এটা হৃদয় বিদাৰক বাস্তৱ কাহিনী : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 15, 2021

এটা হৃদয় বিদাৰক বাস্তৱ কাহিনী : Assamese Storyboard

Assamese Storyboard

চহৰৰ হাঁহিমুখীয়া ৰাজিৱে যেতিয়া প্ৰথমবাৰ সোণালীক চাদৰ মেখেলাৰ সাঁজত দেখা পাইছিল,সিদিনা সি তাইৰ প্ৰতি বাৰুকৈয়ে আৰ্কষিত হৈ পৰিছিল ( Assamese Storyboard )।সোণালী গাঁৱৰ এজনী সহজ সৰল ছোৱালী।তেতিয়া তাই বি.এ ৰ থাৰ্ড চেমিষ্টাৰৰ ছাত্ৰী আছিল।মিঠা গা বৰণ,ক্ষীণাংগি দেহৰ সোণালীয়ে ওঠত পাতলকৈ সামান্য লিপষ্টিক লগাই ইউনিৰ্ফম যোৰ পিন্ধি দুই কান্ধত বগা ৰঙৰ দুপাট্টা খন চেফ্টি পিন মাৰি কলৈজলৈ যায়।তাইৰ বাবে ৰাজিৱ সদায় ৰৈ থাকে তাইক চাবলৈ,তাইক মাত এষাৰ দিবলৈ....

******লাহে লাহে তাইৰো ৰাজিৱক ভাল লগা হ'ল।সেয়েহে এদিন কও নকও কৈ কৈয়ে পেলালে-যদি মোক বিয়া পাতিব বিচাৰে ঘৰতে সুধিব গৈ''।

                *****দিন , বাৰ, সময় অনুসৰি এদিন ৰাজিৱ আৰু সোণালীৰ বিয়া হ'ল।সংসাৰৰ ৰঙীন পৃথিৱীখন দুয়োৰে বহুত ভাল লাগিল।বিয়াৰ পিছতে তাই বি.এ কমপ্লিট কৰি সংসাৰৰ দায়িত্বভাৰো সুন্দৰকৈ পৰিচালনা কৰিব পৰা হ'ল।ৰাজিৱে চহৰতে এটা নতুন ঘৰ বনালে তিনিটা কোঠা লগতে এখন বাৰান্দা।এনেকৈয়ে এদিন সিহঁতৰ মাজলৈ  এজনী কণমানি পৰীৰ আগমন  ঘটিল।সাংসাৰিক জীৱনটো আৰু বেছিকৈ ভাল লাগিব ধৰিলে।ৰাজিৱৰ ব্যৱসায়টো দোপত দোপে উন্নতিৰ শিখৰ চুলেগৈ।মৰম চেনেহেঁৰে এখন পৰিপূৰ্ণ ঘৰ হ'ল।অভাৱৰ সকলো বয় বস্তু,সা-সামগ্ৰীৰে ঘৰখন ভৰি পৰিল।সোণালীও ঘৰতে এনেই বহি নাথাকে।তিনি বছৰিয়া ছোৱালীজনীক এৰি যিকোনো কাম কৰিব পৰা হ'ল।তাই ঘৰতে তাঁতশাল এখন লগাই লৈ চাদৰ মেখেলা বৈ পিন্ধা কাপোৰ সাঁজ নিজেই বৈ উলিয়াই।ৰাতি ভাত ৰান্ধি ৰান্ধি ৰং বিৰঙৰ কাপোৰত এম্ৰদাৰী কৰি বিয়া সবাহলৈ পিন্ধি যায়।তাইৰ সকলো কাপোৰ লগৰ বোৱাৰীবোৰে খুব পছন্দ কৰে।


*********সোণালী দ্বিতীয়বাৰ মাক হ'বলৈ ওলাল।কৰুণা ভাইৰাছে অসমত বিয়পি পৰা সময়তে তাই এটি ল'ৰা সন্তানৰ জন্ম দিয়ে।ভাইৰাছে সোণালী আৰু ল'ৰা ছোৱালী কেইটাক সংক্ৰমন কৰিব বুলি ৰাজিৱে সিহঁতক গাঁৱৰ মাকৰ ঘৰত থৈ আহিলগৈ।যিহেতু চহৰত ভাইৰাছ সংক্ৰমনৰ হাৰ বেছি আছিল।মাজে মাজে সি অহাঁযোৱা কৰি সিহঁতৰ খা খবৰ লৈ থাকে।কৰুণা ভাইৰাছে বহুতৰে জীৱনক প্ৰভাব পেলাইছিল।সোণালীৰ জীৱনলৈও কৰুণা ভাইৰাছ অনাকাংক্ষিত পৰিবৰ্তন হৈ আহিল। ...............কৰুণাৰ সংক্ৰমনৰ হাৰ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰাত সোণালী ৰাজিৱৰ ওচৰলৈ যাব বিচাৰিলে।কিন্তু ৰাজিৱে সদায় মানা কৰে বিভিন্ন অজুহাত দেখুৱাই।আজলি সোণালীয়ে হ'ব বুলি কৈ মনে মনে থাকে।এনেদৰে এমাহ,দুমাহ,ছমাহ পাৰ হৈ গ'ল।কিন্তু সিহঁতৰ খবৰ লবলৈ ৰাজিৱৰ সময় নোহোৱা হবলৈ ধৰিল।প্ৰায় নহাই হ'ল।তাইক বোৱাৰী হিচাপে মৰম কৰা ওচৰৰ খুড়ায়েক জন গাঁৱলৈ আহি তাইক যিটো খবৰ দিলে তেতিয়াহে তাইৰ মূৰৰ ওপৰত সৰগ খন ভাঙি পৰিল।তাই অচেতন হৈ পৰিল।খোৱা বোৱা সকলো বাদ দিলে,নিজৰ ছমহীয়া কেচুঁৱাটোকো গাখীৰ খোৱাবলৈ পাঁহৰি গ'ল।

*****পাগলিৰ অৱস্থাতে এদিন তাইৰ আবেগৰ সমস্ত বান্ধ পাৰ ভাঙি আহিল।সেইদিনাহে তাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে।দূৰ্বল শৰীৰে তাই ৰাজিৱক ফোন কৰি কাতৰে মাতিলে তাইৰ জীৱনলৈ ঘূৰি আহিবলে।( Assamese Storyboard )

            কিন্তু ৰাজিৱ!

চহৰতে উজ্জল বগা বৰণৰ জিন্চ টি চাৰ্ট পৰিহীতা লাহী পাহী দেহৰ মায়াৰ আবেদনময়ী হাঁহিৰ জালত আৱদ্ধ। মায়াক ৰাজিৱে এৰিব নোৱাৰে।কেনেকৈ ইমান ভাল পাই পেলালে সি একো গম নাপালে।সোণালীৰ অনুপস্থিতিত সি মায়াৰ লগতে দিনবোৰ কতাইছে।মায়া অন্তঃসত্বা হ'ল।....আৰু সোণালী???এই পৃথিৱীত কি হৈ আছে তাই লাহে লাহে সকলো পাঁহৰি গৈছে।

             ৰাজিৱৰ কৰ্মফল?

সি মায়াৰ দ্বিতীয়জন হাজবেণ্ড।মায়া দুটা সন্তানৰ মাতৃ। ইমানেই নহয় মায়া বহু পুৰুষৰ লগতে সম্পৰ্ক ৰাখে। যেতিয়া ৰাজিৱে গম পালে দুয়োৰে মাজত কাজিয়া হৈ মায়াই এবৰ্চন কৰি গুছি গ'ল।এতিয়াহে যেন ৰাজিৱৰ সম্বিৎ ঘূৰি আহিল।সোণালী আৰু ল'ৰা ছোৱালী দুটালৈ বৰকৈ মনত পৰিল।বাইকখন লৈ নঙলামুখ পাৰ হৈ  গেট খন বন্ধ কৰিছিলহে,কোনোবাই পিছফালৰ পৰা ঘপিয়াই দিয়া যেন লাগিল।.....কেৱল তেজ আৰু তেজ...

***মায়াৰ প্ৰথম হাজবেণ্ডে তাক দাৰে ঘপিয়াই প্ৰতিশোধ ল'লে।হাস্পতালত মুমূৰ্ষ অৱস্থাৰে সি চিঞৰিবলৈ ধৰিলে সোণালী মোক ক্ষমা কৰি দে......

"সমাপ্ত"

বিঃ দ্ৰঃ  উক্ত গল্প আমালৈ প্ৰেৰণ কৰুছে ববিতা ডি. শৰ্মা ডাঙৰীয়াণীয়ে।তেখেতলৈ SMJ24 ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো।

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard
আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

Assamese Storyboard
বিজ্ঞাপন

No comments:

Post a Comment

Advertisement

Pages