অধিক জেদ আৰু খঙৰ বাবে যেতিয়া এখন সংসাৰত ফাট মেলে : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 2, 2021

অধিক জেদ আৰু খঙৰ বাবে যেতিয়া এখন সংসাৰত ফাট মেলে : Assamese Storyboard


কস্তুৰী আৰু অনুৰাগৰ বিয়া হোৱা তিনি মহ হে হৈছিল। কিন্তু এই কেইদিনতে কস্তুৰী আৰু অনুৰাগৰ বৈবাহিক জীৱনত কিছু কথাৰ মিল নোহোৱা হৈছিল ( Assamese Storyboard )।আৰু যাৰ বাবে দুয়োৰে মাজত তৰ্ক আৰম্ভ হব ধৰিছিল।যি মৰম ভালপোৱাৰ সৈতে, কস্তুৰী আৰু অনুৰাগে নিজৰ সপোনবোৰক সজাঁইছিল, এতিয়া সেই সপোন ভাঙি যোৱাৰ দৰে হৈছিল।কিছু দিনৰ আগৰ লৈকে স্বামী স্ত্রীৰ জীৱনৰ আধাৰ এক বিশ্বাস আছিল, সেয়াও বৰ্তমান ভাঙি যোৱাৰ দৰে হৈছিল।

এদিন কস্তুৰী আৰু অনুৰাগৰ মাজত বহুত বেছি তৰ্ক হল। আৰু দুয়োৰে তৰ্ক ইমানে বাঢ়ি গল যে,কস্তুৰীয়ে অনুৰাগক কলে, হব, এতিয়া বহুত হৈ গল। এতিয়া তোমাৰ লগত গোটেই জীৱনটো অতিবাহিত কৰাটো মোৰ বাবে এতিয়া এটা অভিশাপৰ দৰে হৈ পৰিল। এতিয়া মই আৰু সহি থাকিব নোঁৱাৰো।


অনুৰাগে, কস্তুৰীৰ কথাত উত্তৰ দিলে যে, মইও তোমাক সহি সহি অধৈৰ্য্য হৈ পৰিছো। তোমাক বিয়া কৰাৱাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল। তাতকৈ মই জীৱনটো ডাং বৰলা হৈ থকাটোৱে ঠিক আছিল।

কস্তুৰী এজনী বহুত খঙাল ছোৱালী আছিল। যেতিয়া তাই অনুৰাগৰ এই কথা শুনা পালে, তেতিয়া তাই খংতে নিজৰ কোঠাৰ ফালে গল আৰু বহুত জোৰেৰে কোঠাৰ দুৱাৰ বন্ধ কৰি ললে। এতিয়া অনুৰাগৰ খং আৰু শিংলে ওজাই গল। আৰু অনুৰাগে একো নোখোৱাকৈ অফিচলৈ গল গৈ। এইফালে কস্তুৰীয় বিচনাত বাগৰি কান্দি আছিল। আৰু নিজৰ ভাগ্যকে দুখ দি থাকিল।


অনুৰাগ অফিচ গৈ পোৱাৰ পাছত কস্তুৰী লৈ ফোন কৰে। তেতিয়া কস্তুৰীয়ে চকুলুৰে সৈতে মোবাইলটোলৈ চাই দেখা পালে যে, অনুৰাগৰ ফোন, তেতিয়া তাই অনুৰাগৰ ফোনটো ৰিচিভ নকৰিলে আৰু ফোনটো বিচনাৰ এটা কোণলৈ দলিয়াই দিলে। কস্তুৰীয়ে অনুৰাগৰ ফোনটো ৰিচিভ নকৰাত, অনুৰাগৰ খংটো আৰু বাঢ়ি গল। এতিয়া অনুৰাগ আৰু কস্তুৰী মাজত ইমানে দূৰত্ব বাঢ়ি গল যে, এদিনাখন কস্তুৰীয়ে অনুৰাগক এৰি নিজৰ মাকৰ ঘৰলৈ গুচি আহিল। তাই নিজৰ সকলো কথা মাকক পোনে পোনে কলে, তাই এতিয়া পুনৰ অনুৰাগৰ ওচৰলৈ ঘূৰি নাযায়। 

কস্তুৰীৰ মাকে, তাইক কলে, আকৌ ভালদৰে চিন্তা কৰি লোৱা, মাজনী। এনেদৰে ঘৰ এৰি আহিলে, সমজাত বহু বদনামী হৈ পৰিবা। কস্তুৰীয়ে একো উত্তৰ দিব নোৱাৰিলে, কেৱল কান্দি কান্দি ৰল। ( Assamese Storyboard )


কস্তুৰীৰ মাক দেউতাকে তাইক বহুত বুজাইছিল যে, তাই পুনৰ নিজৰ স্বামীৰ ঘৰলৈ উভতি যায় যেন। যি হল, সেয়া পাহৰিবলৈ কৈছিল। জীৱনত সুখ দুখ আহিয়েই থাকে। কিন্তু যি এৰাব নোৱাৰা বান্ধোন এটা জোৰা লাগে, সেই বান্ধোনৰ লগত সুখ দুখ দুয়োকে লৈয়ে আগুৱাই যাব লাগে। আৰু নিজৰ জীৱন সংগী লগত আগবাঢ়ি গলে, জীৱনত অহা বহু সমস্যা আৰু দুখ বহু পাছতে ৰৈ যায়। যদি তোমালোকৰ মাজত যি মৰম ভালপোৱা কম হৈ গৈছে, সেয়াও তোমালোকৰ জীৱনলৈ ঘূৰি আহিব। আৰু স্বামী স্ত্রীয়ে বিচাৰে যে,এজনে আনজনৰ চোৱা চিতা কৰক, সুখ দুখত একেলগে থাকক। যদি এই সময়ত দুয়ো বেলেগ হৈ যায়, তেতিয়া সংসাৰ ভাঙি যায়। যেতিয়াৰ পৰা কস্তুৰীয়ে স্বামীগৃহৰ পৰা আঁতৰি আহিল, তেতিয়া ৰপৰাই অনুৰাগ একেবাৰে অকলশৰীয়া হৈ পৰিল। যেন ঘৰখনৰ সুখ শান্তিয়ে ঘৰখনক এৰি গুচি গৈছিল। ঘৰৰ যিটো কোণতে অনুৰাগৰ দৃষ্টি পৰিছিল, যেন তাক দুখে খায় পেলাইছিল। পলকতে ঘৰটো চেচা হৈ পৰিল। কস্তুৰী, যি তাৰ পত্নী আছিল। তায়ে আজি ঘৰ এৰি গুচি গৈছিল।


এই অকলশৰীয়া আৰু চিন্তাতে অনুৰাগৰ উশাহ লবলৈ মন নোযোৱা হৈছিল। অনুৰাগৰ অনুভৱ হল যে, জীৱনৰ লগৰী নহলে, জীৱনৰ মহাসাগৰখন পাৰ হোৱাটো বহু সমস্যা হৈ পৰে। সেই সময়তে অনুৰাগৰ দৃষ্টি ওচৰতে থকা এখন ফটোত পৰিল। যত সি কস্তুৰীৰ লগত কিমান যে সুখী আছিল। অনুৰাগে ফটোখন হাতত লৈ ভালদৰে চালে আৰু তাৰ চকুলু বৈ আহিল। আনফালে, এদিন কস্তুৰীৰ মাকে তাইক কলে, চোৱা, তুমি অনুৰাগক এৰি ইয়াত সোমাই আছা ! কেতিয়াবা তুমি ভাৱিছা নে, সি কি অৱস্থাত আছে। মাজনী সি তোমাৰ স্বামী হয়। যদি খংতে অনুৰাগে তোমাক দুষাৰ কলেও তাতে কি হল! ঈশ্বৰে নকৰে যেন, কালিলৈ কে এই কথা ডিভোর্স লৈ গৈ পায়গৈ। মোৰ কথা শুনা, তুমি পুনৰ অনুৰাগৰ ওচৰলৈ ঘূৰি যোৱা, মোৰ মনে কৈছে, অনুৰাগৰ দ্বাৰা যি ভুল হৈছে, সি সেয়া অনুভৱ কৰিব। নিজৰ মাকৰ কথাত কস্তুৰীৰ ওপৰত ভালদৰে প্ৰভাৱ পৰিল। সেই নিশা কস্তুৰীয়ে বহুত কান্দিলে। তেতিয়া তাই নিজৰ ভুলকো অনুভৱ কৰিলে। যি তৰ্ক তাহাঁত দুটাৰ মাজত হৈছিল, এই সকলোবোৰত তাইৰো ভুল আছিল। তাই অনুৰাগক অকলশৰীয়া কৰি, কস্তুৰীয়ে নিজৰ পত্নী ধৰ্ম অপমান কৰিছিল। অনুৰাগ তাইৰ স্বামী হয়, তাইৰ জীৱন হয়। তাইৰ সকলোবোৰ হয়। পাছদিনা পুৱাই কস্তুৰী অনুৰাগৰ ওচৰলৈ আহিল।


কস্তুৰী পুনৰ ঘূৰি অহাত অনুৰাগৰ মুখ মণ্ডলৰ হেৰাই যোৱা ৰং ঘূৰি আহিল। হৃদয় আনন্দৰে ভৰি পৰিল। কস্তুৰী আৰু অনুৰাগে অনুভৱ কৰিলে যে, স্বামী স্ত্রীৰ জীৱন দুটা চকাৰ এখন গাড়ীয়ে হয়। যদি এটা বেলেগ হৈ গলে, সেই গাড়ীখন আৰু আগলে আগবাঢ়ি যাব নোঁৱাৰে। কস্তুৰীয়ে, অনুৰাগৰ মুখলৈ চাব পৰা নাছিল। যেনে তেনে কৰি তাই অনুৰাগক কলে, তুমি ভালে আছানে! অনুৰাগে কস্তুৰীক কলে, প্ৰথমে এয়া কোৱা যে, এতিয়াটো তুমি মোক আৰু এৰি নোযোৱা! এই কথা শুনা পায়ে কস্তুৰীয়ে হাঁহি হাঁহি কান্দোনত ভাঙি পৰিল আৰু অনুৰাগক সাৱটি ধৰিলে।।


Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages