এটা অভিশাপ ভৰা জীৱনৰ বহু গোপন অধ্যায় ( খণ্ড ১২ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 23, 2021

এটা অভিশাপ ভৰা জীৱনৰ বহু গোপন অধ্যায় ( খণ্ড ১২ ) : Assamese Storyboard

Assamese Storyboard

 

*এবুকু বেদনাসিক্ত অনুভূতি*


মায়াময় পৃথিৱীত

 মূল্যহীন প্ৰাণী মই ..

মৰম আকলুৱা মৰমৰ তৃষ্ণাৰে 

ককবকাইছিলো মাথো

সঁচা মৰমৰ আপাহত ....,

বিচাৰি ফুৰিছিলো ,

কোনোবা আপোন...

যিয়ে শুনিব ,

মোৰ নিস্তব্ধতাৰ উচুপনিবোৰ...!



কিন্তু

মূৰ্খ আছিলো মই ....

মূৰ্খ..!!

বা 

আছিলো পুতলা নাচৰ পুতলা,

যাৰ আঁত ধৰিছিল 

মিছা মৰমৰ এনাজৰীৰ মেৰপাকে....!


মৰুভূমিত যেন মৰীচিকাৰ চিকাৰ 

হলো মই....

মোৰ আবেগ অনুভূতিৰ

কৰিলে হত্যা...

জ্বলি গলি গ'ল অনুভূতিৰ মমবাতি,

নুমাল আশাৰ শিখা,

কপটতা আৰু কূটিলতাৰ মায়াজালত!


সৰি পৰিল মোৰ আশাৰ দলিচা

মৰহি গ'ল মোৰ হেঁপাহৰ ফুল...!


নিয়তিৰ যে কি 

নিষ্ঠুৰ পৰিহাস....!


অন্তৰ্দ্বন্দ্বত এতিয়া দিন কটাইছো মই,

কি সঁচা কি মিছা নাজানো মই...

কিন্তু ৰহস্যময়ী মায়াৰ এক

নিষ্পেষিত কলংক যেন মই ....!


শেষ হৈ গ'ল মোৰ অস্তিত্ব,

অদৃশ্যমান মোৰ মান অভিমানৰ পাকচক্ৰ....!


থৰকাছুটি হেৰুৱাই

কম্পিত মোৰ উশাহ নিশাহ.....



হেৰাই গল সকলো

স্বাৰ্থপৰতাৰ ছদ্মবেশত ভোল গৈ

নিজকে হেৰুৱালো মই....


আপোনবোৰৰ আপোনত্ব নাইকিয়া হ'ল...

হৈ পৰিলোঁ মই 

এক পাষাণ খেলৰ পুতলা....!!


বিভিষীকা হৈ পৰিল 

মোৰ বিশ্বাস মোৰ ভালপোৱা...

আবেগৰ বিনিময়ত যে পালো মাথো যন্ত্ৰণা.....

আঘাত আৰু প্ৰতাৰণা !


কলিজাই চিৎকাৰ কৰিছে মোৰ,

মোৰ সিৰা উপসিৰাত বিয়পি পৰিছে

 নিৰ্দয়তাৰ নিৰ্মম কালবিহ...



বিকল হৈ পৰিছে

মোৰ মন মস্তিষ্ক...

নাই যে মোৰ 

নিজকে চম্ভালাৰ আৰু ধৈৰ্য...!


দূৰণিত কোনোবাৰ অট্টহাস্য...

কাণত পৰিছে মোৰ,


উফ....

আহ....


নোৱাৰো সহিব আৰু মই

 এই বেদনা...!

কালসৰ্পৰ দংশনত 

মই যে হৈ পৰিলোঁ

শৰবিদ্ধ ধৰাশায়ী ...!


চক্ৰবেহুৰ অভিমন্যুও জানিছিল,

প্ৰতাৰণা আৰু ছল ছাতুৰীৰ দুস্কাৰ্য....


কিন্তু মোৰ চকুত আঁৰি দিছিল তেওঁ,

 

এখন মিঠা আৱৰণ....

যি শুহি নিছিল মোৰ মগজুৰ চেতন!


মকৰাজালত বন্দী আজি 

মোৰ মন,

হেৰুৱাই পেলালো

 বিশ্বাসৰ সকলো ৰং...!


দিশহাৰা জীৱনত 

যাৰ আশ্ৰয়ত 

পাইছিলো নিৰাপত্তা,

তেঁৱেই কৰিলে আজি 

মোক নিথৰুৱা...!

কিমান যে দুৰ্ভগীয়া মই !



পৃথিৱীৰ আপোন হৈ 

বিচাৰিছিলো 

এক অভিলাষা....!

কিন্তু অচিনাকি 

আপোনৰ মোহজালত পৰি....,

নিজকে হে যে

 কৰি পেলালো পৰ...

শেষ হ'ল সকলো আকাংক্ষা..!!


সময়ে শিকালে ,বুজালে,

মনৰ বেদনা যে কিমান

 কঠোৰ আৰু দুখদায়ী ..!


বিষাদৰ হাতুৰীয়ে

চূৰ্ণ বিচূৰ্ণ কৰি দিলে ..

সকলো ৰঙীণ অনুভূতি....


ৰʼদৰ উমাল অনুভুতিও

নিস্তেজ আজি মোৰ বাবে

জোনবাইৰ কোমল পোহৰো দগমগাই উঠা অগনিহে যেন...!


সাঁথৰ হৈ ৰৈ গলো মাথোঁ,

এটি উত্তৰৰ অপেক্ষাত...


নাজানো পাম নে নাই

 ইয়াৰ সমিধান....



মনৰ দোমোজাত

আজি

তেনেই যে 

অকলশৰীয়া মই !!

অনুভূতিৰ সমাধিত 

উপেক্ষিত ,

দলিত...

এক অৱয়ম 

মাথোঁ মই ...!!!!!!!!!!!


বিষাদগ্ৰস্ততাৰ বলি মানৱে নিজৰ অনুভৱৰ টোকাৱহী অংকণ কৰি যায় বুকুৰ বেদনাৰে । সিদিনা বায়েকহঁতৰ ঘৰৰ পৰা আহি সি নিজৰ ৰুমত সোমাই কান্দিছিল ( Assamese Storyboard ).....তাৰ মনৰ হেপাহবোৰ যেন ছিন্ন বিছিন্ন হৈ পৰি ৰৈছিল এদʼম সৰাপাত হৈ । কিয় বাৰু সি প্ৰিয়মক আপোন বুলি ভাবিবলৈ লৈছিল । সি টো জনা নাছিল প্ৰিয়মৰ জীৱনত কোনোবা বিশেষ আছিল বুলি ।কিয় বাৰু দুদিনৰ চিনাকিতে ইমান ওচৰ চাপিব খুজিছিল সি......ভুলটো তাৰেই আছিল কিজানি ।প্ৰিয়মে কেতিয়াও তাক বিশেষ দৃষ্টিৰে চোৱা নাছিল বোধহয় ....মাথো এজন মৰমলগা ভাইটি বুলিহে সঁহাৰি জনাইছিল চাগে !! মাইনা বুলি মৰমত মাতা,খবৰ লোৱা, লগ কৰিবলৈ অহা ,ফুৰাবলৈ নিয়া .....এইবোৰ মাত্ৰ দাদা ভাইটিৰ মাজৰ অনুভৱ হে আছিল ।তাত সি ভবাৰ দৰে হয়তো প্ৰেমৰ বা ভালপোৱাৰ কোনো অনুভূতি নাছিল !! নাছিল কোনো মাদকতা বা অনুৰাগ !!


সি বুজিলে এইখন পৃথিৱীত সি অকলশৰীয়া । কোনোবা যদি তাৰ কাষলৈ আহেও সেয়া মাথো দুদিনৰ বাবেহে ।সি যেন বিচাৰি ফুৰিছে তপত মৰুভূমিত এমুঠি সুগন্ধ ....!! মৰীচিকাৰ পম খেদি ফুৰা সি যেন এজন ক্লান্ত পথিক   ....!!


*********************************************



ক্লাছৰুমটোত তেতিয়ালৈ শিক্ষক আহি পোৱা নাছিল । সকলোৱে মিলি নানান কথা বতৰাত বিজি। কোনোবাই বা ঘৰৰ কথা পাতিছে, কোনোবাই বজাৰৰ ।কোনোবাই বা নিজৰ প্ৰিয় অভিনেতাৰ কথা পাতিছে, কোনোবাই প্ৰিয় লেখিকাৰ ....কোনোবাই বা ক্লাছৰ কাপলবোৰৰ চিক‌্ৰেট ডিছকাছ কৰিছে , কোনোবাই বা ছাৰ মেডামহঁতৰ এক্সট্ৰা মেৰাইটেল এফেয়াৰৰ কথা....মুঠতে সকলো কথাত মছগুল । কিন্তু এই সকলোবোৰৰ পৰা আঁতৰি মানৱ বহি আছিল কোঠাটোৰ এটি কোণত ....অকলশৰে ...নিজৰ মনৰ জগতত বিচৰণ কৰি ..!!( Assamese Storyboard )


*হাই মানৱ, গুড মৰ্ণিং !

চন্দনাই মাত লগাইছিল ।

*মৰ্ণিং !

_সেমেকা মাতেৰে মানৱে সঁহাৰি জনাইছিল ।

*নোটছ লিখিলা নে?

*নোটছ ? কি নোটছ ?

_মানৱ যেন অলপ আচৰিত হʼল ।

*কিয় ! কালি চাৰে যে ৰোমান্টাক পয়েট্ৰীৰ ওপৰত নোটছ লিখিব দিছিল , পাহৰিলা নেকি ?

*অ ছিট.!!

_ মানৱৰ তেতিয়াহে মনত পৰিল যে শইকীয়া ছাৰে যে আগদিনা ক্লাছত সকলোকে কৈছিল নোটছ লিখিবলৈ ।সি নিজৰ ব্যক্তিগত সমস্যাবোৰৰ কথাত ইমান বেছি মগ্ন হৈ গৈছিল যে কলেজৰ পঢ়া-শুনাৰ বিষয়বোৰো তাৰ মগজুৰ পৰা ভাপ হৈ উৰিব ধৰিছে ! কিয় বাৰু এনেকুৱা হʼবলৈ পালে ? আগতে তো এনেকুৱা হোৱা নাছিল তাৰ লগত ।যিমানেই যি সমস্যা নহঁওক কিয়  , পঢ়া-শুনা আৰু নিজৰ অন্যান্য কামবোৰ তো সি নিয়াৰিকৈ কৰি গৈছিল । কিন্তু এতিয়া ...ইমান বেছি অন্যমনস্ক হʼব ধৰিলে সি ।নাই ...এনেকুৱা হ'বলৈ দিব নোৱাৰে আৰু সি ।তাৰ ব্যক্তিগত সমস্যাবোৰ একাষৰীয়াকৈ ৰাখি সি পঢ়া-শুনাত ভালদৰে আগুৱাই যাবই লাগিব । ইয়াৰ অন্যথা একো হ'ব নোৱাৰে । এক গভীৰ অপৰাধবোধে তাক আমনি কৰিবলৈ ধৰিলে ।


*হে কি হল ? ইমান ছিৰিয়াছ !

চন্দনাই আকৌ মাত লগালে ।

*নাই ...এনেয়ে ।

মানৱে সেমেনা সেমেনিকৈ কয় ।


*গম পাইছোঁ ।তুমি গিল্টি ফিল কৰিছা নোটছ নিলিখা কাৰণে ।হয়নে ?

*উমম ।

*কথা এটা কঁও ।

*কোৱা ।

*নোটছ ময়ো লিখা নাই ।

*কিয় ।

*অকল ময়েই নহয় , ক্লাছৰ কোনেও লিখা নাই ।

*কি কৈ আছা এইবোৰ ?

মানৱ কিছু আচৰিত হ'ল ।

*সঁচা ।

*ধেমালি নকৰিবাচোন ।

*আটছা শুনা , চাৰে একো নোটছ লিখিবলৈ কোৱাই নাছিল কালি ।তুমি ইমান টেনছনত আছিলা কালি যে ক্লাছত চাৰে কি পঢ়োৱালে গমেই নাপালা । তাৰে অকল পঢ়ি আহিব কৈছিল ।লিখিবলৈ নাই দিয়া ।


*কি কোৱা ।

*অ , এইটোৱে সঁচা । মই জাষ্ট তোমাক চালো কি ৰিয়েক্ট কৰা ।তুমি কিন্তু তামাম ছিৰিয়াছ লʼৰা ।ধেমালি অলপো নুবুজা ।বেয়া নাপাবা আকৌ ।


*নাই ...ইটছ অকে ।

*উমম....!!


মানৱে বুজি নাপালে চন্দনাই তাৰ লগত কিয় এনেকৈ ধেমালি কৰিলে । প্ৰথমতে পৰী আৰু এতিয়া চন্দনা ...দুয়োৱে তাক ছিৰিয়াছ লʼৰা,ধেমালি বুজি নোপোৱা লʼৰা বুলি ভাবি লৈছিল ।কিয় বাৰু ? সি বাৰু ছোৱালীৰ লগত সহজ হʼবলৈ অসুবিধা পায় নেকি ? ছোৱালীৰ লগত বন্ধুত্ব কৰিবলৈও সি অপৰাগ নেকি ?নাই ,কিবা এটা খেলিমেলি আছে ।ঘৰৰ তিনিগৰাকী বায়েকৰ লগতেই সি বন্ধুৰ দৰে আচৰণ কৰে । কিন্তু বাহিৰৰ ছোৱালীৰ লগত সি সোনকালে সহজ হ'ব নোৱাৰে ।যোৱাবছৰৰে কথা ।পৰীয়ে ইমান ধুনীয়াকৈ তাৰ লগত বন্ধুত্বপূৰ্ণ সঁহাৰিৰে আগবাঢ়িছিল । কিন্তু সি কি কৰিলে ।প্ৰিয়মৰ কাৰণে পৰীৰ বন্ধুত্বকো হেৰুৱাই পেলালে । সি বাৰু বেছি কঠোৰ হৈ পৰিছে নেকি আনৰ প্ৰতি ? কি হৈছে বাৰু তাৰ আচলতে ?


*গুড মৰ্ণিং ক্লাছ 

কোঠাটোৰ গুণগুণনি মাৰ পেলাই শইকীয়া চাৰ সোমাই আহে ।


__________________________


 

( আগলৈ )


( বি. দ্ৰ. ঃ কিছু বাস্তৱ আৰু কিছু কল্পনাৰ সংমিশ্ৰণ এক ব্যতিক্ৰমী কাহিনী ৰচনাৰ প্ৰয়াস *অভিশপ্ত জীৱন* । আশা কৰোঁ সকলোৱে আদৰি লʼব ।পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব ।লগতে কিবা ভুল ক্ৰূটি দেখিলে আঙুলিয়াই দিয়ে যেন । ধন্যবাদ ।


✍️ অৰূপ )

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত
 - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages