জাহ্নৱী তুমি বহুত ধুনীয়া। তোমাৰ এই সুন্দৰতাত মই এটা কিয়, বহু জীৱন ত্যাগ দিব পাৰিম। ( Assamese Storyboard )
যোৱা, আঁতৰা, তুমি বহুত বেয়া হয়। কিছু দিন লগ কৰিয়ে তেলীয়াব ধৰিলা। মোক তোমাৰ জীৱনটো নহয়, কেৱল মৰম লাগে। তাৰপাছত মৰমতে লাজ কৰি জাহ্নৱীয়ে প্ৰশান্তৰ বুকুত নিজৰ মূৰটো গুজি দিলে।
প্ৰশান্তই, জাহ্নৱীৰ চুলিত নিজৰ আঙুলি ফুৰালে, আৰু তাইৰ গালত মৰম কৰি কলে, জাহ্নৱী, মই সোনকালে তোমাক বিয়া কৰোৱাম। তাৰপাছত নিজৰ ঘৰ হব, নিজৰ লৰা ছোৱালী।
প্ৰশান্ত, তুমি এই বিয়াৰ প্ৰতিজ্ঞা পৰা আঁতৰি নোযোৱাটো!
জাহ্নৱী, তুমি এয়া কেনে কথা কৈছা! কি তুমি মোক বিশ্বাস নকৰা নি! জাহ্নৱী, প্ৰশান্তৰ কথাত আৰু দুবাহুৰ মাজতে এনেদৰে বিলীন হৈ পৰিছিল যে, প্ৰশান্তৰ হাত কেতিয়া তাই শৰীৰৰ ওপৰ পালেগৈ, তাই একো গমকে নাপালে। তাৰ পাছত এয়া ভাৱিলে যে, এতিয়া যেতিয়া প্ৰশান্তৰ লগত তাইৰ বিয়া হবই, সেইবাবে তাই প্ৰশান্তৰ হাতখনক বিৰোধিতা নকৰিলে। দুয়োয়ে বেছিকৈ লগ পাবলৈ ধৰিলে। আৰু প্ৰতিবাৰে লগ কৰিলে একেলগে জীয়াই থকাৰ প্ৰতিজ্ঞা কৰি গৈ থাকিল।
প্ৰশান্তই বিয়াৰ প্ৰতিশ্ৰুতি দি জাহ্নৱীৰ লগত শাৰীৰিক সম্পর্ক গঢ়ি তুলিলে। আৰু তাৰপাছত দুয়ো হোটেলত প্ৰায়ে লগ হবলৈ ধৰিলে, আৰু যৌৱনৰ ভোক আঁতৰাবলৈ ধৰিলে। এনেদৰে যেতিয়া দুয়োয়ে বিচাৰে, যৌৱনৰ আনন্দ উপভোগ কৰে। প্ৰশান্ত ডিব্ৰুগড়ৰ এখন সৰু গাওঁৰ লৰা আছিল। তাৰ পৰিয়ালত মাক দেউতাক আৰু সৰু ভায়েক নিশান্ত আছিল। সৰু পৰিয়ালটিত সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আছিল।প্ৰশান্তৰ দেউতাক পোষ্ট মাষ্টৰ পদৰ পৰা ৰিটাইৰদ হৈ এতিয়া ঘৰতে থাকি খেতি বাতিৰ কাম চাইছিল। সৰু ভায়েক নিশান্তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম,এ, কৰি আছিল। তেজপুৰৰ এখন বিদেশী ফাৰ্মৰ কেচিয়াৰ ৰূপত কৰ্মৰত বাবে, প্ৰশান্তই তেজপুৰতে এটা ঘৰ ভাড়া লৈ আছিল। চাকৰিও ভাল, পৰিয়ালো ভাল আছিল বাবে তাৰ বিয়াও হৈ গৈছিল। পত্নীক সি লগত নাৰাখিছিল। কাৰণ মাকে ঘৰৰ কাম অকলে কৰিব নোঁৱাৰিছিল। প্ৰশান্তই যিখন, ফাৰ্মত কাম কৰিছিল, সেই ফাৰ্মতে জাহ্নৱীয়ে ক্লাৰ্কৰ পদত কাম কৰিবলৈ আহিছিল। জাহ্নৱীক দেখা পায়ে প্ৰশান্ত তাইৰ ওপৰত মোহিত হল আৰু চকু দিবলৈ ধৰিলে। প্ৰশান্তৰ, ব্যক্তিত্ব, পদ, চৰিত্ৰক দেখা পায়, জাহ্নৱীয়ে তাক পচন্দ কৰিবলৈ ধৰিলে। প্ৰশান্তই জাহ্নৱীক কলে যে অবিবাহিত আৰু তাইক বিয়া কৰোৱাব বিচাৰে। এতিয়া প্ৰশান্তই তাইৰ প্ৰতিশ্ৰুতি দিছিল,সেইবাবে তাই সম্পূর্ণ ৰূপে, তাৰ কথাতে নহয় তাৰ সকলোতে বিলীন হৈ পৰিছিল।
লাহে লাহে সময় পাৰ হৈ গল। প্ৰশান্ত, জাহ্নৱীৰ শৰীৰত এনেদৰে বিলীন হৈ পৰিল যে, সেইবাবে ঘৰলৈ কমকে যাবলৈ ধৰিলে। সি ঘৰলৈ পইচা পথিয়াই দিছিল আৰু ফোনত চুটি নোপোৱা বুলি মিছা কয় দিছিল। এদিন পাৰ্কত যেতিয়া দুয়ো লগ কৰিলে, তেতিয়া জাহ্নৱীয়ে প্ৰশান্তক কলে, প্ৰশান্ত, আমি এতিয়া বিয়াত বহিব লাগে। একিয়ালৈকে তুমি মোক তোমাৰ ঘৰৰ লোকসকলৰ লগত লগ কৰোৱা নাই! অতি সোনকালেই তোমাৰ মা দেউতাক লগ কৰাই দিয়া। আৰু তেওঁলোকক বিয়াৰ কথা কোৱা।
প্ৰশান্তই জাহ্নৱীক সাৱটি লৈ কয়, অ জাহ্নৱী, এতিয়াই নো বিয়াৰ বাবে ইমান লৰালৰি কিয়!
নহয় মোৰ বাবে বিয়া সোনকালে কৰোৱাব লাগে। প্ৰশান্ত, এতিয়া মোৰ অকলশৰীয়াকে থাকিব ভাল নালাগে। জাহ্নৱীয়ে কলে।
ঠিক আছে, কাইলৈ আবেলি মোৰ ৰূমলৈ আহিবা। তাতে বিয়াৰ বিষয়ে কথা পাতিম। প্ৰশান্তই জাহ্নৱীৰ দেহত হাত ফুৰাই লৈ কলে।
মই সন্ধ্যা ৮মান বজায় তোমাৰ ৰূমলৈ যাম।
প্ৰশান্তই জাহ্নৱীৰ কপাঁলত চুমা এটা খায়, তাইৰ পৰা বিদায় লৈ গুচি আহিল। প্ৰশান্তই এতিয়ালৈ জাহ্নৱীক বিয়াৰ প্ৰতিশ্ৰুতি দি তাইৰ শৰীৰৰ লগত বহুত খেলা কৰিলে। কিন্তু তাইৰ বিয়াৰ জেদে তাৰ এতিয়া ভয় লাগিবলৈ ধৰিলে। সচাঁ এয়া আছিল যে, এতিয়া সি জাহ্নৱীৰ পৰা আঁতৰিবলৈ বিচাৰিছিল। কাৰণ, প্ৰথমে তাৰ মন জাহ্নৱীৰ দ্বাৰা ভৰি গৈছিল আৰু দ্বিতীয়তে সি জাহ্নৱীক বিয়া কৰোৱাব নোৱাঁৰে।সন্ধ্যা ৮বাজিবৰ হৈছিল। সেইসময়তে প্ৰশান্তৰ দুৱাৰত জাহ্নৱীয়ে মাত দিলে। প্ৰশান্তই বুজিলে যে, জাহ্নৱীয়ে আহিছে বুলি। প্ৰশান্তই দুৱাৰখন খুলিলে আৰু তাইক শুৱা কোঠালৈ লৈ গল।( Assamese Storyboard )
এতিয়া কোৱা, জাহ্নৱী, তোমাৰ বিয়াৰ ইমান কিয় লৰালৰি হৈছে! এতিয়া আৰু কিছুদিন আনন্দ উপভোগ কৰিলওঁ, তাৰপাছত বিয়াত বহিম। সেই সময়তে বাহিৰৰ দুৱাৰত মাত দিলত দুয়ো চক খায় উঠিল। প্ৰশান্তই জাহ্নৱীক ৰূমতে থৈ দুৱাৰ খুলিবলৈ ওলাই আহিল। জাহ্নৱীয়ে অলপ ভয় খায় বিচনাতে বহি ৰল। কিছু সময়ৰ পাছতে ৩জন ব্যক্তিয়ে, প্ৰশান্তক গতিয়াই, ৰূমলৈ সোমাই আহিল।
অৰে, তই দেখুন কৈছিলি, তই ইয়াত অকলে থাক বুলি! এইজনী কি তোৰ ঘৈণী, নে ভন্টি! তাৰমাজৰে এজন ওখ পাখ ব্যক্তিয়ে কলে।
ঐ চা, মুখ চম্ভালি কথা কবি! প্ৰশান্তই কলে। তেতিয়া তিনিওৱে লগ হৈ প্ৰশান্তক এখন চকীত বহুৱাই বান্ধি দিলে। তাৰপাছত তিনিওৱে জাহ্নৱীক বিচনালৈ গতিয়াই দিলে। জাহ্নৱীয়ে চিঞঁৰ বাখৰ কৰিলে। তাহাঁতৰ আগত হাতজোৰ কৰিলে। কিন্তু তাহাঁতি এষাৰো নুশুনিলে। আৰু তিনিওৱে ভাগে ভাগে তাইক, ধৰ্ষণ কৰিলে। আনফালে চকীৰে বান্ধ খায় থকা প্ৰশান্ত ইচইচাই থাকিল। যেতিয়া জাহ্নৱীয়ে চকু খুলিলে, তেতিয়ালৈ তাই সকলোবোৰ হেৰুৱাই পেলাইছিল। তাইৰ শৰীৰৰ অংগ অংগ বিষাবলৈ ধৰিলে। তাই কান্দিবলৈ ধৰিলে। প্ৰশান্তই তাইক সাহস দি, তাইৰ চকুপানী মুহাৰি লৈ কলে, জাহ্নৱী, এয়া এটা দূৰ্ঘটনা বুলি পাহৰি যোৱা। আমি সোনকালেই বিয়াত বহিম। যাৰ দ্বাৰা এই কলংক আঁতৰি যাব। তাৰপাছত জাহ্নৱী উঠিলে, আৰু নিজৰ ঘৰলৈ গুচি আহিল। তাই, এসপ্তাহৰ চুটি লৈ নিজৰ ৰূমতে সোমাই থাকিল। আৰু ভৱিষ্যতৰ কথা ভাৱি চিন্তিত হৈ পৰিল। কিন্তু প্ৰশান্তৰ দ্বাৰা বিয়াৰ প্ৰতিশ্ৰুতিয়ে তাইক কিছু সাহস দিছিল। জাহ্নৱীয়ে এসপ্তাহৰ পাছত প্ৰশান্তক লগ ধৰিলে।
তেতিয়া তাই কলে, এতিয়া সোনকালেই সি তাইক বিয়া কৰোৱাই যেন! কাৰণ তাই বহুত চিন্তাত ভুগিছে আৰু তাই প্ৰশান্তৰ সন্তানৰ মাক হবলৈ ওলাইছে।
কি কলা তুমি, তুমি মোৰ সন্তানৰ মাক হবলৈ ওলাইছা!
অ
জাহ্নৱী, তুমি ঠিকেটো আছা। এতিয়াটো তুমি মোৰ ওপৰত লাঞ্চনা লগাইছা। ঠিক নাই এয়া মোৰ সন্তানে নে, আন কাৰোবাৰ! প্ৰশান্তই কথাষাৰ বেলেগ ফালে লৈ কলে।
নহয় নহয়, প্ৰশান্ত। এনে নকবা। এয়া তোমাৰে সন্তান। দুৰ্ঘটনাৰ দিনা, মই তোমাক এয়াকে কবলৈ আহিছিলো। জাহ্নৱীয়ে কলে। কিন্তু প্ৰশান্তই তাইক গতিয়াই ওলিয়াই দিলে। দুখিত জাহ্নৱী, জীৱনৰ বোজা দ্বাৰা চিন্তিত হৈ পৰিল। যেতিয়া সকলোৱে জানিব, তাই বিয়া নকৰোৱাকৈয়ে মাক হবলৈ ওলাইছে, তেতিয়া তাইক সকলোৱে জীৱিত থাকিব নিদিব। এতিয়া তাই নিজৰ জীৱনটো শেষ কৰি দিব। কিন্তু আচৰিত ভাৱে প্ৰশান্তৰ মুখ খন তাইৰ সন্মুখলৈ আহিল। মিছলীয়াই শেষত নিজৰ সচাঁ ৰূপটো দেখুৱাই দিলে। এদিন জাহ্নৱী যেতিয়া বজাৰলৈ গৈছিল, তেতিয়া দেখা পালে, প্ৰশান্তই কাৰোবাৰ লগত কথা পাতি আছে। সেই ব্যক্তিৰ কথাবোৰ কিছু চিনাকি যেন লাগিল। জাহ্নৱীয়ে লুকাই লৈ ওচৰলৈ গৈ চালেগৈ, প্ৰশান্তই যাৰ লগত হাঁহি মাৰি কথা পাতি আছিল, সেয়া সেইকেইজন ব্যক্তিয়ে আছিল, যিয়ে সেই নিশা, জাহ্নৱীক ধৰ্ষণ কৰিছিল। এতিয়া জাহ্নৱী য়ে প্ৰশান্তৰ খেলাক বুজি উঠিছিল। তাই তেতিয়া নিজকে প্ৰতিজ্ঞা কৰিলে যে, তাই এতিয়া নিজৰ জীৱন শেষ নকৰে। এতিয়া তাই প্ৰশান্তৰ দৰে নৰপিশাচৰ প্ৰতিশোধ লব। প্ৰশান্তৰ পৰা প্ৰতিশোধ লোৱাৰ প্ৰতিজ্ঞা কৰি, জাহ্নৱীয়ে প্ৰথমে প্ৰশান্তৰ পৰিয়ালৰ বিষয়ে ওলিয়ালে। যেতিয়া তাই গম পালে, প্ৰশান্ত বিবাহিত বুলি, তেতিয়া তাই আৰু জ্বলি উঠিল। তাই খবৰ ওলিয়ালে যে প্ৰশান্তৰ সৰু ভায়েক নিশান্ত গুৱাহাটীত পঢ়ি আছে। তেতিয়া তাই জাহ্নৱীয়ে সেই চাকৰিৰ এৰি দিলে। গুৱাহাটীলৈ গৈ সৰ্বপ্ৰথম তাই অবোচন কৰালে। তাৰপাছত তাই তাতে এটা ৰূম ভাড়ালৈ ললে। যত নিশান্ত থাকিছিল। লাহে লাহে তাই নিশান্তক চকু দিবলৈ ধৰিলে। নিশান্তক জাহ্নৱীয়ে যেতিয়া সম্পূর্ণ ৰূপে নিজৰ জালত ফচালে, তেতিয়া তাই নিশান্তক বিয়াৰ বাবে জোৰ দিলে। নিশান্তও বিয়াৰ বাবে প্ৰস্তুত হল। নিশান্তও ৰেলৱে পৰীক্ষাত অন্তিম ৰূপত ভাল ফলাফল লাভ কৰিলে। এতিয়া সি নিজৰ ভৰিৰ ওপৰত থিয় হল। এতিয়া সি জাহ্নৱীক বিয়া কৰোৱা কথা ফোনতে মাক গেউতাকক কলে। লৰা এতিয়া নিজৰ ভৰিৰ ওপৰত থিয় হল, সেইবাবে মাক দেউতাকেও বিয়াৰ বাবে মান্তি হল। জাহ্নৱীয়েও চৰ্ত দিছিল যে, বিয়া ক'ৰ্তত হে হব। এই কথাত নিশান্তৰো কোনো অভিযোগ নাছিল।
যেতিয়া নিশান্তই মাক দেউতাকক ফোনত কলে যে, সি ক'ৰ্ততে বিয়া পাতি ললে, তেতিয়া তেওঁলোকে এই কথাত অলপ দুখ কৰিলে যে, ঘৰত বিয়া হোৱা হলে, আনন্দই কিছু বেলেগ হল হয়। এতিয়া যি হবলগীয়া আছিলে হৈ গল। তেওঁলোকে ঘৰৰ পূজা এভাগলৈ জাহ্নৱী আৰু নিশান্তক মাতি পথিয়ালে। সম্পূর্ণ ঘৰটো সজাই তুলা হৈছিল। বহুত আলহী, সম্পৰ্কীয় লোক বন্ধু বান্ধৱী আহিছিল। প্ৰশান্তও নিজৰ বন্ধু বৰ্গৰ লগত ঘৰলৈ আহিছিল। ন কইনাক উৰণি দি বাহিৰলৈ অনা হল। চিনাকি পৰ্ব সময়ত প্ৰশান্ত আৰু তাৰ বন্ধু উপহাৰ লৈ না কইনাৰ ওচৰলৈ গল। প্ৰশান্তই যেতিয়া কইনা সাজত জাহ্নৱীক দেখা পালে, তেতিয়া তাৰ ভৰিৰ তলৰ মাটিখিনি নাইকিয়া হৈ পৰিল। প্ৰশান্ত আৰু তাৰ বন্ধু যিয়ে, জাহ্নৱীৰ ধৰ্ষণ কৰিছিল, তেতিয়া সকলোৰে মুখ মণ্ডল লাজতে তল মূৰ হৈ পৰিছিল। এইদৰে জাহ্নৱীয়ে নিজৰ প্ৰতিশোধ ললে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
No comments:
Post a Comment