নিজ পিতৃ-মাতৃক বৃদ্ধাআশ্ৰমলৈ পথোৱাৰ পূৰ্বে নিশ্চয় এবাৰ পঢ়িব : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 4, 2021

নিজ পিতৃ-মাতৃক বৃদ্ধাআশ্ৰমলৈ পথোৱাৰ পূৰ্বে নিশ্চয় এবাৰ পঢ়িব : Assamese Storyboard

Assamese Storyboard

এটা সময়ত সিহঁতৰ‌ পৰিয়ালটো বহুত সুখী আছিল।ঘৰখনত মাক বাপেক আৰু সি। বাপেকে লোকৰ ঘৰত দিন হাজিৰা কৰি‌ তাক সৰুৰে পৰা অতি মৰমেৰে তুলিছিল।লাহে লাহে দিন বাগৰিল সময়ৰ সোঁতত ল'ৰা ডাঙৰ ‌হৈ আহিল ,আৰু ‌কিছূদিনৰ পাছতে ‌সি বিয়া পাতিলে।( Assamese Storyboard )

বিয়া কিছূদিন‌ পাছত পতি‌ পত্নীৰ মাজত কাজিয়াৰ সৃষ্টি হব ধৰিলে ।পত্নীয়ে স্বামীক কলে‌ যে তুমি তোমাৰ মা দেউতাক বৃদ্ধা আশ্ৰমত থয় আহা ম‌ই বূঢ়া বূঢ়ী হালক আলপৈচান ধৰি ফুৰিব নোৱাৰো ।পত্নী কথা মতে নিজৰ ল'ৰাটোৱে মাক বাপেকক বৃদ্ধা আশ্ৰমত ৰখাৰ কথা ভাবিলে ,আৰু থৈয়ো আহিল।নিজ পুত্ৰ বোৱাৰীৰ এনে সিদ্ধান্তত বাপেক মাকে মনত বহুত আঘাত পালে ।আৰু কিছুদিন পাছত‌ তাৰ মাকৰ মৃত্যু হল ।পুতেক হঁতে গমকেই নাপালে আৰু ইফালে পত্নী বিয়োগত বাপেকে পগলা দৰে হ'ল আৰু আশ্ৰমৰ পৰা গূছি গৈ ৰাস্তা ঘাটে পগলা দৰে ঘুৰি ফুৰিব ধৰিলে।


 তেনেতে এটা ‌ঘটনা হল‌ ।এদিন অসহায় বাপেকে পগলাৰ দৰে মাটিত পৰি থকা কিছু খাদ্য খাই আছিল ।তেনেতে কনমানি ল'ৰা এটা আহি মানুহ জনৰ কাষত থিয় হ'ল ,আৰু তেওঁৰ হাতৰ পৰা ‌লেতেৰা খাদ্যবোৰ পেলায় দি নিজৰ বেগৰ পৰা টিফিনটো‌ উলিয়ায় খাবলৈ দিলে ।

আৰু কলে ককা তোমাৰ ঘৰ কত তুমি কিয় এইদৰে ঘুৰি ফুৰিছা,মোৰ ককা নাই তোমাক লগ পাই মোৰ বহুত ভাল লাগিছে, তুমি মোৰ লগত বলা আমাৰ ঘৰত থাকিবা, মোৰো ভাল লাগিব।

তাৰ কথাত বৃদ্ধ জনৰ চকুলো বৈ আহিল আৰু সি‌ ককা জনক হাতত ধৰি লৈ আহি ঘৰৰ পদূলি পাওঁতে ককাক জনে কণমানি হাত খন এৰি দি কলে, ম‌ই এইখন ঘৰত ভৰি নিদো।

ককাকৰ কথাত থতমত খাই সি সুধিলে,কিন্তু কিয়।

ককাকে কনমানি টোক বুকুৰ মাজত সোমাৱাই কলে, নাতি ম‌য়ে তোমাৰ আচল ককা ,যাক আজি কিছুদিন আগত তোমাৰ দেউতা আৰু মায়ে ঘৰৰ পৰা উলিয়ায় দিছিল ‌। যাৰ কাৰণে আজি ম‌ই এনেদৰে জীৱন কটাবলগীয়া হৈছে। ককাকৰ কথা‌‌ শুনি সি বহুত আঘাত পালে ,আৰু ককাকক সান্তনা দি কলে, ককা তূমি চিন্তা নকৰিবা তোমাক ইমান আঘাত দিয়া ম‌ই মা দেউতাকো ইয়াৰ অনুভৱ কৰাম। এইবুলি কয় সি ঘৰ ভিতৰলৈ গ'ল আৰু মাক বাপেকক মাতি কলে,মা মই‌ আজিৰপৰা‌ এইখন ঘৰত‌ নাথাকো ম‌ই অনাথ আশ্ৰমত থাকিম ।( Assamese Storyboard )


তাৰ কথা শুনি মাকে এচৰ দি কলে, কিন্তু কিয়, মা দেউতা থাকোঁতে তুমি কিয় থাকিবা আশ্ৰমত।তুমি তোমাৰ মা দেউতাক এৰি থকা কথা কেনেকৈ ভাবিব পাৰিলা।

মাকৰ কথাত সি তপৰাই উত্তৰ দিলে, কিয় নোৱাৰিম মা ? যদি তোমালোকে জীৱিত অৱস্থাত নিজৰ মা দেউতাক বৃদ্ধা আশ্ৰমত থব পাৰা ম‌ই কিয় থাকিব নোৱাৰিম।

পুতেকৰ কথাত মাক হতবাক হৈ পৰিল আৰু কলে সোনাই তুমি এইবোৰ কি কৈছা ।

তেনেতে সি কলে ৰবা মা মই‌ সকলো কৈ আছো। এইবুলি কৈ সি বাহিৰত  ৰখাই থোৱা ককাক‌ক ভিতৰলৈ লৈ আহিল আৰু মাক বাপেকক কলে চিনি পাইছানে, এওঁ কোন ? এইজনে তোমালোকৰ পিতৃ ,যাক তোমালোকে এটা‌ সময়ত ঘৰৰ পৰা উলিয়ায় দিছিলা ,তেতিয়া তোমালোকৰ মনটো এবাৰলেও বেয়া নালাগিল নে ? আজি তোমালোকৰ ‌কাৰনে তেওঁ ৰাস্তা ঘাটে পগলা দৰে ঘুৰি ফুৰিছে ,আজি যদি মই এওক লগ নাপালো হেতেন তোমালোক ৰ লেতেৰা চৰিত্ৰ কেতিয়াও গম নাপালো হেতেন ।লাজ লাগিছে ,মোৰ তোমালোকক নিজৰ মা দেউতা কবলৈ,,,, 


পুতেকৰ কথাত মাক দেউতাকে বহুত লাজ পালে ,আৰু নিজে কৰা ভূলৰ অনুশোচনা‌‌ কৰি বাপেকৰ ওচৰত ক্ষমা খুজিল, আৰু ভালদৰে আকোঁৱালি ললে ।আৰু অনুভৱ কৰিল যে, জীৱনটোত তেওঁলোকে কিমান এটা ডাঙৰ ভুল কাম কৰিলে ।

সমাপ্ত 

 

Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages