মই বিচনাখনত শুই…
মই কিবা এটা মুখুৰে ক'বলৈ চেষ্টা কৰিলো।কেঁকনি এটাহে ওলাল।
-আই ঐ ,বৰ কষ্ট পাইছে দেহি
সেইজনী ,সেইজনী কোন! কাৰ মাত সেইয়া
পিছদিনা ভকতে নাম লৈছে
মোক বোৱাৰীয়ে চামুচেৰে এচামুচ মিঠা মিঠা লগা কিবা খোৱাল।সোৱাদ পাইছো চোন মই।
এহ মই নমৰো ভগৱান।বচাই দিয়া মোক।
অ' ইমান কেইবছৰ থাকিলোৱে ।এতিয়া আৰু জীয়াই থাকি কি কৰিম। জীৱন সংগী জনো নাই।মোতকৈ আগতিয়াকৈ গ'ল।
নাতি কেইটা দেখিছো অলপ অলপ।কি কৰিছে তাঁহাতি।
উহ বৰ কষ্ট।
-সেইজন চোন মোৰ মানুহজন ।
অনামিকা ,তুমি বৰ কষ্ট পাইছা।আহা অনামিকা মোৰ লগত যাওঁ। মই চালো সেইফালে। মোৰ মা ও আছে।যি বহু দিনৰ আগতে ঢ়ুকাইছে।
মা ,তই
-আহ ,সোণজনী তোক নিবলৈ আহিছো।
মোৰ চকুৰে দুটোপাল চকুপানী ওলায় আহিল।
যাম মা "।
যাম মোৰ প্ৰিয়জন। সীমাৰ সিপাৰে সংগ দিবলৈ তোমালোক আছায়ে চোন মই এনেয়ে ভয় কৰিছো;
মৰণৰ আগত মই সকলোকে এবাৰ শুঁৱৰিছো। মোৰ ল'ৰাটো ,ছোৱালী জনী,বোৱাৰীজনী
নাতি কেইটা।
জীৱনৰ বল শক্তি থকা সময় ছোৱাত মই বোৱাৰীক এনেয়ে দুখ দিলো। মোৰ পছন্দ নহলেও ল'ৰাই পছন্দ কৰি আনিছিল।
হলেও মই জেদ ধৰি ঘৰত সোমাব নিদিলো।কেইবছৰমান বাহিৰতে থাকিল। নাতিটো হোৱাত নিজে লৈ আনিলোগে।
ঘটনা বোৰ এটা এটাকৈ মোৰ চকুৰ সন্মুখত আহিল। জীৱনৰ জেদ,খং ৰাগৰ পৰা কি পালো একোৱেইটো নাপালো।মৰণৰ সময়ত নিজৰ মানুহ বিলাকেই কাষে কাষে আছে।
মই কি দেখিছো এখন নৈ বৈ আছে । সিপাৰে মোৰ মিত্ৰ ইস্ট -কুটুম।এইপাৰে মই ।মই পাৰ হ'ব লৈছো। ( Assamese Storyboard )
উহ :মোৰ পাৰ্থিব শৰীৰে চোন কাম নকৰা হৈছে।উশাহ ল'ব পৰা নাই।চাৰিওফালে দৌৰাদৌৰি।কান্দিছে কোনোবাই।মই শেঁতা পৰি গৈছে।ঘন ঘন কৈ উশাহ টানিছো। কোনোবাই মোক পানী অলপ খুৱাইছে। সিপাৰে নদীখন পাৰ হ'ব মই ভৰিটো দিছো। আৰু এইফালে চিঞৰ । মোৰ কস্টবোৰ নোহোৱা হৈ আহিল চোন।বৰ পাতল পাতল লাগিল নিজকে। এইয়া কি মই নিজেই নিজকে দেখিছো। মোক বেৰি ধৰি সকলোয়ে কান্দিছে।তাত ৰোৱাৰ ইচ্ছা আছিল যদিও কিবা এটা শক্তিৰে মোক নিজৰ ফালে টানিলে আৰু মই
কোন ক'ত নিছে বুলি মোক জোৰকৈ চিঞৰিলো।
কিন্তু এইয়া কি মই চোন নিজৰ শোৱা পাটীত।উহ!এইয়া সঁচা নে মিছা।
মোৰ কাষত এওঁ শুই আছে। মোৰ উচ পিচ দেখি সাৰ পাই লাইটটো
জ্বলাই মোক পানী গিলাচ আগবঢ়াই দিলে।
:কি হৈছে তোমাৰ অনামিকা?
:তুমি মোক এৰি নাযাবা plz...মইও নাযাও
তাই কান্দিবলৈ ধৰিল।
কিছু সময় পিছত অলপ সুস্থ হৈ সপোনটোৰ কথা ক'লে।
:আচলতে কি জানা ,তুমি যি দেখিছা সেইয়াই সত্য হ'ব ।
এই ধৰাত সকলো মৰণশীল।তুমি বা মই সদায় জানো থাকিম। তোমাৰ মা ককা-আইতাহঁতো জানো এই সংসাৰ এৰি যোৱা নাই।
মানুহৰ মৃত্যু
চিৰন্তন সত্য জানিও মানুহ জানো মৰিবলৈ কে জীয়াই থকা নাই। বাৰু সেইবোৰ বাদ দিয়া , আমাৰ সোণটো আৰু সোনজনীও ডাঙৰ হ'ল ।
তাৰো বিয়া পাতিব লাগিব।সোনজনীকো ভাল শিক্ষা দি বিয়া দিব লাগিব।
কৰ্তব্য কৰি যোৱা অনা:
যি চিৰসত্য তাক জানো নোহোৱা কৰিব পাৰিবা।চিন্তা কৰিও জানো কিবা পাবা
:কিন্তু:
:শুই থাকা এতিয়া।কাইলৈ বহু কাম আছে নহয়।
তাই পুনৰ শুলে।আৰু কথাবোৰ ভাবি চালে "সচায়ে যি চিৰসত্য ,তাক নোহোৱা কৰিব নোৱাৰি।কিন্তু চিন্তা কৰি কি হ'ব। এটা অহেতুক ভাব মনত এনেয়ে বহু দিনৰ পৰা লৈ আছিল।সেয়েহে আজি সপোন হিচাপে দেখিব পালে। যি হয় সেইয়া সময়ত দেখা যাব।এতিয়া এইবোৰ চিন্তা কৰি একোৱে নাপাও ভয় আৰু নিৰাশাৰ বাহিৰে। সেয়েহে আজিয়ে তাই এই "অহেতুক " ভিত্তি ত্যাগ কৰাক সংকল্প ল'লে।আৰু প্ৰিয়জনৰ বুকুৰ মাজলৈ চাপি গ'ল।
....সমাপ্ত ....
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
বিজ্ঞাপন |
No comments:
Post a Comment