প্ৰেম আৰু সংঘাটে ভৰা এটি হৃদয়স্পৰ্শী কাহিনী ( শেষ খণ্ড ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 5, 2021

প্ৰেম আৰু সংঘাটে ভৰা এটি হৃদয়স্পৰ্শী কাহিনী ( শেষ খণ্ড ) : Assamese Storyboard

Assamese Storyboard

 

পাছলৈ ঘূৰি চাই দেখে ৰাণী  ৰৈ আছে । শুৱা নাই এতিয়াও ?

: তুমিতো শুৱা নাই 

: মোৰ টোপনি ধৰা নাই ..তই কিয় সাৰে আছ.. দিনটো কষ্ট হৈছে তোৰ ..শুই থাকিব লাগিছিল ।( Assamese Storyboard )

: কষ্ট তোমাৰ হোৱা নাই ? বাৰু বাদ দিয়া ..কথাকে পাতো আহাঁ ..আৰুনো এনেকৈ কথা পাতিবলৈ সুবিধা পাওঁনে নেপাওঁ --চকী এখন এনিশাৰ ওচৰলৈ চপাই আনে ৰাণীয়ে ।

: তোক শিকাব লগীয়া একোৱেই নাই , তথাপিও কওঁ -- নতুন ঘৰখনত সকলোৰে লগত মিলি থাকিবি । ৰক্তিমৰ লগতে পৰিয়ালৰ বাকী সদস্যসকলোকো সমানে গুৰুত্ব দিবি ।মনবোৰ বুজিবলৈ চেষ্টা কৰিবি সকলোৰে । সকলো মানুহৰে মন একে নহবও পাৰে ..ভাৱধাৰা একে নহবও পাৰে ..গতিকে এৰা ধৰাকৈ চলিবলৈ শিকিবি । মানুহঘৰ ভাল । মোৰ বিশ্বাস , তই সুখী হবি । 


 এনিশাৰ কান্ধত মুৰ থৈ কথাবোৰ শুনি গৈছে ৰাণীয়ে ।কিন্তু তাইৰ মুৰত বেলেগ কিছুমান কথাইহে আমনি কৰি আছে ।কেনেকৈ আৰম্ভ কৰিব তাই ভাবি পোৱা নাই । তাইৰ কথাবোৰ মানি লবনে বাৰু মাকে ।যদি নলয় ! তাইতো আইতাকক কথা দিছে । আইতাকেও কৈছিল -- " তই পাৰিবি ৰাণী , তোৰ ওপৰত মোৰ সম্পূৰ্ণ  বিশ্বাস আছে ।" পোনপটিয়াকৈ ৰাণীয়ে এনিশাক সুধি পেলালে --- মা , এইদৰেই আৰু কিমান দিন থাকিবা ? দেউতাক ক্ষমা কৰি দিয়া মা । মই জানো মা , তোমালোক দুয়োজনে বহুত কষ্টত আছা ইজনে সিজনৰ পৰা আঁতৰি । ৰাণীয়ে হঠাতে এনেকুৱা এটা প্ৰশ্ন কৰি দিব বুলি ভবা নাছিল এনিশাই । এনেকুৱা এটা প্ৰশ্নৰ বাবে সমুলি প্ৰস্তুত নাছিল ।একো উত্তৰ নিদি মৌন হৈ ৰ'ল এনিশা । মাক নিশ্চুপ হৈ থকা দেখি পুনৰ আৰম্ভ কৰিলে তাই --- চোৱা মা , তোমাৰ আৰু দেউতাৰ দাদা আৰু মোলৈ ইমান চিন্তা কৰা ..ইমান মৰমত ডাঙৰ দীঘল কৰিলা ..আমাৰ দুখ কষ্ট তোমালৈকে সহ্য কৰিব পাৰিবাজানো ? কেতিয়াও নোৱাৰা জানো । ঠিক তেনেকৈ আমিও তোমালোকৰ  দুখ কষ্টবোৰ সহি থাকিব নোৱৰা হৈছো । সেই সময়বোৰ বেয়া বুলি ভাবাছোন । দেউতা আৰু মায়ে কৰা ভুলৰ বিনিময়ত ভগৱানে উচিত শাস্তি দিলে তেওঁলোকক । দেউতা এতিয়া অনুতপ্ত মা ।সকলো পাহৰি যোৱা মা , প্লীজ ! দেউতা মাৰ পাপৰ ভাগী মই হ'ব নিবিচাৰো ।তোমাক এইদৰে এৰি থৈ মই কেনেকৈ সুখৰ বাট বুলিম ? " 

: এনেকৈ নকবি ৰাণী । তোক মই কাৰো পাপৰ ভাগী হবলৈ নিদিওঁ ।

: তেনেহলে মোক কথা দিয়া এতিয়াই --- ৰাণীয়ে এনিশাৰ হাত এখন নিজৰ হাতত থলে । 

: ( হাতখন এৰুৱাই আনে এনিশাই ) মোক ভাবিবলৈ সময় দে ৰাণী ।

: নাই মা , বহুত ভাবিলা..আৰু নহয় ।লগে লগে কৈ উঠে  ৰাণীয়ে ।

: বহুত ৰাতি হল । যা শুই থাকগৈ । এনিশাই একো কবলৈ সুযোগ নিদি ৰাণীক জোৰ কৰিয়েই ৰূমলৈ লৈ গল । অসন্তুষ্ট মনেৰে ৰাণী এনিশাৰ লগত যাবলৈ বাধ্য হল । ৰাণীক শুবলৈ দি এনিশাই  ৰাণীৰ ৰূমৰ লাইট অফ কৰি পুনৰ আগৰ ঠাইলৈ আহিল । ৰাণীজনী গুছি গলেগৈ ঘৰখন তেনেই উদং হৈ পৰিব । ভাবিলে এনিশাই । ভবাৰ দৰে গঢ় দিব পাৰিলে দুয়োটা ল'ৰা ছোৱালীকে তাই । নীৰো বৰ্তমান উচ্চ পদস্থ চৰকাৰী বিষয়া । সোনকালে তাৰো বিয়াখন পাতিব লাগিব । ছোৱালী চোৱাৰ দায়িত্ব সি মাক দেউতাকক দি থৈছে । এনিশাৰ দৃষ্টিত এজনী ভাল ছোৱালী আছে । ৰাণীৰ বিয়াৰ পাছতে নীৰৰ বিয়াৰ কথা আগবঢ়াব লাগিব । ৰাতি বাৰাণ্ডাতে বহু সময় পাৰ হৈ গ'ল এনিশাৰ তেনেকৈয়ে । লাহে লাহে নিজৰ ৰূমলৈ আগবাঢ়ি গ'ল এনিশা ।


আজি সেই বিশেষ দিনটো আহি সমাগত । ৰাতিপুৱাৰে পৰা সকলো নিজৰ নিজৰ দায়িত্বত । আজিযে ৰাণীৰ বিয়া । একমাত্ৰ ভনীয়েকৰ বিয়াৰ দিনা নীৰৰ ব্যস্ততাৰ অন্ত নাই । প্ৰতিটো কামতে চকু দিছে সি । ক'তো যাতে অকনো খুত নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিছে সি ।উমাকান্ত বয়স হৈছে যদিও স্বাস্থ্য ঠিকে আছে । মুখত গানৰ কলি গুণগুণাই কামবোৰ কৰি গৈছে ।এনিশা আৰু অনিতা ভিতৰৰ কামবোৰত ব্যস্ত ।সকলো দায়িত্ব নীৰে লৈছে যদিও সমৰে কামবোৰ দেকৰেটৰবোৰক ভাগে ভাগে বুজাই দিছে ।

  ইতিমধ্যে সকলোখিনি শেষ হৈছেগৈ ।জোৰণ আহিবৰ সময় হৈছে । এনিশাই ৰাণীক চাই আহিলগৈ ৰূমত । তাইও সাজু হৈ আছে । কপালতে আলফুলে চুমা এটা আঁকি দিলে এনিশাই ৰাণীক ।শোকটো উজাই আহিল এনিশাৰ । লৰালৰিকৈ ৰাণীৰ ৰূমৰ পৰা ওলাই আহি এনিশা নিজৰ ৰূম পালেহি । কাপোৰজোৰ সলাই  চুলিকোচা আচুৰি খোপা এটা বান্ধি সেন্দুৰৰ টেমাতো হাতত লব খোজোতে পৰিবলৈ লোৱা সেন্দুৰৰ টেমাতো সমৰে আহি হাত পাতি ধৰিলেহি । সাঁফৰটো খুলি সমৰে এনিশাৰ শিৰত আঙুলিৰে সেন্দুৰ দি দিলে ..."#তোমাৰ #সেন্দুৰ #তোমাকে #ঘূৰাই  #দিলো  #এনিশা " পুনৰ যেন  শুনিবলৈ  পালে এনিশাই  ভৈৰৱীৰ কণ্ঠত...মাথো ঠাইতে থৰ লাগি ৰ'ল এনিশা । চকু মুদি দিলে তাই । সমৰক একো কব নোৱৰা হল । সমৰৰ স্পৰ্শৰ অনুভৱে তাইক জোকাৰি গল । দুচকুৱে ধাৰাসাৰে চকুলো নিগৰিল । দুগালে বৈ অহা চকুপানীখিনি সমৰে লাহেকৈ মোহাৰি দিলে । নিজকে আৰু ৰখাব নোৱাৰিলে এনিশাই , সমৰৰ বুকুত সোমাই হুকহুকাই কান্দি উঠিল । বুকুত অ'ত বছৰে কঢ়িয়াই লৈ ফুৰা দুখ অভিমানবোৰ মিহলি হৈ চকুৰ পানীৰ লগত মিলি  গল । সমৰে তাইক সাৱটি ধৰিলে । সমৰৰ চকুৰ পৰাও চকুৰো ওলাল । এই দৃশ্য প্ৰত্যক্ষ কৰি ৰাণীৰো চকুপানী বৈ আহিল ।মাক দেউতাকৰ মাজত সোমাই পৰিব মন গল । পিছ মুহূৰ্ততে ভাবিলে -- এই সময় কেৱল মা দেউতাৰ  । আঁতৰি গল ৰাণী সেই ঠাইৰ পৰা ।


দিনৰ জোৰণৰ পৰা অভ্যৰ্থনা অনুষ্ঠানকে ধৰি সকলোবোৰ সুকলমে পাৰ হৈ গ'ল । হুমৰ জুইৰ ওচৰত ৰক্তিম দৰা সাজত বহি আছে । কেইগৰাকীমানে ৰাণীক লৈ আহি দৰাৰ কাষত বহুৱাই দিলেহি । পৱিত্ৰ মন্ত্ৰ উচ্চাৰণ কৰি হুমৰ জুইৰ সমুখত দুয়ো দুয়োৰে হোৱাৰ প্ৰতিশ্ৰুতি ললে । সমৰেও কন্যা সম্প্ৰদান কৰি দেউতাকৰ দায়িত্ব পালন কৰিলে । সকলো নীতি নিয়মেৰে বিবাহ সম্পন্ন হ'ল ।( Assamese Storyboard )


অৱশেষত ৰাণীক বিদায় দিবলৈ সকলো সাজু হ'ল । এনিশাৰ মাক দেউতাক ৰাণীৰ ককা আৰু আইতাকক সেৱা কৰি ৰাণীয়ে সমৰক সেৱা কৰি সাৱতি ধৰি উচুপি উঠিল -- " দেউতা যাবলৈ ওলালো , মাক চাবা ..মায়ে যাতে পুনৰ কোনো কাৰনতে দুখত নপৰে তাৰবাবে সচেতন হৈ থাকিবা ।" এনিশাক সেৱা কৰিবলৈ লওঁতেই এনিশাই ৰাণীক সাৱটি ধৰি কান্দি উঠিল । ৰাণীৰ গাল মুখ চুমাৰে উপচাই দিলে এনিশাই। ৰাণীৰ মুখত যে এতিয়া শব্দৰ অভাৱ । বুকুখন গধুৰ হৈ আহিছে । একেই অৱস্থা এনিশাৰো ।মাথো এষাৰ কথাকেই কলে ৰাণীয়ে -- "ভালকৈ থাকিবা মা " এনিশাৰো একেই উত্তৰ ---" তইও"। নীৰক সাৱটি ধৰি পুনৰ উচুপি উঠিল ৰাণী -- " নিজৰ কেয়াৰ লবি দাদা ..লগতে মা দেউতাৰো ।" নীৰে চকু চলচলীয়া কৰি ৰাণীক গাড়ীত বহুৱাই দিলেহি । তাৰ এতিয়াও বহুত দায়িত্ব বাকী আছে । ৰাণীৰ লগত দিয়া বস্তুবোৰ  ভালে ভালে পঠিয়াব লাগিব ।


ৰাণী গলগৈ ..পুৱাৰ উদীপ্ত সুৰুযৰ ৰাঙলী আভা লৈ ..নতুন সপোন দুচকুত আঁকি ..নতুন আশাৰে গঢ় দিবলৈ এটি নতুন সম্পৰ্ক । যোৱাৰ আগত দি গ'ল তাই এনিশাক অস্তগামী সুৰুযৰ ৰাঙলী আভা । 

আবেলিৰ বেলিয়ে যোৱাৰ আগত ৰাঙলী হৈ শেষ সময়কন আকাশৰ ওপৰত ৰঙ সিঁচি থৈ যোৱাৰ দৰে এনিশা সমৰৰ জীৱনৰ বিয়লি পৰত শেষ ৰংবোৰ  সিঁচৰিত হৈ পৰিল । 


 সমৰ আৰু এনিশা পঁচিশ বছৰৰ পাছত দুয়ো আজি গধুলি বাৰাণ্ডাখনত বহিছে ।সমৰৰ কান্ধত মুৰ থৈ একান্ত মনে আকাশৰ তৰাবোৰ চাইছে এনিশাই ..আটাইতকৈ জিলিকি থকা তৰাটো শাহু নিৰ্মলা যেন লাগিল তাইৰ । তেওঁ যেন তৰা হৈ এনিশা সমৰলৈ চাই সন্তুোষৰ হাঁহি মাৰিছে ! 

  তেতিয়াই নীৰৰ ৰূমৰ পৰা কীবৰ্ডত বজোৱা সুৰ ভাঁহি আহিছিল --- জব কই বাত বিগৰ জায়ে ..জব কই মুছকিল পৰ জায়ে ..তুম দেনা ছাথ মেৰা ..


এতিয়াযে নহয় সময় হিচাপ নিকাচৰ পুৰনা সময়ৰ ... হাতত হাত থৈ আগবাঢ়ি যোৱাৰ সময় এইয়া । দুয়ো দুয়োকে সময় দিয়াৰ সময় এইয়া ।


***********************

কাহিনীটো আপোনালোকে সুন্দৰকৈ আঁকোৱালি লোৱাৰ বাবে অশেষ ধন্যবাদ ।


Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages