এতিয়া কাবেৰী আৰু বৰুৱাই যুদ্ধ কৰিব অন্যায়ৰ বিৰুদ্ধে । অবসান ঘটাব অন্যায়ৰ । ঘোচখোৰ , চৰিত্ৰহীন পুলিচ অফিচাৰ ভাগৱতীৰ এই কলংকিত যাত্ৰাৰ অন্ত পেলাব বৰুৱা আৰু কাবেৰী য়ে । ( Assamese Storyboard )
দিনৰ পাছত ধৰিত্ৰীৰ বুকুত সন্ধিয়া নামি আহিছিল । এই সন্ধিয়া মাতাল হয় অফিচাৰ ভাগৱতী । মাতাল ভাগৱতীয়ে সন্ধিয়া ই লক আপৰ আলহীৰ গাত হাত দিয়ে । আজি ও সেয়াই হ'ল । বৰ্মনক নিৰ্দেশ দিলে অংকুৰণ বৰাক ভিতৰৰ কোঠালৈ লৈ আহিব ।
- অংকুৰণ বৰা । আপুনি স্বীকাৰ কৰক যে আপুনি ৰাধিকা ৰ হত্যাকাৰী হয় ।
- মই ৰাধিকা ক হত্যা কৰা নাই । গতিকে মই কেনেকৈ স্বীকাৰ কৰিম ।
- মই জানো আপুনি ৰাধিকা ক হত্যা কৰিছে ।
- মিছা কথা ।
- মই জনাত আপুনি ৰাধিকা ক ভালপাৱ বিচাৰিছিল । ৰাধিকা ই আপোনাৰ প্ৰেম প্ৰত্যাখ্যান কৰা বাবে আপুনি ৰাধিকা ক হত্যা কৰিছে ।
- মিছা কথা । এইবোৰ সম্পূৰ্ণ মিছা কথা ।
- আপুনি ৰাধিকা ক ধৰ্ষণৰ ও চেষ্টা কৰিছিল ।
- এইবোৰ আপুনি কি কৈছে ! মই ৰাধিকা ক ,,,, এইবোৰ মোৰ ওপৰত ষড়যন্ত্ৰ চলিছে ।
- এইবোৰ সম্পূৰ্ণ সত্য কথা ।
- প্ৰমাণ দিব পাৰিব ?
- প্ৰমাণ ! ঠিক আছে ।
ইতিমধ্যে থানাত আহি উপস্থিত হৈছিল মিছেছ ৰূপালী দত্ত । ভাগৱতীয়ে ৰূপালী দত্তক মাতি পঠিয়ালে ।
- এয়া ই হৈছে প্ৰমাণ ।
অংকুৰণে ৰূপালীক দেখি আচৰিত ।
- এয়া প্ৰমাণ কেনেকৈ হব । তুমি চোৱা ৰূপালী ছাৰে মোক মিছাতে ফচাইছে । মই হেনো ৰাধিকা ক হত্যা কৰিছোঁ ।
- মিছেছ ৰূপালী দত্ত আপুনি কওক ৰাধিকা ৰ হত্যাকাৰী কোন ?
- অংকুৰণ বৰা ।
- কি ! তোমাৰ ভুল হৈছে ৰূপালী । মই ৰাধিকা ক হত্যা কৰিম !
- মোৰ ভুল হ'ব নোৱাৰে । তুমি ৰাধিকা ক ধৰ্ষণৰ চেষ্টা কৰিছিলা ।
- কি ! ইমান ডাঙৰ মিছা কথা তুমি কেনেকৈ কব পাৰিলা ? তুমি মোক পাহৰি গলা । এই অংকুৰণ ক তুমি আজি !
- আপুনি কওক মিছেছ দত্ত এতিয়া মই ইয়াক কি শাস্তি দিম ! কাৰন এতিয়া ও নিজ মুখে সি স্বীকাৰ কৰা নাই ।
- আপোনাৰ যি ইচ্ছা তাকে শাস্তি দিয়ক ।
- ঠিক আছে তেন্তে ।
ভাগৱতীয়ে এখন চকীত অংকুৰণ ক বান্ধি ল'লে । আৰু যিমান মন যায় সিমান লাঠি ডালেৰে কুবালে । সেই দৃশ্য হাহি হাহি মিছেছ ৰূপালী দত্ত ই উপভোগ কৰিলে । নাৰীয়ে সৃষ্টি কৰে ,নাৰীয়ে ধ্বংস কৰে । সেই কথা ষাৰ ৰ প্ৰমাণ আজি অংকুৰণ বৰাই হাতে হাতে পালে ।
- তুমি এয়া ভাল কাম নকৰিলা ৰূপালী দত্ত । তোমাৰ প্ৰতি টো বিপদত থিয় দিছিলোঁ মই । আৰু সেই উপকাৰী ক আজি অজগৰ হৈ তুমিয়েই গিলি পেলালা । মই চাই লম এদিন , আইনৰ সুৰুঙাৰে তুমি কেনেকৈ সাৰি যাবা । মই চাই লম ।
- সেই সুযোগ আৰু তুমি কাহানিও নোপোৱা অংকুৰণ । তুমি এতিয়া জেইলৰ ভাত খাবলৈ সাজু হোৱা । ভাগৱতী আমাৰ এতিয়া বলক ।
- উম যাম । মিষ্টাৰ বৰা আপোনাক আৰু মাত্ৰ এটা দিন সময় দিছোঁ । আপুনি এই হত্যাকাণ্ড ৰ কথা নিজমুখে স্বীকাৰ কৰক । বৰ্মন ইয়াক লক আপত সোমাই থোৱা ।
বৰ্মনক নিৰ্দেশ দি ভাগৱতী আৰু ৰূপালী দত্ত ওলাই গ'ল । যি কথা অংকুৰণ ৰ হজম হোৱা নাছিল । ইমান ডাঙৰ বিশ্বাসঘাটকতা । বৰ্মনৰ আজি মনটো খুব ভাল লাগিছে । কাৰন আজি কেইদিন মান আগত থানাত আহি অংকুৰণ বৰাই থানাৰ ষ্টাফক যিটি ব্যৱহাৰ কৰিছিল । নিজক বহুত ওপৰৰ মানুহ বুলি গৌৰৱ কৰিছিল । কিন্তু সেই ব্যক্তি জন আজি নিজেই লক আপৰ আলহী ।
- কিহে বৰা ডাঙৰীয়া আপুনি ইমান ডাঙৰ ব্যক্তি হৈ ও পুলিচ ৰ মাৰ খালে ।
বৰ্মনে বৰা তাৎছিল্য কৰি সুধিছিল ।
- আপুনি বিশ্বাস কৰক , এয়া মোৰ ওপৰত ষড়যন্ত্ৰ ।
- আমি নো বিশ্বাস কৰিলে হ'ব কি । কাৰন আমি হলো সাধাৰণ কনিষ্টবল ।
- কিন্তু আপোনালোক টো এই খন থানাৰে কৰ্মচাৰী ।
- হয় , আপুনি আজি স্বীকাৰ কৰিছে । কিন্তু মনত কৰক এটা সময়ত আপুনি আমাক কি ব্যৱহাৰ কৰিলে ।
- হয় মই উপলব্ধি কৰিছোঁ ।
যেতিয়া আনলৈ বুলি পতা ফান্দত নিজে ফচি কি দশা হয় জানেই নহয় ! আজি অংকুৰণ বৰা ৰ ও সেই একে দশাই হৈছে ।
ৰাতিৰ এই মায়াজালৰ সন্ধিক্ষনত আজি আকৌ বহিছে ৰূপালী দত্তৰ ঘৰত যৌৱনৰ বজাৰ । বিলাসী সুৰাৰ ৰাগীত আজি ও দুয়ো মাতাল হৈ পাতিছে নগ্নতাৰ সভা । ৰূপালী দত্তৰ যৌৱনে পাগল কৰি পেলাইছিল ভাগৱতীক । বিচাৰি নোপোৱা সুখ পোৱা ৰ দৰে উত্তেজিত হৈছিল ভাগৱতী । কিন্তু এই চিকাৰী ভাগৱতী ও আজি অন্য স্বীকাৰীৰ ফান্দত বজিছে । যি ফান্দৰ পৰা ভাগৱতী মুক্ত হোৱা টো বৰ জটিল । কিন্তু ৰূপালী দত্ত ৰ নিচিনা ধুনীয়া যৌৱনৰ সুখ পায় ভাগৱতীয়ে যেন সেইবোৰ উপলব্ধি কৰিব পাহৰি গল ।
ভাগৱতী ৰ পাহোৱাল বুকুৰ মাজত সোমায় ৰূপালী দত্ত ই ভাগৱতী ক কৈছিল ।
- ইহঁতক সোনকালেই জেইলত পঠোৱা ব্যৱস্থা কৰক ।
- উম কৰিব লাগিব ।
- উম ।
- বাৰু ৰূপালী মোক এটা কথা কওকছোন , ৰাধিকা ৰ হত্যাকাৰী অংকুৰণ সচাকৈ হয় নে ?
কিছু সময় ৰূপালীয়ে কিবা চিন্তা কৰিলে ।
- হয় , মই নো আপোনাক মিছাকৈ কিয় কম ।
- উম ।
- শুনক এইবোৰ সামৰণি পেলাই আমি দুয়ো এবাৰ গোৱালৈ ফুৰিবলৈ যাম ।
- হ'ব নিশ্চয় যাম । গোৱাৰ পৰিবেশৰ মাজত আমি মন প্ৰাণ ভৰি স্ফুৰ্তি কৰিম ।
- উম হ'ব ।
কিছু সময় পাছত ৰূপালী দত্ত বাহিৰলৈ গল । সেই সময়তে ভাগৱতীৰ মনত পৰিল ভিডিঅ' টিৰ কথা । এয়াই সুযোগ , এই সুযোগতে এই ভিডিঅ' টি ডিলিট কৰি ভাগৱতী মুক্ত হৈ থাকিব লাগে । ভাগৱতীয়ে ৰূপালী দত্ত ৰ মোবাইল ৰ পাচ ওৱাৰ্ডটো মনে মনে চাই আছিল । উম মনত আছে । ভাগৱতীয়ে যিমান পাৰে সিমান সোনকালেই ৰূপালী ৰ মোবাইল ৰ পৰা ভিডিঅ' টি ডিলিট কৰিলে । আৰু একে ঠাইতে মোবাইল টো থৈ দিলে । কিছু সময় পাছত ৰূপালী আকৌ বিছনা ত আহিলে ।( Assamese Storyboard )
- ৰূপালী কথা এটা সোধো !
- উম ।
- আপুনি কালি আমাৰ গোপন অভিসাৰৰ ভিডিঅ' টি কিয় কৰিছিল ?
- কাৰন আপোনাক মই নিজৰ স্বামী ৰ দৰে ভাৱিছো । আৰু এদিন যদি আপুনি মোক প্ৰতাৰণা কৰি এৰি যায় ।
তেনেতে ৰূপালী য়ে মোবাইল টো খুলি ভিডিঅ' টো চালে । কিন্তু নাই ভিডিঅ' টি নাই ।
- আপুনি তাৰ মানে ভিডিঅ' টো ডিলিট কৰিলে ?
- হাৰে এইবোৰ ভিডিঅ' কিয় কৰিব লাগে । মই আপোনাক এৰি কেতিয়াও নাযাও কথা দিছোঁ ।
- কিন্তু ভাগৱতী আপোনাক মই কথা এষাৰ কও ?
- উম কওক ।
- ভিডিঅ' টো মোৰ লেপটপত এতিয়া ও আছে ।
- কি !
ৰূপালী য়ে ভাগৱতীৰ গাল খনত চিকুটি কলে ।
- হ'ব আপুনি চিন্তা কৰিব নালাগে । আপুনি মাত্ৰ মোৰ হাজবেণ্ড হৈ থাকক ।
আজি কাবেৰী আৰু বৰুৱা ৰ এই যুদ্ধৰ প্ৰথমটি যাত্ৰা । যাত্ৰা পলাশ ৰ দেউতাকৰ ওচৰলৈ । কাৰন সেইদিনা মিডিয়াৰ আগত পলাশ ৰ দেউতাকে কৈছিল যে বৰুৱা ই হত্যাকাৰী চিনাক্ত কৰাৰ বাবদ তেওঁ ক গোচৰ দিব লাগিব । এটা মাত্ৰ মিছা অভিযোগ , এটা মিছা অপবাদ ৰ কাৰনে আজি বৰুৱা ট্ৰান্সফাৰ হ'ল , লগতে ডিপাৰ্টমেন্টৰ সন্মুখত জৱাবদিহী হৈ থাকিল । গতিকে আজি পলাশৰ দেউতাকৰ ওচৰত বৰুৱা আৰু কাবেৰী আহিছে ।
- ছাৰ আহক , বহক ছাৰ
পলাশ ৰ দেউতাকে বৰুৱা ক কৈছিলে ।
- হ'ব , কাবেৰী বহক ।
- ছাৰ আজি হত্যাকাণ্ড ৰ ইমান দিন হৈ গ'ল তথাপি আমাৰ পলাশৰ হত্যাকাৰী ধৰা নপৰিল ।
- উম , সেয়া আপোনালোকৰে দোষ । বাৰু আপুনি মোক এটা কথা কওকছোন মই আপোনাৰ পৰা পলাশৰ হত্যাকাৰী চিনাক্ত কৰাৰ বিনিময়ত কেতিয়া পইছা বিচাৰিছিলো ?
- নাই বিচৰা ছাৰ ।
- যদি মই নাই বিচৰা তেন্তে আপুনি সেইদিনা খন নিউজ চেনেল ৰ সন্মুখত কিয় কৈছিল ?
- ছাৰ,,,,
- আপুনি নিৰ্ভয়ে কৈ দিয়ক খুড়া ।
কাবেৰী য়ে পলাশৰ দেউতাকক কৈছিল ।
- তেনেকে কবলৈ মোক অংকুৰণ বৰা আৰু ৰূপালী দত্ত ই জোৰ কৰিছিল ।
- সিহঁতে আপোনাক কি বুলি কৈছিল ?
- সিহঁতে কৈছিল । আপুনি হেনো বেয়া পুলিচ , আপুনি হেনো পলাশৰ হত্যাকাৰী বিচাৰি উলিয়াব নোৱাৰে । মই তেনেকৈ যদি নিউজ চেনেল ৰ সন্মুখত কও তেতিয়া থানাত ভাল নতুন অফিচাৰ আহিব । তেতিয়া সোনকালেই পলাশৰ হত্যাকাৰী বিচাৰি উলিয়াব ।
- উম , এতিয়া পলাশৰ হত্যাকাৰী চিনাক্ত হ'ল নে ?
- নাই ছাৰ ।
- শুনক আপুনি কিমান ডাঙৰ অপৰাধ কৰিছে আপুনি জানে নে ? ইচ্ছা কৰিলে আপোনাক লৈ গৈ থানাৰ লক আপৰ ভিতৰত সোমায় থব পাৰোঁ ।
লগে লগে পলাশৰ দেউতাকে বৰুৱা ৰ ভৰিত পৰিলে ।
- নাই নাই ছাৰ আমি দুখীয়া মানুহ, শিক্ষা দীক্ষা আমাৰ নাই । যিয়ে যি বাটেৰে আমাক যাবলৈ কয় আমি তাকে সত্য ভাৱি আগুৱাই যাও ছাৰ ।
- উঠক উঠক , নাপায় আপুনি বয়সস্থ মানুহ । আপুনি বহক ।
- ছাৰ
- শুনক , আপুনি মিডিয়াৰ সন্মুখত তেনে মন্তব্য দিয়া বাবে আজি এইখন থানা ৰ পৰা মোক ট্ৰান্সফাৰ দিলে । মোক ডিপাৰ্টমেন্টে সন্দেহ কৰিলে । এইবোৰ বাদ দিয়ক । আপোনাক আমি কথা দিছোঁ পলাশৰ হত্যাকাৰী এই কেইদিনতে ওলাৱ । মাত্ৰ আপুনি আমি বিচাৰিলে ক'ৰ্টত যাৱ লাগিব ।
- হ'ব ছাৰ মই যাম । মাত্ৰ মোৰ পলাশ ক ন্যায় দিয়ক ছাৰ ।
- নিশ্চয় , তেন্তে আমি আহো ।
- ছাৰ চাহ একাপ একাপ খাই যাওক ।
- আপুনি বেয়া নাপাব । আমি এতিয়া দুটা কেছৰ তদন্তত নামিছো । গতিকে আমি এই কেইদিন বাহিৰত একো নাখাও । আহো
বৰুৱা আৰু কাবেৰী য়ে পলাশৰ ঘৰৰ পৰা ওলাই আহিলে ।
- বুজিছে কাবেৰী !
- ছাৰ !
- কেতিয়াবা কেতিয়াবা এচাম মানুহে অজলা , দুখীয়া মানুহ বোৰক কিছুমান অসৎ কামত ব্যৱহাৰ কৰে । এই মানুহ খিনিয়ে নাজানে সেয়া সৎ নে অসৎ কাম । মাত্ৰ প্ৰলোভনৰ লোভত পৰি তেওঁ লোকে তেনে ৰাস্তা লয় ।
- হয় ছাৰ এয়া এক জলন্ত উদাহৰণ আমাৰ সন্মুখত ।
আজি বিশ্ব পৰিবেশ দিবস । এই বিশ্ব পৰিবেশ দিবসত লাখ লাখ মানুহে বৃক্ষৰোপণ কৰে । কিন্তু কেইদাল গছ তাৰ মাজত জীয়াই থাকে ! আচলতে বৃক্ষ ৰোপন ৰ বাবে কোনো বিশেষ দিনৰ প্ৰয়োজন নাই । প্ৰতিটো দিনতে বৃক্ষ ৰোপন কৰিব পাৰি ।মনমোহন মাষ্টৰে আজি তাহানিতে নিজৰ পদুলি মুখত ৰোৱা গছ পুলি কেইটাৰ ছাত জিৰাইছে । গছ পুলি কেইটাক ও মাষ্টৰে নিয়ৰৰ দৰে মৰম কৰিছিল । সাৰ পানী সকলো যোগান ধৰিছিল । হয়টো সেই কাৰনে আজি গছ পুলি কেইটাই ডাঙৰ হৈ বিশুদ্ধ বতাহ , বিশুদ্ধ অক্সিজেন এৰিছিল । আৰু আজি মাষ্টৰে এই গছৰ ছাত নিয়ৰৰ অপেক্ষা ত ৰৈ আছে । পত্নীৰ বেদনাক পাহৰি পুত্ৰৰ ন্যায়ৰ অপেক্ষাত মনমোহন মাষ্টৰ ।
ক্ৰমশঃ © ৰাগ ৰঞ্জন
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment