া হৈছে। গতিকে আমি এইক আমাৰ প্ৰথা মতে কবৰ দিব নোৱাৰোঁ।


প্ৰণৱে কি কৰিব ভাবি পোৱা নাছিল। হিন্দু ধৰ্মৰ মানুহে সৎকাৰ কৰিব নিদিয়ে আৰু মুছলমান ধৰ্মৰ লোকে কবৰ দিব নিদিয়ে। প্ৰেম কৰি ইমান ডাঙৰ পাপ কৰিছিল নে সিহতে।


আগলৈ................................................

(কি কৰিব প্ৰণৱে ৰিমাৰ শৱদেহটো। পঢ়ি থাকিব "আমাক জীয়াই থাকিবলৈ দে")

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages